ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

What is Bank Account? Write down the bank account opening procedures. What is a cheque? Describe the types of different types of cheques along with the figure. বেংক একাউণ্ট কি? বেংক একাউণ্ট মুকলি কৰণ প্ৰক্ৰিয়া সমূহ লিখা। চেক কি ? বিভিন্ন ধৰণৰ চেকৰ প্ৰকাৰ সমূহ চিত্ৰ সৈতে বৰ্ণনা কৰা

Admin
0
(1) বেংক একাউণ্ট কি? বেংক একাউণ্ট মুকলি কৰণ প্ৰক্ৰিয়া সমূহ লিখা। 

উত্তৰঃ  বেংক একাউন্ট হৈছে বেংকৰদ্বাৰা বেংক গ্রাহকৰ বাবে পৰিচালনা কৰা এক বিত্তীয় একাউন্ট।

বেংক একাউণ্ট মুকলি কৰণ প্ৰক্ৰিয়া সমূহঃ
                    অধিকাংশ বেংকে, বেংক একাউন্ট মুকলিকৰণৰ বাবে একেধৰণৰ প্ৰক্ৰিয়া বা পন্থা অৱলম্বন কৰে। যিকোনো এজন ব্যক্তিয়ে নিকটবর্তী বেংক শাখাত উপস্থিত হৈ অথবা বেংক ৱেবচাইটৰদ্বাৰা বেংক একাউন্ট মুকলি কৰিব পাৰে।
                    যদি এজন ব্যক্তিয়ে বেংক শাখাত উপস্থিত হৈ বেংক একাউন্ট মুকলি কৰে, তেনেক্ষেত্ৰত তলত উল্লেখ কৰা প্ৰক্ৰিয়াসমূহ অৱলম্বন হয় -
১। বেংক বিষয়াজনক বেংক একাউন্ট মুকলিকৰণৰ বাবে তথা KYC (know your customer) নথিপত্র
প্ৰদানৰ বাবে অনুৰোধ কৰা;
২। ব্যক্তিজনৰ সম্পূৰ্ণ পৰিচয় শুদ্ধভাবে প্ৰদান কৰা;
৩। প্ৰাৰম্ভিক ধন জমা কৰা;
৪। বেংকে ব্যক্তিজনৰ নথিসমূহ পৰীক্ষণ কৰে আৰু পৰীক্ষণৰ অন্তত বেংক একাউন্ট মুকলি কৰা ব্যক্তিজনক বিনামূলীয়াকৈ ‘বেংক পাছবুক’ আৰু ‘চেকবুক’ প্ৰদান কৰে।


                  যদি এজন ব্যক্তিয়ে বেংক ৱেবচাইটৰ দ্বাৰা বেংক একাউন্ট মুকলি কৰে; তেনেক্ষেত্ৰত তলত উল্লেখ কৰা প্ৰক্ৰিয়াসমূহ অন্তর্গত হয়-
 ১৷ Apply for an account (একান্টৰ বাবে আবেদন) ত ক্লিক কৰিব লাগে আৰু গ্ৰাহকজনে তেওঁৰ
প্রয়োজনীয় বেংক একাউন্টটো বাচনি কৰিব লাগে;
২৷ আবেদন পত্ৰখনত নাম, ঠিকনা, জন্ম তাৰিখ আৰু অন্যান্য বিতং তথ্য পূৰাব লাগে আৰু ‘submit'
ত ক্লিক কৰিব লাগে;
৩৷ বিতং তথ্যসমূহ আবেদনকাৰীজনে দাখিল কৰা পিছত বেংকে আবেদনকাৰীজনক বেংক শাখাত
উপস্থিত হৈ KYC নথিসমূহ দাখিল কৰিবলৈ আহ্বান কৰে;
৪৷ বেংকে নথিসমূহ পৰীক্ষণ কৰে;
৫৷ বেংকে গ্ৰাহকজনৰ একাউন্ট অনুমোদন কৰে আৰু একাউন্টটো সক্ৰিয় কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহক বেংক একাউন্ট মুকলিকৰণৰ ক্ষেত্ৰত ‘Know Your Customer' (আপোনালোকৰ গ্ৰাহকক জানক) অর্থাৎ KYC-ৰ প্ৰক্ৰিয়াসমূহৰ সমাপন কৰাটো বাধ্যতামূলক কৰিছে। ‘KYC অথবা Know Your Customer' হৈছে গ্ৰাহকসকলৰ বিষয়ে অৱগত হোৱা এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত বেংকসমূহে গ্ৰাহকসকলৰ পৰিচয় আৰু ঠিকনা সম্পৰ্কে অৱগত হয়। এই প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে বেংকৰ সুবিধাসমূহৰ অপব্যৱহাৰ ৰোধ কৰা। বেংক একাউন্ট মুকলিকৰণৰ ক্ষেত্ৰত KYC প্রক্রিয়াসমূহ বেংকে সমাপন কৰে আৰু সময়ে সময়ে এই প্ৰক্ৰিয়াৰ আধুনিকীকৰণ কৰে।
KYC প্ৰক্ৰিয়াৰ উদ্দেশ্যে বেংক গ্রাহক এজনে তলত উল্লেখ কৰা নথিসমূহ দাখিল কৰিব লাগে
> পৰিচয় প্ৰমাণ
> ঠিকনাৰ প্ৰমাণ
> শেহতীয়া ফটোকপি

পৰিচয় প্ৰমাণৰ বাবেঃ
 পাছপোর্ট / চালক অনুজ্ঞা পত্র / পান কার্ড / ভোটাৰ পৰিচয় পত্র / আধাৰ কাৰ্ড / ৰেচন কাৰ্ড / কৰ্মচাৰী পৰিচয় পত্র / এনৰেগা শ্ৰমকার্ড – উল্লেখিত নথিসমূহৰ যিকোনো এখন নথি চৰকাৰী বিষয়াৰ দ্বাৰা পৰীক্ষণ আৰু হস্তাক্ষৰ কৰি দাখিল কৰিব লাগে।
ঠিকনা প্ৰমাণৰ বাবেঃ
পাৰ্ছপোর্ট / চালক অনুজ্ঞা পত্র / ভোটাৰ পৰিচয় পত্র / আধাৰ কাৰ্ড / বিজুলীসেৱা বিল / এল.পি.জি সংযোগ কার্ড (LPG) / লীজ চুক্তি / বেংক একাউন্ট বিবৃতি / এনৰেগা শ্রমকার্ড উল্লেখিত নথিসমূহৰ যিকোনো এখন নথি চৰকাৰী বিষয়াৰ দ্বাৰা পৰীক্ষণ আৰু হস্তাক্ষৰ কৰি দাখিল কৰিব লাগে।

(2) চেক কি ? বিভিন্ন ধৰণৰ চেকৰ প্ৰকাৰ সমূহ চিত্ৰ সৈতে বৰ্ণনা কৰা ৷

উত্তৰঃ চেক হৈছে এক ধৰণৰ হস্তান্তৰযোগ্য দলিল যি দলিলে বেংকক Drawer ৰ একাউণ্টৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ ধন এজন বিশেষ ব্যক্তি বা দলিল গ্ৰহণকাৰীজনক প্ৰদান কৰিবলে চৰ্তবিহীন নিৰ্দেশ প্ৰদান কৰে ৷ 








 বিভিন্ন ধৰণৰ চেকৰ প্ৰকাৰসমূহ তলত চিত্ৰ সহায়ত বৰ্ণনা কৰা হ'লঃ
  
ৰেখাংকিত চেক্ (Crossed Cheque) :
 যদি চেক্ এখনৰ ওপৰত বাওঁ অংশৰ কোণত দুডাল সমান্তৰাল ৰেখা অংকন কৰা হয় তেতিয়া চেক্‌খনক সাধাৰণ ভাৱে ৰেখাংকিত কৰা বুজায়। এনেধৰণৰ চেকৰ উল্লেখিত ধন বেংকৰ শাখাৰ কাউন্টাৰত প্ৰদান কৰা নহয় ; চেকৰ উল্লেখিত ধন চেক্গ্ৰ হণকাৰীজনৰ বেংক একাউন্টলৈ হস্তান্তৰ কৰা হয়। এনেধৰণৰ চেকসমূহ পৃষ্ঠাংকন কৰিব পাৰি অথবা হস্তান্তৰ কৰিব পাৰি। যদি সমান্তৰাল ৰেখা দুডালৰ মাজত বেংকৰ নাম উল্লেখ থাকে ; তেনেক্ষেত্ৰত চেকখন বিশেষভাৱে ৰেখাংকিত কৰা বুজায়। এনেধৰণৰ চেকসমূহ মাথোন নাম উল্লেখিত বেংকটোহে প্ৰদৰ্শন কৰিব পাৰি।
মুকলি চেক্ (Open Cheque) : 
যদি চেক্ এখন ৰেখাংকিত কৰা নহয়, তেনেক্ষেত্ৰত চেক্‌খনক মুকলি চেক বোলা হয়। এনেধৰণৰ চেকত উল্লেখিত ধন বেংক শাখাৰ কাউন্টাৰত উপস্থিত হৈ মুকলি কৰিব বা উলিয়াব পাৰি অথবা চেক গ্ৰহণকাৰীৰ বেংক একাউন্টলৈ হস্তান্তৰ কৰিব পাৰি। একন মুকলি চেক বাহক চেক্ (Bearer Cheque) অথবা নির্দেশ চেক্ (Order Cheque) হ’ব পাৰে।

বাহক চেক্ (Bearer Cheque) : 
যদি চেক্ এখন যিকোনো এজন ব্যক্তিয়ে বেংক কাউন্টাৰত উপস্থাপন কৰিলে চেখনৰ উল্লেখিত ধন সেইজন ব্যক্তিক প্রদান কৰা হয়; তেনেক্ষেত্ৰত চেক্‌খনক বাহক বা ধাৰক চেক্ বোলা হয়। এনেধৰণৰ চেক্ বিতৰণ দ্বাৰা হস্তান্তৰ কৰা হয় আৰু ইয়াত পৃষ্ঠাংকনৰ প্রয়োজন নহয়।

নির্দেশ চেক্ (Order Cheque) : 
যদি চেক্ এখন এজন বিশেষ ব্যক্তিলৈ প্রদেয় হয়, তেনেক্ষেত্ৰত চেখনক নির্দেশ চেক্ বোলা হয়। এখন বাহক চেক নিৰ্দেশ চেকলৈ পৰিবৰ্তিত হ’ব পাৰে যদিহে চেখনৰ ‘বাহক' শব্দটি পৰিবৰ্তিত কৰি ‘নিৰ্দেশ’ শব্দটি অন্তৰ্গত কৰা হয়।

অগ্রিম দিনাংক চেক্ (Anti dated Cheque) :
যদি এখন চেক্ চেক্ প্রদানকাৰীজনে প্রস্তুত কৰা দিনাংকৰ পূৰ্বৰ কোনো দিনাংক চেকুখনত
অন্তৰ্গত কৰে তেনেক্ষেত্ৰত চেক্ক্‌খনক অগ্রিম দিনাংক চেক্ বোলা হয়। উদাহৰণস্বৰূপে 21
জানুৱাৰী 2020 দিনাংকত প্ৰস্তুত কৰা চেখনত যদি 1 জানুৱাৰী 2020-ৰ দিনাংক লিখা হয়

পশ্চাদম্যাদী চেক্ (State Cheque) :
আজিৰ দিনাংকত প্ৰস্তুত কৰা চেক্ এখন এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত (সাধাৰণতে 3 মাহৰ
পৰা 6 মাহ পর্যান্ত) বেংকত উপস্থাপন কৰিব লাগে। এই নির্দিষ্ট সময়সীমা উকলি যোৱা পিছত
চেখনৰ উল্লেখিত ধন প্রদেয় নহয় কাৰণ চেখন পশ্চাদম্যাদী চেক্ হিচাবে গণ্য কৰা হয়৷ অথবা চেখনৰ ম্যাদ উকলি যায়।

চীৰ্ণবিচ্ছিন্ন চেক্ (Mutilated Cheque) :
যদি এখন দুই বা অধিক টুকুৰাত চীৰ্ণ বিচ্ছিন্ন চেক্ বেংকৰ ধন প্ৰদানৰ বাবে উপস্থাপন কৰা হয়
; তেনেক্ষেত্ৰত চেক্খনক চীর্ণ বিচ্ছিন্ন চেক্ বোলা হয়। বেংকে এনেধৰণৰ চেকৰ বিপৰীতে ধন
প্ৰদান নকৰে।

পৰৱৰ্ত্তী দিনাংক চেক্ (Post dated Cheque :
যদি চেক্ প্রস্তুতকাৰীগণে চেক্‌খন প্ৰস্তুত কৰা দিনাংকৰ পৰৱৰ্ত্তী কোনো দিনাংক চেক্‌খনত
উল্লেখ কৰে ; তেনেক্ষেত্ৰত চেক্‌খনক পৰবৰ্ত্তী দিনাংক চেক্ বোলা হয়। এনেক্ষেত্ৰত বেংকে
ভৱিষ্যত উল্লেখিত দিনাংকতহে চেকখনৰ ধন প্ৰদান কৰে।
এইটো উল্লেখনীয় যে যদি চেক্ গ্ৰহণকাৰীজনে অকৰ্তৃত্বশীলভাৱে চেখনৰ অন্তৰ্গত কোনো
বিষয়বস্তুৰ পৰিবৰ্তন সাধন কৰে তেনেক্ষেত্ৰত চেখনৰ প্ৰকৃতি পৰিবৰ্তন (Material Alteration)
হোৱা বুলি অভিহিত কৰা হয় আৰু চেক্ অগ্রাহ্য হয়। চেক্ত প্রকৃতি পৰিবৰ্তন বুলিলে চেকখনৰ
দিনাংক, ধনৰ পৰিমাণ, চেক গ্ৰহণকাৰীৰ নাম অথবা চেকখনৰ ৰেখাংকনৰ পৰিবৰ্তনক সুচোৱা
হয়।

3. বিভিন্ন ধৰণৰ বেংক একাউণ্টৰ  বিষয়ে বৰ্ণনা কৰাঃ

উত্তৰঃ বিভিন্ন ধৰণৰ বেংক একাউণ্টৰ  বিষয়ে তলত বৰ্ণনা কৰাঃ     

চাহিদা ভিত্তিক জমা (Demand Deposit) হৈছে বেংক গ্রাহকজনৰ একাউন্টৰ সেইসমূহ ধন জমা বা
আমানত যিসমূহ বেংক গ্রাহকজনে প্রয়োজন অনুসৰি বেংকক আগতীয়াকৈ অৱগত নকৰাকৈয়ে
জমা কৰিব পাৰে আৰু উঠাই ল’ব পাৰে।
সময় ভিত্তিক জমা (Time deposit) হৈছে বেংক একাউন্টৰ সেইসমূহ ধন জমা বা আমানত ব্যৱস্থা
য’ত এক পূৰ্বনিৰ্ধাৰিত সময়সূচীৰ পূৰ্বে অথবা ধন অপসৃত কৰাৰ (উঠাই লোৱা) জাননী অবিহনে
বেংক গ্রাহকজনে জমা কৰা ধন উঠাই ল'ব নোৱাৰে।
চাহিদাভিত্তিক জমা হিচাবৰ প্ৰকাৰসমূহ (Types of demand deposit account)
১. সঞ্চয়ী হিচাব (Savings Account)
২. চলিত হিচাব (Current Account)
সঞ্চয়ী হিচাব (Savings Account) ই হৈছে সাধাৰণ ভাৱে ব্যৱহৃত জনপ্রিয় বেংক একাউন্ট ব্যৱস্থা।
ব্যক্তিগত সঞ্চয় বা বিনিয়োগ সঞ্চয়ৰ বাবে এই একাউন্ট ব্যৱহাৰ কৰা হয়। এই বেংক একাউন্ট
ব্যৱস্থাই জনসাধাৰণৰ মাজত ধন সঞ্চয়ৰ অভ্যাসৰ প্ৰতি উচটনি যোগায় তথা জমা পুঁজিৰ নিৰাপত্তা
নিশ্চিত কৰে আৰু জমাধনৰ ওপৰত সুদ (Interest) আয়ৰ সুবিধা প্ৰদান কৰে।
প্রকৃতিসমূহ (Features) :
> ক্ষুদ্র সঞ্চয়ৰ বাবে মূলতঃ ব্যৱহৃত হয়;
> ধন অপসৃত কৰা (উঠাই লোৱা)ৰ ক্ষেত্ৰত বাধ্যবাধকতা থাকে;
>বেংক অনুযায়ী নুন্যতম ধনৰ অৱশিষ্ট (Minimum Account Balance) ৰাখিব পাৰি;
>জমাধনৰ আমানতৰ ওপৰত সুদ প্রদান
>অভাৰ ড্রাফ্ট (Overdraft)ৰ সুবিধা নাথাকে   
এ.টি.এম কার্ড (ATM card), নেট বেংকিং (Net Banking) আৰু মোবাইল বেংকিং (Mobile
Banking)ৰ সুবিধাসমূহ উপলব্ধ হয়।
> এই একাউন্টৰ দ্বাৰা চেক সংগ্ৰহ কৰিব পাৰি।
চলিত হিচাব (Current Account) এই একাউন্ট সাধাৰণতে ব্যৱসায়ীসকল আৰু দৈনন্দিন একাধিক
লেনদেন কৰোতাসকলৰ বাবে উপযোগী হয়। এই একাউন্টৰ উদ্দেশ্য ধন সঞ্চয় নহয়। এই
একাউন্টৰ লেনদেনৰ সুবিধাসমূহ যথেষ্ট নমনীয় হয় আৰু গ্ৰাহকজনে একাউন্টৰ দ্বাৰা দিনটোত
অধিক লেনদেন সমাপন কৰিব পাৰে। এই একাউন্টত বেংকে জমাধনৰ ওপৰত কোনোধৰণৰ
সুদ প্রদান নকৰে, বৰঞ্চ এই একাউন্টৰ সুবিধাসমূহ প্ৰদান কৰা বাবে বেংকে কিছু সেৱা শুল্ক
সংগ্ৰহ কৰে।
প্রকৃতিসমূহ (Features) :
>ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক লেনদেনৰ সুবিধার্থে এনেধৰণৰ বেংক একাউন্ট মুকলি
কৰে;
>ধনৰ অপসৃত চেকৰ দ্বাৰাহে কৰিব পাৰি ;
>এনেধৰণৰ একাউন্টত বেংকে জমাধনৰ ওপৰত কোনো ধৰণৰ সুদ প্রদান নকৰে ;
>যিকোনো সময়তে এনে একাউন্টত ধন জমা কৰিব আৰু অপসৃত কৰিব পাৰি ;
>এনেধৰণৰ একাউন্টত বেংক গ্রহকসকলে দুটা বিশেষ সুবিধা লাভ কৰে—
অভাৰড্রাফ্টৰ সুবিধা (Overdraft facility)
এনেধৰণৰ একাউন্টৰ পৰা বেংক গ্রাহকজনে তেওঁৰ একাউন্টত জমা থকা ধনৰ পৰিমানৰ ওপৰঞ্চি
ধন অপসৃত কৰিব বা মোকলাব পাৰে।
অন্যান্য সুবিধাসমূহ- যেনে বেংকৰ দ্বাৰা চেক সংগ্রহ, ধন প্ৰেৰণ, এজেন্সী সেৱাৰ সাধাৰণ উপযোগী
সেৱাসমূহৰ প্ৰচলন।
সময়ভিত্তিক জমা হিচাবৰ প্ৰকাৰসমূহ (Types of Time deposit account)
১. পৌনঃপোনিক হিচাব (Recurring Account)
২. ম্যাদী বা স্থায়ী হিচাব (Fixed Account)
পৌনঃপোনিক হিচাব (Recurring Account) এনেধৰণৰ একাউন্টসমূহত বেংক গ্রাহকসকলে
এক নিৰ্দিষ্ট সময়ৰ বাবে মাহেকীয়া কিস্তিত এক নির্দিষ্ট ক্ষুদ্ৰ পৰিমানৰ (Rs. 50, Rs. 100 Rs.
500) আদি ধন জমা কৰিব লাগে। এনেধৰণে জমা কৰা ধনসমূহ নিৰ্দিষ্ট সময় অন্ত পৰাৰ পিছত
 গ্ৰাহকসকলে সুদৰ সহিতে লাভ কৰে। এনেধৰণৰ একাউন্টসমূহ চাকবিজীৱী বা কর্মজীবী সেইসকল
ব্যক্তিৰ বাবে হয় যিসকলে এবাৰতে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব নিবিচাৰে।
প্রকৃতিসমূহ (Features) :
এই ব্যৱস্থাৰ মূল উদ্দেশ্য হ'ল জনসাধাৰণৰ মাজত এক নিয়মীয়া সঞ্চয়ৰ আভ্যাস গঢ়ি তোলা;
নুন্যতম জমাধনৰ পৰিমাণ মাহেকীয়া কিস্তি হিচাবত বেংক অনুযায়ী ভিন্ন হয়। কিছুক্ষেত্ৰত নুন্যতম
মাহিলী 10 টকা জমা কৰিলেও হয় ;
এনেধৰণৰ একাউন্টসমূহ ৬ মাহৰ পৰা ১০ বছৰ পর্যন্ত ম্যাদসীমাৰ বাবে মুকলি কৰিব পাৰি ;
সাধাৰণতে নিৰ্ধাৰিত বা নির্দিষ্ট সময়সীমাৰ পূৰ্বে বা নির্দিষ্ট সময়সীমাৰ মধ্যমকালত ধন মোকলাব
বা অপসৃত কৰিব নোৱাৰি অন্যহাতে কিছুমান ক্ষেত্ৰত বেংকে জৰিমনাৰ বাবদ নির্দিষ্ট সময়সীমার
পূর্বে ধন মোকলোৱা বা অপসৃত কৰা সুবিধা প্ৰদান কৰে।
ম্যাদী বা স্থায়ী জমা হিচাব (Fixed Deposit Account) :
বেংকসমূহৰ এই একাউন্ট ব্যৱস্থাত বেংক গ্রাহকে একাউন্টটোত এক নির্দিষ্ট সময়ৰ বাবে এবাৰতে
এক নিৰ্ধাৰিত ধনৰাশি জমা কৰে। (সাধাৰণতে 3 মাহৰ পৰা 10 বছৰৰ সময়সীমাৰ বাবে) এই
একাউন্টত জমা ৰখা ধনৰাশিৰ বিনিময়ত জমা ৰখা ধনৰ পৰিমাণ অনুযায়ী, সময়সীমা অনুযায়ী
আৰু বেংক অনুযায়ী ভিন্ন হাৰত সুদ প্ৰদান কৰা হয়। নিৰ্ধাৰিত সময়সীমাৰ অন্তত, গ্রাহকজনে
একাউন্টৰ ধনৰাশি মোকলাব পাৰে অথবা পুনৰ এক নিৰ্ধাৰিত সময়ৰ বাবে জমা কৰিব পাৰে।
প্রকৃতিসমূহ (Features) :
এই একাউন্টৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক নিৰ্ধাৰিত সময়ৰ বাবে ৰাহি ধন জমা কৰাৰ
সুবিধা প্ৰদান কৰি উচ্চ হাৰত সুদ আয়ৰ সুবিধা প্ৰদান কৰা ;)
(নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে জমা ধনমোকলাব নোৱাৰি।) কিন্তু জৰুৰীকালীন অৱস্থাত নিৰ্ধাৰিত
সময়সীমাৰ পূৰ্বে বেংকে গ্রাহক সকলক জৰিমনাৰ বাবদ অথবা লাভৰ হাৰ কৰ্তনৰ বাবদ একাউন্ট
বন্ধ কৰি ধন মোকলোৱা বা অপসৃত কৰা সুবিধা প্ৰদান কৰে।
(জমা ৰখা ধনৰ বিনিময়ত প্ৰদান কৰা সুদৰ হাৰ জমা ধনৰ পৰিমান অনুযায়ী, সময়সীমা অনুযায়ী
আৰু বেংক অনুযায়ী ভিন্ন হয়।) সাধাৰণতে অন্যান্য বেংক একাউন্টতকৈ এই একাউন্টত প্রদান
কৰা সুদৰ হাৰ অধিক।
এই একাউন্টত ধন জমা এক নিৰ্দিষ্ট সময়সীমাৰ বাবে কৰা হয়; নুন্যতম মাহৰ পৰা সৰ্বাধিক ১০
বছৰ পর্যন্ত ধন জমা কৰিব পাৰি।
হন জমাকাৰীক এখন ৰছিদ প্ৰদান কৰা হয়।
বেংক ব্যৱস্থাৰ প্ৰচলিত বেংক একাউন্টসমূহৰ ওপৰিও বিশেষ কাৰণবশতঃ বেংকসমূহে অন্যান্য
বেংক একাউন্টৰ সুবিধা প্ৰদান কৰে। এইসমূহ তলত উল্লেখ কৰা হ'ল
ডিমেট একাউন্ট (Demat Account) এই একাউন্ট নগদ ধনবিহীন হয় য'ত নগদ ধনৰ পৰিবৰ্তে
কোম্পানীৰ শ্বেয়াৰ বা লভ্যাংশৰ দ্বাৰা বেংক একাউন্ট মুকলি কৰা হয়। আমি যিধৰণে বেংক একাউন্ট
মুকলি কৰি নগদ ধন সঞ্চয় কৰো আৰু চেকৰ দ্বাৰা ধন আদান প্রদান কৰো, ঠিক তেনেদৰে ডিমেট
একাউন্টৰদ্বাৰা কোম্পানীৰ শ্বেয়াৰবা লভ্যাংশ বেচাকিনা কৰিব পাৰি।
সাধাৰণ সঞ্চয়ী জমা হিচাব (Basic Savings Bank Deposit Accounts) :
এই একাউন্টক ‘No Frills Account' বুলিও অভিহিত কৰা হয় য'ত দৰিদ্ৰ ব্যক্তিসকলক
বেংকিং সুবিধাসমূহ প্ৰদানৰ বাবে এই একাউন্ট মুকলি কৰা হয়। এই একাউন্টত কোনোধৰণৰ নুন্যতম
ধন জমা ৰাখিব প্ৰয়োজন নাই। এই একাউন্টত কিছু বেংক সুবিধা বিনামূলীয়াকৈ প্ৰদান কৰা হয়।
এনেধৰণৰ একাউন্টসমূহৰ কিছু সীমাবদ্ধতা থাকে।
সাধাৰণ প্ৰবাসী টকা হিচাব (Ordinary Non Resident Rupee Account (NRO Accounts) : এই
একাউসমূহ বা হিচাবসমূহ সঞ্চয়ী হিচাব, চলিত হিচাব বা ম্যাদী হিচাবৰ লেখীয়া হয়। যেতিয়া এজন
ভাৰতীয় লোকে নিয়োজনৰ বাবে বিদেশলৈ গমন কৰে; তেনেক্ষেত্ৰত ব্যক্তিজনৰ ভাৰতবৰ্ষত থকা
বেংক হিচাবসমূহক বা একাউন্টসমূহক সাধাৰণ প্রবাসী টকা হিচাব বিচাবে অভিহিত কৰা হয়।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)