Page No : 3
1. তলৰ কোনবোৰ পদাৰ্থ ?
চকী , বায়ু , প্ৰেম , গোন্ধ , বাদাম , চিন্তা , ঠাণ্ডা , ঠাণ্ডা -পানীয় , সুগন্ধি দ্ৰব্যৰ সুবাস
[ Which of the following are Matter ?
Chair , air , love , smell, hate , almonds , thought , cold , cold-drink , smell of perfume ]
উত্তৰ ( Ans ) : চকী , বায়ু , বাদাম আৰু ঠাণ্ডা -পানীয়
[Chair , air , almonds and cold-drink ]
2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা ৷
কঢ়াকৈ ভজা গৰম বস্তু গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় ৷ কিন্তু ঠাণ্ডা বস্তুৰ
গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ৷
[ Give reasons for the following observations :
The smell of hot sizzling food reaches you several meters away , but to get the smell
from cold food you have to go close .]
উত্তৰ( Ans ) : ব্যাপনশীল পদাৰ্থৰ উষ্ণতা বৃদ্ধিৰ লগে লগে ব্যাপনৰ হাৰ বৃদ্ধি পায় ৷ গতিকে ,
কঢ়াকৈ ভজা গৰম বস্তুৰ পৰা নিৰ্গত উত্তপ্ত গেছৰ কণিকাবোৰৰ সৈতে অধিক তীব্ৰ হাৰত
ব্যাপন ঘটে ৷ ফলত কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায় ৷
কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ৷
[The smell of hot sizzling food reaches us several meters away , but to get the smell
from cold food we have to go close because particles of hot sizzling food posses
large kinetic energy and diffused in air rapidly , but particles of cold food posses less
kinetic energy ]
3. এজন ডুবাৰুৱে সাতোঁৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে ৷ পদাৰ্থৰ কি ধৰ্মৰ
ভিক্তিত এইটো সম্ভৱ ?
[ A diver is able to cut through water in a swimming pool. Which property of matter
does this observation show ? ]
উত্তৰ(Ans ) : পদাৰ্থৰ কণিকাবোৰে পৰস্পৰক আকৰ্ষণ কৰে ৷
[Particles of matter attract each other.]
4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি ?
[What are the characteristics of the
particles of matter ? ]
উত্তৰ : পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক হ'ল :
(i) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে ৷
[ Particles of matter have space between them. ]
(ii) পদাৰ্থৰ কণিকবোৰে অনবৰতে গতি কৰি থাকে ৷
[ Particles of matter are continuously moving. ]
(iii) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে ৷
[ Particles of matter attract each other .]
Please don't use spam link in the comment box.