ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

হিচাপবিদ্যা (Accountancy ) -দ্বাদশ ( class xii) - অনালাভকাৰী প্ৰতিষ্ঠানৰ হিচাপৰক্ষণ ( প্ৰথম অধ্যায়) [ 1] Accounting for not for profit organisation [part 1]

Admin
0
বাণিজ্য শাখাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীক স্বাগতম 
হিচাপবিদ্যাৰ দুটা খণ্ড(PARTS):
PART  1
•Accounting  for not –profit organization
•Accounting for partnership
•Final Accounting of Partnership Firms
•Reconstitution of Partnership
•Partnership Account: Retirement and Death of Partner
•Dissolution of Partnership Firm
PART 2 
Joint Stock Companies : Accounting for share Capital
Issue and Redemption of Debentures
Financial Statements of a  company
Analysis of Financial Statements
Ratio  Analysis
Cash Flow Statement .


অসমীয়া মাধ্যমঃ(প্ৰথম খণ্ডঃ)
•অনালাভকাৰী প্ৰতিষ্ঠানৰ হিচাপৰক্ষণ
•অংশীদাৰী ব্যৱসায়ৰ হিচাপৰক্ষণ
•অংশীদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত হিচাপ
•অংশীদাৰী প্ৰতিষ্ঠানৰ পুনৰ গঠন
•অংশীদাৰৰ ব্যৱসায়ৰ হিচাপঃ অংশীদাৰৰ অৱসৰগ্ৰহণ আৰু মৃত্যু
•অংশীদাৰী ব্যৱসায়ৰ পৰিসমাপ্তি বা অৱসান
দ্বিতীয় খণ্ডঃ
যৌথ কাৰবাৰ বা কোম্পানীঃ অংশপত্ৰৰ হিচাপৰক্ষণ
•ঋণপত্ৰ বিলি আৰু পৰিশোধ
•কোম্পানীৰ বিত্তীয় প্ৰতিবেদনসমূহ
•বিত্তীয় প্ৰতিবেদনৰ বিশ্লেষণ
•অনুপাত বিশ্লেষণ
•নগদধন প্ৰবাহ প্ৰতিবেদন 

অনালাভকাৰী প্ৰতিষ্ঠানৰ হিচাপৰক্ষণ

•আমি ইয়াত শিকিমঃ
•অনালাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ,বৈশিষ্ট্য,প্ৰকাৰ আৰু গঠনঃ
অনালাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ জনাৰ আগতে আমি লাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ জানি লোৱাটো আমাৰ বাবে ভাল হ’ব ৷
গতিকে আহা প্ৰথমে ইয়াৰ বিষয়ে জানি লওঁঃ
অনালাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ জনাৰ আগতে আমি লাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ জানি লোৱাটো আমাৰ বাবে ভাল হ’ব ৷গতিকে আহা প্ৰথমে ইয়াৰ বিষয়ে জানি লওঁ

লাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ তথা সংজ্ঞাঃ 

•যিবোৰ প্ৰতিষ্ঠান কেৱল লাভ অৰ্জনৰ বাবে গঠন কৰা হয় তেনে প্ৰতিষ্ঠানক লাভকাৰী প্ৰতিষ্ঠান বা ব্যৱসায়ী বোলা হয় ৷ যেনেঃ দোকান , হোটেল , বেংক , বীমা কোম্পানী ইত্যাদি ৷
•কিন্তু এনে কিছুমান প্ৰতিষ্ঠান আছে যিবোৰ ইয়াৰ সভ্য(সদস্য)বা জনসাধাৰণক সেৱা কৰিবৰ বাবে গঠিত হয় তেনে প্ৰতিষ্ঠানক অনালাভকাৰী প্ৰতিষ্ঠান বোলা ৷

অনালাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ তথা সংজ্ঞাঃ

•যিবোৰ প্ৰতিষ্টান লাভ অৰ্জনৰ বিপৰীতে ইয়াৰ সভ্য তথা জনসাধাৰণক সেৱা আগবঢ়াবৰ বাবে গঠন কৰা হয় , তেনে প্ৰতিষ্ঠানক অনালাভকাৰী প্ৰতিষ্ঠান বোলা হয় ৷ যেনে: বিদ্যালয় , মহাবিদ্যালয় , চিকিৎসালয় , ক্লাব ইত্যাদি ৷
কোনে গঠন কৰে ?
•একে উদ্দেশ্য থকা কিছুমান ব্যক্তিৰ দ্বাৰা ই গঠন হয় বা চৰকাৰৰ দ্বাৰা ই গঠন
কোনে পৰিচালনা কৰে ? 
•পৰিচালনা সমিতিয়ে ৷ এই সমিতিখন প্ৰতিষ্ঠানৰ সদস্যসকলৰ দ্বাৰা গঠন হয় ৷

পৰিচালনা সমিতিত কোন কোন থাকে ?

•সভাপতি
•সাধাৰণ সম্পাদক
•কোষাধ্যক্ষ

অনালাভকাৰী প্ৰতিষ্ঠানৰ প্ৰকাৰ:

•জনসাধাৰণৰদ্বাৰা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানঃ ক্লাব , সমিতি , বিদ্যালয় , মহাবিদ্যালয়
•চৰকাৰৰদ্বাৰা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানঃ চিকিৎসালয় , বিদ্যালয় , মহাবিদ্যালয় ইত্যাদি ৷

বৈশিষ্ট্যঃ

•লাভ অৰ্জনৰ উদ্দেশ্য গঠন নহয় ৷
•সমাজ তথা সভ্যসকলক সেৱা আগবঢ়োৱাৰ উদ্দেশ্য গঠন কৰা হয় ৷
•সামাজিক,ধৰ্মীয়,শিক্ষামূলক বা দাতব্য উদ্দেশ্য হ’ব পাৰে ৷
•ৰাহি ধনসমূহ প্ৰতিষ্ঠানৰ উন্নতিৰ হকে ব্যৱহাৰ কৰা হয় ৷
•পুঁজিসমূহ ইয়াৰ সভ্য বা ৰাইজৰ দানৰ জৰিয়তে সংগ্ৰহ কৰা হয় ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)