ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পৃথিৱীৰ ভূগোল - দশম শ্ৰেণী - সমাজ বিজ্ঞান - SEBA

Admin
0

পৃথিৱীৰ ভূগোল - দশম শ্ৰেণী - সমাজ বিজ্ঞান - SEBA

CLASS X SOCIAL SCIENCE SEBA
পৃথিৱীৰ ভূগোল

১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  স্থলমণ্ডলঃ মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ সাগৰ পৃষ্ঠৰ কিছু ওপৰত থকা আন এটা বৃহৎ অংশক স্থলমণ্ডল বােলে। স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰােপ আৰু আফ্রিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে সৃষ্টি হৈছে। তৃতীয় অংশটো অষ্ট্রেলিয়া আৰু বহু দ্বীপ লগা লগিকৈ সৃষ্টি হােৱা ওছেনিয়া
মহাদেশেৰে সৃষ্টি হৈছে আৰু চতুর্থ অংশটো এন্টার্কটিকা মহাদেশেৰে গঠিত হৈছে। আনহাতে প্রশান্ত মহাসাগৰ এছিয়া মহাদেশ, অঞ্জ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত। আটলান্টিক মহাসাগৰ
উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰােপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত। ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্রিকা মহাদেশ পূৰত আৰু ওছিনিয়া মহাদেশৰ পশ্চিমত আছে। উল্লেখযােগ্য।
যে স্থলমণ্ডলৰ বৃহৎ অংশটো উত্তৰ গােলার্ধত অৱস্থিত। গতিকে উত্তৰগােলার্ধতে পৃথিৱীৰ মুঠ ৯০ শতাংশ জনসংখ্যাই বাস কৰে।
জলমণ্ডলঃ ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰ আদিকে ধৰি নদ-নদী, হ্রদ আমি পানীৰে আগুৰি থকা বৃহৎ অংশই হ’ল জলমণ্ডল। জলমণ্ডল আৰু স্থলমণ্ডল দুয়ােটাই ইটোৱে সিটোক বিভাজন কৰি মাজে মাজে সােমাই আছে। প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ এই পাঁচখন হ’ল পৃথিৱীৰ পাঁচখন"বৃহৎ মহাসাগৰ। ইয়াৰে প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ গােলালৈ বিস্তৃত। পৃথিৱীৰ মহাসাগৰসমূহৰ ভিতৰত প্রশান্ত মহাসাগৰেই সকলােতকৈ ডাঙৰ মহাসাগৰ। 


২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল ?

উত্তৰঃ মহাদেশীয় বিস্থাপন সূত্রক সঞ্চাৰণ সূত্র বুলিও জনা যায়। এই সুত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে এনে ধৰণৰ আছিল সমগ্র পৃথিৱীখনৰ।হলমণ্ডল একত্ৰিত হৈ আছিল আৰু চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। একত্ৰিত হৈ থকা পৃথিৱীৰ স্থলমণ্ডলটোৰ নাম আছিল পেঞ্জিয়া (Pangaea)
আৰু আগুৰি থকা জলমণ্ডলটোৰ নাম আছিল পান্থালাছা (Panthalassa)। এছ বছৰৰ পাছত পেঞ্জিয়াৰ সোঁমাজেৰে পূর্ব-পশ্চিমাকৈ এক দীঘল সাগৰ বৈ গছে। এই সাগৰক টেথিছ (Tethys sea) সাগৰ বুলি কোৱা হয়। আকৌ উত্তৰ-দক্ষিণাকৈ পেঞ্জিয়াক দুই ভাগত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশক লৰেছিয়
[Laurasia) আৰু দক্ষিণ অংশক গণ্ডোৱানা লেণ্ড (Gondowana Land) ভুলি কোৱা হয়। বহু বছৰৰ আগতে অর্থাৎ মধ্যজীৱীয় কল্পৰ সময়ত ভূত্বকৰ ফাটন ক্রিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ কাৰণে লৰেছীয় আৰু গণ্ডোৱানা লেণ্ড পুনৰ বিভাজন হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমানৰ অৱস্থিত মহাদেশসমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় বিস্থাপন সূত্ৰৰ মতে লৰেছিয়া বিভাজন
হৈ উত্তৰ আমেৰিকা, শ্ৰীণলেণ্ড আৰু ভাৰত উপ-মহাদেশৰ উত্তৰে থকা ইউৰােপ আৰু এছিয়া মহাদেশ সৃষ্টি হৈছিল। আৰু গণ্ডোৱানা লেণ্ড বিভাজন হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মলায়েছিয়া, অষ্ট্রেলিয়া, এন্টার্কটিকা লগতে অন্যান্য দ্বীপসমূহৰ সৃষ্টি হৈছিল।

৩। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব অতিশয় খলাবমা। যি দিশে মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ৰ সম্পর্কে চমুকে স্থলমণ্ডলসমূহত পর্বত, পাহাৰ, মালভূমি, সমভূমি আদিৰে ভূ-পৃষ্ঠ অসম হৈ থাকে ঠিক সেইদৰেই সাগৰৰ তলিভাগাে শৈলসিৰা, দ্রোণী, সামুদিত টিলা, খাত আদিয়ে অসমান কৰি তােলে। উপকূলৰ পৰা সাগৰ-মহাসাগৰ মাজভাগলৈ ক্রমে মহীসােপান, মহীঢাল, গভীৰ সমুদ্রতল, সমুদ্রতলীয় দ্রোণী, সামুদ্রিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্রখাতেৰে ভৰপূৰ। মহীসােপান হৈছে উপকূলৰ চাৰিওফালে থকা সাগৰ-মহাসাগৰ সমূহৰ অগভীৰতা। ই প্রায় ২০০০ মিটাৰ পর্যন্ত হয়। ইয়াৰ পিছতে যথেষ্ট বেছি গভীৰ অংশটোক মহীঢাল বুলি কোৱা হয়। ই হ’ল প্রায় ২০০ মিটাৰ পর্যন্ত মােৰ পাছত গভীৰতম সামুদ্রিক খাত আৰু ই হ’ল গড় হিচাপত ৪০০০ মিটাৰ পর্যন্ত। ইয়াৰ বাহিৰেও‌ সমুদ্রপৃষ্ঠৰ বহু ওপৰলৈকে শৈলসি, দ্বীপ আদি থাকে। প্রশান্ত মহাসাগৰ তলত থকা সমুদ্র খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত বুলি কোৱা হয়। ইয়েই হৈছে পৃথিৱীৰ ভিতৰত গভীৰতম খাত। ইয়াৰ গভীৰত হৈছে ১১,০২২ মিটাৰ।


৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ  ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ‌ অংশকে জলমণ্ডল (Hydrosphere) বােলা হয়। আনহাতে, (সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল (Lithosphere) বােলে। উল্লেখযােগ্য যে পৃথিৱীৰ এই বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে একেলমে ঘূপ মাৰি থকা নাই। অর্থাৎ জলমণ্ডল আৰু স্থলমণ্ডল দুয়ােটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সােমাই আছে। অৱশ্যে কাস্পিয়ান, মৰু আৰু আৰল সাগৰক। বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ-মহাসাগৰ ইখনে-সিখনৰ লগত সংযােগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। অর্থাৎ স্থলমণ্ডলৰ প্রথম অংশটো এছিয়া, ইউৰােপ আৰু আফ্রিকা
মহাদেশেৰে গঠিত; দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত; তৃতীয় অংশটো অষ্ট্রেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হােৱা ওছেনিয়া মহাদেশেৰে গঠিত; আৰু চতুর্থ অংশটো এন্টার্কটিকা মহাদেশেৰে গঠিত। আনহাতে, সংযােজিত হৈ থকা আৰু মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ পাঁচোটা মহাসাগৰৰ প্রশান্ত মহাসাগৰ এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত; আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰােপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত; ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্রিকা মহাদেশৰ পূবত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত; উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰােপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত; আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্রিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অবস্থিত । উল্লেখযােগ্য যে জলমণ্ডলৰ বৃহৎ অংশই (৫৭ শতাংশ) দক্ষিণ গােলার্ধত অৱস্থিত। আনহাতে, স্থলভাগৰ বৃহৎ অংশ (৬৭ শতাংশ) উত্তৰ গােলার্ধত অৱস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গােলার্ধত বাস কৰে।


৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়ৰসমূহৰ ভিতৰত পর্বত-পাহাৰ, মালভূমি, সমভূমি, উপকূলীয় সমভূমি ইত্যাদিয়েই প্রধান। মহাদেশবােৰৰ ভূ-প্রকৃতি সকলােতে একে ধৰণৰ নহয় বাৱে পৃথিৱীৰ সকলো জলবায়ু একে নহয়। উল্লেখযােগ্য যে মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু নাতিশীতােষ্ণ, বিষুৱীয় তথা ক্রান্তীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র। মেৰু অঞ্চলৰ জলবায়ু অতিশয় ঠাণ্ডা। অঞ্চলভেদে জলবায়ুসমূহ বেলেগে বেলেগ হােৱাৰ বাবে উদ্ভিদ সমূহহ বেলেগ বেলেগ হয়। উল্লেখযােগ্য যে বিষুৱীয় অঞ্চলত অৰণ্যসমূহ চিৰ সেউজীয়া, উষ্ণ তথা শুকান মেৰু অঞ্চলত অৰণ্য থাকে। সেই অঞ্চলত কেৱল ছুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদহে পােৱা যায়। আনহাতে বৰফাবৃত মেৰু অঞ্চলত শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ থাকে। 

৬। এছিয়া মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলােচনা কৰা।

উত্তৰঃ এছিয়া মহাদেশৰ প্রাকৃতিক বৈসিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল—
(১) এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণত আছে ভাৰত মহাসাগৰ, পূবত আৰে বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ আৰু পশ্চিমে লােহিত সাগৰ, ছুৱেজ খাল, ভূমধ্য সাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পর্বতমালা।
(২) নদী, উপত্যকা, ওখ পর্বতশ্রেণী, মালভূমি, নিম্নভূমি, উপকূলীয় সমভূমি, মৰুভূমি, মহাসাগৰীয় দ্বীপ আদিয়ে এছিয়া মহাদেশক আৱৰি আছে।
(৩) এছিয়া মহাদেশখনত পশ্চিম সীমাত থকা পর্বতমালাসমূহ হ’ল উত্তৰাদক্ষিণাকৈ থকা ইউৰাল পর্বতমালা, মধ্য অংশত আছে পূর্ব-পশ্চিমাকৈ হিমালয় পর্বত, কাৰাকোৰম পর্বত, কুনলুন পর্বত, আলটাইন পর্বত, টিয়েনচান পর্বত, আলটাই পর্বত, আৰাৱলী পর্বত ইত্যাদি।
(৪) এছিয়া মহাদেশত থকা মালভূমিসমূহ হ’ল তিব্বত মালভূমি, পামৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগােলীয় মালভূমি, দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি।
(৫) এছিয়া মহাদেশৰ নদীসমূহ হ'ল— সিন্ধু, গংগা, ব্রহ্মপুত্র, ইয়েনিছি, লেনা, ওবি, আমুৰ, হােৱাংহাে, ইয়াংজে কিয়াং আৰু চিকিয়াং, নর্মদা, তাপ্তী, মহানদী, গােদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাৱতী আৰু মেকং নদীয়েই প্রধান।
(৬) এছিয়া মহাদেশৰ প্রধান হ্রদসমূহ হ'ল— বলখাবৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, কল্লেৰু, লােকটাক ইত্যাদি। 

৭। কাৰণ দৰ্শাই উত্তৰ লিখা ৷
(ক) পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গােলার্ধত থূপ খাই আছে কিয় ?

উত্তৰঃ পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গােলার্ধত থূপ খাই আছে। কিয়নাে পৃথিৱীৰ স্থলভাগৰ ৬৭ শতাংশই উত্তৰ গােলার্ধত অৱস্থিত। উত্তৰ আমেৰিকা, ইউৰােপ, এছিয়া এই আটাইকেইখন মহাদেশ উত্তৰ গােলার্ধত অৱস্থিত।

(খ) এছিয়া মহাদেশৰ জলবায়ু বৈচিত্র্যময় কিয়?

উত্তৰঃ এছিয়া মহাদেশৰ জলবায়ু বৈচিত্র্যময় হােৱাৰ কাৰণ হ'ল এই মহাদেশত চাৰিওফালে পর্বত-পাহাৰ, নদ-নদী, মহাসাগৰীয় দ্বীপ, বিভিন্ন পর্বতমালা, মালভূমি আদিৰে ভৰপূৰ। তাৰােপৰি এই মহাদেশৰ ওপৰত অক্ষাংশৰ প্ৰভাৱৰ বাবে জলবায়ু বৈচিত্র্যময় হয়। 

(গ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ?

উত্তৰঃ  এই মহাদেশ বিশেষকৈ দক্ষিণ মেৰুক কেন্দ্ৰ কৰি সষ্টি হৈছে। সেয়ে বৰফে আৱৰা এন্টাৰ্কটিকা মহাদেশত কোনো স্হায়ী জনবসতি নাই ।
৮। তলৰ প্ৰশ্নবােৰৰ চমু উত্তৰ দিয়া ।
(ক) এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?

উত্তৰঃ এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা ইউৰাল পর্বতমালাই সৃষ্টি কৰিছে।

(খ) পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক'ত অৱস্থিত?

উত্তৰঃ পৃথিৱীৰ দীর্ঘতম পর্বতমালা হ’ল এণ্ডিজ পর্বতমালা। ই দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিমত অৱস্থিত। 

(গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম লিখা।

উত্তৰঃ মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম মহাদেশ হ’ল এছিয়া আৰু ক্ষুদ্রতম মহাদেশ হ’ল অষ্ট্ৰেলিয়া মহাদেশ

(ঘ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?

উত্তৰঃ এচিয়া মহাদেশৰ পৰা অষ্ট্ৰেলিয়া মহাদেশলৈ বিস্তৃত । 

(ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশৰ নাম লিখা।

উত্তৰঃ মাটিকালি হিচাপে দেশসমূহৰ ভিতৰত সৰ্ববহৎ দেশ হ'ল ৰাছিয়া আৰু ক্ষুদ্রতম হ’ল ভেটিকান চিটি। 

(চ) উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পর্বত শ্ৰেণীটোৰ নাম কি? এই পর্বতমালাৰ দৈর্ঘ্য কিমান আৰু
ই মহাদেশ কোন অংশত অৱস্থিত?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পর্বত শ্রেণীটো হ'ল ৰকি। এই পর্বতমালাৰ দৈর্ঘ্য ৬৪০০ কিঃমিঃ আৰু ই মহাদেশৰ পশ্চিম অংশত‌ আলাস্কাৰ পৰা মেক্সিকো পর্যন্ত উত্তৰ-দক্ষিণাকৈ অৱস্থিত ৷

(ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মৰুভূমি ছাহাৰা মৰুভূমি কোনখন আৰু ই আফ্রিকা মহাদেশত অৱস্থিত। 

(জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রবাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা।

উত্তৰঃ এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্রবাহিত নদী দুখন হ'ল— ওবআৰু ইয়েনিছি।
পূর্ব দিশলৈ প্রবাহিত নদী দুখন হ’ল আমুৰ আৰু হােৱাংহাে।

(ঝ) অষ্ট্রেলিয়াৰ একোখনকৈ প্রধান পর্বতশ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।

উত্তৰঃ অষ্ট্রেলিয়া প্রধান পর্বতশ্রেণী হ’ল-- গ্রেট ডিভাইডিং বেঙ
নদী হ’ল ডালিং নদী আৰু মৰুভূমি হ’ল গ্রেট ভিক্টোৰিয়া। 

(ঞ) ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

উত্তৰঃ  ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্য সাগরীয় অঞ্চলত অৱস্থিত দেশ তিনিখন হ’ল ছিছিলি, মাল্টা আৰু ছর্ডিনিয়।


৯। চমুটোকা লিখাঃ
(ক) পেঞ্জিয়া।
(খ) উত্তৰ মহাসাগৰ
(গ) ওছেনিয়া মহাদেশ
(ঘ) এছিয়া মহাদেশৰ নদ-নদী।
(ঙ) আফ্রিকা মহাদেশৰ হ্রদসমূহ
(চ) ইউৰােপ মহাদেশৰ নদ-নদী
(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল
(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহ

উত্তৰঃ (ক)পেঞ্জিয়াঃ 
মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র (Continental Drift Theory) অনুসৰি আদিতে, অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূর্বে (পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত) পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া (Pangaea) বুলি কোৱা হয় আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পাছালাছা (Panthalassa) বােলা হয়। কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্রায় সোঁমাজেৰে পূর্ব-পশ্চিমাকৈ এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ (Tethys sea) বােলা‌ হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰ-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক লৰেছিয়া (Laurasia) আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড (Gondowana Land) বােলা হয়। 

(খ)উত্তৰ মহাসাগৰ : 
প্রায় ১৪ নিযুত বর্গ কিলােমিটাৰ মাটিকালিৰে উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰ। ইয়াৰ আকাৰ ভাৰত মহাসাগৰৰ প্রায় এক পঞ্চমাংশ। উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰােপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে । ইয়াৰ তলিৰ গড় গভীৰতা প্রায় ৩৫০০ মিটাৰ। উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়েই উত্তৰ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে ।

(গ) ওছেনিয়া মহাদেশঃ
 ওছেনিয়া মহাদেশখনৰ মাটিকালি হ’ল প্রায় আঠ নিযুত বর্গ কিঃমিঃ। ওছেনিয়া মহাদেশখন পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশ। ওছেনিয়া মহাদেশখন অষ্ট্রেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতাে সৰু বৰ দ্বীপক লৈ গঠিত হৈছে। এই মহাদেশৰ উত্তৰত দক্ষিণ-পূর্ব এছিয়াৰ জাভা, সুমাত্রা, ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ আছে, পূর্বত আছে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। এই মহাদেশৰ জনসংখ্যা প্রায় ৩৮ নিযুত। 

(ঘ) এছিয়া মহাদেশৰ নদনদীঃ
 এছিয়া মহাদেশৰ ভূ-প্রাকৃতিক বৈশিষ্ট্য অনুসৰি নদীবােৰৰ গতিপথও বৈচিত্র্যপূর্ণ। ইয়াৰ বেছিভাগ নদীৰেই উৎপত্তিস্তল মধ্য এছিয়াৰ উচ্চ পার্বত্যভূমি অঞ্চল। এছিয়া মহাদেশৰ নদ-নদীসমূহক প্রধানকৈ চাৰিটা ভাগত ভগােৱা হয়। উত্তৰ মহাসাগৰলৈ বৈ যােৱা নদীসমূহক উত্তৰ বাহিনী নদী, প্রশান্ত মহাসাগৰলৈ বৈ যােৱা নদীসমূহক পূর্ব বাহিনী, ভাৰত মহাসাগৰলৈ বৈ যোৱা নদীসমূহক দক্ষিণ বাহিনী আৰু হ্রদমূহলৈ বৈ যােৱা নদীসমূহক অঙর্বাহী নদী তােলা হয়। এছিয়াৰ উত্তৰ বাহিনী নদীবােৰ হ’ল ওব, ইনিছি আৰু লেনা। পূব বাহিনী নদীবােৰ হ’ল আমুৰ, হােৱাংহাে, ইয়াংচিকিয়াং আৰু চিকিয়াং। দক্ষিণ বাহিনী নদীবােৰ হ’ল সিন্ধু, গংগা, ব্রহ্মপুত্র, মেকং, ইৰাৱতী, চালুইন, টাইগ্রীচ হৰু ইউফ্রেটিছ। ইয়াৰােপৰি দক্ষিণ-পূর্বত নর্মদা, তাপ্তী, মহানদী, গােদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম ইত্যাদি নদী আছে। ইয়াৰােপৰি অন্তর্বাহী নদীবােৰ হ’ল মুদৰিয়া, ছিৰদৰিয়া, ইউৰাল, তাৰিম, জর্ডান, হেলমন্দ ইত্যাদি ।

(ঙ) আফ্রিকা মহাদেশৰ হ্রদসমূহঃ
 আফ্রিকা মহাদেশ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ। ইয়াৰ মাটিকালি প্রায় ৩০ বর্গ নিযুত কিঃমিঃ। আফ্রিল মহাদেশখন বহুতাে নদী আৰু হ্রদেৰে ভৰপূৰ। এই মহাদেশখনৰ অন্যত হ্রদসমূহৰ ভিতৰত ভিক্টোৰিয়া, এলৱার্ট, টাংগানিকা, চাড, ভােল্টা, ন্যাচা, কেবৰাবাচ্চা, মালারি, চুকানা, কিভু, কোচ্চৌ, এব্বে আদি উল্লেখযােগ্য হ্রদ।

(চ) ইউৰােপ মহাদেশৰ নদ-নদীঃ
ইউৰােপৰ দক্ষিণাঞ্চলৰ পর্বতমালাই নদ-নদীবােৰ উত্তৰ আৰু দক্ষিণ এই দুটা বাহিনীত ভাগ কৰিছে। সাধাৰণতে ইউৰােপৰ নদীসমূহক তিনিটা ভাগত ভাগ কৰা হয়। ভংগিল পর্বতমালাৰ উত্তৰৰ উত্তৰৰ বাহিনী নদী, ভংগিল পর্বতমালাৰ দক্ষিণৰ দক্ষিণ বাহিনী নদী আৰু ৰুছ দেশৰ নদীসমূহ। ইউৰােপ মহাদেশৰ উত্তৰ বাহিনী নদীবােৰ হ’লচাইন, লােয়ৰ, মিউজ, ৰাইন নদী, এ, ওৱেজাৰ, ওডাৰ আৰু ভিলা। দক্ষিণ বাহিনী নদীবােৰ হ’ল ৰােণ, ইটালীৰ গো, আর্ণো, টাইবাৰ, ডানিয়ুব আদি। ৰুছ দেশৰ নদীবােৰ হ’ল ভঙ্গ, ভক্সাৰ প্ৰধান উপনৈ কামা, পশ্চিম ডুইনা আৰু উত্তৰ ডুইনা, নিষ্টাৰ, নিপাৰ আৰু ডন ৰাছিয়াৰ প্রধান নদী।

(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চলঃ 
 ভূ-প্রাকৃতিকভাৱে উত্তৰ আমেৰিকা মহাদেশখনক প্রধানকৈ চাৰিটা ভাগত ভাগ কৰা হয়। তাৰ ভিতৰত (১) পাৰ্বত্য অঞ্চল, (2) বিশাল উচ্চ সমভূমি অঞ্চল, (৩) আপেলেছিয়ান উচ্চভূমিঅঞ্চল আৰু (৪) উপকূলীয় নিম্ন সমতলভূমি অঞ্চল। ইয়াৰে আপেলেছিয়ানউচ্চভূমি অঞ্চলৰ পশ্চিম অংশউপকূলৱৰ্তী কাস্কেড, ছিয়েৰা নেভাডা আৰু কষ্টৰেঞ্জ পর্বতশ্রেণী আৰু পূর্ব অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ক্রোৰিডা পর্যন্ত পর্বত-পাহাৰ বিস্তৃত, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত অসমান অঞ্চলেৰে ভৰপূৰ ।

(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহঃ 
উত্তৰ আমেৰিকা মহাদেশখনৰ হ্রদসমূহৰ ভিতৰত ছুপেৰিওৰ, ৰ'ন, মিচিগান, এৰি, ওল্টেৰিও, গ্রেট বিয়াৰ গ্রেট শ্লেভ, উইনিপেগ আৰু গ্রেট ছল্ট। ছুপেৰিওৰ, মিচিগান, এৰি, ওন্টেৰিও আৰু ইউৰন হ্রদক উত্তণ আমেৰিকাৰ বৃহৎ হ্রদ অঞ্চল বুলি জনা যায়।



১০। পার্থক্য লিখা ?
(ক) মহীসােপান আৰু মহীঢাল
(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ
(গ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ
(ঘ) গােবি মৰুভূমি আৰু আটাকামা মৰুভূমি

উত্তৰঃ  (ক) মহীসােপান আৰু মহীঢালঃ  মহীসােপান আৰু মহীঢালৰ
মাজৰ পার্থক্য হল—
(১) উপকূলৰ চাৰিওফালে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশই হ'ল মহীসােপান। আনহা্নৰ পিছৰ যথেষ্ট গভীৰ অংশটো হৈছে মহীঢাল।
(২)মহীসােপানৰ গভীৰতা প্রায় ২০০ মিটাৰ পর্যন্ত। আনহাতে মহীঢালৰ গভীৰতা প্রায় ২০০ মিটাৰ।
(৩) মহীসােপানৰ গভীৰতা মহীঢালতকৈ কম আৰু মহীঢালৰ গভীৰতা মহীসােপানতকৈ বেছি।
(৪) মহীসােপান সমান কিন্তু মহীঢাল হেলনীয়া।

(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগঃ  এভাৰেষ্ট শৃংগ আৰু‌ গডউইন অষ্টিনৰ মাজৰ পার্থক্য হ’ল-                
 (১) এভাৰেষ্ট শৃংগ হৈছে পৃথিৱীৰ উচ্চতম শৃংগ। আনহাতে গডউইন অষ্টিন হৈছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ ।
(2) এভাৰেষ্ট শৃংগৰ উচ্চতা হৈছে ৮,৮৪৮ মিটাৰ, আনহাতে গডউইন অষ্টিন শৃংগৰ উচ্চতা হৈছে ৮,৬১১ মিটাৰ।
(৩) এভাৰেষ্ট শৃংগ হৈছে হিমালয় পর্বতৰ অন্তৰ্গত, আনহাতে গডউইন অষ্টিন হৈছে কাৰাকোৰাম পর্বতমালাৰ অন্তর্গত।

(গ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশঃ  ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশৰ মাজৰ পার্থক্য হল—
(১) ওছেনিয়া মহাদেশত জীৱই বসবাস কৰিব পাৰে, কিন্তু এন্টার্কটিকা মহাদেশত জীৱই বসবাস কৰিব নােৱাৰে।
(২)ওছেনিয়া মহাদেশ অনবৰতে বৰফাবৃত হৈ নাথাকে। কিন্তু এন্টার্কটিকা মহাদেশ অনবৰতে বৰফাবৃত হৈ থাকে।
(৩) ওছেনিয়া মহাদেশৰ মাটিকালি হ’ল ৮.১ নিযুত বর্গ কিঃমিঃ। আনহাতে এন্টার্কটিকা মহাদেশৰ মাটিকালি ১৩.২ নিযুত বর্গ কিঃমিঃ।

(ঘ) গােবি মৰুভূমি আৰু আটাকামা মৰুভূমিঃ  গােবি মৰুভূমি আৰু আটাকামা মৰুভূমি মাজৰ পার্থক্য হল—
(১) গােবি মৰুভূমি পৃথিৱীৰ এছিয়া মহাদেশত অৱস্থিত। আনহাতে আটাকামা মৰুভূমি পৃথিৱীৰ দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।


১১। শুদ্ধ উত্তৰটো বাছি উলিওৱা ?
(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
(১) প্রশান্ত মহাসাগৰ
(২) ভাৰত মহাসাগৰ
(৩) আটলান্টিক মহাসাগৰ
(৪) দক্ষিণ মহাসাগৰ

উত্তৰঃ (৩) আটলান্টিক মহাসাগৰ ৷

(খ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?
(১) উত্তৰ আমেৰিকা মহাদেশ।                     
 (২) ইউৰােপ মহাদেশ
(৩) এন্টার্কটিকা মহাদেশ
(৪) ওছেনিয়া মহাদেশ

উত্তৰঃ (৪) ওছেনিয়া মহাদেশ  ৷ 

(গ) ফলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ?
(১) আটলান্টিক মহাসাগৰ
(২) উত্তৰ মহাসাগৰ
(৩) প্রশান্ত মহাসাগৰ
(৪) ভাৰত মহাসাগৰ

উত্তৰঃ (১) আটলান্টিক মহাসাগৰ ৷ 

(ঘ) এছিয়া আৰু আফ্রিকা মহাদেশ কোনখন সাগৰে পৃথক কৰিছে?
(১) ভূমধ্য সাগৰ
(২) লােহিত সাগৰ
(৩) কাস্পিয়ান সাগৰ
(৪) আৰব সাগৰ

উত্তৰঃ  (২) লােহিত সাগৰ ৷ 

(ঙ) এছিয়া আৰু ইউৰােপ মহাদেশ প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে?
(১) ইউৰাল পর্বতমালা
(২) ককেচাচ পর্বত
(৩) কাস্পিয়ান সাগৰ
(৪) ভয়া নদী

উত্তৰঃ (১) ইউৰাল পর্বতমালা ৷ 

(চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত ?
(১) উত্তৰ আমেৰিকা
(২) দক্ষিণ আমেৰিকা
(৩) আফ্রিকা
(৪) এছিয়া

উত্তৰঃ (২) দক্ষিণ আমেৰিকা ৷ 

(ছ) ব্রাজিলৰ ৰাজধানী কি?
(১) ৰিও ডি জেনেইৰাে
(২) চাও পাওলাে
(৩) ব্রাজিলিয়া
(৪) লিমা

উত্তৰঃ   (৩) ব্রাচিলিয়া ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)