ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Model Question : Science ( Class X NCERT -SEBA) -Periodic Classification Of Elements [ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন ]

Admin
2

Model  Question :   Science ( Class X NCERT -SEBA) -Periodic  Classification Of  Elements [ মৌলৰ  পৰ্যাবৃত্ত  শ্ৰেণীবিভাজন ]

_________________________________________________________________________________
1. আমি  মৌলবোৰৰ  শ্ৰেণীবিভাজন  কিয়  কৰো  ?

উত্তৰ  :  প্ৰতিদিনে  মৌলৰ  আৱিস্কাৰ  বাঢ়ি  গৈছে  আৰু  সেইবাবে  মৌলবোৰৰ  প্ৰকৃতি  আৰু  ধৰ্মসমূহ  মনত  ৰখাটো  খুবেই  কঠিন ৷ গতিকে  সিহঁতৰ  ধৰ্ম  অনুসৰি সিহঁতক  শ্ৰেণীবিভাজন  কৰা  হয়  ৷ ইয়ে  আমাক সহায়  কৰিব  যে  কেনেকৈ  বিভিন্ন  মৌলই বিভিন্ন  যৌগ  গঠন  কৰে ৷ 

2. মেণ্ডেলিভে  নিজৰ  পৰ্যাবৃত্ত  তালিকাত  কিছুমান  খালী  ঠাই  কিয়  এৰি  গৈছিল  ?

উত্তৰ  :  মেণ্ডেলিভে তেওঁৰ  তালিকাখনত  কিছুমান  খালী  ঠাই  এৰি  গৈছিল  ৷ এই  খালী  ঠাইবোৰত সেই  সময়ত  আৱিস্কাৰ  নোহোৱা  কিছুমান  মৌলৰ  অৱস্থিতিৰ  বিষয়ে  মেণ্ডেলিভে  ভৱষ্যতবাণী কৰিছিল ৷ 

3. ড'বাৰেইনাৰৰ  ট্ৰায়াডৰ  এটা  উদাহৰণ  দিয়া  ৷

উত্তৰ : 

ড’বাৰেইনাৰৰ ট্ৰায়াড
মৌল
চিহ্ন
পাৰমাণৱিক ভৰ
লিথিয়াম
ছ’ডিয়াম
পটেছিয়াম
Li
Na
K
6.9
23.0
39.0










4.বৰ্গ  এটাত  থকা  সকলোবোৰ  মৌলই  একে  ধৰণৰ  ধৰ্ম  কিয়  দেখুৱায়  ? 

5. আধুনিক  পৰ্যাবৃত্ত  সূত্ৰটো  লিখা ৷

উত্তৰ  : মৌলবোৰৰ  ধৰ্ম  সিহঁতৰ  পাৰমাণৱিক  সংখ্যাৰ  পৰ্যায়ক্ৰমে  সলনি  হয় ৷ 

6. লিথিয়ামৰ  পৰা  ফ্ল'ৰিনলৈ  গ'লে  পাৰমাণৱিক  আকাৰ  কিদৰে  সলনি  হয়  কাৰণ দৰ্শোৱা ৷  

উত্তৰ  :   লিথিয়ামৰ  পৰা  ফ্ল'ৰিনলৈ  গ'লে  পাৰমাণৱিক  আকাৰ  তথা  ব্যাসাৰ্ধ  কমে  ৷ নিউক্লীয়  আধান  বঢ়াৰ  বাবে  এনে  হয়  ৷ বৰ্দ্ধিত নিউক্লীয়  আধানে  ইলেক্ট্ৰনবোৰক  নিউক্লিয়াছৰ  ওচৰলৈ  টানি  থাকে  আৰু  সেইবাবে  পৰমাণুৰ  আকাৰ  কমে ৷ 

7. তৃতীয়  পৰ্যায়ত  থকা  আটাইতকৈ  বেছি  ধাতৱীয়  আৰু  অধাতৱীয়  মৌল  দুটাৰ  নাম  কি ? কাৰণ  দৰ্শোৱা ৷

উত্তৰ  : তৃতীয়  পৰ্যায়ত  থকা  আটাইতকৈ  বেছি  ধাতৱীয়  আৰু  অধাতৱীয়  মৌল  দুটা হ'ল ক্ৰমে  ছ'ডিয়াম (Na) আৰু  ক্ল'ৰিণ (Cl) ৷
কাৰণ  তৃতীয়  পৰ্যায়ৰ  Na , Mg আৰু  Al  ধাতৱীয়  ধৰ্ম  Na ৰ  পৰা  Al  লৈ  ক্ৰমান্বয়ে  কমি  গৈ  থাকে  আৰু   P ,  S  আৰু  Cl   ৰ  আধাতৱীয  ধৰ্ম  P  ৰ  পৰা  Cl  লৈ  বাঢ়ি  গৈ  থাকে  ৷ 

8. মেণ্ডেলিভৰ  পৰ্যাবৃত্ত  সূত্ৰটো  ব্যক্ত  কৰা  আৰু  লগতে  এই  পৰ্যাবৃত্ত  তালিকাৰ  সফলতাসমূহ  লিখা ৷

উত্তৰ  :   মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ : ''মৌলবোৰৰ  ধৰ্মবোৰ  সিহঁতৰ  পাৰমাণৱিক  ভৰৰ  পৰ্যায়ক্ৰমে  সলনি  হয়  ৷ '' 

সফলতাসমূহ : 

(ক)  একেটা  ধৰ্ম  প্ৰদৰ্শন কৰা  মৌলক তেওঁ  একেটা  বৰ্গতে  ৰাখিছিল ৷ 

(খ) তেওঁৰ  তালিকাখনত  কিছুমান  খালী  ঠাই  এৰি  গৈছিল  ৷ এই  খালী  ঠাইবোৰত সেই  সময়ত  আৱিস্কাৰ  নোহোৱা  কিছুমান  মৌলৰ  অৱস্থিতিৰ  বিষয়ে  মেণ্ডেলিভে  ভৱষ্যতবাণী কৰিছিল ৷ 

9. মৌল এটাৰ  ইলেক্ট্ৰনীয়  বিন্যাসৰ  পৰা  কিদৰে  তাৰ  যোজ্যতা  নিৰ্ধাৰণ  কৰিব  পাৰি  ?  মৌল এটাৰ  পাৰমাণৱিক  সংখ্যা   17  হ'লে  তাৰ  যোজ্যতা  কিমান ?

উত্তৰ  :  মৌল  এটাৰ  পৰমাণুৰ  বহিঃখোলত  থকা  ইলেক্ট্ৰ'নৰ  পৰাই  যোজ্যতা  নিৰ্ণয়  কৰা  হয় ৷ 
মৌল এটাৰ  পাৰমাণৱিক  সংখ্যা   17  হ'লে  তাৰ  যোজ্যতা   1  হ'ব  ৷ (  8 -7 = 1 ) 

10. মেণ্ডেলিভৰ  পৰ্যাবৃত্ত  তালিকা  আৰু  আধুনিক  পৰ্যাবৃত্ত  তালিকাৰ মাজত  থকা  তিনিটা  পাৰ্থক্য  লিখা ৷

উত্তৰ  :  তলৰ  যিকোনো  তিনিটা লিখিলেই  হ'ব : 

ক্ৰমিক নং
তুলনাৰ ভিত্তি
মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা
আধুনিক পৰ্যাবৃত্ত তালিকা   
(i)
মৌলৰ সজ্জা
পাৰমাণৱিক ভৰৰ উৰ্ধ্ধক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে৷
পাৰমাণৱিক ভৰৰ উৰ্ধ্ধক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে৷
(ii)
সমস্হানিক
মৌলৰ সমস্হানিক সঠিক স্হান দিয়া হোৱা নাই৷
পাৰমাণৱিক সংখ্যা একে হোৱা হেতুকে এটা মৌলৰ সমস্হানিকমূলক একেটা স্হানত ৰখা হৈছে৷
(iii)
পাৰমাণৱিক ভৰ আৰু সংখ্যা
কিছুক্ষেত্ৰত অধিক পাৰমাণৱিক ভৰসম্পন্ন মৌল এটাক কম ভৰসম্পন্ন মৌল এটাতকৈ আগত স্হান দিয়া হয়৷
পাৰমাণৱিক ভৰৰ উৰ্ধ্ধক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰাৰ ফলত এনে আসোঁৱাহ দূৰ হয়৷
(iv)
বৰ্গৰ সংখ্যা
8টা স্তম্ভ আছে যাক বৰ্গ বোলা হৈছে৷
18টা স্তম্ভ আছে যাক বৰ্গ   বোলা হৈছে৷
(v)
মৌলৰ প্ৰকৃতি
বহুতো ধাতু আৰু অধাতু একেটা বৰ্গতে ৰখা হৈছে৷
ধাতু আৰু অধাতুক পৃথক কৰা হৈছে৷ পৰ্যাবংত্ত তালিকাৰ বাওঁফালে ধাতু সমূহক স্হান দিয়াৰ বিপৰীতে অধাতু সমূক সোঁফালে স্হান দিয়া হৈছে৷ সংক্ৰমণশীল ধাতুক পৰ্যাবৃত্ত তালিকাৰ মাজত স্হান দিয়া হৈছে৷
(vi)
বিসদৃশ ধাতু
বিসদৃশ ধাতুসমূহক একেটা স্হানতে ৰখা হৈছ৷
বিসদৃশ ধাতু সমূহক পৃথক স্হানত ৰখা হৈছে৷
(vii)
ইলেক্ট্ৰ’নীয় বিন্যাস
তালিকাত এটা মৌলৰ অৱস্হানৰ পৰা ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস ঠাৱৰ কৰিব নোৱাৰি৷
তালিকাত এটা মৌলৰ অৱস্হানৰ পৰা ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস সহজে ঠাৱৰ কৰিব পাৰি৷
(viii)
সম্ভ্ৰান্ত গেছ
মেণ্ডেলিভৰ সময়ত সম্ভ্ৰান্ত গেছৰ আৱিষ্কাৰ হোৱা নাছিল৷
সম্ভ্ৰান্ত গেছক পৃথক বৰ্গত ৰখা হৈছে(বৰ্গ 18)
(ix)
হাইড্ৰ’জেন
হাইড্ৰ’জেনৰ স্হান স্পষ্ট নাছিল৷
ক্ষাৰ ধাতুৰ ওপতৰ হাইড্ৰ’জেনক ৰখা হৈছে৷


11. মৌল   X  ৰ  পাৰমাণৱিক  সংখ্যা  17  ৷

(ক) ইয়াৰ  যোজ্যতা  কিমান ?

উত্তৰ  :  ইয়াৰ  যোজ্যতা  1 [ 17 =  2.8.7 (  8 - 7 = 1)] 

(খ) ইয়াৰ  হাইড্ৰাইডৰ  সংকেত  লিখা ৷

উত্তৰ  :  XH 

(গ) ই  কেনেধৰণৰ  আয়ন  গঠন  কৰিব  পাৰে ?

উত্তৰ  : এনায়ন  আয়ন গঠন কৰিব ৷ 

(ঘ) ধাতুৰ  সৈতে  ই  কেনেধৰণৰ  যৌগ  গঠন  কৰিব  পাৰে ?

উত্তৰ  :  আয়নীয় যোগ  বা  ইলেক্ট্ৰ'যোজী যৌগ  গঠন  কৰিব ৷ 

(ঙ) ইয়াৰ  অক্সাইডৰ  সংকেত  কি ?

উত্তৰ  :  X2O7

12. তলত  দিয়া  মৌলসমূহ  চিনাক্ত  কৰা  : 

(ক) ইলেক্ট্ৰন পূৰ্ণ  দুটা  কক্ষ  থকা  মৌল ৷

উত্তৰ :  নিয়ন (Ne) [ 2.8] 

(খ) যোজক  কক্ষত  দুটা  ইলেকট্ৰনৰ  সৈতে  মুঠ  তিনিটা  কক্ষ  থকা  মৌল  ৷

উত্তৰ  : এলুমিনিয়াম ( Al) [ 2.8.3]

(গ) বৰ্গ  13  পৰ্যায়  3  আৰু  যোজ্যতা  3  থকা  ধাতু  ৷

উত্তৰ  :  এলুমিনিয়াম ( Al) [ 2.8.3]

(ঘ) এটা  ধাতুকল্প  ৷

উত্তৰ  :  ব'ৰন (B)

(ঙ) এটা  অৰ্ধপৰিপূৰ্ণ  কক্ষ  থকা  মৌল ৷

উত্তৰ  : হিলিয়াম (He) 

Post a Comment

2Comments

Please don't use spam link in the comment box.

  1. পৰ্য্যাবৃত্ত তালিকাৰ কোনটো বৰ্গ আৰু পর্যায়ত ইয়াক পোৱা য

    ReplyDelete
Post a Comment