ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

সমাস আৰু ইয়াৰ প্ৰকাৰ- অসমীয়া ব্যাকৰণ -দশম শ্ৰেণী -CLASS X -SEBA -HSLC

Admin
15

সমাস আৰু ইয়াৰ প্ৰকাৰ- অসমীয়া ব্যাকৰণ -দশম শ্ৰেণী -CLASS X -SEBA -HSLC 

অসমীয়া ব্যাকৰণ , সমাস , দশম শ্ৰেণী
সমাস আৰু ইয়াৰ প্ৰকাৰ 

১/ সমাস  কাক বোলে উদাহৰণ দি বুজাই লিখা ৷

উত্তৰঃ পৰস্পৰ  সমন্ধ  বিশিষ্ট দুই  বা  অধিক  পদৰ (শব্দৰ) একপদী  ভাব  বা  এটা  অৰ্থযুক্ত  শুৱলা  শব্দ  হোৱাকে  সমাস  বোলা  হয় ৷ সমাসৰ  অৰ্থ হ'ল  চুটি  কৰা  বা  সংক্ষিপ্তকৰণ ৷ কিন্তু  সংক্ষিপ্তকৰণে নহয় ই অৰ্থাৱহ শুৱালা  হোৱা  উচিত  ৷ ধৰাহওক  ' গছ পকা ' শব্দটো ৷ ইয়াত দুটা  শব্দ আছে - গছত  আৰু  পকা ৷ আমি যদি কওঁ 'পকা গছত ' তেন্তে  সি শুদ্ধও নহ'ব  শুৱলাও নহ'ব ৷ ঠিক সেইদৰে -' দেৱ থান ' ৷ ' থান দেৱ'ৰ  অৰ্থ নাই ৷ সংস্কৃত  ভাষাৰ  দৰে অসমীয়া  ভাষাৰ সমাস জটিল  নহয় ৷ 
  সমাস  ছয়  প্ৰকাৰৰঃ

(ক) দ্বন্দ  সমাস 

(খ) তৎপুৰুষ  সমাস 

(গ) কৰ্মধাৰয়  সমাস 

(ঘ)  বহুব্ৰীহি  সমাস 

(ঙ) দ্বিগু  সমাস 

(চ) অব্যয়ীভাৱ  সমাস 

আকৌ  প্ৰত্যেকৰে  ভাগসমূহ তলত উদাহৰণসহকাৰে  আলোচনা কৰা হ'লঃ

(ক) দ্বন্দ  সমাসঃ 
দুটা  অধিক পদ লগ  হৈ  এটা  হোৱাকে  বা  এটা পদই  সকলোকে  বুজালে  দ্বন্দ  সমাস  হয় ৷ যেনেঃ বাৰীৰ  আম , কঁঠাল , নেমু  ইত্যাদি ৷ 
দ্ৱন্দ  সমাস  তিনি প্ৰকাৰৰঃ 
(১) ইতৰেতৰ দ্বন্দঃ সমাস  হোৱা  শব্দবোৰৰ  অৰ্থ  একে  থাকিলে  ইতৰেতৰ  দ্বন্দ  সমাস  হয় ৷ ইতৰেতৰ  দ্বন্দ সমাসৰ  সমস্ত  পদত সদায় বহবচনাৰ্থ  হয় , মান , জ্যেষ্ঠ , নাম পদ আৰু সচৰাচতে ব্যৱহাৰ হোৱা শব্দ আগত বহে ৷ যেনেঃ
তামোল আৰু পাণ =  তামোল পাণ
ৰাম আৰু লক্ষ্মণ = ৰাম লক্ষ্মণ
ককা  আৰু দেউতা = ককা দেউতা
(২) সমাহাৰ দ্ৱন্দঃ

(খ) তৎপুৰুষ  সমাস 

(গ) কৰ্মধাৰয়  সমাস 

(ঘ)  বহুব্ৰীহি  সমাস 

(ঙ) দ্বিগু  সমাস 


(চ) অব্যয়ীভাৱ  সমাস 

২/ ব্যাসবাক্যৰ সৈতে সমাসৰ নাম লিখাঃ
(ক)দোমাহী , চক্ৰপাণি

উত্তৰঃ দোমাহীঃ  দুই  মাহৰ  সমাহাৰ  =  দ্বিগু  সমাস 
     চক্ৰপাণিঃ  চক্ৰ  আছে  পাণিত যাৰ(বিষ্ণ) = ব্যধিকৰণ বহুব্ৰীহি 

(খ)দোমাহী , পীতাম্বৰ , মাতৃভক্তি , আমৰণ

উত্তৰঃ  দোমাহীঃ  দুই  মাহৰ  সমাহাৰ  =  দ্বিগু  সমাস 
পীতাম্বৰঃ পীত অম্বৰ আছে  যাৰ = বহুব্ৰীহি  সমাস 
মাতৃভক্তিঃ মাতৃলৈ ভক্তি = চতুৰ্থী তৎপুৰুষ
আমৰণঃ ন + মৰণ = নঞ সমাস 
(গ)ৰামৰাৱণ, পীতাম্বৰ , হাতদীঘল , জলচৰ

উত্তৰঃ   ৰামৰাৱণঃ  ৰাম  আৰু  ৰাৱণ = ইতৰেতৰ  দ্বন্দ 
পীতাম্বৰঃ পীতাম্বৰঃ পীত অম্বৰ আছে  যাৰ = বহুব্ৰীহি  সমাস 
 হাতদীঘলঃ হাত দীঘল যাৰ = বহুব্ৰীহি  সমাস 
 জলচৰঃ জলত চৰে  যি = উপপদ সমাস 

(ঘ)নৱৰত্ন , শূৰ্পণখা ,চন্দ্ৰমূখ ,গৃহস্থ

উত্তৰঃ নৱৰত্নঃ নৱ ৰত্নৰ  সমাসাৰ = দ্বিগু  সমাস 
শূৰ্পণখাঃ কুলাৰ  নিচিনা নখ যাৰ = উপনিত কৰ্মধাৰয় সমাস 
চন্দ্ৰমূখঃ চন্দ্ৰৰ তুল্য মুখ = মধ্যপদলোপী কৰ্মধাৰয় সমাস
গৃহস্থঃ গৃহত থাকে যি = উপপদ  সমাস 


(ঙ)ৰাধাকৃষ্ণ ,শুক্লপক্ষ

উত্তৰঃ   ৰাধাকৃষ্ণঃ ৰাধা আৰু কৃষ্ণ = ইতৰেতৰ দ্বন্দ 

শুক্লপক্ষঃ শুক্ল যি পক্ষ = কৰ্মধাৰয়  সমাস                                    

(চ)ত্ৰিফলা , শূলপাণি , মহাপুৰুষ , উপবন

উত্তৰঃ ত্ৰিফলাঃ তিনি  ফলৰ  সমাহাৰ = দ্বিগু  সমাস 
শূলপাণিঃ শূল আছে পাণিত যাৰ = বহুব্ৰীহি 
মহাপুৰুষঃ মহান যি পুৰুষ = কৰ্মধাৰয় সমাস 
 উপবনঃ 

(ছ)উৰাজাহাজ ,মাটিকঁঠাল , মৌচাক

উত্তৰঃ উৰাজাহাজঃ উৰা যি জাহাজ = কৰ্মধাৰয়  সমাস 
মাটিকঁঠালঃ 
 মৌচাকঃ মৌৰ  চাক = ষষ্ঠী  তৎপুৰুষ 

Post a Comment

15Comments

Please don't use spam link in the comment box.

  1. thanks.......mur request eta asil...please seba class 10 toppers answer sheet dibo....please

    ReplyDelete
  2. thanks.......mur request eta asil...please seba class 10 toppers answer sheet dibo....please

    ReplyDelete
    Replies
    1. সোনকালে পাই যাবা

      Delete
  3. What is the samash for matrivumi da

    ReplyDelete
    Replies
    1. মাতৃ ৰ ভূমি (তৎপুৰুষ সমাস )

      Delete
  4. Sir পঞ্জাঙ্গুল ৰ সমাস কি? হ'ব

    ReplyDelete
    Replies
    1. পঞ্চ আঙুল ৰ সমাহাৰ (দিগু সমাস )

      Delete
    2. Sir সিংহাসন সমাস কি

      Delete
  5. নাতিদীৰ্ঘৰ সমাস কি হ’ব Sir?

    ReplyDelete
  6. "ৰাজগৃহ" সমাস কি

    ReplyDelete
  7. গোপালভোগ ৰ সমাস কি

    ReplyDelete
  8. ভাল-বেয়া কি সমাহ হব ?

    ReplyDelete
  9. পিতচকু সমাস কি

    ReplyDelete
Post a Comment