-->

Jikir Ajan Fakir - Class 10 - Assamese - Axomia Sahitya Chayanika (জিকিৰ - আজান ফকিৰ -দশম শ্ৰেণী - অসমীয়া সাহিত্য চয়নিকা)

Jikir Ajan Fakir - Class 10 - Assamese - Axomia Sahitya Chayanika  (জিকিৰ - আজান ফকিৰ -দশম 


_____________________________________________________________________________
শ্ৰেণী - অসমীয়া সাহিত্য চয়নিকা)
1. চমু উত্তৰ দিয়া :

 (ক) জিকিৰৰ ৰচক কোন ?

উত্তৰ : আজান ফকিৰ ৷

 (খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰা পাৰি ?

উত্তৰ : জিকিৰবোৰক  হিন্দুধৰ্মৰ  ভক্তিমূলক  গীতৰ  লগত  তুলনা  কৰিব পাৰি ৷

(গ) 'জিকিৰ' শব্দটো কি শব্দৰ পৰা ওলাইছে ?

উত্তৰ : ' জিকিৰ ' শব্দটো  আৰবী ' চিকৰ ' শব্দৰ  পৰা  ওলাইছে ৷

2. তলৰ শব্দবোৰৰ অৰ্থ লিখা :

      ৰছুল, মোমিন,ৰহম,কুটুব,বান্দা ৷

উত্তৰ :

 ৰছুল ঃ দেৱদূত

মোমিন ঃ বিশ্বাসী , মুছলমান

ৰহমঃ দয়া

,কুটুব ঃ ধ্ৰুৱ  নক্ষত্ৰ

বান্দা ঃ ভূত্য

3. 'মক্কাৰ দু্ৱাৰত চাহাব জীৱই মাৰে তালি ৷
     যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি ৷৷'
     - উল্লিখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা ৷


উত্তৰ :  মক্কা  মুছলমানসলকৰ  এক পৱিত্ৰ  স্থান  ৷ ইয়ালৈ  ইছলাম ধৰ্মীয় লোকসকল নিজৰ বাঞ্ছা  তথা আশা আৰু  সূখ  শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ  যায়  ৷ সৎলোকসকৰ  কিন্তু নিজৰ আশা পূৰণ হয়  আনহাতে  অসৎ তথা পাপী লোকসকলৰ  মনৰ ইচ্ছা পূৰণ  নহয় ৷
মনৰ বাঞ্ছা পূৰণ নোহোৱা  লোকসকল  কেৱল  মক্কাৰ  দুৱাৰত  তালিহে  মাৰি  থাকে ৷ ইয়াৰ  ভাৱটো  বুজাবৰ  বাবে  কবি  আজান ফকিৰে  শাল-শল আৰু  দৰিকণা মাছক  তুলনা  কৰিছে ৷  ভটিয়নিৰ সময়ত ডাঙৰ শাল-শলৰ মাছৰ লগত সৰু দৰিকণা মাছেও ভটিয়াই যায়কিন্তু সোঁতৰ গতিত দৰিকণা বহুদূৰ আগুৱাই যাব নোৱাৰেঅপবিত্ৰ হৃদয়ৰ গৰাকীৰ অৱস্থা সেই দৰিকণাৰ দৰে দুৱাৰলৈকে ভটিয়াই যায়কিন্তু দুৱাৰত সোমাব  নোৱাৰে

4. ব্যাখ্যা কৰা :

     (ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত ৷
             খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত ৷৷

উত্তৰ : উক্ত গীত ফাকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদেৱে  বিৰচিত "জিকিৰ " নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে ।
          আজান ফকিৰে উক্ত অংশটোত সংসাৰত প্ৰকৃততে  কোনটো শুদ্ধ বা কোনটো অশুদ্ধ জানিব নিবিচৰাৰ বাবে মানুহে কেনেদৰে সমস্যাত ভুগে তাৰ বিষয়ে ব্যক্ত কৰিছে  ৷ পানীয়ে তাৰ পিয়াহ পলোৱা  কথাটো নাজানে আৰু ঠিক একেদৰে  জুইয়ে জাৰ আতঁৰাই উত্তাপ কঢ়িয়াই অনা শক্তিৰ কথা নাজানে। এই দুটা কথা মানুহৰ ক্ষেত্ৰতো একেই । ভগৱান বা আল্লা বিশ্বাসী লোকসকলৰ অন্তৰত সদায়  বিৰাজমান হৈ থাকে ৷ কিনতু নিজৰ অন্তৰত আল্লা বা ঈশ্বৰ থকা স্বত্বেও মানুহে এই কথা বুজি নাপায় । মানুহে  ঈশ্বৰক মছজিদ ,মন্দিৰ , গীৰ্জা তথা আন  বাহিৰা স্থানত বিচাৰি ফুৰে। আল্লাৰ কৰুণা লাভ কৰাটো একেবাৰে সহজ। কিন্তু সংসাৰৰ ভোগ বিলাসত হেৰাই যোৱা  মানুহে এই সহজ পথ বিচাৰি নাপায় ।  ফলত তেওঁলোকৰ  অৱস্থা পানীৰ মাজত থাকিও পিয়াহত কটোৱাৰ নিচিনা আৰু জুইৰ কাষত থাকিও ঠেটুৱৈ জাৰত কঁপি কঁপি মৰে ৷ 



     (খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ৷
            বেহাব নোৱাৰে তাত মায়াই ভেটে বাট ৷৷

উত্তৰ :  উক্ত গীত ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে  বিৰচিত "জিকিৰ " নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে ।
                কবি আজান ফকিৰে  উক্ত কবিতাফাঁকিৰদ্বাৰাই সংসাৰৰ মায়াই আল্লা আৰু মানুহৰ মাজত কিদৰে এটা গভীৰ গাঁতৰ সৃষ্টি কৰিছে এই কথাটোক বুজাবলৈ  বিচাৰিছে ৷ 
                 হিন্দুসকলৰ বাবে পবিত্ৰ নদী তথা স্থলী হ'ল  গংগা , যমুনা আৰু সৰস্বতী । জীৱনত এবাৰ হ'লেও হিন্দু ধৰ্মাৱলম্বী লোক সকলে এই পবিত্ৰ স্থলী ভ্ৰমণ কৰিব বিচাৰে সেইদৰে, মক্কাও ইছলাম ধৰ্মী লোকসকলৰ বাবে এটা পবিত্ৰ স্থলী আৰু  ঠিক  সেইদৰে তেওঁলোকেও  মক্কালৈ গৈ নিজৰ পাপৰ মোচনৰ  বাবে প্ৰাৰ্থনা কৰিবলৈ যায় । কিন্তু এই  মায়াময় সংসাৰত মায়া মোহত আৱদ্ধ হৈ তেওঁলোক ইয়াৰ  পৰা বঞ্চিত হয়।  পাপৰ অত্যাধিক বোজায়ে  ভক্তিৰ পথৰ পৰা তেওঁলোকক  আঁতৰাই আনে। সেইবাবে  তেওঁলোক  আল্লাৰ সান্নিধ্যৰ পৰা বঞ্চিত হ'ব লগা হয় ৷ 

     (গ) সজাৰ মইনাটিৰ অনেক যুগুতি ৷
            দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি ৷৷

উত্তৰ : উক্ত গীত ফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত আজান ফকিৰদৱে  বিৰচিত "জিকিৰ " নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে । 
     কবি আজান ফকিৰে এই  কবিতাফাঁকিৰদ্বাৰা   সজাত মইনাৰ বিচৰণৰ দৰে দেহৰূপী সজাত আত্মাৰো যে বিচৰণ আছে আৰু তাৰ নিগূঢ় তত্ত্ব খিনি বুজাব বিচাৰিছে। এই  আত্মাই সজাত আৱদ্ধ মইনা চৰাইৰ দৰে দেহৰূপী সজাত বিচৰণ কৰে আৰু  সজাত মইনা চৰাইয়ে নানান ধৰণৰ সুললিত সুৰ অনুকৰণ কৰি গৃহস্থক সন্তুষ্ট কৰিব বিচাৰে থাকে । সেইদৰে আত্মাও দেহৰূপী সজাত বিভিন্ন ধৰণে বিচৰণ কৰি মানুহক সুখ দিয়াৰ চেষ্টা চলায় । মইনা বিহীন সজা যিদৰে নিৰৰ্থক। আত্মা নথকা শৰীৰৰো কোনো অস্তিত্ব নাথাকে। সত্য কথাটো হৈছে  দেহৰ সৈতে আত্মাৰ সম্পৰ্ক ক্ষণস্থায়ী আৰু সময়ত আত্মাই দেহ বিসৰ্জন কৰে। কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ জীৰ্ণ বস্ত্ৰৰ দৰে মানুহৰ দেহক চিৰদিনৰ বাবে আত্মাই এৰি থৈ যায়। 
                          
ভাষা বিষয়ক :
1. সমাৰ্থক শব্দ লিখা :


     চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল ৷

উত্তৰ :

 চিন্তো ঃ চিন্তা  কৰোঁ ৷

ঘাট : নদী  বা  সাগৰৰ  পাৰ ৷

পীৰিতি ঃ ভালপোৱা , প্ৰেম

 আচমান ঃ আকাশ

দৰিয়া ঃ নদী

পিয়াহ ঃ তৃষ্ণা

বাট ঃ পথ

ভেল ঃ শৰীৰ 
LookTutupComment