ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

PREVIOUS SOLVED QUESTION PAPER - ENVIRONMENT STUDIES ( ASSAM TET FOR LP- 2012)

Admin
0


Previous question TET paperENVIRONMENT STUDIES

61.   গৰু-ম’হৰ খাদ্য হিচাপে তলৰ কোনবিধআটাইতকৈ উত্তম?
(a)    তুঁহগুৰি   (b) ঘেঁহুৰ বাকলি   (c) শুকান খেৰ   (d) ইউৰিয়া

উত্তৰঃ (a) তুঁহগুৰি

62.   নিম্নলিখিত কোনবিধ মাটিৰ সংমিশ্ৰণ গছৰ বাবে উত্তম?
(a)    আলতীয়া আৰু শিলগুটি         (b) বালিচহীয়া আৰু শিলগুটি
(c)বালিচহীয়া, হিউমাছ আৰু শিলগুটি   (d) বালিচহীয়া, হিউমাছ আৰু আলতীয়া

উত্তৰঃ (d) বালিচহীয়া, হিউমাছ আৰু আলতীয়া

63.   খাদ্য নলীডাল পৰিস্কাৰকৈ ৰাখিবলৈ আমাক_____খাদ্যৰ প্ৰয়োজন ৷
(a)    শৰ্কৰা জাতীয়  (b) প্ৰ’টিন জাতীয়  (c) স্নেহ পদাৰ্থ জাতীয়  (d) আঁহযুক্ত

উত্তৰঃ(d) আঁহযুক্ত

64.   জীৱসমূহৰ সংখ্যা, প্ৰকাৰ আৰু ভিন্নতা বুজাবৰ বাবে ব্যৱহাৰ হোৱা শব্দ বা শব্দসমষ্টি হৈছে
(a)    উদ্ভিদ-বৈচিত্ৰ  (b) প্ৰাণীবৈচিত্ৰ  (c) জৈৱ-বৈচিত্ৰ  (d) পৰিস্থিতি তন্ত্ৰ বৈচিত্ৰ

উত্তৰঃ  (c) জৈৱ-বৈচিত্ৰ 

65.   তলৰ কোনটোক ‘প্ৰকৃতিৰ বৃক্ক’ বুলি কোৱা হয়?
(a)    জলাহভূমি  (b) নদী  (c) তৃণভুমি  (d) মহাসাগৰ

উত্তৰঃ (c) তৃণভুমি 

66.   তলৰ কোনবিধ জীৱাশ্ম-ইন্ধন নহয়?
(a)    কেৰাচিন   (b) ডিজেল   (c) পেট্ৰ’ল   (d) জৈৱ-ডিজেল

উত্তৰঃ (d) জৈৱ-ডিজেল

67.   লৌহ পদা্ৰ্থৰ পৰিমাণ কমি গলে কি হয়?
(a)    ৰক্তহীনতা   (b) অন্ধতা   (c) তেজত চেনি    (d) ৰক্তচাপ

উত্তৰঃ   (a)   ৰক্তহীনতা

68.   সোণালী বান্দৰ________প্ৰজাতিৰ জন্ত
(a)    নিশ্চিহ্ন   (b) বিপন্ন   (c) জনপ্ৰিয়   (d) গুৰুত্বপূৰ্ণ

উত্তৰঃ (b) বিপন্ন  

69.   বহিঃস্থানিক সংৰক্ষণৰ উদাহৰণ হৈছে
(a)    উদ্ভিদ উদ্যান   (b) চিৰিয়াখান    (c) জিন বেংক    (d) ওপৰৰ সকলো

উত্তৰঃ (d) ওপৰৰ সকলো 

70.   ‘নামদাফা’ হৈছে উত্তৰ পূব ভাৰতৰ এটা_______প্ৰকল্প
(a)    হাতী   (b) গঁড়   (c) বাঘ    (d) বান্দৰ

উত্তৰঃ (c) বাঘ 

71.   ঘৰুৱা আৱৰ্জনাৰ পৰা কেচুসাৰ তৈয়াৰ কৰাত সহায় কৰে
(a)    ভাইৰাচ   (b) পতংগই   (c) এবিধ বলয়ী প্ৰাণীয়ে    (d) বেক্টেৰিয়াই

উত্তৰঃ (c) এবিধ বলয়ী প্ৰাণীয়ে

72.    পানীৰ বিশুদ্ধতা ৰহাৰ উদ্দেশ্যত থকা আইনখন হৈচে জল(প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ)আইন,
(a)    1970   (b) 1971   (c) 1973   (d) 1974

উত্তৰঃ (d) 1974

73.   ভাৰতৰ পৰিৱেশ সম্পৰ্কীয় আইনসমূহৰ ভিতৰত তলত উল্লেখ কৰা কোনখান আইন প্ৰথমে বলবৎ কৰা হৈছিল?
(a)    পৰিৱেশ সুৰক্ষা আইন        (b) বন্যপ্ৰাণী(সুৰক্ষা)আইন
(c)বনাঞ্চল(সংৰক্ষণ)আইন                     (d) জল(প্ৰদূষণ নিবাৰক আৰু নিয়ন্ত্ৰণ)আইন

উত্তৰঃ (a) পৰিৱেশ সুৰক্ষা আইন

74.   ‘চিপকো আন্দোলনৰ’ লগত জড়িত তলত উল্লেখ কৰা কোনজন ব্যক্তিক 2009 চনৰ পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছিল?
(a)    গৌৰী দেৱী   (b) অমৃতা দেৱী   (c) সুন্দৰলাল বহুগুণা   (d) চণ্ডীপ্ৰসাদ বাট

উত্তৰঃ c) সুন্দৰলাল বহুগুণা

75.   সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটি বিষয়ত অৰিহণা যোগায়?
(a)    সামাজিক ভুল বুজাবুজি
(b)   সামাজিক ঐতিহ্য আৰু পৰিচয়
(c)    নৈতিকতাৰ অৱনতি
(d)   অৰ্থনৈতিক উন্নয়নত বাধা

উত্তৰঃ (b)  সামাজিক ঐতিহ্য আৰু পৰিচয়

76.   জীৱন ধাৰণৰ মানদণ্ড নিৰ্ণয় কৰাত তলৰ কোনটো বিষয়ৰ গুৰুত্ব আটাইতকৈ বেছি?
(a)    আৰ্থিক স্বচ্ছলতা
(b)   শিক্ষা
(c)    মানসিক উৎকৰ্ষ সাধন আৰু আৰ্থিক স্বচ্ছলতা
(d)   সুস্থ সামাজিক বাতাবৰণ আৰু আৰ্থক স্বচ্ছলতা 

উত্তৰঃ (b)  শিক্ষা

77.   নিম্নলিখিত কোনটো জীৱিয় কাৰকৰ অন্তৰ্গত?
(a)    উৎপাদক   (b) উপভোক্তা   (c) বিয়োজক   (d) ওপৰৰ সকলো

উত্তৰঃ  (d) ওপৰৰ সকলো

78.   ‘বিশ্ব পৰিৱেশ দিৱস’ কেতিয়া পালন কৰা হয়?
(a)    25 ডিচেম্বৰ  (b)  20 ছেপ্টেম্বৰ   (c)    9 জুলাই   (d) 5 জুন

উত্তৰঃ (d) 5 জুন

79.   কোনো এটা অঞ্চলৰ কম সময়ৰ বাবে বাহল থকা ৰ’দ বৰষুণ-উষ্ণতা-বতাহ আদিৰ অৱস্থাটোক কোৱা হয়,
(a)    জলবায়ু    (b) বতৰ    (c) প্ৰাকৃতিক অৱস্থা    (d) ভৌগোলিক অৱস্থা

উত্তৰঃ    (a)  জলবায়ু

80.   তলত উল্লেখ কৰা কোন তিনিটা উপাদানৰ অবিহনে পৃথিব্ৱীত জীৱৰ উপস্থিতি সম্ভৱ নহয়?
(a)    বায়ু,পানী আৰু মাটি
(b)   বায়ু, পানী আৰু আহাৰ
(c)    বায়ু, পানী আৰু কাপোৰ
(d)   বায়ু, পানী আৰু নিৰাপত্তা

উত্তৰঃ (a)  বায়ু,পানী আৰু মাটি

81.   কোন চনত ‘পৰিৱেশ(সুৰক্ষা)আইন’ প্ৰৱৰ্তন কৰা হৈছিল?
(a)    1984        (b) 1986      (c) 1988             (d) 1981

উত্তৰঃ (b) 1986

82.   বৰ্তমান সময়ত বায়ুমণ্ডলত তলত কোনবিধ গেছৰ অত্যধিক উপস্থিতিয়ে বায়ু প্ৰদূষণক সংকটজনক অৱস্থাত উপনীত কৰা কৰাইছে?
(a)    অক্সিজেন   (b) নাইট্ৰ’জেন   (c) কাৰ্বন-ডাই-অক্সাইড   (d) অজ’ন

উত্তৰঃ (c) কাৰ্বন-ডাই-অক্সাইড  

83.   অসমত পৰিৱেশ সমন্ধীয় প্ৰধান সমস্যা হৈছে
(a)    বানপানী    (b) ভূমিক্ষয়    (c) নিৰ্বনীকৰণ   (d) উপৰোক্ত সকলো

উত্তৰঃ (a) বানপানী

84.   তলত উল্লেখ কৰা কোনটো আমাৰ পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰক হিচাপে গণ্য কৰা হয়?
(a)    জনসংখ্যাৰ বিস্ফোৰণ
(b)   বনাঞ্চল ধ্বংস
(c)    ঔদ্যোগিক বিকাশ
(d)   অতিমাত্ৰাত ৰাসায়নিক কীটনাশক ব্যৱহাৰ

উত্তৰঃ   (a)  জনসংখ্যাৰ বিস্ফোৰণ

85.   সেউজ গৃহ পৰিঘটনাৰ মুখ্য কাৰক হৈছে
(a)    জল প্ৰদূষণ
(b)   বায়ু প্ৰদূষণ
(c)    ভূমি প্ৰদূষণ
(d)   পৰিৱেশ প্ৰদূষণ

উত্তৰঃ  (b) বায়ু প্ৰদূষণ

86.   জীৱদেহৰ সকলোবোৰ জৈৱ-ৰাসায়নিক পৰিঘটনাতেই প্ৰয়োজন হয়
(a)    বায়ু
(b)   পানী
(c)    খাদ্য
(d)   ওপৰৰ সকলো

উত্তৰঃ (b) পানী

87.   বায়ুমণ্ডল কোনটো স্তৰে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীৰ জীৱ জন্ত্তক ৰক্ষা কৰে ?
(a)    ট্ৰপ’স্ফিয়াৰ
(b)   ষ্ট্ৰেট’স্ফিয়াৰ
(c)    মেছ’স্ফিয়াৰ
(d)   থাৰ্ম’স্ফিয়াৰ বা আয়ন’স্ফিয়াৰ

উত্তৰঃ  (b) ষ্ট্ৰেট’স্ফিয়াৰ

88.   প্ৰদূষিত পানীয়ে বিয়পাব পৰা এটা বেমাৰ হৈছে
(a)    ৰক্তহীনতা
(b)   ইনফ্লুৱেঞ্জা
(c)    টনচিল
(d)   টাইফয়ড

উত্তৰঃ (b) টাইফয়ড

89.   নিম্নলিখিত কোনটোৰ জৈৱ-অৱনমন নহয়?
(a)    কাগজ
(b)   হাঁড়
(c)    পৰুৱা
(d)   পলিথিন
উত্তৰঃ (d) পলিথিন
90.   মানুহৰ পুষ্টিহীনতা কিহৰ অভাৱত হ’ব পাৰে ?
(a)    খাদ্যপ্ৰাণ
(b)   সুষম আহাৰ
(c)    প্ৰ’টিন
(d)   শৰ্কৰা


উত্তৰঃ প্ৰ’টিন

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)