ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

মাধৱদেৱৰ ওপৰত কুইজ

Admin
1
১/ মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ ১৪৮৯ চনত নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ৷ 

২/ মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি ?

উত্তৰঃ পিতৃ গোবিন্দ গিৰি ভূঞা  আৰু মাতৃ মনোৰমা ৷ 

৩/ মাধৱদেৱৰ শৈশৱকাল ক'ত অতিবাহিত হয় ?

উত্তৰঃ হৰিশিঙা বৰাৰ ঘৰত ৷ 

৪/ মাধৱদেৱক কাৰ টোলত নাম লগাই দিয়া হৈছিল ? 

উত্তৰঃ বণ্ডুকাৰ ৰাজেন্দ্ৰ নামৰ অধ্যাপক এগৰাকীৰ টোলত নাম লগাই দিয়া হৈছিল ৷ 

৫/ মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে ৷ 

৬/ মাধৱদেৱৰ আখ্যানমূলক গ্ৰন্থ উল্লেখ কৰা ৷

উত্তৰঃ (ক) ৰাজসূয় কাব্য (খ) ৰামায়ণৰ আদিকাণ্ড 

৭/ মাধৱদেৱৰ তত্বমূলক গ্ৰন্ত উল্লেখ কৰা ৷

উত্তৰঃ (ক) নামঘোষা (খ) ভক্তি ৰত্নাৱলী (গ) জন্মৰহস্য (ঘ) নামমালিকা 

৮/ মাধৱদেৱৰ সন্দেহমুক্ত নাটকৰ নাম লিখা ৷

উত্তৰঃ (ক) অৰ্জুন ভঞ্জন  (খ) চোৰধৰা (গ) পিম্পৰা গুচোৱা (ঘ) ভোজন বিহাৰ (চ) ভূমি লেটোৱা 

৯/ মাধৱদেৱৰ সন্দেহযুক্ত নাটকৰ নাম লিখা ৷ 

উত্তৰঃ (ক) ৰাস ঝুমুৰা (খ) কোটোৰা খেলা (গ) ব্ৰহ্মমোহন আৰু ভূষন হৰণ 

১০/ মাধৱদেৱৰ গীতৰ পুথি উল্লেখ কৰা ৷

উত্তৰঃ (ক) বৰগীত (খ) ভটিমা 

১১/ মাধৱদেৱে কাৰ অনুপ্ৰেৰণাত ৰাজসূয় কাব্য ৰচনা কৰিছিল ?

উত্তৰঃ শুক্লধ্বজৰ ৷

১২/ ৰাজসূয় কাব্যখন কিহৰ আধাৰত ৰচিত ?

উত্তৰঃ কাব্যখন ভাগৱতৰ দশম স্কন্ধৰ ৭০-৭৫ অধ্যায়ৰ আধাৰত ৰচিত ৷ 

১৩/ 'নামঘোষ'ৰ আন এটা নাম কি ? 

উত্তৰঃ হেজাৰী ঘোষা ৷ ( এহেজাৰ ঘোষা থকা কাৰণে হেজাৰী ঘোষা কোৱা হয় ) 

১৪/ কোনে 'নামঘোষা'ক মাধৱদেৱৰ 'মহাপ্ৰস্থানিক গীত' আখ্যা দিছে ?

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে ৷ 

১৫/ মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান ?

উত্তৰঃ ১৫৭ টা ৷ 

১৬/ মাধৱদেৱৰ মুঠ 'দেৱ-ভটিমা' কেইটা ?

উত্তৰঃ আঠটা ৷ 

১৭/ শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল ?

উত্তৰঃ মাধৱদেৱ ৷ 

১৮/ 'বুঢ়াৰ পো ' কাক কোৱা হয় ? 

উত্তৰঃ মাধৱদেৱ ৷ 

১৯/ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ কি ধৰ্মী লোক আছিল ?

উত্তৰঃ শাক্ত ধৰ্মী ৷ 

২০/ শংকৰদেৱ আৰু মাধৱদেৱৰ  মিলনক কি বুলি জনা যায় ? 

উত্তৰঃ মণি-কাঞ্চণ সংযোগ ৷

২১/ মাধৱদেৱৰ ককায়েকৰ নাম কি আছিল ? 

উত্তৰঃ দামোদৰ ৷ 

২২/ মাধৱদেৱৰ ভনীয়েকৰ নাম কি ?

উত্তৰঃ ঊৰ্বশী ৷ 

Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment