ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আমাৰ গাঁও - অসমীয়া ৰচনা - ASSAMESE ESSAY

Admin
4

         আমাৰ গাঁও - অসমীয়া  ৰচনা - ASSAMESE  ESSAY 

(এই ৰচনাখন ব্যক্তিগত। শিক্ষার্থীয়ে নিজৰ গাঁৱৰ বৰ্ণনা দিব পাৰে। অভিভাৱকে যেন নিজৰ গাঁৱৰ বা চহৰৰ সীমা, অন্যান্য যাবতীয় তথ্যখিনি শিক্ষার্থীক বুজাই দিয়ে। ইয়াত দিয়া ৰচনাখন কাল্পনিক গাঁও এখনৰ বৰ্ণনা মাথাে)।   
        আৰম্ভণিঃ  যি খন গাঁৱত আমি জন্ম গ্রহণ কৰোঁ বা স্থায়ীভাৱে বসতি কৰোঁ, সেইখনেই আমাৰ গাঁও। আমাৰ গাঁও. আমাৰ বাবে অতি মৰ্মৰ, অতি চেনেহৰ। বর্ণনা ? আমাৰ মৰমৰ গাঁওখনৰ নাম মিলনপুৰ। আগেয়ে আমাৰ গাঁওখনৰ নাম হেনাে হিন্দু গাঁও আছিল। ক্ৰমাত বিভিন্ন ধর্মীলােকে বসবাস কৰিবলৈ লােৱাত ৰাইজে গাঁওখনৰ নাম সলনি কৰিলে। হিন্দু সম্প্রদায়ৰ মানুহৰ সংখ্যা বেছি যদিও সকলাে সম্প্রদায়ৰ লােকে মিলা-প্ৰীতিৰে বাস কৰি গাঁওখনৰ উন্নতিৰ বাবে কাম কৰিছে।

   আমাৰ গাঁও - অসমীয়া  ৰচনা - ASSAMESE  ESSAY -CLASS X -OUR VILLAGE
আমাৰ  গাঁও


     চাৰিসীমা, জনসংখ্যাঃ আমাৰ গাঁৱৰ উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় পথ; দক্ষিণ ফালে ভােগদৈ নৈ। পূর্ব সীমাত পদুমণি বিল আৰু সুন্দৰপুৰ। পশ্চিমে যােৰহাট নগৰ। গাঁওখনৰ দীঘে প্রায় তিনি কিলােমিটাৰ, আৰু পথালিয়ে ডেৰ কিলােমিটাৰ মান হ'ব। ৰাষ্ট্ৰীয় ঘাই পথ উত্তৰ সীমাত থকাত আৰু নগৰৰ সীমাত হােৱা বাবে বর্তমান গাঁৱত ঘন বসতি হৈছে। জনসংখ্যা ৫০০ শৰ অধিক। অধিকাংশ লােকে খেতি কৰি জীৱিকা নিবাহ কৰে যদিও বর্তমান খেতি মাটি কমি গৈছে, চাকৰিয়াল আৰু ব্যৱসায়ী লােকৰ
সংখ্যাহে বেছি হৈছে।

       বর্ণনাঃ গাঁৱৰ দক্ষিণ সীমাত ভােগদৈ নৈ, থকাত ৰাইজৰ অনেক সুবিধা হৈছে। তদুপৰি দূৰৈত নগা পাহাৰৰ শােভাই প্রাকৃতিক দৃশ্য চাই থাকিব পাৰি। আগেয়ে চকুৰে মৰ্ণিব নােৱাৰাকৈ খেতি পথাৰ আছিল যদিও বর্তমান কমি গ'ল। পুৰণি ঘৰুৱা বাৰীবােৰত এতিয়াও তামোল-পাণ, নাৰিকল, কঠাল আম আদি গছ আছে। গাঁওখন ৫ টা ভাগত চুক বা চুবুৰীত বিভক্ত। ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও গাঁৱৰ মাজত পঞ্চায়তৰ পথ আছে। সেইবাবে সকলাে যানবাহন অহা-যােৱা কৰিব পাৰে। প্রায় ঘৰতে পুখুৰী থকাৰ উপৰিও জনস্বাস্থ্য বিভাগৰ পানী যােগানৰ ব্যৱস্থা, বিজুলী বাতি আদি আছে। গাঁৱত তিনিটা ৰাজহুৱা নামঘৰ, এটা ৰাজহুৱা পূজা মন্দিৰ আছে। বছৰত তিথি-পার্বন আৰু দুর্গা পূজা হয়। মুছলমান সকলে ওচৰৰ গাঁৱৰ মছজিদত প্রার্থনা কৰে। অৱশ্যে উৎসৱ আদিত একেলগেই সহযােগ কৰে। আমাৰ গাঁৱৰ উন্নতিৰ বাবে চৰকাৰে প্রগতি শীল’ গাঁও হিচাপে স্বীকৃতি দিছে।

      শিক্ষাঃ গাঁওখনত তিনিখন প্রাথমিক বিদ্যালয়, এখন উচ্চ মাধ্যমিক বিদ্যালয় আছে। ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত এখন মহাবিদ্যালও হৈছে।

      অন্যান্যঃ  গাঁৱত স্থাপন কৰা চৰকাৰী সাংস্কৃতিক কেন্দ্ৰত পুথিভৰাঁল, মইনা  পাৰিজাত, মহিলা অনুষ্ঠান আদি আছে। এটি ডাকঘৰ, এখন চিকিৎসালয়াে হৈছে। পশু চিকিৎসালয় এখনৰ বাবে গাঁৱৰ ৰাইজে চৰকাৰৰ লগত যােগাযােগ কৰি আছে। মুঠতে আমাৰ গাঁৱত বর্তমান কালত থাকিব লগা প্ৰায়বােৰ সুবিধাই আছে।

      সামৰণিঃ  আগৰ দিনৰ কেচাঁ ঘৰ বর্তমান নাই বুলিয়েই ক'ব পাৰি। নগৰৰ কাষতে হলেও গাঁৱৰ পৰিৱেশ আছে। ৰাইজে প্রদূষণ মুক্ত কৰি ৰখাৰ বাবে সকলো প্রকাৰে চেষ্টা কৰি আহিছে। আমাৰ গাঁৱক আৰু সমৃদ্ধিশালী কৰিবলৈ আমি যত্ন কৰা উচিত।


Post a Comment

4Comments

Please don't use spam link in the comment box.

Post a Comment