বংশগতি আৰু ক্ৰমবিকাশ ( Heredity And Evolution )- Class X -SEBA- NCERT SOLUTIONS -SCIENCE
--------------------------------------------------------------------------------------------------------------------------
1. তলত দিয়াবোৰৰ সংজ্ঞা দিয়া :
(ক) জিন
উত্তৰ : জিন হ'ল DNA ৰ এটা খণ্ড যিয়ে প্ৰ'টিনৰ বাবে তথ্য যোগান ধৰে আৰু লক্ষণ বা চৰিত্ৰ নিয়ন্ত্ৰণ কৰে ৷
(খ) বৈসাদৃশ্যতা
উত্তৰ : এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক পৰৱৰ্তী প্ৰজন্মত আগৰ প্ৰজন্মৰ জীৱবিলাকৰ দেহৰ গঠনশৈলী বা আকাৰৰ সৈতে দেখাত একে যেন লাগিলেও সূক্ষ্মভাবে পৰ্যবেক্ষণ কৰিলে কিছুমান পাৰ্থক্য পৰিলক্ষিত হয় ৷ এই পাৰ্থক্যকে বৈসাদৃশ্যতা বোলে ৷
(গ) ক্ৰমবিকাশ
উত্তৰ : যৌন প্ৰজনন বা ডি এন এৰ পৰিৱৰ্তনৰ ফলত ভালেকেইটা প্ৰজন্মৰ যোগেদি এটা প্ৰজাতিৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তনক ক্ৰমবিকাশ বোলে ৷

(ঘ) জিনীয় গঠন
উত্তৰ : বংশগত চৰিত্ৰ বাহক হ'ল জিন ৷ ইহঁত ক্ৰম'জ'মত থাকে ৷ ৰাসায়নিকভাৱে জিন DNA ৰ একো একোটা খণ্ডমাত্ৰ ৷ গতিকে DNA যি উপাদানেৰে গঠিত জিনো সেই একেবোৰ উপাদানেৰেই গঠিত ৷

2. ক্ৰমবিকাশ প্ৰক্ৰিয়াত প্ৰাকৃতিক নিৰ্বাচন যোগে প্ৰজাতিৰ উৎপত্তি হয় বুলি কোনে ধাৰণা দিছিল ?
উত্তৰ : চাৰ্লচ ৰবাৰ্ট ডাৰউইন ৷
উত্তৰ : চাৰ্লচ ৰবাৰ্ট ডাৰউইন ৷
3. একসংকৰ ব্যক্তৰূপীয় অনুপাতটো কিমান ?
উত্তৰ : 3 : 1
উত্তৰ : 3 : 1
4. দ্বিসংকৰ পৰীক্ষা বুলিলে কি বুজা ? দ্বিসংকৰ ব্যক্তৰূপীয় অনুপাতটো কিমান ?
উত্তৰ : যি সংকৰণ পৰীক্ষাত একে সময়তে দুযোৰ চৰিত্ৰৰ বংশগতি বিচাৰ কৰিলে তাক দ্বিসংকৰণ পৰীক্ষা বোলা হয় ৷ অনুপাতটো হ'ল - 9 : 3 : 3 : 1

5.হেলডানৰ ব্যাখ্যা অনুসৰি কোনবোৰ গেছে উৎপত্তি কালৰ পৃথিৱীখনৰ বাতাবৰণৰ সৃষ্টি কৰিছিল ?
উত্তৰ : এম'নিয়া , মিথেন ,আৰু হাইড্ৰ'জেন ছালফাইড ৷

6. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহনা যোগায় ?
উত্তৰ : নতুন প্ৰজাতি এটাৰ সৃষ্টিত অৰিহণা যোগোব পৰা কাৰকসমূহ হ’লঃ

(i) প্ৰাকৃতিক নিৰ্বাচন ৷
(ii) জিনীয় পথচ্যুত ৷
(iii) উৎপৰিৱৰ্তন বা অপ্ৰত্যাশিত জিনীয় পৰিৱৰ্তন ৷
(iv) পাৰিপাৰ্শ্বিক পৰিৱৰ্তন ৷
(v) প্ৰকাৰণ ৷
7.মানুহৰ কিমানযোৰ লিংগ নিৰ্ণায়ক ক্ৰম'জ'ম থাকে ? মানুহৰ সন্তানৰ লিংগ কিদৰে নিৰ্ধাৰণ কৰা হয় ?
উত্তৰ : 23 যোৰ ৷
মানুহৰ ক্ষেত্ৰত জীনিয়ভাৱে লিঙ্গ নিৰ্ধাৰণ কৰা হয় ৷ প্ৰতিটো মানৱ দেহতে 23 যোৰকৈ ক্ৰ’ম’জ’ম থাকে ৷ ইয়াৰ ভিতৰত 22 যোৰা ক্ৰ’ম’জ’ম পুৰুষ-মহিলাৰ ক্ষেত্ৰত একে ৷ আনহাতে, 23 ক্ৰ’ম’জ’ম যোৰ জনন কোষত অৱস্হিত ৷ ইয়াক যৌন ক্ৰ’ম’জ’ম বুলিও জনা যায় ৷ পুৰুষ-মহিলাৰ ভেদে এই ক্ৰ’ম’জ’ম ভিন্ন হয় ৷ এগৰাকী মহিলাৰ ‘XX’ ক্ৰ’ম’জ’ম থকাৰ বিপৰীতে পুৰুষৰ ‘XY’ ক্ৰ’ম’জ’ম থাকে ৷ এটা সন্তানে মাতৃৰপৰা ‘X’ ক্ৰ’ম’জ’ম পোৱাৰ বিপৰীতে পিতৃৰপৰা ‘X’ বা ‘Y’ ক্ৰ’ম’জ’মহে লাভ কৰিব ৷ যদিহে সন্তানটোৱে পিতৃৰ পৰা ‘X’ ক্ৰ’ম’জ’ম লাভ কৰে তেন্তে সন্তানটো ছোৱালী হ’ব আৰু যদিহে ‘y’ ক্ৰ’ম’জ’ম গ্ৰহণ কৰে তেন্তে সন্তানটো ল’ৰা হ’ব ৷

8. উদাহৰণৰ সৈতে সমসংস্থ অংগ আৰু সমবৃত্তি অংগৰ মাজত থকা পাৰ্থক্যবোৰ উল্লেখ কৰা ৷
উত্তৰ : সমসংস্হ অংগঃ
তেনেবোৰ অংগ যিবিলাকৰ উৎপত্তি আৰু মৌলিক গঠন প্ৰায় একেই কিন্তু কাৰ্যৰ ফালৰপৰা বেলেগ বেলেগ; উদাহৰণস্বৰুপে মেৰুদণ্ডী প্ৰাণীৰ আগ ঠেং, চৰাইৰ ডেউকা, তিমিৰ ফিচা আৰু মানুহৰ হাত আদিৰ মৌলিক গঠন প্ৰায় একেই, কিন্তু খোজকঢ়া, উৰণ, সাঁতোৰ আৰু সমাগ্ৰী ধৰা আদি বেলেগ বেলেগ কামৰ বাবে ব্যৱহাৰ কৰটা হয় ৷
সমবৃত্তি অংগঃ
তেনেবোৰ অংগ যিবিলাক গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন ভিন কিন্তু কাৰ্যৰ ফালৰপৰা একেই ৷ উদাহৰণস্বৰুপে বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা সমবৃত্তি অংগ ৷ বাদুলিৰ ডেউকাত পাতল ছালৰ তৰপ থকাৰ বিপৰীতেদ চৰাইৰ ডেউকাৰ পাখি থাকে ৷ গতিকে দুয়োবিধ ডেউকাৰ গঠন বেলেগ বেলেগ হ’লেও দুয়োবিধ অংগই উৰাৰ কাম কৰে ৷

9. মিলাৰ আৰু ইউৰিৰ পৰীক্ষাটো বহলভাৱে বৰ্ণনা কৰা ৷
উত্তৰ : পৃথিৱীত জৈৱ অনুবিলাকৰ উৎপত্তিৰ ব্যাখ্যাৰ ক্ষেত্ৰত মিলাৰ আৰু ইউৰি এটা পৰীক্ষা দাঙি ধৰিছিল ৷ তেখেতসকলে এনে এটা সজুঁলি তৈয়াৰ কৰি লৈছিল যে সেই সজুঁলিটোৰ ভিতৰখনত অনুমান ভিত্তিত উৎপত্তি কালৰ পৃথিৱীখনৰ বাতাবৰণ ( পানীৰ লগতে এম'নিয়া , মিথেন আৰু হাইড্ৰ'জেন ছালফাইড কিন্তু অক্সিজেন নাছিল ) সৃষ্টি কৰি লৈছিল ৷ সেই সজুঁলিটো প্ৰায় 100° চেন্টিগ্ৰেড উষ্ণতাৰ তলত ৰাখি তাৰ ভিতৰৰ গেছীয় পদাৰ্থৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ ঘটাই বিজুলি বা বজ্ৰপাত সৃষ্টিৰ দৰে এক পৰিৱেশ ৰচনা কৰিছিল ৷ প্ৰায় একসপ্তাহৰ পাচত দেখা গ'ল যে কাৰ্বন ( মিথেনৰ পৰা )ৰ ৰূপান্তৰ ঘটি এমিন' এচিডকে ধৰি আন কিছুমান কাৰ্বনযুক্ত সৰল যৌগ যিয়ে প্ৰ'টিন অণুৰ সংশ্লেষণত ভাগ লয় , সেইবিলাকৰ সৃষ্টি হৈছিল ৷