ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

YOUR QUESTIONS OUR ANSWERS [ আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ ]



👧 Dimpi  Deuri 📖 - যৌগ  CaOCl2 সাধাৰণ  নামটো  কি ?[ সাধাৰণ বিজ্ঞান - দশম  শ্ৰেণী ]

উত্তৰ ঃ  কেলছিয়াম  হাইপ'ক্ল'ৰাইট ( Calcium  Hypochlorite)

👦 Ritoporna Gogoi 📖- উদ্ভিদৰ কোন অংশই বৰষুণৰ পানী নিগৰি মাটিত সোমোৱাত সহায় কৰে? [বিজ্ঞান -Class 4 ]

উত্তৰ : 

👧 Maliha Naushin 📖 - (1) তাপজাৰণ আৰু দগ্ধীকৰণ কি আৰু ইয়াৰ মাজৰ পাৰ্থক্য লিখা ৷ [ সাধাৰণ বিজ্ঞান -দশম শ্ৰেণী ] 

উত্তৰ ঃ  (ক) তাপজাৰণ ঃ অতিৰিক্ত  বায়ুৰ  পৰিৱেশত  আকৰ  এটাক  ইয়াৰ  গলনাংকৰ  তলত  উত্তপ্ত কৰাকে  তাপজাৰণ  বোলে  ৷ 

              (খ) দগ্ধীকৰণঃ আকৰ  এটাক  বায়ুহীন  বা অতি  কম  পৰিমাণৰ  বায়ুৰ  পৰিৱেশত  ইয়াৰ গলনাংকৰ  তলত  উত্তপ্ত  কৰাকে  দগ্ধীকৰণ  বোলা হয় ৷ 
ইয়াৰ  মাজৰ  পাৰ্থক্য  হ'লঃ
দগ্ধীকৰণ তাপজাৰণ
(ক) আকৰটো বায়ুহীন বা অতি কম পৰিমাণৰ বায়ুৰ পৰিৱেশত উত্তপ্ত কৰা হয় ৷ (ক) আকৰটো অতিৰিক্ত বায়ুৰ পৰিৱেশত উত্তপ্ত কৰা হয় ৷
(খ) অক্সাইড আৰু কাৰ্বনেট আকৰবোৰক দগ্ধীকৰণ কৰা হয় ৷

(খ) ছালফাইড আকৰৰ তাপজাৰণ কৰা হয় ৷

  
(2) আকৰক কিদৰে  ধাতুৰ অক্সাইডলৈ  ৰূপান্তৰ কৰিব পাৰি ?  [ সাধাৰণ বিজ্ঞান -দশম শ্ৰেণী ] 

উত্তৰ ঃ দগ্ধীকৰণ আৰু তাপজাৰণ পদ্ধতিৰে  আকৰক ধাতুৰ  অক্সাইডলৈ ৰূপান্তৰ কৰিব  পাৰি ৷ 

(3) ছালফাইডৰ  আকৰক  কিদৰে গাঢ়ীকৰণ কৰা হয়  ? উদাহৰণসহ লিখা ৷ [ সাধাৰণ বিজ্ঞান -দশম শ্ৰেণী ] 
  
উত্তৰ ঃ ছালফাইডৰ  আকৰক  তাপজাৰণ পদ্ধতিৰে  গাঢ়ীকৰণ কৰা হয় ৷ অতিৰিক্ত  বায়ুৰ  পৰিৱেশত ( 1173 K উষ্ণতাত) ছালফাইডৰ  আকৰ  এটাক  ইয়াৰ  গলনাংকৰ  তলত  উত্তপ্ত  কৰা হয় ৷ এনে  কৰিলে আকৰত থকা পানী  আৰু অন্যান্য উদ্ধায়ী  পদাৰ্থবোৰ আঁতৰি  যায় ৷  
 উদাহৰণস্বৰূপে  যিংকব্লেণ্ডৰ ( ZnS) ছালফাইডৰ  আকৰটোক ধাতুৰ অক্সাইডলৈ পৰিণত কৰি গাঢ়ীকৰণ কৰা হয় ৷ ইয়াৰ সমীকৰণটো হ'লঃ
     
                      2ZnS  +  3O2  ------>  2ZnO  +  2SO2

(4) (ক).ৰোধকতা কি? 

উত্তৰ ঃ একক  প্ৰস্থচ্ছেদৰ  এটুকুৰা  পদাৰ্থৰ  প্ৰতি  একক  দৈৰ্ঘ্যই  আগবঢ়োৱা  ৰোধকে   ৰোধকতা  বোলে ৷ 


      (খ)ধাতুৰ সক্ৰিয়তা কি? 


উত্তৰ ঃ ধাতুৰ  সক্ৰিয়তাই  ধাতু  সমূহক ৰাসায়নিকভাৱে  কম  সক্ৰিয়  , মজলীয়ভাবে  সক্ৰিয়  আৰু  অতি  সক্ৰিয়  শ্ৰেণীত বিভক্ত  কৰাকে বুজায় ৷ 


      (গ)ধাতুৰ ৰাসায়নিক ধৰ্মবোৰ কি? 


উত্তৰ ঃ  (ক) সকলো ধাতুৱে  বায়ুৰ  অক্সিজেনৰ  লগত  বিক্ৰিয়া  কৰি  ধাতৱ  অক্সাইড  উৎপন্ন  কৰে ৷
(খ) ধাতুৱে  পানীৰ  লগত  বিক্ৰিয়া  কৰি  ধাতৱ  অক্সাইড  আৰু  হাইড্ৰ'জেন  গেছ  উৎপন্ন  কৰে ৷
(গ) ধাতুৱে  এছিডৰ  সৈতে  বিক্ৰিয়া  কৰি  লৱণ  আৰু  হাইড্ৰ'জেন  গেছ  উৎপন্ন  কৰে ৷ 
  
      (ঘ)ধাতু আৰু অধাতুৰ ভৌতিক পাৰ্থক্য বোৰ লিখা ৷   

উত্তৰঃ
ধাতু অধাতু
(ক)ধাতুৰ পৃষ্ঠ চিকমিকিয়া ৷ (ক)অধাতুৰ পৃষ্ঠ খহটা ৷
(খ) ধাতুবোৰ সাধাৰণতে কঠিন (পাৰাৰ বাহিৰে ) ৷ (খ) সকলো অধাতু কঠিন নহয় ৷
(গ) ধাতুৰ নমনীয়তা গুণ আছ ৷ (গ) অধাতুবোৰ অনমনীয় ৷
(ঘ) ধাতুবোৰ ঘাতসহনীয়তা (ঘ) অধাতুবোৰ সাধাৰণতে ঘাতসহনীয়তা নহয় ৷
  


      (ঙ)ধাতুএ কিদৰে পানীৰ লগত বিক্ৰিয়া কৰে? [ সাধাৰণ বিজ্ঞান -দশম শ্ৰেণী ] 

উত্তৰ ঃ ধাতুৱে  পানীৰ  লগত  বিক্ৰিয়া  কৰি  ধাতৱ  অক্সাইড  আৰু  হাইড্ৰ'জেন  গেছ  উৎপন্ন  কৰে ৷
উদাহৰণস্বৰূপে  পটেছিয়াম  ধাতুৱে  পানীৰ  লগত  বিক্ৰিয়া  কৰি  পটেছিয়াম হাইড্ৰ'ক্সাইড আৰু হাইড্ৰ'জেন উৎপন্ন কৰে ৷ 
                2K  +  2H2O ------>  2KOH    +  H2

 👦 Ridip Das  📖-What  is  Tense ?  [English Grammar - Class 10 ]

Ans : A  tense  may  be  defined  as  that  form  of  a  verb  which  indicates  the  time  and  the  state  of  an  action  or  event . 

Kinds  of  Tense  : 
1. Present  Tense .
2. Past  Tense.
3. Future  Tense.
Again , kinds  of  present tense  : 
               1) Present  Indefinite Tense
           or
              Simple Present  Tense
            2) Present Continuous Tense
            3) Present Perfect Tense
            4) Present Perfect Continuous Tense
Again Kinds of  Past Tense  : 
           1) Past Indefinite Tense
                          Or
             Simple Past Tense
          2) Past Continuous Tense
          3) Past Perfect Tense
          4) Past Perfect Continuous Tense
Again,kinds of  Future Tense  :
      1) Future Indefinite Tense
                               Or
              Simple Future Tense
         2) Future Continuous Tense
         3) Future Perfect Tense

       4) Future Perfect  Continuous  Tense

👦 Hiranya Moran  📖-পঢ়াই পঢ়ে ৰোৱে পাণ এই তিনিয়ে নিচিন্তে আন   [অসমীয়া -দশম শ্ৰেণী ]

উত্তৰ ঃ মানুহৰ  নিজ নিজ কাৰ্যত সফলতা  লাভ কৰিবলৈ প্ৰয়োজন হোৱা একাগ্ৰতা গুণৰ কথা কবলৈ এই অসমীয়া ফকৰা - যোজনাটো  সাধাৰণতে  ব্যৱহাৰ  কৰা  হয় ৷   
পঢ়োৱা, পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিটা হ’ল গুৰুত্বপূৰ্ণ কাম। এই কামত সফলতা  লাভ কৰিবলৈ যিবোৰ গুণৰ দৰকাৰ, সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হ’ল আটাইতকৈ ডাঙৰ গুণ। একাগ্রতাভাৱে  কাম নকৰিলে এই কামবোৰত তথা আন কামতো সফলতা  লাভ কৰিব নোৱাৰি।  আমাৰ  ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কাৰ্যত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ণ নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষা-দান কাৰ্যত সিহঁতে বিফল হ'ব পাৰে ৷  ছাত্ৰ-ছাত্ৰীসকলওে সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰতাভাৱে লাগিব লাগে । তেহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানান জ্ঞানৰ অধিকাৰী হ’ব পাৰিব আৰু পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰিব । ঠিক একেদৰে  যিসকলে পাণ খেতি কৰে সিহঁতে পাণ খেতিত  নিয়মমিতভাৱে সাৰ-পানীৰ যোগান ধৰি থাকিব লাগিব। ন’হলে পাণ খেতিয়ে আশানুৰূপ ফল নিদিব পাৰে ৷ আচলতে , মানৱ  জীৱনৰ উন্নতিত একাগ্ৰতা গুণে বিশেষভাৱে সহায় কৰে আৰু এই গুণৰ অবিহনে জীৱনত উন্নতি সম্ভৱ নহয়।
👧 Sabita Kachop 📖 - কঠিন পানী কোমল কৰা কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যোগটোৰ নাম কি? ?[ সাধাৰণ বিজ্ঞান - দশম  শ্ৰেণী ]

উত্তৰঃ ছ'ডিয়াম কাৰ্বনেট ৷ 


👧 Sanu  📖 - ৰাসায়নিক বিক্ৰিয়া কাক বোলে  ?[ সাধাৰণ বিজ্ঞান - দশম  শ্ৰেণী ]

👧 Siza  Ahmed  📖 -

1.ধাতু বিদ্যা কি?ইয়াৰ স্তৰ কেইটা কি কি? আলোচনা কৰা। 


উত্তৰ ঃ  ৰসায়ন বিজ্ঞানৰ  যিটো  শাখাত  ধাতুবিলাকৰ  উৎস , ধাতুৰ আহৰণ ,আকৰৰ  গাঢ়ীকৰণ , ধাতু নিষ্কাশন  তথা ধাতুৰ শোধনৰ  বিষয়ে  বিশদভাৱে  আলোচনা  কৰি জ্ঞান আহৰণ কৰা  হয়  , ৰসায়ন বিজ্ঞানৰ এই অধ্যয়নকে   ধাতুবিদ্যা বোলে ৷ 

ইয়াৰ  স্তৰ  কেইটা  হ'ল ঃ 
(ক) আকৰৰ  গাঢ়ীকৰণ ঃ
আকৰ  এটাক  খনিৰপৰা  আহৰণ  কৰোতে  মাটি , বালি, বোকা , শিল , চূণশিল  আদি  বহুতো অশুদ্ধি মিহলি  হৈ থাকে ৷ এই  খনিজ  মলবোৰ  আঁতৰাই  আকৰ  বিশুদ্ধ  কৰাকে  আকৰৰ  গাঢ়ীকৰণ কৰা হয় ৷ খনিজমলৰ  পৰিমাণ আৰু  আকৰৰ  ৰাসায়নিক আৰু  ভৌতিক  ধৰ্মৰ  ওপৰত  ভিত্তি কৰি  আকৰৰ  গাঢ়ীকৰণ কৰা  হয়  ৷ আকৰৰ গাঢ়ীকৰণৰ  কেইটামান পদ্ধতি  দিয়া হ'ল ঃ
(a) ফেন ওপঙন পদ্ধতি
(b) চুম্বকীয়  পৃথকীকৰণ
(c) নিক্ষালন
(খ) গাঢ়  আকৰক  ধাতুৰ  অক্সাইডলৈ  পৰিৱৰ্তন ঃ
ধাতুৰ  অক্সাইড  সহজে  বিজাৰিত  কৰি  ধাতুটো  পাব  পাৰি ৷ সেইকাৰণে কাৰ্বনেট  আৰু  ছালফাইড আকৰবোৰক  প্ৰথমে  অক্সাইডলৈ  পৰিৱৰ্তিত  কৰি  লোৱা  হয় ৷ ইয়াক দুটা পদ্ধতিৰে  কৰা হয় ঃ
(a) দগ্ধীকৰণ
(b) তাপজাৰণ
(গ) ধাতুৰ  অক্সাইডৰপৰা  ধাতুটোৰ  আহৰণ ঃ
বিজাৰণ পদ্ধতিৰদ্বাৰা  গাঢ়  ধাতৱ  যৌগক  ধাতুলৈ  পৰিৱৰ্তিত  কৰা  হয় ৷ ধাতু  এটাৰ  সক্ৰিয়তাৰ  ওপৰত  বিজাৰণ পদ্ধতিটো  নিৰ্ভৰ  কৰে  ৷ ইয়াৰ  পদ্ধতি দুটা  হ'লঃ
(a) কাৰ্বন  বিজাৰণ
(b) বিদ্যুত  বিজাৰণ
(ঘ) ধাতুৰ  শোধন ঃ
ধাতু  এটাক  ইয়াৰ  আকৰপৰা  নিষ্কাশন  কৰাৰ  পিছত  তাত  অন্য  ধাতু  , কাৰ্বন , ফছফৰাছ , অক্সাইড আদি  কিছুমান  অশুদ্ধি  থাকি  যায়  ৷ অশুদ্ধ  ধাতু  এটাৰপৰা  এই  পদাৰ্থবোৰক  আঁতৰ  কৰাকে  ধাতুৰ  শোধন  বুলি  কোৱা  হয় ৷ ধাতুবোৰৰ  ৰাসায়নিক আৰু  ভৌতিক  ধৰ্মৰ  ওপৰত  ভিত্তি  কৰি  ধাতুবোৰৰ  শোধন  কৰাৰ পদ্ধতি  বিভিন্ন  হ'ব পাৰে ৷ ইয়াৰে  দুটা  পদ্ধতি  তলত  উল্লেখ  কৰা  হ'ল ঃ
(a) পাতন
(b) বিদ্যুত  বিশ্লেষণ  পদ্ধতি ৷

2.ফেন ওপঙণ পদ্ধতিটো বৰ্ননা কৰা ৷

উত্তৰ ঃ

উত্তৰ ঃ 


3.আয়নীয় যৌগ কি?ইয়াৰ ধৰ্ম লিখা।


উত্তৰ ঃ ইলেক্ট্ৰ'যোজী  বান্ধনি  থকা  যৌগবোৰক  আয়নীয়  যৌগ  বোলে  ৷  ইয়াৰ ধৰ্ম হ'ল ঃ

(ক) ই আয়নৰ  দ্বাৰা  গঠিত  ৷


(খ) ই  এক  স্ফটিকাকাৰ  গোটা  পদাৰ্থ  ৷


(গ) ই  অতিশয়  কঠিন  আৰু  থুনুকা 


(ঘ) ইয়াৰ   ঘনত্ৱ  অতি  বেছি ৷


(ঙ) গলনাংক  আৰু  উতলাংক অতি  বেছি ৷


(চ) ই বিদ্যুত  পৰিবহণ কৰে ৷


(ছ) পানীত  দ্ৰৱণীয়  কিন্তু  জৈৱ  দ্ৰাৱক ৷


 4.আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক কিয় বেছি?  ?[ সাধাৰণ বিজ্ঞান - দশম  শ্ৰেণী ]

উত্তৰ ঃ কাৰণ ইহঁতৰ  আন্তঃআয়নীয়  বিদ্যুতস্থিতীয়  আকৰ্ষণ বল  অতি  বেছি ৷

👦 ইকৰামুল হক  📖-পৰিৱেশ বুলিলে কি বুজা ?  [ভূগোল  - Class 10 ]

উত্তৰ ঃ পৰিৱেশ  বুলিলে  আমি  কোনো  জীৱ বা  জীৱ-সম্প্ৰদায়ৰ  চাৰিওফালৰ  অৱস্থাকে  বুজায় ৷ চাৰিওফালৰ  অৱস্থাই  জীৱ বৰ্তি  থাকিবৰ বাবে  আৱশ্যকীয়   সকলো উপাদানকে  সামৰি  লয় ৷ এই  উপাদানসমূহ জৈৱ  অৰ্থাৎ জীৱমণ্ডলৰ  অন্তৰ্গত  আৰু  আনটো  অজৈৱ  যেনে : মাটি , বায়ু , পানী ইত্যাদি  উপাদানৰ  ভিতৰত  পৰে ৷

👧 Miss Nibedita bezbaruah 📖 - (1) অসামৰিক সেৱাত কেনেকৈ ভাৰতীয় সকল অন্তর্ভুক্ত হৈছিল?[ বুৰজ্ঞী -নৱম  শ্ৰেণী ] 

উত্তৰ ঃ ইংৰাজ  সকলৰ  শাসন  কালত  আমাৰ  ভাৰতবৰ্ষত  অসামৰিক  সেৱাৰ  পদসমূহ  কেৱল  ইংৰাজৰদ্বাৰাহে  পূৰণ কৰা হৈছিল ৷ কিন্তু ভাৰত  চৰকাৰৰ পৰিচালনাৰ  দায়িত্ব ইংৰাজসকলৰ  হাতত  যোৱাৰ  পাছত  এই  সেৱাত  ভৰ্তি  হ'বলে  ভাৰতীয়সকলেও  আগ্ৰহ  প্ৰকাশ  কৰিছিল ৷ এই আগ্ৰহক  লক্ষ্য  ৰাখি উনবিংশ শতিকাৰ সত্তৰৰ  দশকৰ  পৰা  ভাৰতীয়সকলকো লোকসেৱাৰ  পদত নিযুক্ত  দিয়াৰ  ব্যৱস্থা কৰা  হৈছিল ৷ ১৭৯৩ খ্ৰীষ্টাব্দত নিয়ন্ত্ৰণকাৰী  আইন  অনুসৰি  ভাৰত  প্ৰশাসনৰ উচ্চ পদসমূহ কোম্পানীৰ  অংগীকাৰবদ্ধ  কৰ্মচাৰীৰ  বাবে  সংৰক্ষিত  কৰাৰ নিয়ম  বলৱৎ  কৰা  হৈছিল ৷
১৮৩৩ খ্ৰীষ্টাব্দত  ডেপুটি  মেজিষ্ট্ৰেট  আৰু  ১৮৪৩ খ্ৰীষ্টাব্দত ডেপুটি  কালেক্টৰ  নামৰ  দুটা  পদবীৰ  সৃষ্টি  কৰি  দুয়োটা  পদবীৰ  বাবে  ভাৰতীয়  ব্যক্তি  উপযুক্ত  হ'ব বুলি জানিবলৈ দিছিল ৷
১৮৫৩ খ্ৰীষ্টাব্দৰ চনদে লোকসেৱাৰ  বাবে  প্ৰতিযোগিতামূলক  পৰীক্ষা  অনুষ্ঠিত কৰাৰ  বাবে  নিৰ্দেশ  দিছিল ৷ ভাৰতীয়  লোককো  এই  পৰীক্ষাত  অৱতীৰ্ণ হোৱাৰ  বাবে  অনুমতি  দিছিল ৷ কিন্তু  এই  পৰীক্ষা ইংলেণ্ডত  অনুষ্ঠিত  হোৱা  বাবে  অতি  সামান্য সংখ্যক ভাৰতীয়হে  ইয়াত  অৱতীৰ্ণ  হ'ব  পাৰিছিল ৷ ১৮৬৪ খ্ৰীষ্টাব্দত  প্ৰথমজন  ভাৰতীয়  ব্যক্তি সত্যেন্দ্ৰ  নাথ ঠাকুৰে  লোকসেৱাৰ  পদবী  লাভ  কৰিছিল ৷
ভাইচৰয়  লৰ্ড  লিটনৰ  ভাৰতীয়  লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স  ২১  বছৰৰ  পৰা  ১৯  বছৰলৈ  হ্ৰাস কৰিছিল ৷ পিছত  ইয়াৰ  বিৰুদ্ধে  সুৰেন্দ্ৰ নাথ  বন্দোপাধ্যায়ে  গঢ়ি  তোলা  তীব্ৰ  জনজাগৰণৰ  ফলত  ইংলেণ্ডৰ  চৰকাৰে পৰীক্ষাৰ্থীৰ  বয়স ২২ কৰিবলৈ  বাধ্য হয় ৷
ভাৰতীয়  জাতীয়  কংগ্ৰেছে জন্মলগ্নৰে  পৰা  লোক সেৱাৰ  পৰীক্ষাসমূহ  ইংলেণ্ড  আৰু  ভাৰতত  একেলগে- অনুষ্ঠিত  কৰিবলৈ  দাবী  জনাই  আহিছিল কিনতু  সফল  হোৱা নাছিল ৷ আকৌ মন্টেগু চেমচফোৰ্ড  প্ৰতিবেদনে  ইংলেণ্ড  আৰু  ভাৰতত  একেলগে  লোকসেৱাৰ  পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ  এটা  ঘোষিত  নীতি  বুলি  প্ৰকাশ  কৰিছিল ৷ এই  প্ৰতিবেদনে  ভাৰতবৰ্ষৰ  মুঠ  তিনিভাগৰ  এভাগ পদবি দেশীয়  লোকৰ  দ্বাৰা পূৰণ হ'ব  বুলিও  ওল্লেখ  কৰিছিল ৷
  ১৯২৩ খ্ৰীষ্টাব্দত ভাৰত চৰকাৰ  আইনৰ  নিৰ্দেশনা অনুসৰি  ইংৰাজ  চৰকাৰে  লী  আয়োগ  গঠন  কৰিছিল ৷ এই  আয়োগে  ভাৰতবৰ্ষত লোকসেৱা  আয়োগ গঠনৰ  প্ৰস্তাৱ আগবঢ়াইছিল  আৰু ১৫ টা  বছৰৰ  ভিতৰত  ভাৰতীয় লোকৰ  নিযুক্তিৰ  পৰিমাণ ৫০ শতাংশলৈ  বৃদ্ধি  কৰিবলৈ  উপদেশ  দিছিল ৷ কিন্তু এয়াও সফল হোৱা  নাছিল ৷ ভাৰতবৰ্ষ  স্বাধীন  হোৱাৰ পাছত  লোকসেৱাত নিয়োগৰ  পুৰণি  পদ্ধতি  অৱলুপ্তি  ঘটিছিল ৷ সৰ্বভাৰতীয়  পৰ্যায়ত  মুকলি  প্ৰতিযোগিতামূলক  পৰীক্ষা অনুষ্ঠিত  কৰাৰ  ব্যৱস্থা  কৰা  হ'ল ৷ 

(2) ইনছেলবাৰ্গ  কি ? 

উত্তৰ ঃ জাৰ্মান শব্দ ইনছেলবাৰ্গৰ  অৰ্থ  হৈছে  দ্ৱীপৰ  দৰে  অকলশৰীয়া পৰ্বত  ৷ সাধাৰণতে  মৰুভূমিত  চকুত  পৰা  বিশেষ  আকৃতিৰ  ক্ষয়  প্ৰাপ্ত চাপৰ  পাহাৰবোৰেই  ইনছেলবাৰ্গ ৷ 

(3)  Lionel  Robins  ৰ  সংজ্ঞাটো  কি ? 

উত্তৰ ঃ  Lionel  Robins  ৰ  মতে  যি  বিজ্ঞানে  মানুহৰ  আচৰণক  মানুহৰ  অপৰিসীমা আশা আৰু  ইয়াৰ  বিপৰীতে  বিকল্পভাৱে  ব্যৱহাৰ  কৰিবলগীয়া  সীমিত  সম্পদৰ  মাজৰ  সম্পৰ্ক  হিচাপে  অধ্যয়ন  কৰে  সিয়েই  অৰ্থনীতি ৷  

👦 অয়ন চাংমাই  📖-ধাতুৰ  ৰাসায়নিক  ধৰ্মসমূহ  কি  কি ?  [বিজ্ঞান  - Class 10 ]

উত্তৰ ঃ (ক) সকলো ধাতুৱে  বায়ুৰ  অক্সিজেনৰ  লগত  বিক্ৰিয়া  কৰি  ধাতৱ  অক্সাইড  উৎপন্ন  কৰে ৷
(খ) ধাতুৱে  পানীৰ  লগত  বিক্ৰিয়া  কৰি  ধাতৱ  অক্সাইড  আৰু  হাইড্ৰ'জেন  গেছ  উৎপন্ন  কৰে ৷
(গ) ধাতুৱে  এছিডৰ  সৈতে  বিক্ৰিয়া  কৰি  লৱণ  আৰু  হাইড্ৰ'জেন  গেছ  উৎপন্ন  কৰে ৷ 
  
👦 Jintu Moni   📖-যদি x+iy=(a+ib)(a+ib)তেন্তে x^2+y^2 ৰ মান উলিওবা।  [উচ্চ গণিত  - Class 10 ]

সমাধান : 




👧 Prajna Devi Bhuyan 📖 - অসমীয়া তথাপিও শব্দৰ ইংৰাজী অৰ্থ কি ?[ SOCIOLOGY - BA 2ND SEM ]

উত্তৰ ঃ  Still 

👧 Anwesha Mahanta 📖 - What presented a magnificent view ?[ English - class 10 ]

Ans :  The green Tea bushes presented a magnificent view.


👧 Naanchi  Haloi 📖 - উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়  ?[ সাধাৰণ বিজ্ঞান  - class 10 ]

উত্তৰ ঃ হৰম’ন নামৰ ৰাসায়নিক যৌগৰ জৰিয়তে উদ্ভিদৰ ৰাসায়নিক সমন্বয় সংঘটিত হয় ৷ এই হৰম’নে ব্যাপন প্ৰক্ৰিয়াৰে উ্ভিদদেহৰ সকলোবোৰ কোষত উপনীত হয়৷ উদ্ভিদত ৰাসায়নিক সমন্বয়ে উদ্ভিদৰ চলনক দুই প্ৰকাৰে প্ৰভাৱিত কৰে :
(i)                  উদ্ভিদৰ বৃদ্ধি প্ৰভাৱিত কৰা চলন ৷
(ii)                উদ্ভিদৰ বৃদ্ধি প্ৰভাৱিত নকৰা চলন, কিন্ত্ত কোষত পানীৰ পৰিমাণ সলনিৰে উদ্ভিদৰ আকৃতি প্ৰভাৱিত কৰা ৷ উদাহৰণস্বৰূপে :
কেইবিধমান উদ্ভিদ হৰম’ন হৈছে অক্সিন, জিবাৰেলিন, এবচাইচিক এছিড৷

📖 এষ্টাৰিভৱন  বিক্ৰিয়া  কাক বোলে ? 

উত্তৰঃ ইথানয়িক  এছিড (এচেটিক এছিড -CH3COOH) আৰু নিৰূদিত ইথানল ( এলকহ'ল- CH3CH2OH) ৰ মাজত এছিড অনুঘটকৰ ( গাঢ় ছালফিউৰিক এছিড -H2SO4) ৰ উপস্থিতিত বিক্ৰিয়া  ঘটি এষ্টাৰ  উৎপন্ন  হোৱা বিক্ৰিয়াক এষ্টাৰিভৱন বিক্ৰিয়া বোলা হয় ৷ 

📖 মল কাক  বোলে ? 

উত্তৰঃ কঠিন পানীত থকা  কেলছিয়াম বা মেগনেছিয়াম  লৱণৰ লগত চাবোনৰ ক্ৰিয়া হ'লে যি অদ্ৰৱণীয় পদাৰ্থৰ সৃষ্টি হয় তাকে মল বোলে ৷ 

📖 অপমাৰ্জক কাক বোলে ? 

উত্তৰঃ দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এছিডৰ এম'নিয়াম আৰু ছালফ'নেট লৱণক  অপমাৰ্জক বোলে ৷ 

📖 কাপোৰত  থকা  মলবোৰ  কি  হাইড্ৰ'কাৰ্বন ?

উত্তৰঃ COMING SOON.

👧 Binu  Saikia  📖 - বহলাই আলোচনা কৰা - (ক) মানৱ সম্পদৰ উন্নয়নৰ বাবে লবলগীয়া ব্যৱস্থাৱলী । ?[ সমাজ বিজ্ঞান  - class 8]

উত্তৰঃ মানৱ  সম্পদ  উন্নয়নৰ  মূল  চালিকা  শক্তি  হৈছে  স্বাস্থ্য  , উপযুক্ত  শিক্ষা আৰু  প্ৰশিক্ষণ ৷ এই  তিনিটাৰ ওপৰত  ভালদৰে  ব্যৱস্থা  গ্ৰহণ  কৰিলে  মানৱ  সম্পদৰ  বিকাশ হ'ব ৷ ইয়াক  কেনেদৰে  ব্যৱস্থা  গ্ৰহণ  কৰিব  লাগিব  তলত  আলোচনা  কৰা  হ'লঃ 

(ক) স্বাস্থ্যঃ জীৱনৰ  প্ৰত্যাশা , জন্মকালীন  শিশুৰ  মৃত্যু  আৰু প্ৰতিষেধক  টিকাকৰণৰ  হাৰ  ইত্যাদি  স্বাস্থ্যৰ তলত  অন্তৰ্ভূক্ত ৷ এটা শিশু  জন্মৰ পাছৰ  পৰা  কিমান  বয়সলৈ  সুস্থ , সবলভাৱে  জীয়াই  থাকে  তাক  জীৱন প্ৰত্যাশাই  নিৰ্ণয়  কৰে ৷ এই  জীৱন প্ৰত্যাশা ঠিক কৰিবলৈ  হ'লে   আমাৰ  ব্যায়াম , পুষ্টিকৰ  আহাৰ   লগতে  সময়ত শুৱা-উটা আদি ঠিক থাকিব লাগে ৷ লগতে  বেমাৰ আজাৰ হ'লে সঠিক চিকিৎসা হ'ব  লাগিব তেহে  জীৱনৰ  প্ৰত্যাশাৰ পৰিমাণ বেছি হ'ব ৷ এই প্ৰত্যাশা  যিমানেই  বেছি হ'ব মানুহক  সম্পদলৈ  ৰূপান্তৰ  কৰাৰ হাৰো  সিমানেই  বেছি  হ'ব ৷ জন্মকালীন  শিশুৰ  মৃত্যুৰ হাৰ  হ্ৰাস  কৰিবলৈ  শিশুৰ  মাতৃ  আৰু  লগতে  শিশু  হুষ্ট-পুষ্ট  হ'ব  লাগিব  আৰু  তাৰ  বাবে  সময়মতে  ডাক্তৰ  তথা চৰকাৰে আগবঢ়োৱা  স্বাস্থ্যৰ পৰামৰ্শ মানিব  লাগিব ৷ অন্য  দেশৰ  তুলনাত  আমাৰ  অসমত  শিশুৰ  মৃত্যুৰ  হাৰ সৰ্বাধিক ৷ 

(খ) শিক্ষাঃ গুণগত  শিক্ষা  মানৱ  সম্পদ  উন্নয়নৰ  প্ৰাথমিক  কাৰণ  ৷ শিক্ষা  ব্যৱস্থা  সঠিক  হলেহে উন্নত  মানৱ  সম্পদ  তৈয়াৰ  হোৱা  হয় ৷ প্ৰকৃত  শিক্ষাই  মানুহক জ্ঞান  আৰু  দক্ষতা  দুয়োটা  বৃদ্ধি  কৰে ৷ শিক্ষা  ব্যৱস্থা  সঠিক  হ'বলৈ  হলে  আমাৰ  শিক্ষাখণ্ডৰ  আন্তঃগাথনি  ভাল  হোৱাৰ  উপৰিও  শিক্ষা  খণ্ডত থকা  মানৱ  সম্পদ  সমূহৰ  ভাল যোগ্যতা  থাকিব  লাগিব ৷  শিক্ষা  সাং  কৰাটো  কেৱল চাকৰমুখী  নহৈ জ্ঞান  আৰ্জনমুখী  হ'ব  লাগিব  তেহে আচল শিক্ষা  গ্ৰহণ  কৰা হ'ব ৷ ইয়াৰ  বাবে  চৰকাৰৰ  লগতে  জনসাধাৰণে  উপযুক্ত  শিক্ষাৰ  ক্ষেত্ৰত অধিক  গুৰূত্ব  দিব  লাগিব ৷ যি  দেশত  শিক্ষিতৰ  হাৰ অধিক  সেই  দেশত  মানৱ  সম্পদৰ  মানো  উন্নত ৷ 
       মুল শিক্ষাৰ  উপৰিও  কাৰিকৰী  শিক্ষাৰ  ওপৰতো অধিক গুৰুত্ব  আৰোপ  কৰিব  লাগিব যেনে ঃ মটৰ মেকানিক , কাঠমিস্ত্ৰী , ৰাজমিস্ত্ৰী , পেইণ্টাৰ , মবাইল মেকানিক  আদিত  অধিক গুৰুত্ব  আৰোপ  কৰিব  লাগিব ৷ অৰ্থাৎ বৃত্তিমূলক  শিক্ষাৰ  ক্ষেত্ৰত  আমি  ধাৱমান হ'ব লাগিব ৷ এই  শিক্ষাবোৰ  আমাৰ  সমাজত  কিমান প্ৰয়োজনীয়  , ইয়াৰ বিষয়ে কিতাপ-পত্ৰত পাঠসহকাৰে অন্তৰ্ভুক্ত  কৰাব লাগে ৷ তেহে এই  শিক্ষাৰ  জনপ্ৰিয়তা  বাঢ়িব আৰু  মানৱ  সম্পদ  টনকিয়াল  হ'ব ৷  
(গ) প্ৰশিক্ষণ : শিক্ষা  খণ্ডত  আৰু  স্বাস্থ্য  খণ্ডত  নিযুক্ত  হৈ থকা সকলো  মানৱ  সম্পদক নিয়মিত  ভাৱে  প্ৰশিক্ষণ  দি  থকাটো  উচিত  ৷ এই  নিয়মিত  প্ৰশিক্ষণে  মানৱ  সম্পদৰ  বিকাশৰ  স্তৰটো  আৰু  অধিক  বিকাশ  কৰি  তুলিব ৷ ইয়াৰ  বাবে  চৰকাৰে তথা  প্ৰশিক্ষণ  প্ৰতিষ্ঠান সমূহ  নিয়মিত ভাৱে  আচনি ৰূপায়ন কৰিব  লাগে  আৰু  সুচাৰুৰূপে  সেই  আঁচনিসমূহ সময়মতে  পূৰ কৰিব  লাগে ৷ 

        এই  ওপৰৰ  তিনিটা  খণ্ড  ভাল  হলে  আমাৰ  জনমূৰি আয়  বৃদ্ধি  হ'ব  আৰু  এই  জনমূৰি  আয়  বৃদ্ধি  পোৱাটোও  মানৱ সম্পদৰ  এক  নিখুত  সূচক ৷ 
       
👧 Kaniska Rabha 📖 - আহাৰত থকা মূখ্য উপাদান কেইটা কি কি   ?[ সাধাৰণ বিজ্ঞান  - class 10 ]

উত্তৰঃ  (ক) কাৰ্বহাইড্ৰেট  (খ) প্ৰ'টিন  (গ) লিপিড বা স্নেহ পদাৰ্থ (ঘ) খনিজ লোণ (ঙ)পানী (চ) ভিটামিন


👧 Jupitora Deka 📖 - নাৰিকলৰ আহঁৰে তৈয়াৰী দুটা সামগ্ৰীৰ নাম লিখা   ?[  বিজ্ঞান  - class 6 ]


উত্তৰঃ  (ক) ৰছী   (খ) মেট

👦 Biki Nath  📖- শব্দ সমীকৰণ কি ? ?  [সাধাৰণ বিজ্ঞান  - Class 10 ]

উত্তৰঃ এটা ৰাসায়নিক ঘটনাক তথা সমীকৰণক যেতিয়া শব্দৰ  সহায়ত প্ৰকাশ কৰা হয় তাকে শব্দ সমীকৰণ বোলে ৷ 

👧  📖 - জলানুবেগী চলন কাক বোলে  ?[ সাধাৰণ বিজ্ঞান  - class 10 ]

উত্তৰঃ পানীৰ উদ্দীপনৰ বাবে উদ্ভিদৰ যি  চলন হয় তাকে  জলানুবেগী বোলা হয় ৷ 

👧 Maliha Naushin 📖 - পোহৰৰ দ্ৰুতি কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?  ?[ সাধাৰণ বিজ্ঞান  - class 10 ] 

উত্তৰঃ  (ক) মাধ্যমৰ ওপৰত (খ) তৰংগদৈৰ্ঘ্যৰ ওপৰত 



👦 Debojit Risong  📖- অক্সিজেন আৰু বৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশেষণ কৰাত 0.096g বৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা ?  [সাধাৰণ বিজ্ঞান  - Class 9 ]

উত্তৰঃ 



👦 Nik Boruah 📖- অপুষ্পক উদ্ভিদৰ উদাহৰণ দিয়া  [বিজ্ঞান -Class 3 ] (id-93)
উত্তৰঃ  আদা , এল'বেৰা 

👦 Rahul Boro 📖- এটা সমান্তৰ প্ৰগতিত 50 টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষ পদটো 106। 29 তম পদটো নিৰ্ণয় কৰা।  [গণিত -Class 10 ] (id-122)

সমাধানঃ



or  Download pdf here 


👧 Urmila Dutta  📖 - কবিয়ে কিয় মৰাৰ পিছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা?   ?[  অসমীয়া  - class 10 ] [id 121]

উত্তৰঃ  মোগলে অসমলৈ উভতি চাই দেখিলে অসমৰ চৌদিশে  ধূসৰ পাহাৰ আৰু ইয়াৰ প্ৰতিটো বনৰ পাত জাংফাই , মিনাকৰা আৰু ৰূপৰে জাতিষ্কাৰ  হৈ আছে ৷ ইয়াত থকা দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা আছে যিবোৰ ভৰিৰ গচকত ভাগি যায় ৷ অসমৰ মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা বনায় আৰু ভৰি ধোৱে পোৱালৰে ভৰা দলঙত ৷  অসমীয়া মানুহে বাঘ-নখৰে বনোৱা পিন্ধে খাৰু আৰু ভৰিৰ আঙুঠি আৰু ম'হৰ -শিংঙৰ  পেঁপা বজায় ৷ অসমৰ স্বৰ্গদেউসকল হাঁহ -কণী , চাউলেৰে দেউল সজায় ৷ নদীৰ বালিত ভৰা  সোণ গচকত ভাগি  গুড়ি হয় ৷ পুঠি মাছে কাণত পিন্ধে সোণৰ থুৰীয়া আৰু ভেকুলীয়ে ফোঁট লৈ সজায় নিজকে সুৱাগী ( তিৰোতা) ৷ অসমৰ নিষ্কৰ্মা  ধোদৰ দলেও  ৰাজ আলি বান্ধে আৰু পিঠা গুড়িৰে দ'ল সাজে ৷ বাৰটি সাগৰ খানি আৰু ৰংঘৰ -কাৰেংঘৰ ৰচে বননিত ৷ হীৰা-মণি অসমৰ ভূমিৰ ধূলিত বাগৰে আৰু মাটিৰ চৰুত জুখি জুখি সোণচৰু ৰূপচৰু ঘৰে ঘৰে দিয়ে ৷ এনেকুৱা সোণ-ৰূপৰে ভৰি থকা দেশ আৰু য'ত অসমৰ গীত শুনি শিলো পমি যায় , এনে দেশ কবিয়ে কতো দেখা নাই ৷

                অসমৰ   সকলো  ৰূপ  দেখি  মোগলে  অসমতে  বন্দী  হ'ল  লগতে আহোমক  নিজৰ ৰজা হিচাপে  গ্ৰহণ কৰিলে আৰু কামৰূপক  নিজৰ  দেশ  হিচাপে  স্বীকাৰ  কৰিলে ৷ অসমৰ  হকে  যুঁজিম আৰু  অসমৰ  হকে  মৰিম  বুলি  নিজেই  প্ৰতিজ্ঞাবদ্ধ  হ'ল ৷ সিদিনাৰপৰাই  তেওঁলোক অসমৰ অসমীয়া বুলি কলে  আৰু ধৰ্ম তথা জাতিক অসমীয়া প্ৰাণৰ আপোন বুলি  গ্ৰহণ কৰিলে ৷ অসমৰ ভূমিতেই সুখৰ সপোন চালে আৰু জীয়াই  থাকোঁতেই  এই  পৃথিৱীতেই চিৰদিন অসমীয়া হৈ মৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল ৷ আনকি মৰাৰ পাছত পুনৰ কেতিয়াবা আহিলে কবিয়ে স্মিৰিতৰ  ইতিহাস অসমৰ অসমীয়া হৈ আহিব ৷ অসমীয়া  ভাষা , কথা  আৰু গীত সকলোবোৰ  নিজৰ  আপোন  বুলি  কলে আৰু এই গীত -মাতেৰে কবিৰ হৃদয়  উপচে ৷ জনমৰ লগে লগে তেওঁ  অসমীক আই  বুলি  মাতে আৰু  যিদিনা তেওঁ মুদিব সিদিনাও  অসমী আইক নিজৰ দু-ওঁঠৰে যাওঁ  বুলি  কৈ থৈ  যাব ৷ মৃত্যুৰ  পাছত কবিয়ে সৰগৰপৰা  যদি  তেওঁ তেওঁৰ  নাম মৰতত থকা মানুহসকলৰ পৰা অসমীয়া  সুৰত শুনি  পায় তেতিয়াও  তেওঁ এই  অসমীয়া ভাষাক চিনি পাব আৰু বুজি পাব ৷ তেওঁ  সৰগৰ  গীত এৰি  হলেও, অসমৰ  সুৰীয়া  গীতটো  দুকাণ  পাতি  শুনিব ৷ জীৱনে মৰণে  তেওঁ  চিৰদিন অসমীয়া হৈ  থাকিব  লগতে তেওঁৰ দেহ -প্ৰাণ -মন  অসমীয়া হৈ  থাকিব ৷ জীয়াই  থকা সময়তো  তেওঁ  অসমৰ  অসমীয়া আৰু  মৰিলেও  অসমৰ  অমিয়া  মৰণ হৈ  থাকিব ৷
       সেইবাবে কবিয়ে মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে ৷


👧 ৰিমলী হাজৰিকা  📖 - শাখা শৃংখল কাক বোলে   ?[  বিজ্ঞান  - class 10 ] [id 120]

উত্তৰঃ কেটিনেচন ধৰ্মৰ বাবে কাৰ্বন পৰমাণু এটাই আন কাৰ্বন পৰমাণুৰ সৈতে সংলগ্ন হৈ যি শৃংখল গঠন কৰে তাকে শাখা শৃংখল বোলা হয় ৷ 


👧 Tenisha Borah  📖 - জুলীয়া আধাৰ দ্ৰব্য থকা সংযোগক কলা বিধৰ নাম কি?[  বিজ্ঞান  - class 9 ] [id 124]

উত্তৰঃ সংযোজক কলা ৷ 

👧 Deeplima dutta  📖 - সম্পদ সংৰক্ষণৰ দুটা লক্ষ্য কি??[ সমাজ  বিজ্ঞান  - class 10 ] [id 126]

উত্তৰঃ (ক) আমাৰ পৰিৱেশত সীমিত সম্পদ আছে আৰু এই সীমিত সম্পদক যদি আমি একেৰাহে ব্যৱহাৰ কৰি থাকো তেন্তে এদিন পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব আৰু পিছৰ নৱপ্ৰজন্ম বহুত ডাঙৰ সমস্যাত ভূগিব ৷ সেইবাবে সম্পদ সংৰক্ষণ কৰা উচিত ৷ সম্পদসমূহৰ বিকল্প ব্যৱহাৰ বাবে আগবঢ়া উচিত ৷ 

            (খ) জনসংখ্যা ক্ৰমবৰ্দ্ধমান গতিত বাঢ়ি গৈ আছে ,ফলস্বৰূপে এই সীমিত সম্পদৰ ব্যৱহাৰ একে গতিতেই বাঢ়ি গৈ আছে ৷ মানুহে বাধ্যতাভাবে এই সম্পদ ব্যৱহাৰ কৰিছে ৷ যদি বিকল্প ব্যৱহাৰ নাথাকে তেন্তে অনাগত দিনত মানুহৰ বহুত সমস্যা হ'ব ৷ সেয়ে সম্পদ সংৰক্ষণ কৰিব লাগে ৷ 

👦 Ajay 📖- Anurag said to Anu ,you are a lazy girl.  ( Narration Change ) [English Grammar -Class 8 ] (id-130)

Ans : Anurag told Anu that she was a lazy girl. 

👦 Ashadur Rahman Laskar 📖- ধাতুগুলোর মধ্যে কী সবচেয়ে সুপরিবাহী? ( G. Science ) [ -Class 10 ] (id-131)

 Ans : ধাতুগুলোর মধ্যে  সবচেয়ে  ৰূপ সুপরিবাহী  ৷ 

👧 Neelakshi handique  📖 - H2O SO4 আম্লিক কিন্তু C2H6OH আম্লিক নহয় কাৰণ দৰ্শোৱা[  বিজ্ঞান  - class 10 ] [id 133]

উত্তৰঃ

👦 Mustafizur  Rahman  📖- 
তেওঁ পাচ বছৰ ধৰি বিদ্যালয় লৈ গৈ আছে   [English - translate into  english - class 9  ] id no -345 

Ans : He  has been going to school for  five years. 


👦 Mustafizur  Rahman  📖-  সংকৰ ধাতু বুলিলে কি বুজা ?    [ - SCIENCE - class 9  ] id no -344

উত্তৰঃ  দুটা বা ততোধিক ধাতু বা ধাতু আৰু আৰু  সমসত্ব গোটা মিশ্ৰণকে সংকৰ  ধাতু  বোলা হয় ৷ সংকৰ ধাতুত  ব্যৱহাৰ  কৰা  অধাতুবোৰ  সাধাৰণতে কাৰ্বন, ছিলিকন আৰু ফছফৰাছ ৷

সংকৰ ধাতু প্ৰধানকৈ  দুই  প্ৰকাৰৰ:  

(ক) লৌহ  সংকৰ  ধাতু: আইৰণ থকা সংকৰ ধাতুবোৰক লৌহ সংকৰ  ধাতু বোলা হয় ৷ যেনেঃ নিষ্কলংক তীখাত   Fe , Cu  , Mo , Cr , Ni , আৰু C  থাকে ৷ 

(খ) অলৌহ সংকৰ ধাতু:  আইৰন নথকা সংকৰ ধাতুবোৰক  অলৌহ সংকৰ  ধাতু বুলি  কোৱা  হয় ৷ যেনেঃ পিতল  হৈছে  Cu  আৰু Zn ৰ সংকৰ  ধাতু ৷ 


👦 Abusahil  📖-  যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে, তেতিয়া ই কেনেদৰে লাভাম্বিত হ'ব?    [ - SCIENCE - class 10  ] id no -392

উত্তৰঃ  ইয়াত ক্লিক কৰাঃ  https://asm.ggkcedu.com/2019/09/ncert-solution_25.html

👦 Sakib  📖-  what is atom ? পৰমাণু কি ?    [ - SCIENCE - class 10  ] id no -393

উত্তৰঃ The  building  blocks of  all  matter  are  called  atoms. 
সকলো পদাৰ্থৰ গঠনৰ প্ৰাথমিক গোটবোৰেই হৈছে পৰমাণু  ৷ 

👧 Borshashri Buragohain  📖 - শুক্ৰাশয় আৰু ডিম্বাশয় প্ৰত্যেকৰে দুটা কৈ মূখ্য কাৰ্য উল্লেখ কৰা BOTANY  - class 12 ] [id 200-b]

উত্তৰঃ  শুক্রাশয়ৰ মুখ্য কামঃ
(ক) শুক্রাশয়ে স্পৰমেটজেনেছিছ (spermstogenesis) প্রক্রিয়াৰ জৰিয়তে স্পৰমেটয’ৱা (spermatozoa)
নামেৰে পুংজনন কোষ উৎপন্ন কৰে।
(খ) চেমিনিফেৰাচ নলীকাত (seminiferous tubules) থকা লেইডিগ কোষবােৰে টেষ্টষ্টেন নামেৰে এবিধ পুং যৌন হৰম'ন ক্ষৰণ কৰে। এই টেষ্টষ্টেৰণ হৰম'নবিধে পুৰুষৰ গৌণ যৌন চৰিত্ৰবােৰ বিকাশ হােৱাত সহায় কৰে। 
ডিম্বাশয়ৰ কামঃ 
(ক) অজেনেচিছ প্ৰক্ৰিয়াৰ জৰিয়তে ডিম্বাশয়ে স্ত্রীজনন কোষ (oogenesis) উৎপন্ন কৰে। ইয়াক ডিম্ব (ova) বুলি জনা যায়।
(খ) বিকশিত হােৱা গ্রাফিয়ান ফলিকল (graffian follicles)বােৰে স্ত্রী যৌন হৰমন ক্ষৰণ কৰে, যাক ইষ্টজেন বুলি কোৱা হয়। এই ইষ্ট্রজেন হৰম'নবিধে মহিলাৰ গৌণ যৌন চৰিত্ৰবােৰ বিকাশ হােৱাত সহায় কৰে ।





Post a Comment

9Comments

Please don't use spam link in the comment box.

  1. হাওঁফাওঁৰ বায়ু কোষ আৰু বৃক্কৰ নেফ্রনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ?

    ReplyDelete
  2. হাওঁফাওঁৰ বায়ু কোষ আৰু বৃক্কৰ নেফ্রনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ?

    ReplyDelete
  3. এই পাঠ দান WhatsApp যোগে লাভ কৰিব পৰা যাব নে

    ReplyDelete
  4. স্বৰাষ্ট্ৰ সচিব ব্ৰিটিছ ভাৰতৰ কোন?

    ReplyDelete
  5. Sir whatsApp kenekoi aitu class koribo parim jonabo sun.....

    ReplyDelete
Post a Comment