যতি চিনৰ বা বিৰাম চিহ্নৰ ব্যৱহাৰ ঃ
যতি বা বিৰাম চিহ্নৰ ব্যৱহাৰ |
যি সাংকেতিক চিহ্নৰ দ্বাৰা কোৱা কথা , পঢ়া বা লিখাত বিৰতিৰ বাবে ব্যৱহাৰ কৰা হয় তাকে যতি বা বিৰাম চিহ্ন বুলি কোৱা হয় ৷ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হোৱা যতি চিহ্নৰ প্ৰকাৰ সমূহ তলত উল্লেখ কৰা হ'লঃ
(ক) দাঁৰি বা পূৰ্ণছেদ ( ৷)
- কোনো বাক্য শেষ হ'লে দাঁৰি ব্যৱহাৰ কৰা হয় ৷ যেনে: জ্ঞানেই মানুহক শক্তি দিয়ে ৷
(খ) ক'মা বা লঘু যতি (,)
- পঠন বা লিখনত সামান্য বিৰামৰ প্ৰয়োজনত হ্ৰস্ব স্বৰ উচ্চাৰণৰ সময়ৰ বিৰতিত ক'মা বা লঘু যতি ব্যৱহাৰ কৰা হয় ৷ যেনে : ৰামে কয় , " মই স্কুলত আছো ৷''
(গ) ছেমিকোলন বা গুৰু যতি ( ; )
- ক'মাতকৈ বেছি সময় ৰবৰ বাবে এই চিন ব্যৱহাৰ কৰা হয় ৷ যেনেঃ মানুহে জীয়াই থাকিবৰ বাবে বিদ্যা লাভ কৰে , চাকৰি কৰে , ধন-সম্পত্তিও আৰ্জন কৰে ; কিন্তু শেষত সফলতা লাভ কৰে ৷''
(ঘ) ক'লোন বা লঘূছেদ(:)
- কথাৰ গুৰুত্ৱ আৰু সংযোগ বঢ়াবৰ বাবে দুটা কথাৰ মাজত কলোন ব্যৱহাৰ কৰা হয় ৷ যেনে ঃ যোৰহাট এখন ডাঙৰ চহৰঃ নগৰখনৰ আগৰ ৰূপ নাই ৷
(ঙ)কোলন ডেচ বা পটন্তৰ চিন (:-)
- কোনো কথা বা ঘটনাৰ উদাহৰণ দিবৰ বাবে এই চিন ব্যৱহাৰ কৰা হয় ৷ যেনেঃ ৰাম , কাৰেংঘৰ , শৰাইঘাট দলং
(চ) ডেচ বা দীৰ্ঘ ৰেখা ( ___ )
- কোনো বাক্যৰ মাজত থকা খণ্ডবাক্যৰ সৈতে আন এটাৰ সম্বন্ধ বুজাবৰ বাবে ডেচ ব্যৱহাৰ কৰা হয় ৷ যেনেঃ ভাৰতেই সেইখন দেশ ____ যি পঞ্চশীলক মানি চলে ৷
(ছ) হাইফেন বা সমাস , সম্বন্ধ চিন (-)
- দুটা ততোধিক পদৰ মাজত থকা সম্পৰ্কত হাইফনে (-) ব্যৱহাৰ হয় ৷ যেনেঃ জা -জলপান ,খা-খবৰ , বা-মাৰলী আদি ৷
(জ) ভাববোধক চিন (!)
- মানুহৰ মনৰ ভাব , চিন্তা , আৱেগ অনুভূতি বুজোৱা শব্দ আৰু বাক্যৰ শেষত ভাববোধক চিহ্ন ব্যৱহাৰ কৰা হয় ৷ যেনেঃ হায় ! হায় ! এয়ে মানুহৰ জীৱন ৷
(ঝ) প্ৰশ্নবোধক চিন (?)
- প্ৰশ্নবোধক বাক্যৰ শেষত প্ৰশ্নবোধক চিহ্ন বাৱহাৰ কৰা হয় ৷ যেনে ঃ তোমাৰ নামটো কি ?
(ঞ) ঊৰ্ধ্বকমা (')
- শব্দৰ মাজত কোনো ধ্বনি উচ্চাৰণ লুপ্ত হৈ অন্য এটা ধ্বনি -অ বা -ওৰ দৰে হয় ৷ সেই ধ্বনি বুজাবৰ বাবে ঊৰ্ধ্বকমা ব্যৱহাৰ হয় ৷ যেনেঃ ব'ল , হ'ল , ক'ব ৷
(ট) যুগ্ম ঊৰ্ধ্বকমা ("____")
- আনৰ কথা , লিখা আদি অবিকলভাৱে হ'লে এই যুগ্ম ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হয় ৷ যেনেঃ ৰবীনে ক'লে , '' মোৰ ঘৰ গোলাগাটত ৷ ''
HSLC পৰীক্ষাত অহা কেইটামান প্ৰশ্ন-উত্তৰ তলত কৰি দিয়া হ'লঃ
তলৰ বাক্যবোৰত উপযুক্ত যতি চিন ব্যৱহাৰ কৰাঃ
1. ৰমেশ বীৰেন আৰু কনক বজাৰলৈ গ'ল ৷
উত্তৰঃ ৰমেশ , বীৰেন আৰু কনক বজাৰলৈ গ'ল ৷
2. তুমি অংকটো কৰিব নোৱাৰিলা ময়ো নোৱাৰিলোঁ ৷
উত্তৰঃতুমি অংকটো কৰিব নোৱাৰিলা,ময়ো নোৱাৰিলো ৷
3. ৰামে কৈছিল মই স্কুললৈ যাম ৷
উত্তৰঃ ৰামে কৈছিল , '' মই স্কুললৈ যাম ৷ ''
4. শিক্ষকে কৈছিল পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে ৷
উত্তৰঃ শিক্ষকে কৈছিল , '' পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে ৷ ''
5. শিক্ষকে সুধিলে মধুৰাম তুমি কালি স্কুললৈ কিয় নাহিলা
উত্তৰঃ শিক্ষকে সুধিলে , '' মধুৰাম , তুমি কালি স্কুললৈ কিয় নাহিলা ? ''
6. শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা
উত্তৰঃ শিক্ষকে সুধিলে , '' তুমি কালি স্কুললৈ কিয় নাহিলা ? ''
7. হে ভগৱান দয়া কৰা
উত্তৰঃ হে ভগৱান , '' দয়া কৰা ৷ ''
8. মই কিন্তু নৰওঁ এতিয়াই যামগৈ
উত্তৰঃ মই কিন্তু নৰওঁ , '' এতিয়াই যামগৈ ৷ ''
9. হে ভগৱান মই বিপদত পৰিছো মোক ৰক্ষা কৰা ৷
উত্তৰঃ হে ভগৱান , '' মই বিপদত পৰিছো মোক ৰক্ষা কৰা ৷ ''
10. ৰীনাই ক'লে আজি স্কুল বন্ধনে
উত্তৰঃ ৰীনাই ক'লে , '' আজি স্কুল বন্ধনে ? ''
11. দেউতাই বজাৰৰ পৰা প্ৰায়ৰ আম াপেল আনাৰস তিঁয়হ কিনি আনে ৷
উত্তৰঃ দেউতাই বজাৰৰ পৰা প্ৰায়ে আম , আপেল , আনাৰস , তিঁয়হ কিনি আনে ৷
12. প্ৰণবে ক'লে মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা ৷
উত্তৰঃ প্ৰণবে ক'লে , '' মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা ৷ ''
13. তেওঁ ক'লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান
উত্তৰঃ তেওঁ ক'লে ,'' মনত ৰাখিবা ,তুমি অসমৰ বীৰ সন্তান ৷ ''