ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ভাৰতীয় গণতন্ত্ৰ - সমাজ বিজ্ঞান - দশম শ্ৰেণী - SEBA

Admin
1

ভাৰতীয় গণতন্ত্ৰ - সমাজ বিজ্ঞান - দশম শ্ৰেণী - SEBA

CLASS X SEBA SOCIAL SCIENCE ASSAMESE MEDIUM
ভাৰতীয় গণতন্ত্ৰ

অতি চমু  উত্তৰৰ প্ৰশ্নঃ 
১। ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী‌ হৈছিল ?
উত্তৰঃ শ্রমিক দল।
২। কেবিনেট মিছনভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰ : ১৯৪৬ চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল ।
৩। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰঃ ড0 ৰাজেন্দ্র প্রসাদ ।
৪। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ?
উত্তৰঃ ড০ বি আৰ আম্বেদকাৰ।
৫। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষশব্দ দুটা সংবিধানৰ কিমান শােধনী মতে প্রস্তাৱনাত সন্নিবিষ্ট হৈছিল ?
উত্তৰ : ৪২ তম সংবিধান সংশােধনী অনুসৰি।
৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?
উত্তৰ : লেটিন শব্দ Foedus ৰ পৰা অহা।
৭। যুক্তৰাষ্ট্ৰৰ গৃহভূমিবুলি কাক কোৱা হয় ?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়।
৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উত্তৰঃ নাই।
৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
উত্তৰ : ইংলেণ্ডৰ সংবিধানৰ পৰা।

চমু উত্তৰৰ প্ৰশ্নঃ 

৫ব্রিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল ?
উত্তৰঃ ১৯৪৫ চনত ইংলেণ্ডত অনুষ্ঠিত হােৱা সাধাৰণ নিৰ্বাচনত শ্রমিক দল বিজয়ী হৈ চৰকাৰ গঠন কৰে। এই চৰকাৰে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ বাবে প্রয়ােজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ বাৰে তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত গােট কেবিনেট মিছনক ১৯৪৬ চনৰ মার্চ মাহত ভাৰতলৈ পঠায়। 

(২) ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে‌ প্রস্তুত কৰিছিল?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি চলিছিল ।

(৩) প্ৰস্তাৱনাত 'আমি ভাৰতীয় জনসাধাৰণে' বুলি কিয় উল্লেখ কৰা হৈছে

উত্তৰঃ সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ বাবে ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা মহৎ শক্তি বুলি বুজোৱাৰ বাবে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণেবুলি উল্লেখ কৰিছে।

(৪) ' সাৰ্বভৌম' মানে কি বুজা

উত্তৰঃ সার্বভৌম মানে হল ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ ভাৰতবর্ষ বাহ্যিক আৰু আভ্যন্তৰীণভাৱে কোনাে বিদেশী শক্তিৰ তলতীয়া নহয়।

(৫) কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাৰ ' সমাজবাদী' আৰু 'ধৰ্মনিৰপেক্ষ' শব্দ দুটা সন্নিৱিষ্ট কৰা হয়

উত্তৰঃ ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হােৱা সংবিধানৰ ৪২তম সংশােধনী অনুসৰি সংবিধানখনত সমাজবাদীআৰু ধৰ্মনিৰপেক্ষশব্দ দুটা সন্নিবিষ্ট কৰা হয়

(৬)'অৰ্ধযুক্ত'ৰাষ্ট্ৰ কাক বোলে

উত্তৰ ঃ যুক্তৰাষ্ট্ৰ হল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হােৱা। কিছুমান ৰাজ্যৰ গােট। ইয়াত ৰাজ্যসমূহে এখন কেন্দ্রীয় চৰকাৰক সার্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্রতা অক্ষুন্ন ৰাখে কিন্তু ভাৰতবৰ্ষৰ সংবিধানত তলত দিয়া বৈশিষ্ট্যসমূহ নাই বাবে অর্ধ যুক্তৰাষ্ট্র বােলা হয়।
        যুক্তৰাষ্ট্ৰ ব্যৱস্থাত থকাৰ দৰে ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ সুকীয়া সংবিধান নাই। যুক্তৰাষ্ট্ৰ ব্যৱস্থাত থকাৰ দৰে ভাৰতৰ ৰাজ্যসমূহক অধিক স্বতন্ত্রতা দিয়া নাই বা যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ পৰা আঁতৰি যাব নােৱাৰে। যুক্তৰাষ্ট্ৰত থকাৰ দৰে ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই।

(৭) কোন কেইখন আইন পৰাধীন ভাৰতবৰ্ষত সীমিত সংশোধীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল

উত্তৰ ঃ ইংলেণ্ডৰ সংবিধান আৰু ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল । 

দীঘল উত্তৰৰ প্ৰশ্নঃ 

(১) ভাৰতবৰ্ষৰ  সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ  কেনেদৰে প্ৰকাশ  পাইছে আলোচনা কৰা ৷ 

উত্তৰঃ  ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো পঢ়িলেই সংবিধানৰ আদর্শপৰিলক্ষিত হয়। প্রস্তাৱনাটোত আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষত এখন সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য হিচাপে প্রতিষ্ঠাকৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলাে লােককে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্রকাশ, বিশ্বাস, ধর্ম আৰু উপাসানাৰ স্বাধীনতা, সম-মর্যাদা আৰু সুযােগ দিম বুলি আৰু তেওঁলােকৰ মাজত ব্যক্তিৰ মর্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃভাব বৃদ্ধি কৰিবলৈ আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্রহণ কৰাে আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অর্পণ কৰাে। এই প্রস্তাৱনাটো পঢ়িলেই সংবিধানখনৰ আদর্শ ওলাই পৰে। সংবিধানখনে ভাৰতৰ সর্বোচ্চ শক্তি ভাৰতীয় জনসাধাৰণৰ হাততেই ন্যস্ত কৰিছে। জাতি-ধর্ম-বর্ণলিংগ নির্বিশেষে সকলােকে সম অধিকাৰ আৰু সম মর্যাদা প্রদান কৰিছে। ই সকলাে ধর্মকে সমানে স্বাধীনতা দিছে। কোনাে ধৰ্মৰ ক্ষেত্ৰতে পক্ষপাতিত্ব‌ লােৱা নাই। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ দ্বাৰা নির্বাচিত প্রতিনিধিৰ দ্বাৰা পৰিচালিত হব। দেশৰ প্রথম ব্যক্তি ৰাষ্ট্রপতিজনাে জনসাধাৰণৰ দ্বাৰা নির্বাচিত হ'ব। ন্যায়, স্বাধীনতা, ভাতৃত্ববােধ, সমতা ভাৰতৰ জনগণই প্রতিষ্ঠা কৰিব। এইবিলাকেই সংবিধানখনৰ আদৰ্শ আৰু লক্ষ্য বিশেষভাৱে প্রতিফলিত কৰিছে।

(২) ' সাৰ্বভৌম' , 'সমাজবাদী' , 'ধৰ্মনিৰপেক্ষ' , গণতান্ত্ৰিক' আৰু ' গণৰাজ্য' বুলিলে কি বুজা  বহলাই লিখা ৷ 

উত্তৰঃ  ভাৰতবর্ষ এখন সার্বভৌম ৰাষ্ট্র। সার্বভৌমত্ব হৈছে ৰাষ্ট্রৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিকভাৱে ভাৰতবর্ষ কোনাে বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনাে বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।

 ভাৰতবর্ষ এখন সমাজবাদী ৰাষ্ট। সংবিধানৰ ৪২ নং সংশােধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই শব্দটো প্রস্তাৱনাত সংযােজন কৰা হৈছে। ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মর্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্র অর্থনীতিৰ জৰিয়তে সমাজবাদ প্রতিষ্ঠা হব। দেশৰ অর্থনীতি জনসাধাৰণে নির্ধাৰণ কৰিব। কোনাে পুঁজিপতিৰ দ্বাৰা দেশৰ অর্থনীতি নির্ধাৰণ নহ'ব। 

ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হব। ইয়াত চৰকাৰী ধর্ম বুলি কোনাে ধর্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলাে ধর্ম সমান আৰু ধৰ্মৰ নামত কোনাে বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনাে ধৰ্মৰ প্রতি বিশেষ অনুগ্রহ প্রদর্শন নকৰিব। উল্লেখ্য যে এই শব্দটো প্রস্তাৱনাত ৪২ নং সংশােধনী মতে সন্নিবিষ্ট হৈছে।) 
 ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্র। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা পৰিচালিত হব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হব। 
ভাৰতবর্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্রপ্রধানজন (ৰাষ্ট্রপতি) জনসাধাৰণৰ দ্বাৰা নির্বাচিত ব্যক্তি হ'ব। ৰাষ্ট্রপ্রধানৰ পদবীটো বংশানুক্রমিক নহ'ব অথবা কোনােবাই বাছনি কৰা ব্যক্তি নহ'ব।
        সংবিধান সভাই সেই উদ্দেশ্য সম্পর্কিত প্রস্তাৱখিনি ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে গ্ৰহণ কৰে। সংবিধানখন প্রণয়নৰ ক্ষেত্ৰত সেই প্রস্তাবসমূহক ভিত্তি হিচাপে লৈ সমতা, স্বাধীনতা, গণতন্ত্র, সার্বভৌমত্ব আৰু বিশ্ব ভাতৃত্বৰ ধাৰণাৰ প্রতিশ্রুতিক সংবিধান সভাই আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে ।

(৩) নেহৰুৰ  উদ্দেশ্য সম্পৰ্কিত  প্ৰস্তাৱকেইটা আলোচনা কৰা ৷ 

উত্তৰঃ নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱৰ মূল বিষয়সমূহ এনেধৰণৰ
(1)সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সার্বভৌম, প্রজাতন্ত্র (Independent Soyereign Republic) হিচাপে ঘােষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়)।
(2)ব্রিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তর্ভুক্ত হব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ (Union of states) গঠিত হ'ব।
(3)ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা,
ধর্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্রকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা
(4) অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।
(5)দেশৰ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা
হব।
(6)আন্তর্জাতিক সুসম্পর্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযােগিতা আগবঢ়াব।
(7)জনসাধাৰণেই হব সকলাে ক্ষমতাৰ উৎস। সার্বভৌম দেশখনৰ চৰকাৰ আৰুসকলাে অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।
(8)সংঘত যােগ দিয়া সহযােগী দেশীয় ৰাজ্যসমূহে অবশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মর্যাদা লাভ কৰিব।

(৪) ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয়  ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ৷ 

উত্তৰঃ উত্তৰঃ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য আছে। ভাৰতবৰ্ষৰ যুক্তৰাষ্টীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হ'
(ক) দুই প্রকাৰৰ চৰকাৰঃ  যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই প্রকাৰৰ চৰকাৰ থাকে। গােটেই ৰাষ্ট্ৰখনৰ কাৰণে এখন কেন্দ্রীয় চৰকাৰ আৰু প্রত্যেক প্রশাসনীয় গােটৰ কাৰণে ৰাজ্য চৰকাৰ থাকে। ভাৰতবৰ্ষতে দুই প্রকাৰৰ চৰকাৰ আছেকেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ।
(খ) সাংবিধানিক বিভাজনঃ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য অনুসৰি ভাৰতবৰ্ষতাে দুয়ােখন চৰকাৰৰ মাজতে সাংবিধানিক বিভাজন আছে। দেশৰ শাসন ক্ষমতা দুয়ােবিধ চৰকাৰৰ মাজত লিখিত ভাৱে ভাগ কৰি দিছে। উভয় চৰকাৰে নিজ ক্ষমতাৰ গণ্ডীৰ ভিতৰতে থাকি ৰাজ্য শাসন কৰে।
(গ) লিখিত অনমনীয় সংবিধানঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰত এখন লিখিত অনমনীয় সংবিধান থাকিব লাগে। শাসনৰ সকলাে নীতি-নিয়ম স্পষ্টভাৱে লিখিত হ'ব লাগে। সংবিধানখনক দেশৰ শ্রেষ্ঠতম আইন বুলি পৰিগণিত কৰা হয়। ভাৰতবৰ্ষৰ সংবিধানখনাে লিখিত আৰু ই আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে অনমনীয়।
(ঘ) সর্বোচ্চ ন্যায়ালয়ঃ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত ক্ষমতাক লৈ উদ্ভৱ হ'ৰ পৰা বিভিন্ন বিবাদ মীমাংসা দেশৰ সর্বোচ্চ ন্যায়ালয়ে নিৰপেক্ষভাৱে কৰে। চৰকাৰে নিয়ম লংঘন কৰিলে এই ন্যায়ালয়ে অসাংবিধানিক বুলি নাকচ কৰিব পাৰে ।

(৫) ভাৰতবৰ্ষৰ  সংশোধীয়  পদ্ধতিৰ  চৰকাৰৰ  উল্লেখযোগ্য  বৈশিষ্ট্যসমূহৰ  ওপৰত  ব্যাখ্যা আগবঢ়োৱা ৷ 

উত্তৰঃ ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযােগ্য বৈশিষ্ট্যসমূহ হ'লঃ 
(ক) সংসদীয় চৰকাৰৰ কাৰ্যপালিকা অর্থাৎ শাসন বিভাগক দুটা ভাগত ভাগ কৰা হয়। এটা নামমাত্র কার্যপালিকা আৰু আনটো প্রকৃত কার্যপালিকা। প্রকৃত কার্যপালিকাই মন্ত্রীসভাখনক আৰু নামমাত্র কার্যপালিকাই ৰাষ্ট্রৰ মুৰব্বীজনক বুজায়।
(খ) এই ব্যৱস্থাত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্বন্ধ অতি ঘনিষ্ঠ। বিধানমণ্ডলৰ সভ্যৰ দ্বাৰাই প্রকৃত কার্যপালিকা (মন্ত্রীসভা) গঠন কৰা হয়। প্রকৃত কাৰ্যপালিকা বিভাগৰ সদস্যসকলে বিধানমণ্ডলত উপস্থিত থাকি আইন প্রণয়নত অংশগ্রহণ কৰিব পাৰে।
(গ) প্রকৃত কার্যপালিকা বিভাগৰ প্রত্যেকজন সভ্যই চৰকাৰৰ একোটা বিভাগৰ মুৰব্বী হিচাপে কাম কৰিব লাগে।
(ঘ) প্রকৃত কার্যপালিকা বিভাগটো অর্থাৎ মন্ত্রীসভাখন, তেওঁলােকৰ কার্যাৱলীৰ বাৰে বিধানমণ্ডলৰ ওচৰত ব্যক্তিগতভাৱে আৰু সমূহীয়াভাৱে দায়িত্বশীল। বিধানমণ্ডলৰ সৰহসংখ্যক সদস্যই অনাস্থা প্রকাশ কৰিলে মন্ত্রীসভাই পদত্যাগ কৰিব লাগে।
(ঙ) প্রধানমন্ত্ৰীৰ নেতৃত্ব সংসদীয় চৰকাৰৰ আন এটা বৈশিষ্ট্য। প্রধানমন্ত্রী নিজৰ ইচ্ছামতে সংসদ সদস্যসকলৰ মাজৰ পৰা সভ্য বাছি লৈ মন্ত্রীসভা গঠ‌ন কৰিব লাগে। তেঁৱেই মন্ত্রীসভাৰ প্রধান নেতা। তেওঁ পদত্যাগ কৰিলে‌ মন্ত্ৰীসভা ভাঙি যায়।
(চ) সংসদীয় চৰকাৰৰ মন্ত্রীসভাৰ এটা দৃঢ় ঐক্য বন্ধন আছে। তেওঁলােকে শাসনৰ সকলাে কাম এক মতেৰে কৰিব লাগে। কোনাে মন্ত্রী একমত হ'ব নপদত্যাগ কৰিব লাগে।




Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment