ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ধৰ ঝাড়ু ধৰ ভাই --দশম শ্ৰেণী- অম্বিকাগিৰী ৰায়চৌধুৰী ( অসমীয়া সাহিত্য চয়নিকা )

Admin
0

ধৰ ঝাড়ু  ধৰ  ভাই -  অম্বিকাগিৰী  ৰায়চৌধুৰী -দশম শ্ৰেণী ( অসমীয়া  সাহিত্য  চয়নিকা ) -CLASS 10

_________________________________________________________________________________

প্ৰশ্নাৱলী ঃ

ভাব-বিষয়ক ঃ

১/ অতি  চমুকৈ  উত্তৰ দিয়া  ঃ

(ক) অম্বিকাগিৰী  ৰায়চৌধুৰীক  কি  আখ্যা দিয়া  হয়  ?

উত্তৰ ঃ অসম  কেশৰী ৷

(খ) সাতামপুৰুষীয়  ' সোণৰ  চোতাল-ঘৰ ' কিহৰে  পোত  খাই  আছে  বুলি  কবিয়ে  কৈছে ?

উত্তৰ ঃ বহু  যুগৰ  ভূঁহুৰ  পৰি  পোত  খাই  আছে ৷

(গ) জাতিৰ  জীৱন  মনোহৰ  কৰিবলৈ  কবিয়ে  কি  বেশেৰে  ঝাড়ু  ধৰিবলৈ কৈছে ?

উত্তৰ ঃ ঝাড়ুদাৰ  বেশেৰে ৷

(ঘ) কবিয়ে  চাই  থাকোঁতে  থাকোঁতে  মুখ  কিহৰে  ভৰি  পৰিল  বুলিছে  ?

উত্তৰ ঃ কাজল -ছাইৰে  ৷

2/ ' হ'ল  এৱে  তোৰ  সময়  হ'বৰ
জাতিৰ  ঝাড়ুদাৰ  যে  ভাই  ৷ '
----ইয়াত  কবিয়ে  কি  কাৰণে  ' জাতিৰ  ঝাড়ুদাৰ ' হোৱাৰ  সময়  হ'লহি  বুলি  সকীয়াই  দিছে ?

উত্তৰ ঃ   কেইবাযুগো  ধৰি অসমীয়া জাতি  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল যাৰফলস্বৰূপে  নিজস্ব  ঐতিহ্য  তথা  গৰিমা  কাণৰ  বুকুত  হেৰুওৱাৰ  উপৰিও জাতিটোৰ  অস্তিত্ব  বিপন্ন  হৈছিল ৷ তথাপি  অসমৰ  মানুহৰ  জাতীয়  চেতনা  জাগ্ৰত  হোৱা  নাছিল ৷ স্বাৰ্থ  ৰক্ষাৰ  বাবে বহুলোকে ইংৰাজৰ  তলত  গোলামিহে  খাটিছিল আৰু ধাৰে ঋণে ভৰি পৰিছিল ৷  ব্যক্তিগত  লাভৰ  বাবে  এজন  অসমীয়াই  আন  এজন  অসমীয়াক হিংসা  কৰিছিল  ৷ ঘৃণাৰ  জুয়ে  জাতিটোক  পুৰি  মুখত  ছাই  সানিছিল ৷ এনে  এক  পৰিৱেশ  কবিয়ে  সহিব  পৰা  নাছিল ৷ সেইবাবে  তেওঁ  সকলোকে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে  'জাতিৰ ঝাড়ুদাৰ হোৱাৰ  সময়  হ'ল বুলি সকীয়াই  দিছে ৷

৩/ 'নহ'লে  যে  বিশ্ব  সভাত

নহ'ব  তোৰ বহাৰ  ঠাই  ৷ '
--- বিশ্ব  সভাত  বহাৰ  ঠাই  পাবলৈ  কবিয়ে  কি  কৰিবলৈ নিৰ্দেশ  দিছে  ?

উত্তৰ ঃ কবিয়ে  সকলোকে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে তথা বিশ্বত নিজৰ স্থান অটুট ৰাখিবলৈ   'জাতিৰ ঝাড়ুদাৰ হ'বলৈ  নিৰ্দেশ  দিছে ৷ ইয়াৰ  বাবে  তেওঁ নিজৰ জাতিৰ চুকে -কোণে  থকা হিংসা , ঘৃণাৰ জাহি -জাবৰ চাফা কৰিবলৈ  বীৰ  বেশেৰে  ঝাড়ু  মাৰিবলৈ  নিৰ্দেশ  দিছে ৷

৪/ 'ধৰ ঝাডু ধৰ  ভাই  ' ---কবিতাটিৰ  মূলভাৱ  লিখা ৷

উত্তৰ ঃ  'ধৰ ঝাড়ু ধৰ  ভাই  ' কবিতাটিৰ  কবি  অম্বিকাগিৰী  ৰায়চৌধুৰীদেৱে  সকলোধৰণৰ  হিংসা , গোলামি তথা  পৰাধীনতাৰ  পৰা  সকলোকে  একগোট  হ'বলৈ  আহ্বান  জনাইছে ৷
             অসম  কেইবাযুগো  ধৰি  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল ৷  সেই  সময়ত  অসমৰ  নিজস্ব  ঐতিিহ্য  তথা  গৰিমা  কাণৰ  বুকুত  হেৰুওৱাৰ  উপক্ৰম  হৈছিল ৷ অসমীয়া  জাতিটোৰ  অস্তিত্ব  বিপন্ন  হৈছিল ৷ তথাপি  অসমৰ  মানুহৰ  জাতীয়  চেতনা  জাগ্ৰত  হোৱা  নাছিল ৷ স্বাৰ্থ  ৰক্ষাৰ  বাবে বহুলোকে ইংৰাজৰ  তলত  গোলামিহে  খাটিছিল ৷ ব্যক্তিগত  লাভৰ  বাবে  এজন  অসমীয়াই  আন  এজন  অসমীয়াক হিংসা  কৰিছিল  ৷ ঘৃণাৰ  জুয়ে  জাতিটোক  পুৰি  মুখত  ছাই  সানিছিল ৷ এনে  এক  পৰিৱেশ  কবিয়ে  সহিব  পৰা  নাছিল ৷
             ভাৰতৰ  স্বাধীনতা  আন্দোলনৰ  অংশীদাৰ  আছিল  কবি  ৷ দেশ  তথা জাতিক  তেওঁ  বজ্ৰকণ্ঠে  আহ্বান  জনাইছিল মুক্তিৰ  বাবে  যুঁজিবলৈ ৷ নিজৰ  মাজত  থকা  অসূয়া- অপ্ৰীতি দূৰ  কৰি জাতিৰ অস্তিত্ব  উদ্ধাৰৰ বাবে  অগুৱাই  আহিবলৈ  কৈছিল ৷ এই  সংগ্ৰামত  জনতাক  বীৰ  বেশেৰে  উপস্থিত  থাকিবলৈও  তেওঁ নিৰ্দেশ  দিছিল ৷ নিজৰ  মাজত  থকা  বেয়াখিনিক  জাৱৰ  জ্ঞান কৰি সেইবোৰ  চাফা  কৰি  পেলাবলৈও দেশৰ  মানুহক  তেওঁ  কৈছিল ৷ এগৰাকী ঝাড়ুদাৰে যেনেদৰে  ঘৰৰ চুক-কোণ সাৰি -পুছি  চিকুনাই  ৰাখে , তেনেদৰে  মানুহকো নিজৰ  মাজত  থকা  ভেদাভেদ , ঘৃণা , হিংসা-বিদ্বেষ আদি  আঁতৰাই  একগোট  হৈ  দেশৰ  স্বাধীনতাৰ হকে  যুঁজিবলৈ  নিজৰ কণ্ঠৰে আহ্বান জনাইছিল ৷
            কবিয়ে  ইয়াকো  কৈছিল যে  অসমীয়াই  সকলো  ভেদ-ভাব আঁতৰাই  সময়  থাকোঁতেই  ইংৰাজৰ  বিৰুদ্ধে  নুযুঁজিলে  অসমৰ  স্থান  বিশ্বৰ  চকুত  অৱনমিত  হ'ব ৷
            কবিতাটি  স্বদেশ  প্ৰেমৰ  ভাৱেৰে  ভৰি  আছে  য'ত  তেওঁ দেশমাতৃৰ  অস্তিত্ব  সুৰক্ষিত কৰাৰ  সংগ্ৰামত জয়ী হ'ব  বিচাৰিছে ৷
           কবিতাটি পঢ়ি  প্ৰতিগৰাকী  পাঠকে  নিজকে  দেশৰ  বাবে  ঝাড়ুদাৰৰ  ৰূপত কল্পনা  কৰিব পাৰে আৰু  এয়াই  কবিৰ  সাৰ্থকতা ৷

৫/ ব্যাখ্যা  কৰা ঃ

(ক) হিংসা -দ্বেষৰ  , ভেদাভেদৰ  ,
     ঘৃণা - ঘৃণি  স্বাৰ্থ  ভেমৰ
      কত  যে  কি  মলি-মামৰ
      ভৰি জাতিৰ  জীৱন যায় ৷

উত্তৰ ঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা ' ৰ অন্তৰ্গত অম্বিকাগিৰী  ৰায়চৌধুৰীদেৱে   বিৰচিত 'ধৰ ঝাডু  ধৰ  ভাই  '  নামৰ  কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
           পৰাধীনতাৰ  শিকলিয়ে  অসমীয়া  জাতিৰ  অস্তিত্ব  কিদৰে  নিঃশেষ কৰি  পেলাইছিল  তাকে  ক'বলৈ  কবিয়ে এই  কবিতাফাঁকিৰ  অৱতাৰণা  কৰিছে ৷ 
           যুগ  যুগ  ধৰি  অসম  ইংৰাজৰ  তলতীয়া  হৈ  আছিল  ৷ শাসনকাল  যুগমীয়া  কৰিবলৈ  ইংৰাজে  আশ্ৰয়  লৈছিল  বিভাজন  নীতিৰ ৷ মানুহৰ  মাজত  সৃষ্টি  কৰিছিল  হিংসা -অসুয়া , ভেদাভেদ আৰু  ঘৃণা ৷ ইংৰাজৰ প্ৰলোভনত  ভোল  গৈ স্বাৰ্থাম্বেষী হৈ পৰিছিল অসমৰ  বহু জনগণ ৷ নিজৰ  জাতি  তথা দেশৰ  স্বকীয়  অস্তিত্বৰ  কথা  পাহৰি  মানুহে  নিজ  ভেম -অহংকাৰ  ৰক্ষাত  গুৰুত্ব  দিছিল ৷ ফলত  সকলো  এৰি যুগৰ  পাছত  যুগ  মানুহে  গোলামি  খাটিছিল ইংৰাজৰ  বাবে ৷ অসমৰ  জনগণৰ  জাতীয়  চেতনাৰ  অভাৱত  জাতিটো  মৃতপ্ৰায়  অৱস্থাত উপনীত হৈছিল ৷  

(খ) ধৰ ঝাডু  ধৰ  ভাই  ৷
      আৰু  চাবৰ  সময়  নাই --
     চাই  থাকোঁতে  মুখত  কেৱল
      ভৰিল কাজল  -ছাই ৷

উত্তৰ ঃ  উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা ' ৰ অন্তৰ্গত অম্বিকাগিৰী  ৰায়চৌধুৰীদেৱে   বিৰচিত 'ধৰ ঝাডু  ধৰ  ভাই  '  নামৰ  কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।
           পৰাধীন  অসমৰ  মানুহক  সজাগ  কৰিবলৈ  কবিয়ে  এই  কবিতাফাঁকি  প্ৰকাশ  কৰিছে ৷
    অসমক  বহু  বছৰ  ধৰি  শাসন  কৰিছিল  ইংৰাজে  ৷ নিজৰ  মাজত  মিলা-প্ৰীতি  নথকাৰ বাবে  আৰু  স্বাৰ্থপৰ  মনোবৃত্তিৰ বাবে  জাতিটোৰ গোলামিৰ  পৰা  মুক্ত হ'ব  পৰা  নাছিল ৷ নিজস্ব ঐতিহ্য , অস্তিত্ব ৰক্ষাৰ কথা পাহৰি  াসমৰ  মানুহে  কেৱল  ইংৰাজৰ  তাত  দিন  কটাইছিল ৷  ফলত  অসম মৃত জাতি আৰু  দেশত  পৰিণত  হোৱাৰ  উপক্ৰম  হৈছিল ৷ তাকে  দেখি  কবিয়ে হাহকাৰ  কৰি  উঠিছিল ৷ দেশবাসীক  আহ্বান  জনাইছিল দেশৰ  হকে  যুঁজ  দিবৰ  বাবে ওলাই  আহিবলে ৷ দেশৰ  পৰাধীনতাক কবিয়ে কাজল-ছাইৰ লগত  তুলনা  কৰিছে আৰ  সেই  ছাই , পৰিস্কাৰ কৰিবলৈ অসমবাসিক  ঝাড়ুদাৰ  হ'বলৈ নিৰ্দেশ  দিছে ৷ ঝাড়ুদাৰে যিদৰে  চোতাল  ঘৰ  সাৰি -পুছি চিকুনাই  তোলে ৷ ঠিক  একেদৰেই  সময়  থাঁকোতেই অসমীয়াইও চৌপাশে থকা  ইংৰাজ  শাসনক  খেদি  অসমক  জাতি উদ্ধাৰ কৰিবৰ  সময়  হ'ল ৷  

৬/ 'ধৰ ঝাডু  ধৰ  ভাই  ' ---কবিতাটিৰ  মাজেৰে  কবি  ৰায়চৌধুৰীৰ  স্বদেশপ্ৰেমৰ  ভাব  কিদৰে  প্ৰকাশ পাইছে  লিখা ৷

উত্তৰ ঃ 'ধৰ ঝাডু  ধৰ  ভাই  ' ---কবিতাটিৰ   মুল  সুৰটোৱেই  হৈছে  স্বদেশপ্ৰেম  ৷ কবি  অম্বিকাগিৰী  ৰায়চৌধাৰী জাতীয়তাবাদী  চিন্তাধাৰাৰে পৰিপুষ্ট লোক ৷ জাতি  তথা  দেশৰ  উন্নতিৰ  বাবে  তেওঁ সদা উন্মখ  হৈ  আছিল ৷ এটা  সময়ত  অসম  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল ৷ এটা  সময়ত  অসম  ইংৰাজৰ  শাসনৰ  অধীনত  আছিল   তথা গোলামি  খাটিবলগীয়া  হৈছিল ৷ ইংৰাজে  বিভেদৰ  ৰাজনীতিৰে  অসমৰ  জনগণৰ মাজত  বিয়পাই  দিছিল  ঘৃণা , অসূয়া ভেদাভেদৰ ভাব ৷ ফলত  নিজৰ  মাজত  অসমীয়া  পৰ  আছিল ৷ স্বাৰ্থপৰতাক প্ৰশয়  দি  ইংৰাজৰ  হকে  কাম  কৰি  বহু  অসমীয়াই এনে  কাৰ্যৰে  নিজৰ গাতে  কালিমা  সানিছিল ৷ কবিৰ  দেশপ্ৰেমিক  মনে  এইবোৰ  কথা  সহিব  পৰা  নাছিল ৷
      মহাত্মা গান্ধীৰ  নেতৃত্বত  দেশজুৰি  চলা  আন্দোলনত  তেওঁ  আছিল  অক্লান্ত  কৰ্মী ৷ আন্দোলন  কৰি  কাৰবাস  খটাৰ  সময়ত  ৰচনা  কৰা  কবিতাটোত  সেয়ে  তেওঁৰ  দেশপ্ৰেম  উজ্বলি  উঠিছে ৷
এই  সংগ্ৰামত  জনতাক  বীৰ  বেশেৰে  উপস্থিত  থাকিবলৈও  তেওঁ নিৰ্দেশ  দিছিল ৷ নিজৰ  মাজত  থকা  বেয়াখিনিক  জাৱৰ  জ্ঞান কৰি সেইবোৰ  চাফা  কৰি  পেলাবলৈও দেশৰ  মানুহক  তেওঁ  কৈছিল ৷ এগৰাকী ঝাড়ুদাৰে যেনেদৰে  ঘৰৰ চুক-কোণ সাৰি -পুছি  চিকুনাই  ৰাখে , তেনেদৰে  মানুহকো নিজৰ  মাজত  থকা  ভেদাভেদ , ঘৃণা , হিংসা-বিদ্বেষ আদি  আঁতৰাই  একগোট  হৈ  দেশৰ  স্বাধীনতাৰ হকে  যুঁজিবলৈ  নিজৰ কণ্ঠৰে আহ্বান জনাইছিল ৷
         এনেদৰেই  কবিয়ে কবিতাটিৰ  মাজেৰে  স্বদেশপ্ৰেমৰ  ভাব  প্ৰকাশ  কৰিছে ৷

ভাষা - বিষয়ক ঃ

১/ তলত  দিয়া  যুৰীয়া  শব্দবোৰৰ  একোটাকৈ  বাক্য  ৰচনা  কৰা  ঃ

(ক) হীনে -ঘিণে

(খ) ধাৰে - ঋণে

(গ) ঘৃণা-ঘৃণি

(ঘ) জাহি -জাবৰ

(ঙ) সাৰি -পুছি

(চ) মলি -মামৰ

উত্তৰ ঃ

(ক) হীনে -ঘিণে ঃ ইংৰাজৰ  শাসনকালত  কিছুমান  অসমীয়াই  হীনে-ঘিণে  ইংৰাজৰ  গোলামি  কৰিছিল ৷

(খ) ধাৰে - ঋণে ঃ  আয় বুজি  খৰচ কৰিব নাজানিলে  ধাৰে -ঋণে  মানুহে মৰিবলগীয়া হয় ৷

(গ) ঘৃণা-ঘৃণি ঃ মানুহে  মনৰ  পৰা  ঘৃণা-ঘৃণি ভাব  আতঁৰাই  চলিলে  আমাৰ  সমাজ খন  সুস্থ  হৈ  থাকিব ৷

(ঘ) জাহি -জাবৰ ঃ আমাৰ  পৰিৱেশৰ পৰা  জাহি-জাবৰবোৰ  আঁতৰাই  ৰাখিলে পাৰিৱেশখন  চাফা হৈ  থাকে ৷

(ঙ) সাৰি -পুছি ঃ মানুহজনীয়ে  ঘৰখন  সাৰি-পুছি ৰখাৰ  বাবে  ঘৰত বেমাৰ আজাৰ প্ৰায়ই  নহয় ৷

(চ) মলি -মামৰঃ মনত  মলি-মামৰ  ভৰি  থকা  মানুহক  সমাজে  ঘৃণা কৰে ৷


২/ তলৰ  শব্দবোৰৰ  মূৰ্ধন্য ' ণ ' হোৱাৰ  কাৰণ দৰ্শোৱা ঃ

(ক) সোণ ঃ

(খ) ঘৃণা ঃ একেটা  পদতে  থকা  ' ঋ ' বা ঋকাৰান্ত বৰ্ণৰ  পাছত দন্ত ন  মূৰ্দ্ধন্য  ' ণ ' হয় ৷

(গ) ঋণ ঃ একেটা  পদতে  থকা  ' ঋ ' ৰ  পাছত দন্ত ন  মূৰ্দ্ধন্য  ' ণ ' হয় ৷

উত্তৰ ঃ

(ক) সোণ

(খ) ঘৃণা

(গ) ঋণ

৩/ বিপৰীত  শব্দ  লিখা ঃ

(ক) ঘৃণা

(খ) স্ৱাৰ্থ

(গ) জীৱন

(ঘ) বীৰ

উত্তৰ ঃ

(ক) ঘৃণা  - প্ৰেম

(খ) স্ৱাৰ্থ -নিস্বাৰ্থ

(গ) জীৱন - মৰণ

(ঘ) বীৰ -কাপুৰুষ



                                                       **************






















Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)