ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

গুৱাহাটী শোধানাগাৰত পদ খালী ( Junior Engineering Assistant )

Admin
0
গুৱাহাটী শোধানাগাৰত পদ খালী


ইণ্ডিয়ান অইল কৰ্পাৰেশ্যন লিমিটেডৰ গুৱাহাটী শোধানাগাৰত আৱশ্যক হোৱা কনিষ্ঠ অভিযান্ত্ৰিক সহায়কৰ ৩ টা খালী পদত অচিৰেই যোগ্য প্ৰাৰ্থী নিয়োগ কৰা হ’ব ৷ প্ৰডাকশ্যন বিভাগত দুটা পদ পূৰণ হোৱাৰ বিপৰীতে এটা পদ পূৰণ হ’ব ফায়াৰ এণ্ড চেফটি বিভাগত ৷ প্ৰডাকশ্যন বিভাগৰ বাবে প্ৰাৰ্থী ন্যূনতম ৫০ শতাংশ নম্বৰসহ কেমিকেল, ৰিফাইনেৰী এণ্ড পেট্ৰ’ কেমিকেল ইঞ্জিনিয়াৰঙৰ ৩ বছৰীয়া ডিপ্লমাধাৰী নাইবা(গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান বা উদ্যোগিক ৰসায়ন)বি এছ চি ডিগ্ৰীধাৰী হ’ব লাগিব ৷ ন্যূনতম কৰ্ম অভিজ্ঞতা এবছৰ ৷ আনহাতে ফায়াৰ এণ্ড ছেফটিৰ বাবে প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণ আৰু এন এফ এছ চি নাগপুৰৰ পাৰ ছাব অফিচাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ’ব লাগিব ৷ ন্যূনতম কৰ্ম অভিজ্ঞতা এবছৰ ৷ বয়স ১৮-২৬ বছৰ ৷ সবিশেষৰ লগতে অনলাইন আৱেদন দাখিলৰ বাবে www.iocl.com লগইন কৰিব পাৰে ৷ অনলাইন আৱেদন গ্ৰহণৰ অন্তিম দিন ১৮ অক্টোবৰ, ২০১৯ ৰ বিয়লি ৫ বজা ৷  [উৎস : দৈনিক জনমভূমি ]

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)