ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বিদ্যুত-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া - দশম শ্ৰেণী- NCERT SOLUTION

Admin
3
বিদ্যুত-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
প্ৰশ্নাৱলী(পৃষ্ঠা নং 224)
      1.       দণ্ডচুম্বকৰ ওচৰলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিপেক্ষিত হয় ?
উত্তৰঃ দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালে সৰু দণ্ডচুম্বক এডালৰ দৰে কাম কৰে, সেয়ে ইয়াক দণ্ড চুম্বক এডালৰ কাষলৈ নিলে ইয়াৰ কাঁটাডাল বিপেক্ষিত হয় ৷ এনে হোৱাৰ কাৰণ হ’ল দণ্ড চুম্বক আৰু দিগদৰ্শন যন্ত্ৰৰ কাঁটাডালৰ উভয় মেৰুৰ মাজত থকা আকৰ্ষণ আৰু বিকৰ্ষণ বল, যিহেতু চুম্বকৰ একেধৰণৰ মেৰু(যেনেঃ S-S, N-N)ৰ মাজত বিকৰ্ষণ আৰু বেলেগ বেলেগ মেৰু যেনে(S-N, N-S)ৰ মাজত আকৰ্ষণ হয় ৷ 
প্ৰশ্নাৱলী(পৃষ্ঠা নং 228)
     1.       এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখাবোৰ অংকন কৰা ৷
উত্তৰঃ  
    2.       চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা ৷
উত্তৰঃ চৌম্বক বলৰেখা(চুম্বকীয় ক্ষেত্ৰৰেখ)ৰ ধৰ্মসমূহৱ হ’লঃ
(i)                  চৌম্বক বলৰেখাবোৰ চুম্বকৰ বাহিৰফালে উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়৷
(ii)                চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয় ৷ এতেকে চৌম্বক বলৰেখাবোৰে বন্ধ বক্ৰৰেখাৰ ৰুপ লয় ৷
(iii)               য’ত চৌম্বক বলৰেখাবোৰ ঠাঁহ খাই থাকে তাত চৌম্বক ক্ষেত্ৰখন অধিক শক্তিশালী হয়, অৰ্থাৎ মেৰুৰ ওচৰৰত চুয়ম্বকীয় বলৰ মান অধিক হয় ৷
(iv)              দুডাল চৌম্বক বলৰেখাই কেতিয়াও পৰস্পৰে কটাকটি নকৰে ৷
     3.       দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে ?
উত্তৰঃ দুডাল চৌ্ম্বক বলৰেখাই কেতিয়াও পৰস্প[ৰে কটাকটি কৰিব নোৱাৰে কাৰণ যদি এনে কৰে তাৰ অৰ্থ হ’ব যে কটাকটি কৰা বিন্দুত দিগ দৰ্শন যন্ত্ৰৰ কাঁটাডালে দুটা দিশ নিৰ্দেশ কৰিব যিটোচচ সম্ভৱ নহয় ৷
  প্ৰশ্নাৱলী(পৃষ্ঠা নং 229)
   1.       এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা ৷ ধৰা হওঁক, ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে ৷ কুণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা ৷
উত্তৰঃ পোন প্ৰবাহযুক্ত তাঁৰ এডালৰ চুম্বক ক্ষেত্ৰৰ মান ইয়াৰ পৰা দূৰত্বৰ ব্যস্তানুপাতিক ৷ একেদৰে, প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ প্ৰতিটো বিন্দুৰ চৌপাশে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰ বুজোৱা এককেন্দ্ৰিক বৃত্তবোৰ পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমান্বয়ে ডাঙৰ হৈ যায় ৷ যেতিয়া বৃত্তবোৰ কুণ্ডলীৰ কেন্দ্ৰত উপনীত হয় তেতিয়া ইহঁত পোন ৰুপত দৃশ্যমান হয় আৰু শেষত কেন্দ্ৰত সৰলৰেখাৰ ৰুপত দেখা যায় ৷
এইটোৱে ইয়াকে সূচায় যে প্ৰবাহযুক্ত পৰিবাহীৰ প্ৰতিটো বিন্দুৱে এখন চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰে ৷
       2.       এটা প্ৰদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম ৷ ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা ৷
     3.       শুদ্ধ উত্তৰ বাছি উলিওৱা ৷
প্ৰবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ
(a) শূন্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমাত কমি যায় ৷
(c) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমাত বাঢ়ি যায় ৷
(d) সকলো বিন্দুতে একে থাকে ৷
   উত্তৰ :

প্ৰশ্নাৱলী9(পৃষ্ঠা নং 224)
       1.       চৌ্ম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্হাত প্ৰট’ন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ’ব পাৰে ? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)
(a)ভৰ                 (b) দ্ৰুতি
(c) বেগ                 (d)ভৰবেগ
উত্তৰ :  
       2.       কাৰ্যকলাপ 13.7 AB দণ্ডৰ সৰন কেনেদৰে প্ৰভাবিত হ’ব যদি (I) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়, (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্যৱহাৰ কৰা হয় , আৰু (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয় ?
      3.       পশ্চিম দিশলৈ উতপেক্ষিত ধনাত্মক আধানেৰে আহিত কণা এটা(আলফা-কণা)চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ’ল ৷ চু্ম্বক ক্ষেত্ৰৰ দিশ হ’ব –
(a)  দক্ষিণমুৱা                (b) পূৱমুৱা
(c) নিম্নমুখী                   (d) উৰ্দ্ধমুখী
 প্ৰশ্নাৱলী9(পৃষ্ঠা নং 233)
     1.       ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা ৷
উত্তৰঃ  যদি আমি বাওঁহাতৰচ তৰ্জনী, মধ্যমা আৰু বুঢ়া আঙুলি কেইটা পৰস্পৰ লম্ব দিশত মেলি দিওঁ, তেতিয়া যদি তৰ্জনী আঙুলি চৌম্বক ক্ষেত্ৰৰ দিশত আৰু মধ্যমা আঙুলি বিদ্যুৎ প্ৰবাহৰ দিশত থাকে, তেন্তে বুঢ়া আঙুলিটোৱে পৰিবাহীৰ গতিৰ দিশ বা তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশক সূচাব৷
      2.       বৈদ্যুতিক মটৰৰ মূলনীতিটো কি?
উত্তৰঃ বৈদ্যুতিক মটৰ হ’ল বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰুপান্তৰ কৰা এটা সঁজুলি ৷ ইয়াৰ মূলনীতি এয়ে যে চৌম্বক ক্ষেত্ৰ এখনত বিদ্যুৎ প্ৰবাহী কুণ্ডলী বা পৰিবাহী এটা স্হাপন কৰিলে এটা বল ক্ৰিয়াশীল হয় আৰু ঘূৰিবলৈ ধৰে ৷ ইয়াৰ বলৰ দিশ ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি ৷
      3.       বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি?
উত্তৰঃ বৈদ্যুতিক মটৰত ফলা আঙঠি্য়ে এটা দিক্ পৰিৱৰ্তক হিচাপে কাম কৰে, যিয়ে বৈদ্যুতিক ৰ্তনী এটাৰ মাধ্যমেৰে প্ৰবাহৰদিশ বিপৰীতমুখী কৰে ৷
প্ৰশ্নাৱলী9(পৃষ্ঠা নং 236)
1.কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা ৷
   উত্তৰঃ
প্ৰশ্নাৱলী9(পৃষ্ঠা নং 237)
      1.       এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা ৷
উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ হ’ল যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰুপান্তৰ কৰা এবিধ সঁজুলি ৷ এই সঁজুলিটো বিদ্যুৎ চুম্বকীয় আৱেশৰ এই নীতিৰ ওপৰত আধাৰিত যে পৰিবাহী এডালে চুম্বক ক্ষেত্ৰত গতি কৰিলে ইয়াত পৰিৱৰ্তিত চৌম্বক ক্ষেত্ৰৰ বাবে বিদ্যুৎ প্ৰবাহ আৱিষ্ট হয় ৷
      2.       প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা ৷
উত্তৰঃ  প্ৰত্যক্ষ প্ৰবাহ উৎস কেইটামানৰ নাম হ’লঃ-
সঞ্চায়ক, শুষ্ক কোষ আদি ৷
      3.       পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসই উৎপাদন কৰে ৷
উত্তৰঃ পৰিৱৰ্তী প্ৰবাহ উৎপাদন কৰা উৎসসমূহ হ’লঃ-
বৈদ্যুতিক জেনেৰেটৰ
      4.       শুদ্ধটো বাছি উলিওৱা ৷
তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে ৷ আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি–
(a)  দুপাকত সলনি হ’ব৷            (b) এপাকত সলনি হ’ব
(c)  আধা পাকত সলনি হ’ব          (d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং238)
      1.       বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্হাৰ নাম লিখা ৷
উত্তৰঃ বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্হাৰ নাম হ’লঃ-
ফিইজ তাঁৰ আৰু ভূমি সংযোগী তাঁৰ ৷
       2.       এটা বৈদ্যুতি ওভেনৰ ক্ষমতা 2KW আৰু ইয়াক 5A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ(220V)ৰ লগত সংযোগ কৰা হৈছে ৷ কি ফলাফল তুমি আশা কৰিবা ? আলোচনা কৰা ৷
উত্তৰঃ আমি জানো যে,
                                  
                                     p =  VI
`               ওপৰৰ গণনাটোৱে সূচায় যে 5A প্ৰবাহ ক্ষমতাৰ ঘৰুৱা বৰ্তনী এটাৰ পৰা অ’ভেনটোৰ দ্বাৰা টনা প্ৰবাহ হ’ল 9.09A ৷ গতিকে, বৰ্তনীটোত অত্যধিক বোজা হৈছে ৷ ইয়াৰ ফলত অগ্নিৰ সূত্ৰপাত হ’ব পাৰে ৷ এনে ক্ষেত্ৰত ফিউজ তাঁৰ গলি বৰ্তনীটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ’ব ৷
      3.       ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা ?
     উত্তৰঃ ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ অৱলম্বন কৰা সাৱধানতাসমূহ হ’লঃ
(i)                  একেটা খাজ(Socket)ত বাহুবোৰ সঁজুলি সংযোগ কৰিব নালাগে ৷
(ii)                বৰ্তনী বিলাক সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগে ৷
(iii)               উত্তম মান বিশিষ্ট তাঁৰ ব্যৱহাৰ কৰিব লাগে ৷
(iv)              সঁজুলিসমূহত কিবা ক্ৰুটি আছেনে নাই পৰীক্ষা কৰিব লাগে ৷
(v)                উপযুক্ত ক্ষমতাৰ ফিউজ তাৰেৰে বৰ্তনীত এটা ফিউজ সংযোগ কৰিব লাগে ৷

অনুশীলণী(পৃষ্ঠা নং 240-241)
      1.       তলৰ কোনটোৱে এডাল পপোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ?
(a)  ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত ৷
(b)  ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত ৷
(c) )  ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী(redial)ৰেখাৰে গঠিত
(d) )  ক্ষেত্ৰখন তাঁৰডালত থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত ৷
উত্তৰ : d) )  ক্ষেত্ৰখন তাঁৰডালত থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত ৷  
       2.       বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে
(a) বস্ত আহিতকৰণৰ প্ৰক্ৰিয়া
(b) কুণ্ডলীত চালিত প্ৰবাহে চৌম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া ৷
(c) চু্ম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া ৷
উত্তৰ : (c) চু্ম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া

      3.       বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক
(a) জেনেৰেটৰ বোলা হয়
(b) গেলভন’মিটাৰ বোলা হয়
(c) এমিটাৰ বোলা হয়
(d) মটৰ বোলা হয়
উত্তৰ : (a) জেনেৰেটৰ বোলা হয়
      4.       পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে
(a) পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্ত্ত প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত স্হায়ী চুম্বক থাকে ৷
(b) প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে
(c) পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে ৷
d) পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্ত্ত প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক্ পৰিৱৰ্তক থাকে ৷
উত্তৰ : d) পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্ত্ত প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক্ পৰিৱৰ্তক থাকে ৷
       5.       হ্ৰস্ববৰ্তনী(Short circuit)হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ—
(a) বুজন পৰিমাণে কমি যায়
(b) সলনি নহয়
(c) অত্যধিক পৰিমাণে বৃদ্ধি পায়
(d) অবিৰত ভাৱে সলনি হয়
উত্তৰ : (c) অত্যধিক পৰিমাণে বৃদ্ধি পায়
       6.       তলৰ উক্তিসমূহ শুদ্ধ নে ভূল কোৱা—
(a) এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তি্লৈ ৰূপান্তৰ কৰে ৷
(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে ৷
(c) এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযু্ক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব
(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে ৷
উত্তৰ : অশুদ্ধ
      7.       চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা ৷
উত্তৰ: চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি হ’ল :
(i)স্হায়ী দণ্ড চুম্বকৰ ব্যৱহাৰ পদ্ধতি
(ii)প্ৰবাহযুক্ত পৰিবাহীৰ ব্যৱহাৰ পদ্ধতি
     8.       ছ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে ? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত ছ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা৷
উত্তৰঃ ছ’লেনইড হ’ল চুঙা এটা আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাক থকা কুণ্ডলী ৷ যেতিয়া এটা ছ’লেনইডৰ মাজেদি প্ৰবাহ পৰিবাহীত হয় ইয়াত থকা জটিল বৃত্তাকাৰ পাকবোৰৰ বাবে ই চুম্বক ক্ষেত্ৰ উৎপন্ন কৰে ৷ ছ’লেনইডৰ অন্তৰ্ভাগত চুম্বকক্ষেত্ৰৰ দ্বাৰা সৃষ্টি হোৱা বলৰেখাবোৰৰ সমান্তৰাল সৰলৰেখা হোৱা বাবে ই এডাল দণ্ড চুম্বকৰে দৰে কাম কৰে ৷
          প্ৰবাহযুক্ত ছ’লেনইডৰ এটা মূৰৰ ওচৰলৈ দণ্ড চুম্বকৰ উত্তৰ মেদৰু(N)টো আনি প্ৰবাহযুক্ত ছ’লেনইড এটাৰউত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পৰা যায় ৷ যদি চুম্বকডালে কিবা আকৰ্ষণ অনুভৱ কৰে তেতিয়া হ’লে ছ’লেনইডৰ সেই মূৰটো দক্ষিণ মেৰু(S)ৰ সৈতে একে হয়(কাৰণ বেলেগ বেলেগ মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে)আৰু যদি তাত বিকৰ্ষণ অনুয়ভৱ হয় তেন্তে সেই মূৰটোক উত্তৰ মেৰুৰ দৰেগণ্য কৰা হয়(যিহেতু একেধৰণৰ মেৰুৱে পৰস্পৰক বিকৰ্ষিত কৰে)৷
      9.       চৌম্বক ক্ষেত্ৰত স্হাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্ব্বোচ্চ হয় ?
উত্তৰঃ চৌম্বক ক্ষেত্ৰত স্হাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল তেতিয়া সৰ্ব্বোচ্চ হয় যেতিয়া প্ৰবাহৰদিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ সৈতে লম্ব হয় ৷ ইয়াৰ কাৰণ হ’ল পৰিবাহীডালত প্ৰয়োগ হোৱা বলে প্ৰবাহৰ দিশ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে ৷
       10.   ধৰা হওক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা ৷ ইলেক্ট্ৰনৰ কিৰণ এটা পিছপালৰ বেৰৰ পৰা সন্মুকৰ বেৰলৈ অনুভূমিক ভাৱে আহিছে ৷ এই কিৰণডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে ৷ চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব ?
উত্তৰঃ এই পৰিস্হিতিত, ফ্লেমিঙৰ বাওহতীয়া নীতটো বিবেচনা কৰা হয় ৷ যিহেতু ইলেক্ট্ৰ’নৰ বলক সোঁফাললৈ সূচাইছে সেয়ে প্ৰবাহৰ দিশ ইিলেক্ট্ৰ’নৰ প্ৰবাহৰ বিপৰীতদিশ হ’ব ৷ গতিকে চৌম্বক ক্ষেত্ৰৰ দিশ উলম্বভাৱে নিম্নমুখী হ’ব ৷
     11.    বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা ৷ ইয়াৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা ৷ বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি ?
উত্তৰঃ বৈদ্যুতিক মটৰ হৈছেবৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰুপান্তৰ কৰা এটা আবৰ্ত সঁজুলি ৷ইয়াক বহুতো বৈদ্যুতিক যন্ত্ৰ আৰু সঁজুলিত মুখ্য উপাদান হিচাপে বাৱহাৰ কৰা হয় ৷
মূলনীতিঃ বৈদ্যুতিক মটৰ এটা প্ৰতিষ্ঠিত হোৱা মূলনীতিটো হৈছে-যেতিয়া বিদ্যুৎ প্ৰবাহী পৰিবাহী এডালক চৌম্বক ক্ষেত্ৰত স্হাপন কৰা হয় ইয়াৰ ওপৰত এটা বল ক্ৰিয়াশীল হয় যাৰ দিশ ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ সহায়য়ত উলিয়াব পাৰি ৷
গঠনঃ
(i)                  অন্তৰিত তামৰ তাঁৰেৰে তৈয়াৰী আৱৰ্ত আয়তাকাৰ কুণ্ডলী ABCD ৰে বৈদ্যুতিক মটৰএটা গঠিত হয় ৷ ইয়াৰ মূৰকেইটা এটা ফলা আঙঠিৰ দুটা অৰ্ধাংশ P আৰু Q সৈতে সংযোগ কৰি ৰখা হয় ৷
(ii)                ফলা আঙঠিটোত ভিতৰভাগত অন্তৰিত কৰি ৰখা দুটা অৰ্ধাংশ তাকে, যি দুটাক অক্ষদণ্ড দণ্ডা এডালৰ লগত সংলগ্ন কৰা হয় ৷
(iii)               X আৰু Y দুটা স্হিতিশীল কাৰ্বন ব্ৰাছ অক্ষদণ্ডডালৰ সৈতে সংলগ্ন হৈ থাকে আৰু প্ৰবাহৰ গতি ঘড়ীৰ কাঁটাৰ দিশত আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত নিয়ন্ত্ৰণ কৰে ৷
(iv)              চৌম্বক ক্ষেত্ৰৰ দুটা মেৰুৰ মাজত(উত্তৰ আৰু দক্ষিণ)কুণ্ডলীটো এনেদৰে ৰখা হয় য়াতে ইয়াৰ AB আৰু CD বাহু চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হয় ৷
কাৰ্যপ্ৰণালীঃ
পদক্ষেপ-I :ধৰি লোৱা, বেটেৰীৰ পৰা X পৰিবাহী ব্ৰাছেৰে ABCD কুণ্ডলীত প্ৰবাহ সোমায় আৰু Y পৰিবাহী ব্ৰাছেৰে পুনৰ বেটেৰীলৈ উভতি যায় ৷
পদক্ষেপ-II : AB আৰু CD বাহুকেইটা চুম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হ’ব ৷
পদক্ষেপ-III : ফ্লেমিঙৰ বাওঁহতীয়া নীতিটো প্ৰয়োগৰ দ্বাৰা আমি পাওঁ যে AB বাহুত ক্ৰিয়া কৰা বলে ইয়াক তললৈ ঠেলিব আৰু CD বাহুত ক্ৰিয়া কৰা বলে তাক ওপৰলৈঠেলিব ৷ গতিকে কুণ্ডলী আৰু অক্ষদণ্ডডাল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব ৷
পদক্ষেপ-IV: আধা পাক ঘূৰাৰ পিছত ফলা আঙঠিৰ অৰ্ধাংশ P আৰু Q য়ে Y আৰু X ব্ৰাছক স্পৰ্শ কৰিব আৰু তাৰ ফলত কুণ্ডলীটোত প্ৰবাহ বিপৰীতমুখী হৈ DCBA পথেৰে প্ৰবাহিত হ’ব ৷
পদক্ষেপ-V: প্ৰবাহ বিপৰীতমুখী হোৱাৰ কাৰণে AB আৰু CD বাহুত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হ’ব, অৰ্থাৎ CD বাহুক বলে তললৈ ঠেলিব আৰু AB বাহুক ওপৰলৈ ঠেলিব ৷
পদক্ষেপ-VI : কুণ্ডলী আৰু অক্ষদণ্ডডালে আৰু আধা পাক একে দিশত ঘূৰিব ৷ প্ৰতি আধা পাক ঘৰ্ণনত এই প্ৰক্ৰিয়াটোৰ পুনৰাবৃত্তি হৈ থাকিব আৰু এইদৰে কুণ্ডলী আৰু অক্ষদণ্ডডাল একে দিশত অবিতৰভাৱে ঘূৰি থাকিব ৷
ফলা আঙঠিৰ কামঃ বৈদ্যুতিক মটৰত ফলা আঙঠি্য়ে এটা দিক্ পৰিৱৰ্তক হিচাপে কাম কৰে, যিয়ে বৈদ্যুতিক ৰ্তনী এটাৰ মাধ্যমেৰে প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে ৷
        12.   বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধ মান সঁজুলিৰ নাম লিখা ৷
উত্তৰঃ বৈদ্যুতিক মটৰত বাৱহৃত হোৱা কেইবিধমান সঁজুলি হ’ল-বৈদ্যুতিক পাংখা, প্ৰশীতক, বাতানুকুলন যন্ত্ৰ, জুইচাৰ, মিক্সাৰ গ্ৰাইণ্ডাৰ, কম্পিউটাৰ, কাপোৰ ধোৱা মেচিন আদি ৷
       13.   অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী গেলভেন’মিটাৰৰ এটাৰ লগত সংযোগ কৰা হৈছে ৷ যদি এডাল দণ্ড চুম্বক (i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়ে (ii) কুণ্ডলী ভিতৰৰ পৰা আতৰাই আনিলে (iii) কুণ্ডলীৰ অন্তভাগত স্হিতিহিত অৱস্হাত ৰাখিলে কি হ’ব ?
উত্তৰঃ
(i)                 কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলেঃ  যেতিয়া এডাল দণ্ড চুম্বক কুণ্ডলীটোৰ ভিতৰলৈ ঠেলি দিয়া হয়, বৈদ্যুতিক প্ৰবাহ উৎপন্ন হয় যিটোক গেলভেন’মিটাৰৰ কাঁটাডালৰ এটা দিশ(উত্তৰফালে)ত হোৱা ক্ষণস্হায়ী বিক্ষেপণৰ দ্বাৰা সূচোৱা হয় ৷
(ii)               কুণ্ডলীটোৰ ভিতৰৰ পৰা দণ্ড চুম্বক আঁতৰাই আনিলেঃ যেতিয়া কুণ্ডলীটোৰ ভিতৰৰ পৰা দণ্ড চুম্বক আঁতৰাই অনা হয় তেতিয়া চুম্কে ঠেলা দিশৰ বিপৰীত দিশ(দক্ষিণ)ত কাঁটাডালৰ এক ক্ষণস্হহায়ী বিক্ষেপণ হয় ৷ গতিকে, বিপৰীত দিশ(দক্ষিণ দিশ)তো প্ৰাহ উৎপন্ন হয় ৷
(iii)             কুণ্ডলীৰ অন্তৰ্ভাগত দণ্ড চুম্বক এডাল স্হিতিশীল অৱস্হাত ৰাখিলেঃ যেতিয়া কুণ্ডলীটোৰ ভিতৰত দণ্ড চুম্বক এডাল স্হিতিশীল অৱস্হহাত ৰখা হয়, কোনো প্ৰবাহ উৎপন্ন নহয় ৷ ফলস্বৰুপে কাঁটাডা্লৰ কোনো বিক্ষেপণ নঘটে ৷
     14.   দুটা বৃত্তাকাৰ কুণ্ডলী  আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে ৷ A কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হলে B কুণ্ডলীত প্ৰবাহ আৱিষ্ট হ’বনে ? কাৰণ দৰ্শোৱা ৷
উত্তৰঃ যদি কুণ্ডলী Aৰ  প্ৰবাহ পৰিৱৰ্তন হয়, তেন্তে কুণ্ডলীত Bত আৱিষ্ট হয় ৷
ইয়াৰ কাৰণ হ’ল, যেতিয়া দুটা ববৃত্তাকাৰ কুণ্ডলী A আৰু B ক পৰস্পৰ ওচৰা ওচৰিকৈ স্হাপন কৰা হয় তেতিয়া কুণ্ডলী A ত হোৱা প্ৰবাহৰ যিকোনো পৰিৱৰ্তনৰ পৰিমাণস্বৰুপে ইয়াৰ চাৰিওফালেৰ থকা চৌম্বক ক্ষেত্ৰখনক প্ৰভাৱিত কৰে ৷ যিহেতু কুণ্ডলী B ক কুণ্ডলী A ৰ ওচৰত স্হাপন কৰে হৈছে কুণ্ডলী B ৰ চৌম্বক ক্ষেত্ৰখনো প্ৰভাৱিত হয় ৷ গতিকে কুণ্ডলী B তো প্ৰবাহ আৱিষ্ট হ’ব ৷
       15.   (i) প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ, (ii) চৌম্বক ক্ষেত্ৰ এখনৰ লম্বভাৱে স্হাপন কৰা প্ৰবাহযুক্ত পোনপৰিবাহী এডালে অনুভৱ কৰা বল আৰু (iii) চৌম্বক ক্ষেত্ৰ এখনত ঘূৰাওতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা ৷
উত্তৰঃ (i) মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলি নীতিৰ দ্বাৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰা হয় ৷

(ii)  ফ্লেমিঙৰ বাৌঁহতীয়া নীতিৰে চৌম্বক ক্ষেত্ৰ এখনত লম্বভাৱে স্হাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বলৰ দিশ নিৰ্ণয় কৰা হয় ৷

(iii)  ফ্লেমিঙৰ সোঁহতীয়া নীতিৰে চৌম্বক ক্ষেত্ৰ এখনত কুণ্ডলী এটা ঘূৰাওঁতে কুণ্ডলীত আবৃষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰা হয় ৷
      16.   চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক মটৰৰ মূলনীতি আৰু কাৰ্যপ্ৰণালীৰ বৰ্ণনা কৰা ৷ ইয়াত ব্ৰাচ দুডালৰ কাম কি ?
উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ হ’ল যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ  ৰুপান্তৰ কৰা এটা সঁজুলি ৷
মূলনীতিঃ বৈদ্যুতিক জেনেৰেটৰ এটা বিদ্যুতিক চুম্বকীয় আৱেশ নীতিৰ আধাৰত নিৰ্মিত, যাৰ অৰ্থ হৈছে যেতিয়া চৌম্বক ক্ষেত্ৰৰ মাজেদি এটা পৰিবাহী কুণ্ডলী পৰিবাহী ঘূৰে তেতিয়া কুণ্ডলীটোত বিদ্যুৎ প্ৰবাহ আৱিষ্ট হয় ৷ এই আৱিষ্ট প্ৰবাহৰ দিশ ফ্লেমিঙৰ সোঁহতীয়া নীতিৰ দ্বাৰা প্ৰদত্ত ৷
গঠনঃ
(i)                  ই এটা আয়তাকাৰ আৱৰ্ত কুণ্ডলী ABCD ৰে গঠিত যাৰ মূৰকেইটা দুটা আঙঠি R1 আৰু R2 ৰ সৈতে সংযোগ কৰা হয় ৷
(ii)                আঙঠিকেইটাৰ ভিতৰভাগকেইটা অন্তৰিত কৰি ৰখা হয় আৰু ভিতৰেৰে অক্ষদণ্ড ডালৰসৈতে সংলগ্ন কৰা হয় ৷
(iii)               ব্ৰাছ B1আৰু B2 ক আঙঠিৰ সৈতে সংলগ্ন কৰি ৰখাৰ লগতে বাহিৰফালৰ মূৰ দুটা গেলভেন’মিটাৰৰ লগত সংযোগ কৰা হয় ৷
(iv)              কুণ্ডলীটি স্হায়ী চুম্বকৰ দুটা মেৰুৰ মাজত এনেদৰে স্হাপন কৰা হয় যাতে AB আৰু CD বাহুৱে সৰ্বাধিক আৱিষ্ট প্ৰবাহ অনুভৱ কৰিব পাৰে ৷
কাৰ্যপ্ৰণালীঃ
পদক্ষেপ-I : চৌম্বক ক্ষেত্ৰ এখনত ABCD কুণ্ডলীক এনেদৰে ঘূৰোৱা হয় যাতে R1 আৰু R2 আঙঠি দুটাও তাৰ সৈতে ঘূৰে ৷
পদক্ষেপ-II : AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো তললৈ যায়(ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে) ৷
পদক্ষেপ-III : AB আৰু CD বাহুৰ এই সঞ্চালনে ইহঁতৰ ভিতৰত প্ৰবাহ আৱিষ্ট কৰে যি বহিঃ বৰ্তনীত ABCD ৰ দিশত চালিত হয় ৷
পদক্ষেপ-IV : আধা পাক ঘূৰাৰ পিছত আঙঠি R1 আৰু R2 ব্ৰাছৰ সংস্পৰ্শলৈ আহে আৰু CD বাহু ওপৰলৈ উঠে ৷
পদক্ষেপ-V : আঙঠি R2 আৰু  B1 ৰ সংস্পৰ্শলৈ আহে আৰু AB বাহু তললৈ যায় ৷ এই সঞ্চালনৰ ফলত বাহু দুটাত াৱিষ্ট প্ৰবাহৰ দিশ সলনি হৈ মুঠ আৱ্ষ্টি প্ৰবাহ DCBA ৰ দিশত চালিত হয় ৷
পদক্ষেপ-VI : এই অবিৰত প্ৰধিয়াটোৰ কাৰণে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰবাহৰদিশ সলনি হৈ থাকে আৰু পৰিৱৰ্তী প্ৰবাহ(AC)ৰ উৎস লাভ কৰা হয় ৷
       17.   এটা বৈদ্যুতিক হ্ৰস্ববৰ্তনী(short circuit) কেতিয়া সংঘটিত হয় ?
উত্তৰঃ সজীৱ তাঁৰ(ধনাত্মক তাঁৰ)আৰু উদাসীন(ঋণাত্মক তাঁৰ)ৰ অন্তৰণ নষ্ট হোৱাৰ বাবে প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলে বৰ্তনীত বিদ্যুৎ প্ৰবাহ হঠাতে বহুত বাঢ়ি যায় ৷ ইয়াৰ ফলস্বৰুপে হ্ৰস্ববৰ্তনী সংঘটিত হয় ৷
একেটা খাঁজতে অত্যধিক সঁজুলি সংযোগ কৰিলে ৰোধ হ্ৰাস পায় ৷ ইয়াৰ ফলস্বৰুপে বৰ্তনীৰ মাজেৰে বৰ্ধিত মাত্ৰাত বিদ্যুৎ চালিত হৈ হ্ৰস্ববৰ্তনী সংঘটিত হ’ব পাৰে ৷ বৈদ্যুতিক সঁজুলিত থকা ক্ৰুটিৰ বাবেও কেতিয়াবা হ্ৰস্ববৰ্তনী হ’ব পাৰে   
         18.   ভূমি সংলগ্ন তাঁৰৰ কাম কি ? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কি ?
উত্তৰঃ ভূমি সংযোগী তাঁৰৰ কাম হ’ল যিকোনো বৈদ্যুতিক প্ৰবাহৰ নিঃসৰণক কম ৰোধৰ পৰিবাহী পথ এটাৰ যোগানৰ দ্বাৰা স্হানান্তৰ কৰা ৷
যেতিয়া ধাতুৰ শৰীৰ থকা সঁজুলি প্ৰবাহ নিঃসাৰিত হয়, তেতিয়া সঁজুলিবিধৰ ব্যৱহাৰকাৰীয়ে বৈদ্যুতিক আগাত পোৱাৰ সম্বাৱনা থাকে৷ যদি সঁজুলিবিধৰ কিবা প্ৰকাৰে ভূমি সংযোগী তাঁৰৰ দ্বাৰা ভূমিৰ সংস্পৰ্শত থাকে, এই আঘাত প্ৰতিৰোধ কৰিব  পৰা যায় ৷ 

Post a Comment

3Comments

Please don't use spam link in the comment box.

Post a Comment