ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

প্ৰাচীন ভাৰতীয় শিক্ষা - হেমচন্দ্ৰ গোস্বামী -দশম শ্ৰেণী( seba)

Admin
8
প্ৰশ্নাৱলী ঃ

ভাব-বিষয়ক ঃ 

১/ চমু  উত্তৰ  দিয়া ঃ

(ক) তক্ষশীলা  বিশ্ববিদ্যালয়ৰ  চাৰিজন  প্ৰখ্যাত  ছাত্ৰৰ  নাম  লিখা ৷

উত্তৰ ঃ জীৱক , পাণিনি  , চাণক্য   আৰু  কৌটিল্য 

(খ) তক্ষশীলালৈ  কোন  কোন  দেশৰ  পৰা  ছাত্ৰ  আহিছিল  ?

উত্তৰ ঃ পাৰস্য  , বেকট্ৰিয়া , মগধ আৰু  চীন দেশ ৷ 

(গ) নাগাৰ্জুন  কোন  ?  ক'ত  আছিল  আৰু  কি  কৰিছিল  ?

উত্তৰ ঃ নাগাৰ্জুন  অম্ৰাৱতী  নগৰৰ  ওচৰত থকা   শ্ৰীধান্যকটক  বিশ্ববিদ্যালয়ৰ    প্ৰধান  শিক্ষক  আছিল ৷ 

(ঘ) নালন্দ  বিশ্ববিদ্যালয়ত  অধ্যয়ন  কৰা  কোনজন  চীনা  ছাত্ৰক  কামৰূপ  ৰাজ্যলৈ  নিমন্ত্ৰণ  কৰা  হৈছিল  ?

উত্তৰ ঃ য়ুয়ানচ্যাঙক ৷ 

(ঙ) উদান্তপুৰী  বিশ্ববিদ্যালয়ৰ  কি  সম্পদ  কোনে  , কেতিয়া  ধ্বংস  কৰিলে ?

উত্তৰ ঃ  বহুমূলীয়া  পুথিভঁৰালক  মুছলমানবিলাক   ১২০২  খ্ৰীষ্টাব্দত  নষ্ট  কৰিছিল ৷ 

(চ) কোনখন  বিশ্ববিদ্যালয়  কাৰ  দিনত  কোনবিলাক  পণ্ডিতৰ  মিলনক্ষেত্ৰ  আছিল ?

উত্তৰ ঃ উজ্জয়িনীত  যি  বিশ্ববিদ্যালয়  আছিল তাত  একালত  অৰ্থাৎ  বিক্ৰমাদিত্যৰ  ৰাজত্বৰ  সময়ত  ভাৰতবৰ্ষৰ  সকলো পণ্ডিত  লোকসকলৰ  মিলনক্ষেত্ৰ  আছিল ৷ 

২/ ' প্ৰাচীন  ভাৰতীয়  শিক্ষা '  পাঠটিৰ  কথাখিনি  চমুকৈ  লিখা ৷

উত্তৰ ঃ প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ জৰিয়তে  লেখকে প্ৰাচীন কালৰ শিক্ষাৰ  উদ্দেশ্য , বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম , শিক্ষক ছাত্ৰৰ আচৰণৰ  আভাস  দিয়াৰ লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ  লগত তুলনা কৰিছে ৷ প্ৰাচীন ভাৰতত থকা  অতি পুৰণি ছটা  বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰিছে ৷

৩/ প্ৰাচীন  ভাৰতৰ  বিশ্ববিদ্যালয়ৰ  চমু  পৰিচয়  দিয়া ৷

উত্তৰ ঃ 

৪/ আৰ্য  শিক্ষাৰ কলাবিদ্যা  কিমানটি  ?  প্ৰাচীন  ভাৰতৰ  বিশ্ববিদ্যালয়সমূহত  আৰ্য  শিক্ষাৰ  কলা -বিদ্যা কোন  কোন  বিভাগত দিয়াৰ  ব্যৱস্থা  আছিল  ?

উত্তৰ ঃ আৰ্য  শিক্ষাৰ  কলাবিদ্যা  ৬৪  টা ৷  প্ৰাচীন  ভাৰতৰ  বিশ্ববিদ্যালয়সমূহত  আৰ্য  শিক্ষাৰ  কলা -বিদ্যা তলত উল্লেখ কৰা   বিভাগত দিয়াৰ  ব্যৱস্থা  আছিল ঃ

(ক) সাহিত্য ৷

(খ) গৃহপাল  বিদ্যা ৷

(গ) ৰন্ধন  বিদ্যা ৷

(ঘ) সাজ-সজ্জা  আৰু  পৰিচ্ছদ  বিদ্যা  ৷

(ঙ) হাতেৰে  কাম  কৰা  বিদ্যা ৷

(চ) শিল্প  বিদ্যা ৷

(ছ) বিজ্ঞান ৷

(জ) সংগীত  বিদ্যা ৷

(ঝ) নাট্য  বিদ্যা ৷

(ঞ) শিষ্টাচাৰ  বিদ্যা ৷

(ট) শাৰীৰিক  ব্যায়াম  বিদ্যা ৷


৫/ আজি কালিৰ  শিক্ষাৰ  লগত  প্ৰাচীন  কালৰ  ভাৰতৰ  শিক্ষাৰ  মূল  পাৰ্থক্যৰ  কথা  বহলাই  আলোচনা  কৰা  ৷

উত্তৰ ঃ  আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুত পাৰ্থক্য আছে ৷ আগৰ  কালৰ  ছাত্ৰসকলে  শিক্ষা লাভ কৰি নানা বিষয়ত  কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ব আৰু সত্য আৱিষ্কাৰ  কৰিছিল আৰু আজিৰ ছাত্ৰই  তেনে সত্য আৱিষ্কাৰ  কৰিব নাই পৰা ৷ আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল কেৱল জ্ঞান আহৰণ আৰু তাক বাস্তৱ জীৱনত প্ৰয়োগ কৰা , আনহাতে আজিৰ শিক্ষা চাকৰি পোৱাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা হয় ৷ আগৰ  শিক্ষা খণ্ডত চৰকাৰে বহুত কম টকা-পইচা খৰচ কৰিছিল তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষাপদ্ধতিকৈ বহুগুণে উৎকৃষ্ট আছিল ৷ 

৬/ চমুটোকা  লিখা ঃ

তক্ষশীলা  বিশ্ববিদ্যালয়  , বিক্ৰমশীলা  বিশ্ববিদ্যালয়  , নালন্দা  বিশ্ববিদ্যালয়

উত্তৰ ঃ  তক্ষশীলা  বিশ্ববিদ্যালয়ঃ
তক্ষশীলাত যি বিশ্ববিদ্যালয় আছিল , সি খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে  আছিল ৷ এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰ বিধ শিক্ষা দিয়া  হৈছিল ৷ তাত ভাস্কৰ-বিদ্যা , চিত্ৰাংকন , মূৰ্তিকটা আৰ আন আন হাতেৰে কৰা বিদ্যা -শিক্ষা দিয়া হৈছিল ৷ ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল ৷ বুদ্ধদেৱৰ চিকিৎক 'জীৱক' এই অত্ৰেয় মুনিৰ  ছাত্ৰ  আছিল ৷ এই বিদ্যালয়তে জীৱকে সাত বছৰ পঢ়িছিল আৰু পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰ ছাত্ৰ  আছিল ৷ এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা , পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল ৷
           

বিক্ৰমশীলা  বিশ্ববিদ্যালয়ঃ
বিক্ৰমশীল বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল , কিন্তু খ্ৰীষ্টীয় ৮ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে ৷ এই বিশ্ববিদ্যালয়ৰ তলত ছটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল ৷ এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয় ৷ ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল , তাত ছাত্ৰবিলাকে বিনা খৰচে খাবলৈ আৰু থাকিবলৈ পাইছিল ৷

নালন্দা  বিশ্ববিদ্যালয়ঃ
নালন্দা  বিশ্ববিদ্যালয়ত  বেদ , চিকৎসা আৰু  অংকশাস্ত্ৰৰ  শিক্ষা  দিয়া  হৈছিল ৷ এই  বিশ্ববিদ্যালয়  খ্ৰীষ্টপূৰ্ব এক  শতিকাৰ  পৰা  আঠ  খ্ৰীষ্টাব্দলৈকে বৰ্তমান  হৈছিল  ৷ এই বিস্ববিদ্যালয়ৰ  বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল ৷ শীলভদ্ৰ নামে  এজন উদাসীন পণ্ডিত এই  বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ  আছিল ৷ ইয়াত কোনো  খৰচ  নোলোৱাকৈ  শিক্ষাদান  কৰিছিল আৰু ইয়াত ব্যাকৰণ , তৰ্কশাস্ত্ৰ , চিকিৎসাশাস্ত্ৰ , দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া  হৈছিল ৷ ইয়াত  যিটো পুথিভঁৰাল  আছিল সি ভাৰতবৰ্ষৰ  সকলো পুথিভঁৰালতকৈ ডাঙৰ  আছিল ৷ নানা দেশ-বিদেশৰ  ছাত্ৰ এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছিল , কিন্তু  তাৰ শিক্ষাৰ আদৰ্শ  ইমান ওখ আছিল  যে কম ছাত্ৰইহে  তাত প্ৰৱেশ লাভ কৰিছিল ৷  

৭/ ' প্ৰাচীন  ভাৰতীয় শিক্ষা ' প্ৰবন্ধটোৰ  পৰা  তুমি  কি  কি  মূল্যৱান কথা  শিকিলা  চমুকৈ  লিখা ৷

উত্তৰ ঃ হেমচন্দ্ৰ গোস্বামীদেৱে লিখা  ' প্ৰাচীন ভাৰতীয় শিক্ষা ' প্ৰবন্ধটোৰ পৰা  আমি বহুতো মূল্যৱান কথা  শিকিলো ৷ আৰ্য শিক্ষাৰ  বিষয়ে  বহু নজনা কথা জানিলো ৷ পুৰণি  কালৰ ভাৰতীয়  বিশ্ববিদ্যালয় তথা বিশ্বদ্যালয়সমূহত কি কি শিক্ষা প্ৰদান কৰা  হৈছিল  আৰু  কোন কোন বিখ্যাত  ছাত্ৰসকল বিভিন্ন ঠাইৰ পৰা  আহি  শিক্ষা গ্ৰহণ কৰিছিল এইবিলাকৰ  বিষয়ে এই  প্ৰবন্ধটোৰ পৰা জনা গ'ল ৷ আগৰ  কালৰ  ছাত্ৰসকলে  শিক্ষা লাভ কৰি নানা বিষয়ত  কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ব আৰু সত্য আৱিষ্কাৰ  কৰিছিল আৰু আজিৰ ছাত্ৰই  কিয় তেনে সত্য আৱিষ্কাৰ  কৰিব নাই পৰা , ইয়াৰ বিষয়ে গম পোৱা গ'ল ৷ আগৰ কালৰ শিক্ষা আছিল মানুহৰ সজ বৃত্তিবোৰক তুলি বা দলিয়াই পেলাই তেওঁক জীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা ৷ আগৰ  দিনত আজিকালিৰ দৰে  শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল ৷ এইবিলাকৰ বিষয়ে  আমি এই  প্ৰবন্ধটোৰ পৰা  শিকিলো ৷ 

ভাব-বিষয়ক ঃ

১/ বাক্য  ৰচনা  কৰা  ঃ

(ক) স্বাধীন  চিন্তা 

(খ) জ্যোতিষশাস্ত্ৰ 

(গ) পোৰা  মাটি 

(ঘ) বাহিৰে -ভিতৰে

উত্তৰ ঃ

(ক) স্বাধীন  চিন্তা ঃ স্বাধীন  চিন্তা  থকা  মানুহে  বিপদত  সহজে  নপৰে  ৷ 

(খ) জ্যোতিষশাস্ত্ৰ ঃ  আমাৰ  ৰাজ্যত  জ্যোতিষশাস্ত্ৰ  পঢ়া  মানুহ  বহুত  কম ৷ 

(গ) পোৰা  মাটি ঃ সকলো  ঠাইত  পোৰা মাটিৰ  মোহৰ  পোৱাটো  খুবেই  কঠিন ৷ 

(ঘ) বাহিৰে -ভিতৰে ঃ বাহিৰে -ভিতৰে  আমি  আমাৰ  ঘৰখন  চাফা  কৰি  থ'ব  লাগে ৷ 

২/ তলৰ শব্দকেইটাৰ  সন্ধি  ভাঙা ঃ

শিক্ষাগাৰ  , বিদ্যালয়  , পুৰুষাৰ্থ

উত্তৰ ঃ

শিক্ষাগাৰঃ শিক্ষা + গাৰ

বিদ্যালয়ঃ  বিদ্যা  +  আলয়

পুৰুষাৰ্থঃ পুৰুষ  + অৰ্থ  




















Post a Comment

8Comments

Please don't use spam link in the comment box.

  1. প্ৰাচীন ভাৰতীয় শিক্ষা ৰ কিছুমান উত্তৰ ৰ নাই দেখোন।

    ReplyDelete
  2. Dear students, look carefully at পুৰুষাৰ্থ word. The anser is incorrect. The anser should be পুৰুষাৰ্থ = পুৰুষ + অৰ্থ

    ReplyDelete
    Replies
    1. ভুল আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ থাকিল আপোনালৈ ৷ আশাকৰোঁ আগলৈও এনেকৈয়ে সহায় কৰে যেন ৷

      Delete
  3. চাণক্য ৰ আন দুটা নামেই আছিল বিষ্ণুগুপ্ত আৰু কৌটিল্য তেন্তে ১ন. প্ৰশ্ন উত্তৰ টো ত চাণক্য আৰু কৌটিল্য দুয়ো তা নামে কিও দিল...?

    ReplyDelete
  4. উত্তৰ সমুহ দিয়াৰ বাবে ধন্যবাদ।

    ReplyDelete
Post a Comment