ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

যতি চিহ্নৰ ব্যৱহাৰ - দশম শ্ৰেণী - অসমীয়া ব্যাকৰণ - HSLC - SEBA - CLASS X

Admin
3

যতি  চিনৰ  বা বিৰাম চিহ্নৰ  ব্যৱহাৰ ঃ 

যতি বা বিৰাম চিহ্নৰ ব্যৱহাৰ
যতি বা বিৰাম চিহ্নৰ ব্যৱহাৰ 

যি  সাংকেতিক চিহ্নৰ দ্বাৰা  কোৱা  কথা , পঢ়া বা লিখাত  বিৰতিৰ  বাবে  ব্যৱহাৰ  কৰা  হয়  তাকে  যতি  বা বিৰাম  চিহ্ন  বুলি  কোৱা  হয় ৷ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হোৱা  যতি  চিহ্নৰ  প্ৰকাৰ  সমূহ তলত উল্লেখ কৰা হ'লঃ 
(ক) দাঁৰি  বা পূৰ্ণছেদ ( ৷)
  • কোনো  বাক্য শেষ  হ'লে  দাঁৰি  ব্যৱহাৰ  কৰা  হয় ৷  যেনে:  জ্ঞানেই  মানুহক  শক্তি  দিয়ে ৷ 
(খ) ক'মা বা লঘু যতি (,)
  • পঠন  বা লিখনত সামান্য বিৰামৰ প্ৰয়োজনত হ্ৰস্ব স্বৰ  উচ্চাৰণৰ সময়ৰ  বিৰতিত ক'মা  বা লঘু যতি  ব্যৱহাৰ কৰা হয়  ৷ যেনে :  ৰামে কয় , " মই  স্কুলত  আছো ৷''
(গ) ছেমিকোলন বা গুৰু  যতি ( ; )
  • ক'মাতকৈ  বেছি  সময়  ৰবৰ  বাবে  এই  চিন  ব্যৱহাৰ  কৰা  হয়  ৷ যেনেঃ মানুহে  জীয়াই  থাকিবৰ বাবে বিদ্যা  লাভ কৰে , চাকৰি কৰে , ধন-সম্পত্তিও আৰ্জন কৰে ; কিন্তু শেষত সফলতা  লাভ কৰে ৷''
(ঘ) ক'লোন  বা লঘূছেদ(:)
  • কথাৰ  গুৰুত্ৱ  আৰু  সংযোগ  বঢ়াবৰ  বাবে  দুটা  কথাৰ  মাজত  কলোন ব্যৱহাৰ  কৰা হয় ৷ যেনে ঃ যোৰহাট এখন ডাঙৰ  চহৰঃ নগৰখনৰ আগৰ ৰূপ  নাই ৷ 
(ঙ)কোলন ডেচ  বা  পটন্তৰ চিন (:-)
  • কোনো কথা বা ঘটনাৰ  উদাহৰণ দিবৰ  বাবে  এই চিন  ব্যৱহাৰ  কৰা  হয় ৷ যেনেঃ  ৰাম , কাৰেংঘৰ , শৰাইঘাট  দলং 
(চ) ডেচ বা দীৰ্ঘ ৰেখা (  ___ ) 
  • কোনো বাক্যৰ মাজত থকা  খণ্ডবাক্যৰ  সৈতে আন এটাৰ  সম্বন্ধ বুজাবৰ  বাবে  ডেচ ব্যৱহাৰ কৰা হয় ৷ যেনেঃ ভাৰতেই  সেইখন দেশ ____ যি পঞ্চশীলক মানি চলে ৷ 
(ছ) হাইফেন  বা  সমাস  , সম্বন্ধ  চিন (-)
  • দুটা  ততোধিক  পদৰ  মাজত  থকা  সম্পৰ্কত  হাইফনে (-) ব্যৱহাৰ  হয় ৷ যেনেঃ জা -জলপান ,খা-খবৰ , বা-মাৰলী আদি ৷ 
(জ) ভাববোধক  চিন (!)
  • মানুহৰ  মনৰ ভাব , চিন্তা , আৱেগ অনুভূতি  বুজোৱা  শব্দ আৰু  বাক্যৰ  শেষত  ভাববোধক চিহ্ন ব্যৱহাৰ কৰা হয় ৷ যেনেঃ হায় ! হায় ! এয়ে  মানুহৰ  জীৱন ৷ 
(ঝ) প্ৰশ্নবোধক চিন (?)
  • প্ৰশ্নবোধক  বাক্যৰ  শেষত  প্ৰশ্নবোধক চিহ্ন বাৱহাৰ  কৰা হয় ৷ যেনে ঃ  তোমাৰ  নামটো  কি ? 
(ঞ) ঊৰ্ধ্বকমা (')
  • শব্দৰ  মাজত  কোনো ধ্বনি উচ্চাৰণ লুপ্ত হৈ অন্য এটা ধ্বনি -অ বা -ওৰ দৰে হয় ৷ সেই  ধ্বনি  বুজাবৰ  বাবে ঊৰ্ধ্বকমা ব্যৱহাৰ হয় ৷ যেনেঃ ব'ল , হ'ল , ক'ব ৷ 
(ট) যুগ্ম ঊৰ্ধ্বকমা ("____") 
  • আনৰ কথা , লিখা  আদি  অবিকলভাৱে হ'লে  এই  যুগ্ম ঊৰ্ধ্বকমা ব্যৱহাৰ  কৰা  হয় ৷ যেনেঃ ৰবীনে ক'লে , '' মোৰ  ঘৰ গোলাগাটত ৷ '' 
HSLC  পৰীক্ষাত  অহা কেইটামান  প্ৰশ্ন-উত্তৰ  তলত  কৰি  দিয়া  হ'লঃ 

তলৰ বাক্যবোৰত উপযুক্ত  যতি  চিন  ব্যৱহাৰ  কৰাঃ 

1. ৰমেশ বীৰেন আৰু  কনক বজাৰলৈ  গ'ল ৷

উত্তৰঃ  ৰমেশ , বীৰেন আৰু  কনক বজাৰলৈ  গ'ল ৷

2. তুমি অংকটো  কৰিব নোৱাৰিলা ময়ো  নোৱাৰিলোঁ ৷ 

3. ৰামে কৈছিল মই  স্কুললৈ  যাম ৷

উত্তৰঃ ৰামে কৈছিল , '' মই  স্কুললৈ  যাম ৷ ''

4. শিক্ষকে  কৈছিল পৃথিৱী সূৰ্য্যৰ  চাৰিওফালে  ঘূৰে ৷ 

উত্তৰঃ শিক্ষকে  কৈছিল , '' পৃথিৱী সূৰ্য্যৰ  চাৰিওফালে  ঘূৰে ৷ ''

5. শিক্ষকে  সুধিলে মধুৰাম তুমি কালি স্কুললৈ  কিয় নাহিলা 

উত্তৰঃ শিক্ষকে  সুধিলে , '' মধুৰাম ,  তুমি কালি স্কুললৈ  কিয় নাহিলা ? ''

6. শিক্ষকে  সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা 

উত্তৰঃ শিক্ষকে  সুধিলে , '' তুমি কালি স্কুললৈ কিয় নাহিলা ? '' 

7. হে ভগৱান দয়া কৰা 

উত্তৰঃ হে ভগৱান , '' দয়া কৰা ৷ ''

8. মই কিন্তু নৰওঁ এতিয়াই  যামগৈ 

উত্তৰঃ মই কিন্তু নৰওঁ , '' এতিয়াই  যামগৈ ৷ '' 

9. হে ভগৱান মই বিপদত পৰিছো মোক ৰক্ষা কৰা ৷ 

উত্তৰঃ হে ভগৱান , '' মই বিপদত পৰিছো মোক ৰক্ষা কৰা ৷ '' 

10. ৰীনাই ক'লে আজি  স্কুল বন্ধনে 

উত্তৰঃ ৰীনাই ক'লে , '' আজি  স্কুল বন্ধনে  ? ''

11. দেউতাই  বজাৰৰ পৰা  প্ৰায়ৰ আম াপেল আনাৰস তিঁয়হ কিনি আনে ৷

উত্তৰঃ দেউতাই  বজাৰৰ পৰা  প্ৰায়ে আম , আপেল , আনাৰস , তিঁয়হ  কিনি আনে ৷

12. প্ৰণবে ক'লে মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা ৷ 

উত্তৰঃ প্ৰণবে ক'লে , '' মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা ৷ '' 

13. তেওঁ ক'লে মনত  ৰাখিবা তুমি অসমৰ বীৰ সন্তান 

উত্তৰঃ তেওঁ ক'লে ,''  মনত  ৰাখিবা ,তুমি অসমৰ বীৰ সন্তান ৷ ''  







Post a Comment

3Comments

Please don't use spam link in the comment box.

Post a Comment