২০১৮-২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM )
অৱশেষত
ছেবাই (SEBA) ২০১৮-২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিলে ৷ অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ অনুষ্ঠিত হ’ব এই শিক্ষান্ত পৰীক্ষা ৷ কিন্তু এতিয়াও পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী ঘোষণা কৰা নাই ৷ আগন্তক লোকসভাৰ বাবে এই HSLC পৰীক্ষা অলপ আগুৱাই দিব বুলি ছেবা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ৷ বাতৰিত পোৱা তথ্যমতে এইবছৰ মুঠ ৩.৫৩ লাখ পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব ৷ ৰাজ্যৰ মুঠ ৮৫৭ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব ৷ পৰীক্ষা আৰু পৰীক্ষাকেন্দ্ৰৰ নিয়মাৱলীসমূহ :
v পৰীক্ষাৰ্থীয়ে ক’লা চিয়াহীৰ কলম ব্যৱহাৰ কৰিব লাগিব ৷
v গণিত আৰু উচ্চ গণিত বিষয়ত পুনৰক্ষীণৰ ব্যৱস্থা নাথাকিব ৷
v পোনপ্ৰথমবাৰৰ বাবে উত্তৰবহীত বাৰক’ড থাকিব ৷
v পৰীক্ষকেও নিজৰ সম্পৰ্ণ নাম উত্তৰবহীত লিখিব লাগিব ৷
v প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চি চি টিভি সংস্থাপন বাধ্যতামূলক কৰিছে ৷
v প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ সীমা দেৱাল সুউচ্চ হোৱাটো বাধ্যতামূলক কৰিছে , অন্যথা পৰীক্ষা কেন্দ্ৰ বাতিল হোৱাৰ সম্ভাৱনাও আছে ৷
v অতি স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰসমূহত ফ্লায়িং স্কোৱাড থাকিব ৷
v অতিৰিক্ত উত্তৰ বহীত এইবাৰ পৰীক্ষকে নিজৰ নাম লিখিব লাগিব ৷
v মোবাইল ফ’ন নিষিদ্ধ কৰাৰ লগতে স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰত মোবাইল ব্যৱহাৰ ৰোধ কৰিবৰ বাবে মোবাইল জামাৰ ব্যৱহাৰ কৰিব ৷
v মুঠতে কবলৈ গ’লে এইবাৰ নিৰাপত্তাজনিত দিশত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷
পৰীক্ষাৰ নিয়মাৱলী যিমানেই পৰিৱৰ্তন নহওক কিয় , ভালকৈ পঢ়া-শুনা কৰিলে সকলো পৰীক্ষাৰ্থীয়েই আগন্তক পৰীক্ষাত ভাল ফলাফল আনিব পাৰিব ৷
ALL THE BEST .
Please don't use spam link in the comment box.