আমাৰ পৰিৱেশ
প্ৰশ্না্ৱলী (পৃষ্ঠা
নং 257)
1.
কিছুমান পদাৰ্থ জী্ৱ
নিম্নীকৰণ আৰু আন কিছুমান জী্ৱ অনিম্নীকৰণ কিয় হয় ?
উত্তৰঃ জৈৱিক প্ৰক্ৰিয়াৰে
সৰল পৰ্যায়লৈ পৰিৱৰ্তন হ’ব পৰা পদাৰ্থবোৰক জীৱ নিম্নীকৰণ পদাৰ্থ বোলা হয় ৷ এইবোৰ
সাধাৰণতে উৎপত্তিগতভাৱে জৈৱিক পদাৰ্থ ৷ আনহাতে অন্য কিছুমান পদাৰ্থ আছে যিবোৰ
নিষ্ক্ৰিয় ৷ এইবোৰক এনে প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব নোৱাৰি ৷ ইহঁতক
জীৱ অনিম্নীকৰণ পদাৰ্থ বোলা হয় ৷ জীৱ নিম্নীকৰণ পদাৰ্থ বিয়োজকে খাদ্য হিচাপে
ব্যৱহাৰ কৰে আৰু সেয়ে এইবোৰ সৰল পৰ্যায়লৈ পৰিৱৰ্তিত হয় ৷ আনহাতে জীৱ অনিম্নীকৰণ
পদাৰ্থক বিয়োজকে খাদ্য হিচাপে গ্ৰহণ কৰিব নোৱাৰে ৷
2.
জী্ৱ নিম্নীকৰণ পদাৰ্থই
পৰি্ৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ৷
উত্তৰঃ জীৱ নিম্নীকৰণ
পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা হ’লঃ
(i)
এইবোৰ পদাৰ্থই মাটিৰ
অন্তৰ্বস্ত জৈৱ মৃত্তিকা(humus)উন্নত কৰে ৷
(ii)
এইবোৰ বিয়োজিত হোৱাৰ ফলত
প্ৰদূষণৰ পৰা পৰিৱেশ সুৰক্ষিত হয় ৷
3.
জী্ৱ অনিম্নীকৰণ পদাৰ্থই
প্ৰ্ভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ৷
উত্তৰঃ জীৱ অনিম্নীকৰণ
পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা হ’লঃ
(i)
পৰিৱেশত দীৰ্ঘকাল ধৰি
এইবোৰৰ অস্তিত্ব থাকে,সেয়ে এইবোৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতিৰ কাৰণ হয় ৷
(ii)
মাটি আৰু জলাশয় দূষিত কৰে ৷
ইয়াৰ ফলস্বৰুপে মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু পানী দূষিত কৰে ৷
প্ৰশ্না্ৱলী (পৃষ্ঠা
নং 261)
1.
পৌষ্টিক স্তৰ কি ? উদাহৰণ
এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা ৷
উত্তৰঃ খাদ্য শৃংখলৰ
বিভিন্ন স্তৰসমূহ য’ত তলৰ স্তৰৰ পৰা ওপৰৰ স্তৰলৈ খাদ্য বা শক্তিৰ স্হানান্তৰণ হয়
তাকে পৌষ্টিক স্তৰ বুলি জনা যায় ৷
খাদ্য শৃংখল এটাই বিভিন্ন স্তৰত ভিন ভিন জীৱক সামৰি লয়
যেনেঃ
(i)
পৌষ্টিক স্তৰৰ প্ৰথম স্তৰত
স্ব-পোষী জীৱ বা উৎপাদকসমূহক ৷
(ii)
দ্বিতীয় স্তৰত তৃণভোজী
প্ৰাণী বা প্ৰাথমিক উপভোক্তাসমূহক ৷
(iii)
তৃতীয় স্তৰত ক্ষুদ্ৰ আকাৰত
মাংসভোজী প্ৰাণী বা দ্বিতীয়ক উপভোক্তাসমূহক ৷
(iv)
চতুৰ্থ স্তৰত বৃহৎ আকাৰৰ
মাংসভোজী প্ৰাণী বা তৃতীয়ক উপভোক্তাসমূহক ৷
2.
পৰিস্হিতি তন্ত্ৰত বিয়োজকৰ
ভূমিকা কি ?
উত্তৰ : (ক) মৃত উদ্ভিদ আৰু প্ৰাণী তথা বৰ্জিত পদাৰ্থসমূহৰ পচন আৰু বিয়োজনত সহায় কৰি পৰিৱেশক নিকা কৰি ৰাখে ৷
(খ) মাটিৰ প্ৰাকৃতিক উৰ্বৰতা পুনৰায় ঘূৰাই আনে ৷ মৃত বৰ্জিত পদাৰ্থ বিয়োজনৰ দ্বাৰা উৎপন্ন হোৱা পোষক দ্ৰব্যবোৰ মাটিয়ে ধৰি ৰাখে যিটোৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ৷
(গ) পৰিৱেশক এক উপযুক্ত ভাৰসাম্যতা সৃষ্টি কৰে ৷

নং 264)
1.
অ’জন কি আৰু কোন পৰিস্হিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰ ঃ অ'জন হ'ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত অণু ৷ সূৰ্য্যৰ পৰা ওলোৱা অতি বেঙুনীয়া ৰশ্মি আৰু অক্সিজেনৰ মাজত সংঘটিত বিক্ৰিয়াৰদ্বাৰা বায়ুমণ্ডলৰ উচ্চ স্তৰত এই বিষাক্ত গেছ বিধ উৎপন্ন হয় ৷
ইয়াৰ প্ৰভাৱ ঃ
(ক) ই সূৰ্য্যৰ পৰা নিৰ্গত ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে ৷ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত মানুহৰ দেহত ছলাৰ কৰ্কটৰোগ কেটেৰেক্ট হোৱাৰ লগতে প্ৰতিৰোধ ক্ষমতা ধ্বংস হয় ৷
(খ) অ'জন স্তৰৰ অৱক্ষয়ে গোলকীয় উত্তাপনক প্ৰভাৱিত কৰে ৷
পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা ? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা ৷
উত্তৰ ঃ

তলত উল্লেখ কৰা কোনখিনিত
কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে ?
(a) ঘাঁহ, ফুল আৰু চামৰা (b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু
টেঙাৰ ৰস (d) পিঠা, কাঠ আৰু ঘাঁহ
উত্তৰ: (c) আৰু (d)
2.
তলত দিয়া কিনখিনিয়ে খাদ্য
শৃংখল গঠন কৰে ?
(a) ঘাঁহ, ঘেহুঁ আৰু আম (b) ঘাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী (d) ঘাঁহ, মাছ আৰু ছাগলী
উত্তৰ: (b) ঘাঁহ,
ছাগলী আৰু মানুহ
2.
তলত উল্লেখ কৰাবিলাকৰ
কোনকেইটা পৰিৱেশ অনুকুল অ্ভ্যাসৰ অন্তৰ্ভূক্ত ?
(a) দোকান বা বজাৰ কৰিবলৈ
যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস৷
(b) অপ্ৰয়োজনীয়তাভাৱে জ্বলি থকা
লাইট বা চলি থকা ফেনৰ ছুইচ (switch) বন্ধ কৰি ৰখাৰ অভ্যাস ৷
(c) তোমাক মায়ে স্কুটাৰেৰে
বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱাৰ অভ্যাস ৷
(d) ওপৰৰ আটাইকেইটা অভ্যাস ৷
উত্তৰ: (d) ওপৰৰ আটাইকেইটা অভ্যাস ৷
3.
কোনো এটা পৌষ্টিক স্তৰৰ
সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?
উত্তৰ: যদি এটা
পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱকে ধ্বংস কৰি পেলোৱা হয়, তেতিয়া—
নহব৷
(ii) পৰৱৰ্তী উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱবিলাক অনাহাৰে থকাৰ ফলত
ইহঁতৰ সংখ্যা হ্ৰাস পাব ৷
(iii) খাদ্য শৃংখলৰ শক্তিৰ
প্ৰবাহত ব্যাঘাত জন্মিব আৰু পৰিস্হিতি তন্ত্ৰৰ ভাৰসম্যহীনতাৰ কাৰণ হৈ পৰিব পাৰে ৷
ধৰা হ’ল সকলোবোৰ ভেকুলী মাৰি পেলোৱা হ’ল তেতিয়া
পৰৱৰ্তী উচ্চতৰ ক্ৰমিক পৌষ্টিক স্তৰৰ জীৱসমূহ, অৰ্থাৎ সাপ আৰু শগুণবোৰৰ অনাহাৰে
থকাৰ ফলত মৃত্যু হ’ব ৷ তদুপৰি পূৰ্বৱৰ্তী নিম্ন স্তৰৰ জীৱসমূহ, অৰ্থাৎ
কীট-পতংগবোৰৰ সংখ্যা অধিকভাৱে বৃদ্ধি হ’ব যিহেতু সেইবোৰ ভক্ষণ কৰিবলৈ কোনো নাথাকিব
৷
5. বেলেগ বেলেগ পৌষ্টিক
স্তৰত সকলোবোৰ জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ
পৰিবনে ? পৰিস্তিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবোৰ
জীৱক আঁতৰাব পাৰিবানে ?
6. জৈৱিক বিবৰ্ধক (Biological magnification) বলিলে কি বুজা ? পৰিস্তিতি
তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ’বনে ?
7. আমি সৃষ্টি কৰা জিীৱ অনিম্নীকৰণ পদাৰ্থবিলাকলৰ পৰা আমাৰ কি
কি সমস্যা হব পাৰে ?
8. আমি সৃষ্টি কৰা
আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয়, তেনেহ’লে পৰিৱেশৰ ওপৰত একো
প্ৰভাৱ নপৰাকৈ থাকিবনে ?
Prosna buror uttor kisuman r diai nai
ReplyDelete
ReplyDelete5,6,7,8 নম্বৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াই নাই
bakiburor uttar diok
ReplyDelete