ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

এটা শব্দত প্ৰকাশ কৰা - দশম শ্ৰেণী - অসমীয়া ব্যাকৰণ - SEBA - CLASS X

Admin
7


এটা শব্দত প্ৰকাশ কৰাঃ 

দশম শ্ৰেণী , এটা শব্দত প্ৰকাশ কৰা
এটা শব্দত  প্ৰকাশ কৰা 


 1. কাঁহৰ  বাচন  গঁঢ়োতা  - কঁহাৰ

2. যি  উপকাৰীৰ উপকাৰ স্বীকাৰ  কৰে - কৃতজ্ঞ 

3. মাটিৰ বাচন সাজোতা - কুমাৰ

4. যাক  সহজে  লংঘন  কৰিব নোৱাৰি - অলংঘ্য 

5. বাটেদি  যোৱা  মানুহ - বাটৰুৱা 

6. ঘৰতে  থাকি কৰিব পৰা  উদ্যোগ - কুটীৰ  শিল্প 

7. যাৰ  মৰণ নাই - আমৰণ 

8. যাক  পৰিহাৰ কৰিব নোৱাৰি - অপৰিহাৰ্য 

9. যিজনে ইন্দ্ৰিয় জয়  কৰিব পাৰে - জিতেন্দ্ৰয় 

10. যাৰ  কোনো  শত্ৰু  জন্মা নাই - অজাতশত্ৰু 

11. কঁঠালৰ  সৰু কলি -মুচি  

12. পনীয়া গাখীৰ দিয়া গাইগৰু - জলাহী 

13. যাৰ ঈশ্বৰৰ  অস্তিত্বত  বিশ্বাস  নাই - নাস্তিক  

14. যি কথাৰ অৰ্থ  নাই - নিৰৰ্থক 

15. এবাৰ গুটি  লাগি  মৰা  গছ - ঔষধি

16. যি  কণীৰ  পৰা  জন্মে -অণ্ডজ 

17. যি  আগেয়ে  হোৱা  নাই - অভূতপূৰ্ব 

18. একে  ঘৰৰ  শিষ্য - হৰিভকত 

19. যি  উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে - কৃতঘ্ন 

20. বিষ্ণৰ  ভকত  যি  তেওঁ - বৈষ্ণৱ 

21. ৰান্ধি  খাব পৰা  কলৰ  পুলি -পচলা

22. একে  মাতৃৰ  গৰ্ভত  জন্ম  যাৰ - যমজ

23. একে  ঠাইত  স্থায়ীভাৱে  বসবাস নকৰা  লোক - অঘৰী

24. যি  একেলগে  পঢ়ে - সহপাঠী

25. যাক মূল্য দি কিনিব  নোৱাৰি - অমূল্য 

26. যাক  পৰিত্যাগ  কৰিব  নোৱাৰি - অপৰিহাৰ্য 

27. ততালিকে  বুদ্ধি উলিয়াব পৰা শক্তি -  

28. ৰাতিপুৱাই  যাৰ  নাম  স্মৰণ কৰা  উচিত - প্ৰাতঃস্মৰণীয় 

29. নেজ  নসৰা  বেঙৰ  পোৱালি - লালুকী 

30. কোনো  কথা  নিশ্চয়  কৰিবলৈ  পঠোৱা  বিশ্বাসী  মানুহ - 

31. চুহি  খাব  লগা  বস্তু -

32. ফুল নুফুলাকৈ গুটি হোৱা গছ- বনস্পতি

33. শত্ৰুক জয় কৰে যি - শত্ৰুঞ্জয়

34. ৰিপুক জয় কৰে যি- ৰিপুঞ্জয়

35. ধান থোৱা ঘৰ -  ভঁৰাল

36. যি মাছ-মাংস নাখায়- নিৰামিষাহাৰী

37. ভিক্ষা কৰে যি- ভিক্ষাৰী

38. যি খুজি মাগি খায়- খোজনীয়া

39. যি আনৰ বস্তু বলেৰে নিয়ে- ডকাইত

40. যি কথা জনা নাযায় -অজ্ঞাত

41. যি কাৰো লগত মিলিব নোৱাৰে- অজীন-পাতকী

42. দুটা মাহৰ মাজৰ দিন- দোমাহী বা সংক্ৰান্তি

43. যি জনে নিয়মমতে খৰচ কৰে - মি
তব্যয়ী

44. যি সঁচা কথা কয়- সত্যবাদী

45. যাৰ আগত জন্ম- অগ্ৰজ

46. যি নিজে নিজে হয়- স্বয়ম্ভু

47. যাৰ মূৰত চুলি নাই- তপা

48. যাৰ আশ্ৰয় নাই- নিৰাশ্ৰয়

49. যি কথা লগাই ফুৰে- খলুৱা

50. যি পৰিণাম চিন্তা কৰি কাম কৰে-পৰিণামদৰ্শী

51. যি দুই হাত সমানে চলাব পাৰে- সব্যসাচী

52. যি মাটিৰ উৎপাদিকা শক্তি নাই-অনুৰ্বৰ

53. যি বাঢ়িবলৈ ধৰে- বৰ্ধিষ্ণু

54. যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে- কিংকৰ্তব্যবিমূঢ়

55. যি মাতৃৰ এটি মাত্ৰ সন্তান- কাকবন্ধ্যা

56. যি পুৰুষে বিয়া কৰোৱা নাই- অকিঞ্চন

57. যি নিজকে পণ্ডিঈত বুলি ভাৱে- পণ্ডিতমন্য

58. আনৰ দোষ দেখা স্বভাৱ- অসূয়া

59. যাৰ জন্ম নাই- অজ

60. যাৰ পূৰ্বজন্মৰ কথা মনত আছে- জাতিষ্মৰ

61. যাৰ কথাৰ লাগ বান্ধ নাই- লপা, চেলেপু।

62. যি আনৰ মুখলৈ চাই থাকে- পৰমুখাপেক্ষী

63. যাৰ বিবেচনা শক্তি নাই- অবিবেচক

64. সহজে যি জীণ যায়- লঘুপাকী

65. যাৰ কুল আৰু শীল জনা নাযায়-অজ্ঞাতকুলশীল

66. সকলোকে সমানভাৱে দেখা-সমদৰ্শী

67. বিপদৰ সময়ত ওলোৱা বুদ্ধি-প্ৰত্যু্ৎপন্নমতি

68. যি জানিবলৈ ইচ্ছা কৰে-জিজ্ঞাসু

69.যাৰ পিছত জন্ম-অনুজ

70. আগে আগে গমন কৰে যি-অগ্ৰগামী

71. পিছে পিছে গমন কৰে যি-অনুগামী

72. যি কম কথা কয়-মিতভাষী

73. যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে-একাহাৰী

74. ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা-পোহাৰী

75. নোহোৱা বস্তু সৃষ্টি কৰা-উদ্ভাৱন

76. মাটিৰে তৈয়াৰী শিল্পকৰ্ম-মৃৎশিল্প

77. যি মাটিৰে নিৰ্মান-মৃন্ময়

Post a Comment

7Comments

Please don't use spam link in the comment box.

  1. চুহি খাব লগা বস্তু= চুষ্য

    ReplyDelete
  2. ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি= প্রত্যুতপন্নমতি

    ReplyDelete
  3. কোনো কথা নিশ্চয় কৰিবলৈ পঠিওৱা বিশ্বাসী মানুহ— সজাঁতী

    ReplyDelete
  4. ততালিকে বুদ্ধি উলিয়াব পৰা শক্তিক কি বোলে?

    ReplyDelete
  5. প্ৰত্যুৎপন্নমতী

    ReplyDelete
  6. উপজিয়ে মৰি যায় যি ?

    ReplyDelete
Post a Comment