ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

যদি হিন্দী জানে তেন্তে মাহে আয় কৰক 5000 টকাৰ পৰা 10000 টকালৈ

Admin
0


যদি আপুনি ভালকৈ হিন্দী লেখা-পঢ়া কৰিব জানে তেন্তে আপুনি মাহেকত 10ৰ পৰা 15 হাজাৰ লৈকে টকা উপাৰ্জন কৰিব পাৰিব ৷ যদি আপুনি হিন্দী ভালকৈ জানে তেতিয়াহ’লে আপুনি হিন্দীকে আয়ৰ পথ হিচাপে ল’ব পাৰিব ৷ যোৱা কেইবছৰমান ধৰি হিন্দীৰ ব্যৱহাৰ ইন্টাৰনেটত বাঢ়ি গৈছে ৷ তাৰ মাজতেই আকৌ হিন্দী লিখিবৰ বাবে আন বহুতো বিকল্পও ওলাই গৈছে য’ত আপুনি ঘৰত বহিয়েই টকা উপাৰ্জন কৰিব পাৰিব ৷
উপাৰ্জনৰ কাৰণে কি কৰিব লাগিব :
(ক) যোগ্যতা : যিসকল লোকে ভালকৈ হিন্দী জানে তেওঁলোকৰ কাৰণে বহুত সুবিধা আছে ৷ তেওঁলোকে ঘৰত বহিযেই নিজৰ দৈনিক খৰচ উলিযাই থাকিব পাৰিব ৷কিন্তু ইয়াৰ কাৰণে আপোনাৰ যোগ্যতা থাকিব লাগিব :    
     (1) শুদ্ধ হিন্দী লিখিব পাৰিব লাগিব ৷
     (2)  টাইপিং স্পীড থাকিব লাগিব ৷
     (3) যি বিষয়ত লিখিব বিচাৰে সেই বিষয়ত গভীৰ জ্ঞান থাকিব লাগিব ৷
(খ) Blogging ৰ পৰা উপাৰ্জন : যদি আপোনাক হিন্দী ভালকৈ আহে আৰু লেখা – মেলা যদি আপুনি খুব ভাল পায় তেন্তে আপোনাৰ চিন্তাধাৰাক শব্দৰ ৰূপ দিব পাৰিব ৷ যোৱা কেইবছৰমানৰ Blog ৰ ওপৰত হোৱা উপাৰ্জনক চাই ইয়াৰ তথা হিন্দীৰ blog ৰ কাম বাঢ়ি গৈছে ৷ ইয়াৰ বাবে প্ৰথমে আপুনি এটা ব্লগ খুলিব লাগিব য’ত আপুনি ব্লগৰ জৰিয়তে লিখিবলৈ আৰম্ভ কৰিব পাৰিব আৰু গুগুলৰ Adsense ৰ জৰিয়তে আপোনাৰ ব্লগৰ ওপৰত বিজ্ঞাপন ল’ব পাৰিব ৷ আপোনাৰ ব্লগ যিমানে পঢ়া হব সিমানে আপোনাৰ ব্লগত বিজ্ঞাপনৰ পৰিমান বাঢ়িব আৰু বিজ্ঞাপনৰ পৰিমাণ বাঢ়িলে আয়ৰ পৰিমাণো বাঢ়িব ৷
(গ) Freelancing কৰিব পাৰিব : হিন্দী লিখা পঢ়া কৰা লোকসকলৰ বাবে Freelancing ত উপাৰ্জনৰ ভালমান পথ আছে ৷ ইয়াত আপুনি হিন্দী মেগাজিন বা বাতৰি কাকতৰ বাবে প্ৰবন্ধ লিখিব পাৰিব ৷ এটা প্ৰবন্ধৰ পৰা আপুনি 500 টকাৰ পৰা 1000 টকালৈ আয় কৰিব পাৰিব ৷ অনলাইনৰ এই প্ৰতিযোগিতাত ভাল প্ৰবন্ধৰ বাবে লেখকসকলক যোগাযোগ কৰা হয় য’ত আপোনালোকে প্ৰতিটো প্ৰবন্ধৰ পৰা 250 টকাৰ পৰা 1000 টকালৈ আয় উপাৰ্জন কৰিব পাৰিব ৷  
(ঘ) টিউচন পঢ়াব পাৰিব : আজিকালি প্ৰায়ভাগ পিতৃ-মাতৃয়েই তেওঁলোকৰ লৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াবলৈ পচন্দ কৰে য’ত লৰা-ছোৱালীয়ে ইংৰাজী বিষয়ত ভালে থাকে কিন্তু হিন্দী পঢ়া আৰু লিখাত অসুবিধা দেখা যায় ৷ সেইবাবে ল’ৰা ছোৱালী পিতৃ্-মাতৃয়েই হিন্দী শিকাবৰ বাবে শিক্ষক বেলেগকৈ বাছনি কৰে ৷ যদি এনে ক্ষেত্ৰত আপুনি ভালকৈ হিন্দী জানে তেন্তে আপুনি টিউচন পঢ়াব পাৰিব ৷ য’ত আপুনি টিউচন পঢ়াই মাহে 5000 টকাৰ পৰা 10000 টকাৰ ভিতৰত আয় কৰিব পাৰিব ৷
(ঙ) Translation ৰ পৰা উপাৰ্জন কৰিব পাৰিব : যদি আপোনাৰ 2 টা বা 3 টা ভাষাৰ ওপৰত জ্ঞান আছে তেন্তে আপুনি টকা উপাৰ্জনৰ আৰু বহুতো সুবিধা লাভ কৰিব পাৰিব ৷ দেশত আৰু বিশ্বত এনে বহুত সংস্থা আছে যিবোৰে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰিবৰ বাবে পইচা দিয়ে ৷ এটা কিতাপক হিন্দীলৈ অনুবাদ কৰিবৰ বাবে পইচা দিয়ে ৷ এটা কিতাপক হিন্দীলৈ অনুবাদ কৰিবৰ বাবে 2 ৰ পৰা 5 হাজাৰ টকালৈ আয় পোৱা যায় ৷   

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)