ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন -জ্যোতিপ্ৰসাদ বুঢ়াগোহাঞি - অসমীয়া সাহিত্য চয়নিকা - নৱম শ্ৰেণী - class IX

Admin
1

পোহৰৰ  বাটেৰে আগবঢ়া  গাঁওখন -জ্যোতিপ্ৰসাদ  বুঢ়াগোহাঞি - অসমীয়া সাহিত্য চয়নিকা - নৱম শ্ৰেণী - class IX 

নৱম শ্ৰেনী , অসমীয়া সাহিত্য চয়নিকা

                                                পোহৰৰ  বাটেৰে আগবঢ়া  গাঁওখন



প্ৰশ্নাৱলীঃ

ভাব-বিষয়কঃ

১/ চমুকৈ উত্তৰ  দিয়াঃ

(ক) ৰাজপুত  বীৰ  মহাৰাণা  প্ৰতাপৰ  জন্ম  ক'ত  হৈছিল  ?

উত্তৰঃ ৰাজস্থানৰ  উদয়পুৰত  ৷ 

(খ) পিপলান্ত্ৰি  গাঁওখন  ক'ত  অৱস্থিত  ?

উত্তৰঃ ৰাজস্থানৰ  ৰাজধানী  জয়পুৰৰ পৰা ৩৫০ কিলোমিটাৰ  আঁতৰত  থকা গাওঁখনৰ  নাম হ'ল পিপলান্ত্ৰি ৷ 

(গ) কিহৰ  বাবে  পিপলান্ত্ৰি  গাওঁখনে  ' গ্ৰীণিজ ৱৰ্ল্ড  ৰেকৰ্ড'ছত  স্থান পাইছিল ? 

উত্তৰঃ মাৰ্বল  পাথৰৰ  বাবে ৷ 

(ঘ) পৃথিৱীৰ  কোনখন  দেশৰ  পাঠ্যক্ৰমত  পিপলান্ত্ৰি  গাঁৱৰ  সফলতাৰ কাহিনী  অন্তৰ্ভুক্ত  হৈছে ?

উত্তৰঃ  ডেনমাৰ্ক ৷

(ঙ) ' Tree  Sisters ' নামৰ  চিনেমাখন  কোনে  নিৰ্মাণ কৰিছিল ?

উত্তৰঃ  আৰ্জেণ্টিনা  ৷ 

(চ) কিৰণ কোন  আছিল ?

উত্তৰঃ শ্যাম  সুন্দৰ  পালিৱালৰ  পুত্ৰীৰ  নাম  হ'ল  কিৰণ  ৷ 

(ছ) ৰাখী-বন্ধনৰ  দিনা  পিপলান্ত্ৰি  গাঁৱৰ ছোৱালী  আৰু  মহিলাসকলে  কি  কৰে  ? 

উত্তৰঃ  গছত  ৰছী  বান্ধে ৷ 
(জ) ' কিৰণ নিধি যোজনা 'ৰ  আঁৰৰ  মানুহজন  কোন ? 

উত্তৰঃ শ্যাম  সুন্দৰ  পালিৱাল ৷ 

(ঝ) কোনো  এজন মানুহৰ  মৃত্যুত  পিপলান্ত্ৰি  গাঁৱৰ  মানুহে  কি  কৰে  ? 

উত্তৰঃ মৃত  মানুহজনৰ  স্মৃতিত  ১১ টা  গছপুলি  ৰোপণ কৰা  হয়  ৷ 

২/ পিপলান্ত্ৰি  গাঁৱৰ পৰিৱেশ  কিয়  দূষিত  হৈছিল ? 

উত্তৰঃ 

৩/ শ্যাম সুন্দৰ  পালিৱাল কোন ? পিপলান্ত্ৰি গাঁৱখন  পৃথিৱীবিখ্যাত  হোৱাত তেওঁৰ  অৱদান সম্পৰ্কে  চমুকৈ লিখা ৷ 

উত্তৰঃ শ্যাম সুন্দৰ পালিৱাল ৰাজস্থান ৰাজ্যত অৱস্থিত পিপলান্ত্ৰী গাঁৱৰ  এজন মুখিয়াল  আছিল  যিজনে  তেওঁৰ  গাঁওখনক পৃথিৱী বিখ্যাত  কৰি  তুলিছিল ৷ 
     পিপলান্ত্ৰি গাৱখন  পৃথিৱীবিখ্যাত  কৰাৰ  অৱদান  তেওঁৰ  বহুত ৷ গাঁৱখন কেৱল  মাৰ্বল  পাথৰৰ  বাবেহে  বিশ্বত বিখ্যাত  হৈ পৰিছিল ৷ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ বৃহৎ  মাৰ্বল  পাথৰৰ  খনি আৰম্ভ কৰিছিল ৷ প্ৰাকৃতিক  সম্পদত  চহকী থকা সত্ত্বেও  গাওঁখনৰ  মানুহ  জীয়াই  থাকিবলৈ  বহুত  কঠোৰ  সংগ্ৰাম কৰিবলগা  হৈছিল ৷ প্ৰাকৃতিক সম্পদৰ  ওপৰত অধিকাৰ  কেৱল  ব্যৱসায়ীসকলৰহে  আছিল  তেওলোক তাৰ পৰা মুনাফা অৰ্জন কৰিছিল ৷ প্ৰাকৃতিক  সম্পদৰ  ধ্বংসৰ  ফলত  প্ৰাকৃতিক  পৰিৱেস বিনষ্ট হৈছিল  , ইয়াৰ  ফলস্বৰূপে  গাঁৱৰ  মানুহৰ পানীৰ  অভাৱৰ  লগতে  বিভিন্ন বেমাৰ  আজাৰত  ভুগিব লগা  হৈছিল ৷ 
      গাওঁখনক পুনৰ  জীৱন দিয়া  ব্যক্তিজন  হ'ল  শ্যাম  সুন্দৰ  পালিৱাল যাৰ  অক্লান্ত  পৰিশ্ৰমৰ  বাবে  আজি  সেইখন গাঁৱক গোটেই  বিশ্বই  চিনি পায় ৷ পালিৱালদেৱৰ জন্মৰ  সময়ত  গাঁখনৰ  অৱস্থা  একেবাৰে  বেয়া আছিল ৷ ২০০৫ চনত  তেঁও  গাঁৱৰ  মুখিয়াল  হৈছিল ৷ তেঁও  তেওঁৰ কন্যাক অসুখত  হেৰাইছিল ৷   কন্যাৰ  মৃত্যুত  ম্ৰিয়মান  হৈ  পৰা  পালিৱালে  এয়া  নিয়তিৰ  ইচ্ছা  বুলি  ভাবি  কন্যাৰ  স্মৃতিত  এটা  গছপুলি  ৰোপণ কৰে  ৷ সেইদিনাই  তেওঁ  গাঁৱত  এটা  নতুন  নিয়ম  প্ৰৱৰ্তন  কৰিলে  সেইটো  হ'ল  , গাওঁখনত  জন্ম  হোৱা  প্ৰতিজনী  কন্যা  সন্তানৰ  নামত ৰাইজে ১১১  টা  গছপুলি  ৰোপণ কৰিব  লাগিব আৰু এই যোজনাটোৰ নামেই হ'ল   'কিৰণ নিধি যোজনা' ৷ 

         এই  যোজনাৰ  অধীনত পিপলান্ত্ৰি  গাঁৱৰ  মানুহে   বিশেষ  চাৰিটা দায়িত্ব  পালন কৰিব লাগিব  , সেইবোৰ  হ'লঃ 

(ক) কন্যা  সন্তানক  ল'ৰা  সন্তানৰ  দৰেই  ভালকৈ ডাঙৰ-দীঘল কৰা ৷ 

(খ) পানী   সংৰক্ষণ কৰা ৷

(গ) গছ-গছনি  ৰুই  প্ৰতিপালন  কৰা  আৰু 

(ঘ) খেতি -বাতি  কৰি  নিজৰ  প্ৰয়োজন পূৰণ কৰা ৷ 

পিপলান্ত্ৰি  গাৱঁৰ  মুখিয়াল শ্যাম সুন্দৰ পালিৱালে  কন্যা সন্তানৰ  প্ৰতি  গাঁওখনৰ  লোকসকলৰ  মনোভাৱ  সলনি  কৰি  দিছিল ৷ তেওঁৰ  আহ্বানত  গাঁৱত  ছোৱালী  সন্তান  জন্ম হোৱাৰ লগে লগে এক  উৎসৱমুখৰ  পৰিৱেশ  সৃষ্টি  হৈছিল ৷ ছোৱালী  জন্ম হ'লে  দুখ কৰাৰ  সলনি  আনন্দ-উল্লাস কৰা হৈছিল ৷ 

৪/ 'কিৰণ নিধি  যোজনা' কি ? এই  যোজনাৰ  অধীনত পিপলান্ত্ৰি  গাঁৱৰ  মানুহে  কি কি  বিশেষ  চাৰিটা দায়িত্ব  পালন কৰিব লাগে ? 

উত্তৰঃ ২০০৫ চনত  শ্যাম  সুন্দৰ  পালিৱালে  পিপলান্ত্ৰী  গাঁওখনৰ  মুখিয়ালৰ  দায়িত্ব  লাভ কৰাৰ পাছত  তেওঁৰ  কন্যা  কিৰণৰ  মৃত্যু  হয় ৷ কন্যাৰ  মৃত্যুত  ম্ৰিয়মান  হৈ  পৰা  পালিৱালে  এয়া  নিয়তিৰ  ইচ্ছা  বুলি  ভাবি  কন্যাৰ  স্মৃতিত  এটা  গছপুলি  ৰোপণ কৰে  ৷ সেইদিনাই  তেওঁ  গাঁৱত  এটা  নতুন  নিয়ম  প্ৰৱৰ্তন  কৰিলে  সেইটো  হ'ল  , গাওঁখনত  জন্ম  হোৱা  প্ৰতিজনী  কন্যা  সন্তানৰ  নামত ৰাইজে ১১১  টা  গছপুলি  ৰোপণ কৰিব  লাগিব আৰু এই যোজনাটোৰ নামেই হ'ল   'কিৰণ নিধি যোজনা' ৷ 

         এই  যোজনাৰ  অধীনত পিপলান্ত্ৰি  গাঁৱৰ  মানুহে   বিশেষ  চাৰিটা দায়িত্ব  পালন কৰিব লাগিব  , সেইবোৰ  হ'লঃ 

(ক) কন্যা  সন্তানক  ল'ৰা  সন্তানৰ  দৰেই  ভালকৈ ডাঙৰ-দীঘল কৰা ৷ 

(খ) পানী   সংৰক্ষণ কৰা ৷

(গ) গছ-গছনি  ৰুই  প্ৰতিপালন  কৰা  আৰু 

(ঘ) খেতি -বাতি  কৰি  নিজৰ  প্ৰয়োজন পূৰণ কৰা ৷ 

৫/ কন্যা  সন্তান সুৰুক্ষাৰ বাবে  শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ  আঁচনি  লৈছিল ? 

উত্তৰঃ 

৬/ পিপলান্ত্ৰি গাঁৱত  প্ৰকৃতি আৰু  মানুহৰ  মাজত  কেনেদৰে  আত্মিক  সম্পৰ্ক  গঢ় লৈ  উঠিছিল পাঠৰ  সহায়ত  লিখা ৷ 

উত্তৰঃ 

৭/ পিপলান্ত্ৰি গাঁৱৰ  সফলতাৰ  কাহিনী  কোনে  কেনেকৈ  প্ৰচাৰ কৰিছে ?

উত্তৰঃ 

৮/ পিপলান্ত্ৰি গাঁওখন  কিয়  এখন আদৰ্শ  গাঁও  বুলি  তুমি  ভাবা ?  পাঠটোৰ শিক্ষণীয়  দিশ  কোনবিলাক ? 

উত্তৰঃ 

৯/ বহলাই  বুজাই  লিখাঃ

(ক) বাৰটা  মাহত  তেৰটা খেতি ৷

উত্তৰঃ ভাৰত  এখন  কৃষি  প্ৰধান দেশ ৷ ভাৰতৰ বিভিন্ন ৰাজ্যত  বিভিন্ন ধৰণৰ  খেতি  কৰা  হয়  যেনে ঃ ধান , মৰাপাট , কল , নাৰিকল ইত্যাদি  ৷ আকৌ প্ৰত্যেক  ৰাজ্যত  থকা ভূমি সকলো খেতিৰ  বাবে  উপযোগী  নহয় ৷ আকৌ বতৰ তথা জলবায়ু অনুযায়ী সকলো সময়ত সকলো খেতিৰ  উৎপাদন সন্তষ্টিদায়ক নহয় ৷ এইবোৰ  অসুবিধা  থকাৰ  সত্ত্বেও  আমাৰ  ভাৰতবৰ্ষৰ  কিছুমান ৰাজ্যত  খেতিৰ  ওপৰত বহুত গুৰুত্ব  আৰোপ  কৰা  হয় ৷ সেইবোৰ  ৰাজ্যত  বাৰটা মাহত  বহুত  ধৰণৰ  খেতি কৰা  হয় ৷ তেনেবোৰ  ৰাজ্যৰ  বিকাশৰ  অগ্ৰগতিও  বহুত  বেছি ৷ কিনতু ভাৰতবৰ্ষৰ অধিকাংশ  ৰাজ্যত বাৰটা মাহত  তেৰটা  খেতি  কৰা  নহয়  ৷  বাৰটা মাহত তেৰটা  খেতি কৰাহেতেন  চৰকাৰে  বেলেগ  দেশৰ  পৰা  খাদ্য-শস্য আমদানি কৰিব নালাগিলেহেতেন ৷ বাৰু যি কি নহওক আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত থকা ভূমিসমূহ  বিভিন্ন শস্যৰ  বাবে  উপযোগী হয় ৷ মাথো আমাৰ খেতিয়ক সকলে খেতি কৰাটোৰ পৰিমাণ বৃদ্ধি কৰিব লাগে যাতে  সকলো ধৰণৰ  শস্য আমাৰ  ভাৰতবৰ্ষতেই সময়মতে উপলদ্ধ হয় ৷ ইয়াৰ বাবে কেৱল যে  খেতিয়কলেই  দায়ী সেয়া  নহয়  ৷ এজন এজন দেশৰ  সুনাগৰিক হিচাপে  দেশৰ  সকলো জনসাধাৰণেই দায়ী ৷ আমাৰ  দেশ ভাৰতবৰ্ষত প্ৰতি  বছৰে বছৰে বহুত বহুত শিক্ষিত  নিবুনুৱা  শিক্ষা সাং কৰি ঘৰত বহি  আছে  ৷ তেওঁলোকেও চাকৰি অভিমুখী নহৈ কৃষিৰ প্ৰতি  মনযোগ  দিয়া  উচিত ৷ কাৰণ আজিৰ  কৃষকৰ প্ৰচেষ্টাই  দেশএখনৰ উন্নতিৰ সূচকাংক হিচাপে কাম কৰে ৷ আমাৰ শিক্ষিত  নিবুনুৱাক কৃষিৰ  প্ৰতি  মন আকৰ্ষণ কৰাবলৈ হ'লে আমাৰ বিশিষ্ট ব্যক্তিসকল তথা শিক্ষাখণ্ডত  সেৱা আগবঢ়োৱাসকল শিক্ষিত  নিবনুৱাক অনুপ্ৰেৰণা যোগোৱা উচিত ৷ শিক্ষা যে  কেৱল  চাকৰী অভিমূখী নহয়   সেয়া  ভালদৰে  বুজোৱা  উচিত ৷ আজিকালি দেখা গৈছে বহুত  শিক্ষিত নিবুনুৱা শস্য পথাৰত নামিবলৈ  টান  পায় ৷ এয়া একমাত্ৰ  শিক্ষাৰ  অভাৱৰ  বাবে হৈছে ৷ প্ৰাথমিক শিক্ষা খণ্ডৰ পৰাই  শিশুসকলক কৃষিৰ  প্ৰতি  মনোযোগ  আকৰ্ষণ কৰাবলৈ  বিভিন্ন ধৰণৰ প্ৰকল্প প্ৰস্তুত  কৰা উচিত যাতে তেওঁলোকে খেতিৰ  প্ৰতি আকৃষ্ট হয় ৷ 
 ঠিক একেদৰেই  চৰকাৰেও  আমাৰ কৃষকক মাজে  সময়ে  অনুপ্ৰেৰণা যোগোৱাৰ  উদ্দেশ্যে কৃসকসকলক খেতিৰ বিভিন্ন সা-সজুলি সমূহ  সুলভ মূল্যত তথা বিনামূল্য আগবঢ়োৱা উচিত যাতে তেওঁলোকে কম সময়তে কৃষিৰ  প্ৰতি  আকৃষ্ট হয় ৷ ইয়াৰ উপৰিও চৰকাৰে  খেতিয়কসকলক  মাজে সময়ে প্ৰশিক্ষণ দিয়া উচিত যাতে কোনটো  সময়ত কি খেতি কৰে বা কোনটো শস্যত কি সাৰ প্ৰয়োগ কৰা হয় ইত্যাদি কথা তেওঁলোকে সহজে বুজি পায় ৷ ঠিক একেদৰেই  নিজৰ শস্যসমূহ বিক্ৰিৰ সময়ত তেওঁলোকে  উচিত  মূল্য পাইছেনে নাই  তাৰ ওপৰত  চৰকাৰে বিশেষভাৱে মনযোগ দিয়া উচিত যাতে তেওঁলোক কৃষিৰ  প্ৰতি নিৰুৎসাহ নহওক ৷ 
      এই  সকলোবোৰ  যদি  কৃষকে সময়ে সময়ে পায় থাকে বা নৱপ্ৰজন্মসকলে গম পায় , তেতিয়াহ'লে  নিশ্চিতভাৱে খেতিয়সকলে বাৰটা মাহত তেৰটা খেতি কৰিবলৈ  আগবাঢ়ি আহিব ৷ বাৰটা মাহত তেৰটা খেতি তেওঁলোক তেতিয়াহে কৰিব যদি তেওঁলোক জলসিঞ্চনৰ সুবিধা পায় , সা-সজুলিৰ সুবিধা পায় , সময়মতে  প্ৰশিক্ষণ পায় লগতে  নিজৰ উৎপাদিত শস্যৰ  উচিত মূল্য পায় ৷ এইকেইটা  সুবিধা যদি  আমাৰ  খেতিয়কসকলে পায় তেন্তে বহু নৱ শিক্ষিত নিবনুৱাও কৃষিৰ প্ৰতি আকৰ্ষিত হ'ব আৰু খেতিত লাগিব ৷ আমাৰ দেশ ভাৰতবৰ্ষ  কাৰো ওপৰতো নিৰ্ভৰ কৰিবলগীয়া নহ'ব ৷ 

(খ) স্বচ্ছ  ভাৰত  অভিযান ৷

উত্তৰঃ স্বচ্ছ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যোগত চলা এক বিশেষ অভিযান যাৰ উদ্দেশ্য হৈছে সকলোকে দ্ৰুতগতিত সৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ প্ৰয়োজনীয়তা আৰু দেশখনক চাফ-চিকুণ  কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলা।
স্বচ্ছ ভাৰত অভিযানৰ দুটা উপ-অভিযান তলত উল্লেখ কৰা হ'লঃ  
  • স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন)
  • স্বচ্ছ ভাৰত অভিযান (নগৰীয়)

ইয়াৰ উদ্দেশ্যসমূহঃ 

(ক)গ্ৰামীন এলেকা সমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰি ৰখা ৷

(খ)দ্ৰুতগতিত সৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতা বঢ়াই ২ অক্টোবৰ, ২০১৯ চনৰ ভিতৰত এখন স্বচ্ছ ভাৰত সাৰ্থক কৰা।

(গ)সজাগতা সৃষ্টি আৰু স্বাস্থ্য-শিক্ষাৰ মাধ্যমেৰে জন-গোষ্ঠী আৰু পঞ্চায়তীৰাজ অনুষ্ঠান সমূহক স্থিতিক্ষম অনাময়ন শৈলী আৰু সুবিধা সমূহ গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰা

(ঘ)পৰিস্থিতি-সন্মত আৰু স্থিতিক্ষম অনাময়নৰ বাবে মূল্যমত-ফলপ্ৰসূ আৰু উপযুক্ত প্ৰযুক্তিক উৎসাহিত কৰা

(ঙ) য’তে দৰকাৰ তাতে বিজ্ঞান-সন্মত গোটা আৰু তৰল (মল-মূত্ৰ) বৰ্জনীয় পদাৰ্থ প্ৰবন্ধন ব্যৱস্থাক নজৰত ৰাখি সমূহীয়া-প্ৰবন্ধনৰ দ্বাৰা চালিত অনাময় ব্যৱস্থাৰ বিকাশ কৰা যাতে গ্ৰাম্যাঞ্চলসমূহ সাৰ্বিকভাৱে পৰিষ্কাৰ হয়।


ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তী ৰ দিনাখন  উক্ত উদ্দেশ্য আগত ৰাখি এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল।
২০১৯ চনৰ ভিতৰত এখন স্বচ্ছ ভাৰত সাৰ্থক কৰায়ে এই অভিযানৰ লক্ষ্য হিচাপে লোৱা হৈছে যি মহামানৱ মহাত্মা গান্ধীৰ ২০১৯ চনত হবলগীয়া ১৫০ তম জন্মবাৰ্ষিকীত তেওঁৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব বুলি ভবা হৈছে।
স্বচ্ছ ভাৰত অভিযান (গ্ৰামীন )ৰ দ্বাৰা পঞ্চায়ত এলেকা সমূহত গোটা আৰু তৰল (মল-মূত্ৰ) বৰ্জনীয় পদাৰ্থৰ প্ৰবন্ধন কাৰ্য্য-কলাপৰ জৰিয়তে গ্ৰাম্যাঞ্চলসমূহক উন্মুক্ত মলত্যাগ মুক্ত কৰি স্বচ্ছতা আৰু পৰিচ্ছন্নতাৰ মান উন্নয়ন কৰিবলৈ বিচৰা হৈছে।

অঙ্গীকাৰঃ 
১) মহাত্মা গান্ধীয়ে এখন ভাৰতৰ সপোন দেখিছিল যি কেৱল স্বাধীনেই নহয়, লগতে হ'ব পৰিষ্কাৰ আৰু উন্নত।
২) মহাত্মা গান্ধীয়ে ভাৰতমাতাৰ বাবে মুক্তি নিশ্চিত কৰিছিল।
৩)  দেশখনক চাফ-চিকুন কৰি ৰাখি ভাৰতমাতাৰ সেৱা কৰাতো আমাৰ কৰ্তব্য।
৪) মই স্বচ্ছতাৰ প্ৰতি দায়বদ্ধ থাকিম আৰু তাৰ বাবে সময় নিয়োজিত কৰিম।
৫) মই বছৰি  সপ্তাহত দুঘণ্টাকৈ স্বচ্ছতাৰ বাবে কাম কৰিম।
৬) মই য'তে ত'তে আৱৰ্জনা নেপেলাম আৰু আনকো পেলাবলৈ নিদিম।
৭) মই স্বচ্ছতাৰ অন্বেষণৰ প্ৰথম পদক্ষেপ নিজে, নিজৰ পৰিয়ালত, নিজৰ চুবুৰীটোত, নিজৰ গাঁওখনিত আৰু নিজৰ কৰ্মস্থানতে লম।
৮) মই বিশ্বাস কৰো পৃথিৱীৰ যিবোৰ দেশ পৰিষ্কাৰ যেন লাগে সেয়া এইবাবেই কিয়নো তাহাতঁৰ নাগৰিক সকলে য'তে ত'তে আবৰ্জনা নেপেলাই বা পেলাবলৈ নিদিয়ে।
৯) এই দৃঢ় বিশ্বাসৰ দ্বাৰা মই স্বচ্ছ ভাৰত অভিযানৰ বাণী গাঁৱে-গাঁৱে , চহৰৰ অলিয়ে-গলিয়ে প্ৰচাৰ কৰিম।
১০) মই আন ১০০ জন মানুহক মই আজি লোৱা এই অঙ্গীকাৰ লবলৈ উৎসাহিত কৰিম।
১১) মই যত্ন কৰিম যাতে তেওঁলোকেও তেওঁলোকৰ ১০০ ঘণ্টা সময় স্বচ্ছতাৰ বাবে নিয়োজিত কৰে।
১২)  স্বচ্ছতাৰ দিশে মই লোৱা প্ৰতিটো পদক্ষেপে মোৰ দেশখনক স্বচ্ছ কৰাত সহায় কৰিব।

(গ) সামাজিক  মাধ্যম ৷ 

উত্তৰঃ  সামাজিক মাধ্যম হ'ল  এক গণ মাধ্যম  ৷ বৰ্তমান যুগত  সামাজিক  মাধ্যমৰ  ব্যৱহাৰ অতি বেছি ৷ ৰাতিপুৱা শুই  উঠাৰ  পৰা  সন্ধিয়ালৈকে  আমি  এইবিলাক  মাধ্যমৰ  লগত  জড়িত  ৷ পুৰণি কালত  মানুহে মাধ্যম হিচাপে  ৰেডিঅ ,টিভি ব্যৱহাৰ  কৰিছিল  ৷ আজিও  এইবোৰৰ ব্যৱহাৰ    আছেই  তথাপিও  আগৰ  দৰে  নহয়  ৷ বিভিন্ন দেশৰ  বা-বাতৰি তথা খা-খবৰ এই  মাধ্যমবিলাকৰ  জৰিয়তেই মানুহে  ঘৰতে  উপভোগ  কৰে  ৷ বিভিন্ন  ধৰণৰ  বাতৰি  কাকত , আলোচনী সমূহেও  দেশ-বিদেশৰ  বাতৰি  মানুহক দিয়ে আৰু এইবিলাক  সামাজিক  মাধ্যম  সমাজক সহায়  কৰিছে ৷ আগত  দেশ বিদেশত  হোৱা  ঘটনা সমূহৰ খবৰ  অলপ পলমকৈ পাইছিল ৷ কিনতু আজি মানুহে ছেকেণ্ডৰ  ভিতৰত এই  বাতৰিসমূহ লাভ কৰে ৷ আজিৰ যুগ ইণ্টাৰনেটৰ  যুগ  ৷ ইণ্টাৰনেটে মানুহক অনলাইন সকলো ধৰণৰ  সুবিধা আগবঢ়াই  আছে ৷ আজি আমি চকুৰ পচাৰতে গোটেই  জগতখনৰ  বিষয়ে জানিব পাৰো ৷ ইণ্টাৰেনটত উপলদ্ধ ফেইচবুক , টুইটাৰ , ইউটিউব ,ব্লগাৰ আদিৰ  জৰিয়তে আমি দেশী-বিদেশীসমূহ  ঘৰত বহিয়েই  লাভ কৰো ৷ এইবিলাক গণ মাধ্যম হিচাপে  কাম কৰি  আছে ৷ এইবিলাক মাধ্যমৰ  জৰিয়তে  মানুহে দূৰ-দূৰণিৰ পৰা নিজৰ ঘৰৰ খা-খবৰ ল'ব পাৰিছে তথা ব্যৱসায়ীসকলে  নিজৰ ব্যৱসায়সমূহ দূৰ-দূৰণিলৈ বিস্তাৰিত  কৰিবলৈ  সক্ষম হৈছে ৷ সামাজিক মাধ্যম আমাক কেৱল উপকাৰহে প্ৰধান কৰিছে বুলি  কলে  ভুল  হ'ব  ৷ এইবিলাকৰ বাবে বিভিন্নধৰণৰ অপৰাধমূলক কাম-কাজসমূহ  বৃদ্ধি  পাবলৈ  ধৰিছে ৷ অনলাইন ঠগবাজ , অনলাইন তথ্য চোৰ কৰা ,অনলাইন অশ্লীল ছবি দেখুওৱা , অনলাইন পইচা চোৰ কৰা ইত্যাদি  অনেক ধৰণৰ অপৰাযুক্ত কামকাজ সমূহ বৰ্তমান  সময়ত  বৃদ্ধি  পাবলৈ  ধৰিছে ৷ গতিকে আমাৰ সমাজ তথা চৰকাৰ আৰু ছাত্ৰ-ছাত্ৰীসকলেও এইবিলাকৰ  ক্ষেত্ৰত সজাগ হোৱাটো উচিত ৷ এফালে  সমাজিক মাধ্যমে মানুহক সুবিধা প্ৰদান কৰিছে আৰু আনফালে বিপদেও  মাতি আনিছে , গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰাৰ কথাও আমি নুই কৰিব নোৱাৰো ৷ এতিয়াৰ  পৰাই   এইবিলাকৰ  বিষয়ে  গভীৰভাৱে  চিন্তা-চৰ্চা কৰিলেহে সঠিক  সময়ত  ইয়াৰ  সমাধানসমূহ আমি পাম ৷ 

ভাষা  বিষয়কঃ

১০/ বাক্য  ৰচনা  কৰাঃ 

হাতে  কামে ;  নিয়ম  শৃংখলা ;  দিনে-নিশাই  ;  খেতি-বাতি ;  আনন্দ -উল্লাস ; ডাঙৰ- দীঘল ; সুখ-সমৃদ্ধি ৷

উত্তৰঃ 

হাতে  কামেঃ  হাতে -কামে  লাগিলে  কামটো  সময়মতেই  শেস  হ'ব ৷ 

নিয়ম  শৃংখলাঃ ছাত্ৰ-ছাত্ৰীয়ে  নিয়ম শৃংখলা  সদায়  মানি  চলা  উচিত  ৷ 

দিনে-নিশাইঃ  তেওঁ  পৰীক্ষাত  ভাল  ফলাফল  আনিবৰ  বাবে  দিনে -নিশাই  অধ্যয়ন  কৰিছে ৷ 

 খেতি-বাতিঃ আমি পিতৃ-মাতৃক  খেতি - বাতিত  সহায়  কৰা  উচিত ৷   

আনন্দ -উল্লাসঃ  আমি  প্ৰতিবছৰে  বিহু  আনন্দ -উল্লাসৰে  পালন  কৰোঁ ৷

ডাঙৰ- দীঘলঃ শংকৰদৱেক  তেওঁৰ আইতাই  ডাঙৰ-দীঘল কৰিছিল ৷ 

 সুখ-সমৃদ্ধিঃ  সুখ-সমৃদ্ধি  চিৰস্থায়ী  নহয়  ৷ 

১১/ কিয়  মূৰ্দ্ধন্য 'ণ'  হৈছে লিখাঃ

বৰষুণ;  পৰিমাণ ; ৰূপায়ণ ৷

উত্তৰঃ 

বৰষুণঃ একেটা  পদতে  থকা  ষ-ৰ  পাছত  দন্ত্য  ন , মূৰ্দ্ধন্য  হয়  ৷ 

পৰিমাণঃ পৰি  উপসৰ্গৰ  পাছত  যদি  'মান'  যোগ  হ'য়  তেন্তে  'ন' - 'ণ'  হয় ৷ 

ৰূপায়ণঃ ৰূপ শব্দৰ  পিছত  থকা  অয়ন  শব্দৰ  দন্ত্য  ন  মূৰ্দ্ধন্য  ণ  হয় ৷ 

১২/ তলৰ  শব্দবোৰৰ  প্ৰতিটোৰে  একোটাকৈ  সমাৰ্থক  শব্দ  লিখাঃ

মুক্ত  ; বায়ু ;  বৃহৎ  ;  পানী ; গছ ;  চকু ; গাঁও 

উত্তৰঃ 

মুক্তঃ  মুকলি 

বায়ুঃ পৱন

 বৃহৎঃ  প্ৰকাণ্ড 

পানীঃ জল 

গছঃ বৃক্ষ

চকুঃ নয়ন 

গাঁওঃ গ্ৰাম  

১৩/ তলৰ  উপসৰ্গকেইটাৰ  একোটিকৈ  শব্দ  গঠন  কৰাঃ 

প্ৰতি ; অধি , উপ , অৱ ; দুৰ্  ৷

উত্তৰঃ 

প্ৰতিঃ প্ৰতিকাৰ , পৰশোধ 

অধিঃ অধিকাৰ , অধিনায়ক 

উপঃ  উপকাৰ , উপহাৰ 

অৱঃ  অৱতৰণ , অৱগত 

দুৰ্ঃ  দুৰ্নাম  , দুৰ্গম 

Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment