ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

চিৰিয়াখানা-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

Admin
0

  চিৰিয়াখানা-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 

      আৰম্ভণিঃ  চিৰিয়াখানা হ’ল জীৱ-জন্তু, চৰাই-চিৰিকতি আদি প্ৰদৰ্শনৰ বাবে থকা এখন আহল-বহল সুৰক্ষিত ঠাই বা অঞ্চল। ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা অনী জীৱ-জন্তু পৰিবেশ অনুযায়ী ৰখা হয়। সেই বাবেই চিৰিয়াখানা চাবলৈ দৰ্শকৰ ভিৰ  হয়। ই শিক্ষামূলক স্থানে। কলিকতাৰ চিৰিয়াখানা ভাৰতৰ ভিতৰতে ডাঙৰ।
       বর্ণনাঃ  অসমৰ গুৱাহাটীত চিৰিয়াখানা আছে। সেইখন চাই চিৰিয়াখানা বর্ণনা কৰা হ'ল। গুৱাহাটীৰ চিৰিয়াখানা যাতায়াত সুবিধা থকা, বিস্তত পাহাৰীয়া অঞ্চল জুৰি অৱস্থিত। ইয়াৰ প্রাকৃতিক শােভাও মনােমােহা। নির্দিষ্ট পৰিমানৰ মূল্যৰ (শিশুসকলৰ বাবে ৰেহাই মূল্যত) টিকট কিনি চিৰিয়াখানাত সােমাব পাৰি। ভিতৰ সােমায়েই দেখা এখন ডাঙৰ বােৰ্ডত কেনি গলে কি জন্তু দেখিবলৈ পােৱা যায়, লিখা আছে। একোটা একোটা অঞ্চলত থকা গৰালত সিংহ, বাঘ, ভালুক, বান্দৰ আদি ৰখা হৈছে। সিংহ ৰখা অঞ্চলত শিলেৰে গুহা সঁজা আছে। হাতী, গড়, বিভিন্ন পহু, জিফ, জেব্রা আদি নির্দিষ্ট অঞ্চলত মুকলি ভাবে ৰখা হৈছে। জলহস্তী, উদ, ঘড়িয়াল, বিভিন্ন হাঁহ জাতীয় চৰাই, পেলিকানৰ বাবে পুখুৰী বা জলাশয়ৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন প্রকাৰৰ চৰাইৰ বাবেও সঁজা আছে। ঠিক সেইদৰে সাপৰ বাবে সৰীসৃপ ভৱন’ আছে। বৃহৎ আকাৰৰ অজগৰ, ফেঁটীসাপ আদিও দেখিবলৈ পােৱা যায়। মৰা চৰাই, ধনেশ চৰাই, উটপখী, চিম্পাজী আদি নেদেখা প্রাণীও দেখিবলৈ পােৱা যায়। চিৰিয়াখানাৰ লগত থকা কপৌফুলৰ বাগিছাখনাে চাব লগীয়া। তাত বিভিন্ন প্রকাৰৰ উদ্ভিদ বােৰ চিনাক্ত কৰিবলৈ নাম-ফলক আছে। চিৰিয়াখানাত শিশু সকলকৰ বাবে এখন খেলা উদ্যান আৰু ভাগৰত চাহ খাবলৈ চাহৰ দোকানাে আছে।
          সামৰণিঃ  জীৱ-জন্তুবােৰ প্ৰকৃততে আৱদ্ধ কৰি ৰখা উচিত নহয় যদিও শিক্ষাৰ বাবে চিৰিয়াখানাৰ আৱশ্যকতা আছে। আমি নেদেখা জীৱ-জন্তুবােৰ চাই পৃথিৱীৰ জীৱ-জন্তু সম্পর্কে জ্ঞান লাভ কৰিব পাৰােহঁক। চিৰিয়াখানা চাঁওতে আমি যাতে জীৱজন্তুবােৰৰ অযথা শান্তি ভংগ নকৰাে তাৰ বাবে সতর্ক হ'ব লাগে। সেয়েহে এনে ঠাইত নিয়মানুবর্তিতা মানি চলাটো আমাৰ কর্তব্য হােৱা উচিত।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)