ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

REVISION MATHS-- CLASS 10-SEBA-EXERCISE-R-6(পুনৰালোচনা - অনুশীলনী R-6)-গণিত

Admin
3
অনুশীলনীঃ R-6
(1) এটা আয়তৰ দীঘ 12 ছে.মি. আৰু প্রস্থ 4 ছে.মি. হলে আয়তটোৰ পৰিসীমা আৰু কালি নির্ণয় কৰা।

সমাধানঃ  



(2) এটা  আয়তৰ প্ৰস্থ 5 ছে.মি আৰু দীঘ প্ৰস্থৰ  তিনিগুণ  ৷ আয়তটোৰ পৰিসীমা আৰু কালি কিমান ?

সমাধানঃ 


(3) 7 ছে.মি. জোখৰ বাহু বিশিষ্ট বর্গ এটাৰ কালি উলিওৱা।

সমাধানঃ 




(4) এটা সামান্তৰিকৰ বাহু এটাৰ জোখ 6 ছেমি.। যদি এই বাহু সাপেক্ষে সামান্তৰিকটোৰ উচ্চতা 3 ছেমি. হয়, তেন্তে ইয়াৰ কালি কিমান হ'ব?

সমাধানঃ 


(5) এটা সামান্তৰিকৰ এডাল কৰ্ণৰ জোখ 8 ছেমি. আৰু ইয়াক সাধাৰণ ভূমি হিচাপে থকা ত্রিভুজ দুটাৰ প্রতিটোৰে উচ্চতা 4 ছে.মি. হলে সামান্তৰিকটোৰ কালি নির্ণয় কৰা।

সমাধানঃ 

(6) ৰম্বাছ আকৃতিৰ মাটি এটুকুৰাৰ দুই কৰ্ণৰ জোখ ক্রমে 125 মিটাৰ আৰু 85 মিটাৰ। 'মাটি টুকুৰাৰ কালি উলিওৱা।

সমাধানঃ

(7) এটা ৰম্বাছৰ কর্ণ দুডালৰ জোখ 24 মিটাৰ আৰু 10 মিটাৰ হ'লে ৰম্বাছটোৰ (i) পৰিসীমা
আৰু (ii) কালি উলিওৱা।

সমাধানঃ

(8) এটা আয়তৰ প্রস্থ 5 মিটাৰ আৰু কালি 100 বর্গমিটাৰ হ’লে আয়তটোৰ দীঘ কিমান?

সমাধানঃ 

(9)এটা সামান্তৰিকৰ ভূমি 9 ছে.মি. আৰু কালি 54 বর্গ ছে.মি. হ'লে ইয়াৰ উচ্চতা কিমান?

সমাধানঃ

(10) এটা আয়তৰ কালি 12 ডেকামিটাৰ জোখৰ বাহুবিশিষ্ট এটা বৰ্গৰ কালিৰ সমান। আয়তটোৰ দীঘ 24 ডেকামিটাৰ হ'লে ইয়াৰ প্রস্থ কিমান ?

সমাধানঃ

(11) এটা আয়তৰ দীঘ প্রস্থৰ তিনিগুণ। আয়তটোৰ কালি 432 বর্গমিটাৰ হ'লে আয়তটোৰ পৰিসীমা কিমান ?

সমাধানঃ


(12) এটা সামান্তৰিকৰ কৰ্ণৰ দীঘ 86 মিটাৰ আৰু বাকী দুটা শীর্ষবিন্দুৰ যিকোনাে এটাৰপৰা ইয়ালৈ টনা লম্বৰ দীঘ 36 মিটাৰ হ'লে সামান্তৰিকটোৰ কালি নির্ণয় কৰা।

সমাধানঃ 


(13) এটা ৰম্বাছৰ কর্ণ দুডালৰ জোখ 24 মিটাৰ আৰু 10 মি.। ৰম্বাছটোৰ বাহুবােৰ নির্ণয়।

সমাধানঃ 


(14)এটা ট্রেপিজিয়ামৰ সমান্তৰাল বাহুযােৰৰ জোখ ক্রমে 6 মিটাৰ আৰু 4 মিটাৰ আৰু ইহঁতৰ মাজৰ লম্ব দূৰত্ব 7 মিটাৰ। ট্রেপিজিয়ামটোৰ কালি উলিওৱা।

সমাধানঃ


(15) এটা ট্রেপিজিয়ামৰ কালি 1350 বর্গমিটাৰ আৰু ইয়াৰ সমান্তৰাল বাহুযোৰৰ দীঘৰ সমষ্টি উচ্চতাৰ তিনিগুণ হলে উচ্চতা নির্ণয় কৰা।

সমাধানঃ 


(16) এটা চতুর্ভুজৰ এডাল কৰ্ণ আৰু ইয়াৰ ওপৰত বাকী শীর্ষবিন্দু দুটাৰ পৰা টনা লম্ব দুটাৰ দীঘ যথাক্রমে 121 মিটাৰ, 40 মিটাৰ আৰু 80 মিটাৰ। চতুর্ভুজটোৰ কালি উলিওৱা।

সমাধানঃ 


(17) চকা এটাৰ ব্যাসার্ধ 28 ছে.মি. হলে ইয়াৰ পৰিসীমাৰ জোখ কিমান ?

সমাধানঃ 


(18) 35 ছেমি. জোখৰ ব্যাসার্ধ বিশিষ্ট বৃত্ত এটাৰ কালি উলিওৱা।

সমাধানঃ 


(19) এটা বৃত্তৰ ব্যাসার্ধ নির্ণয় কৰা যাৰ কালি আন চাৰিটা বৃত্তৰ কালিৰ সমষ্টিৰ সমান যিবােৰৰ ব্যাসার্ধ সমূহ ক্ৰমে 5 মিটাৰ, 6 মিটাৰ, 8 মিটাৰ আৰু 10 মিটাৰ।

সমাধানঃ 


(20) 70 মিটাৰ ব্যাসযুক্ত এখন বৃত্তাকৃতিৰ পথাৰৰ চাৰিওফালে 3.5 মিটাৰ বহল এটি বৃত্তাকৃতিৰ পথ আছে। পথটোৰ কালি উলিওৱা।

সমাধানঃ 


(21) দুটা আয়তীয় ঘনকৰ দীঘ, প্রস্থ আৰু উচ্চতা যথাক্রমে 30 ছেমি., 25 ছে.মি., 15ছেমি. আৰু 35 ছেমি., 20 ছেমি., 12 ছে.মি.। সিহঁতৰ পৃষ্ঠকালি তুলনা কৰা। ঘনক দুটাৰ ভিতৰত কাৰ আয়তন অধিক?

সমাধানঃ 




(22) 60 ছেমি. x 40 ছে.মি. x 20 ছে.মি. জোখৰ 25 টা চুটকেছৰ কভাৰ তৈয়াৰ কৰিবলৈ 110 ছেমি, প্রস্থযুক্ত কিমান দৈর্ঘ্যৰ ডাঠ কাপােৰৰ আৱশ্যক হ'ব?

সমাধানঃ 



(23) 600 বর্গমিটাৰ পৃষ্ঠকালিৰ ঘনক এটাৰ দাঁতি(বাহু)ৰ দৈর্ঘ্য উলিওৱা।

সমাধানঃ 


(24) 1 মিটাৰ x 1 মিটাৰ জোখৰ বর্গাকৃতিৰ ধাতুৰ পাতেৰে 14 মিটাৰ উচ্চতা আৰু 2 মিটাৰ ভূমি ব্যাসার্ধৰ এটা চুঙা তৈয়াৰ কৰিবলৈ তেনে ধাতুৰ পাত কেইখনৰ প্রয়ােজন হ'ব?

সমাধানঃ 


(25) 14 ছে.মি. প্রস্থবিশিষ্ট আয়তাকৃতিৰ কাগজ এখন মেৰিয়াই 20 ছে.মি. ব্যাসার্ধৰ এটা চুঙা তৈয়াৰ কৰা হ'ল। চুঙাটোৰ আয়তন কিমান ?

সমাধানঃ 


(26) এটা চুঙা A ৰ ব্যাস 7 ছেমি. আৰু উচ্চতা 14 ছে.মি.। আন এটা চুঙা Bৰ ব্যাস 14 ছেমি. আৰু উচ্চতা 7 ছেমি.। A আৰু B ৰ ভিতৰত কাৰ আয়তন অধিক?

সমাধানঃ 


(27) এটা চুঙাৰ উচ্চতা উলিওৱা যাৰ আয়তন 1.54 ঘনমিটাৰ আৰু ভূমিৰ ব্যাস 140 ছেমি.।

সমাধানঃ 


(28) চুঙাৰ পৃষ্ঠকালি নির্ণয় কৰা যদি ইয়াৰ
(i) ভূমি ব্যাসার্ধ 7 মিটাৰ আৰু উচ্চতা 10 মিটাৰ।
(ii) ভূমি ব্যাসার্ধ 4 মিটাৰ আৰু উচ্চতা 5.6 মিটাৰ।
(iii) ভূমিৰ পৰিসীমা 88 মিটাৰ আৰু উচ্চতা 12 মিটাৰ।

সমাধানঃ 



(29) এটা চুঙাৰ ভূমি ব্যাসার্ধ 14 ছেমি. আৰু উচ্চতা 20 ছে.মি. হলে—
(i) বক্র পিঠিৰ কালি উলিওৱা।
(ii) মুঠ পিঠিকালি উলিওৱা।
(iii) মুঠ আয়তন উলিওৱা।

সমাধানঃ 

(30) চুঙাৰ উচ্চতা উলিওৱা যদি
(i) ভূমি কালি 360 বর্গ মিটাৰ আৰু আয়তন 2880 ঘনমিটাৰ।
(ii) ভূমিৰ পৰিসীমা 160 মিটাৰ আৰু বক্র পিঠিৰ কালি 1440 বর্গ মিটাৰ হয়।

সমাধানঃ 





Post a Comment

3Comments

Please don't use spam link in the comment box.

Post a Comment