ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

PREVIOUS SOLVED QUESTION PAPER - ASSAMESE-I ( ASSAM TET FOR LP- 2012)

Admin
4


Previous ASSAM TET paper

Sub –Assamese-1

1.       অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা ?
(a)    21 টা    (b) 31 টা    (c) 41 টা    (d) 52 টা

উত্তৰঃ   (a)  21 টা

2.       তলৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো বাছি উলিওৱাঃ
(a)    বহুত ফুল   (b) অলেখ চৰাই   (c) লোণজেবা   (d) শুৱলা সংগীত

উত্তৰঃ (c) লোণজেবা

3.       উৎ + চাৰণ = উচ্চাৰণ- এই সন্ধিটো কোন প্ৰকাৰৰ?
(a)    স্বৰসন্ধি
(b)   ব্যঞ্জনসন্ধি
(c)    অনুস্বাৰ সন্ধি
(d)   বিসৰ্গ সন্ধি

উত্তৰঃ (b) ব্যঞ্জনসন্ধি

4.       তলৰ শুদ্ধ বাব্যটো বাছি উলিওৱা
(a)    তোমাৰ মা এগৰাকী সাদৰী মহিলা
(b)   তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা
(c)    তোমাৰ মাক এগৰাকী সাদৰী মহিলা
(d)   তোমাৰ মাৰাই এগৰাকী সাদৰী মহিলা

উত্তৰঃ (b) তোমাৰ মাৰা এগৰাকী সাদৰী মহিলা

5.       তলৰ শুদ্ধ স্বৰসন্ধিটো বাছি উলিওৱা
(a)    অনু + এষণ = অণুষণ
(b)   অনু + এষণ = অনেষণ
(c)    অনু + এষণ = অন্বেষণ
(d)   অনু + এষণ = অন্বেষা

উত্তৰঃ (c) অনু + এষণ = অন্বেষণ

6.       তলৰ কোনটো বিপৰীত লিংগৰ শুদ্ধ নহয়?
(a)    অভিনেতা-অভিনেত্ৰী
(b)   শ্ৰীমান-শ্ৰীমতী
(c)    ক’লা-কালৰী
(d)   বগা-বগী

উত্তৰঃ (C) ক’লা-কালৰী

7.       তলৰ ষত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো বাছি উলিওৱা
(a)    ভূমিস্থ
(b)   চাক্ষুস
(c)    অনুষ্ঠান
(d)   পৰিষ্কাৰ  

উত্তৰঃ (c) অনুষ্ঠান

8.       ‘হাত-লৰ’ শব্দৰ অৰ্থ হ’ল
(a)    ক্ষমতাশালী
(b)   চোৰ স্বভাৱৰ
(c)    নম্ৰ স্বভাৱৰ
(d)   কৰ-মৰ্দন কৰা

  উত্তৰঃ (b) চোৰ স্বভাৱৰ

9.       তলৰ ণত্ববিধি অনুসৰি সিদ্ধ হোৱা শব্দটো বাছি উলিওৱা
(a)    ৰাৱণ
(b)   নাৰায়ণ
(c)    বৰষুণ
(d)   বাণিজ্য

উত্তৰঃ (c) বৰষুণ

10.   মাতৃভাষা শিক্ষণৰ উদ্দেশ্য হৈছে
(a)    মাতৃভাষা শিক্ষণৰ চাৰিটা কৌশল-শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা
(b)   মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে শিক্ষক প্ৰস্তত কৰা
(c)    অসমত অসমীয়া ভাষাৰ প্ৰচলন কৰা
(d)   অসমীয়া সাহিত্যিক প্ৰস্তত কৰা

উত্তৰঃ (a) মাতৃভাষা শিক্ষণৰ চাৰিটা কৌশল-শ্ৰৱণ, কথন, পঠন আৰু লিখনৰ দক্ষতা অৰ্জন কৰা

11.   সক্ৰিয় আৰু প্ৰকাশাত্মক(Active and Productive)কৌশল হিচাপে কোন দুটা কৌশলক জনা যায়
(a)    কথন আৰু লিখন
(b)   শ্ৰৱণ আৰু পঠন
(c)    কথন আৰু শ্ৰৱণ
(d)   পঠন আৰু লিখন

উত্তৰঃ  (a) কথন আৰু লিখন

12.   মাতৃভাষা হ’ল ব্যক্তিৰ
(a)    মাতৃভাষা
(b)   দ্বিতীয় ভাষা
(c)    ঘৰুৱা ভাষা
(d)   উপভাষা

উত্তৰঃ (a) মাতৃভাষা

13.   কবিতা পাঠ মূলতঃ---পাঠ
(a)    স্বাদনা
(b)   চৰ্বণা
(c)    ধাৰণা
(d)   এটাও নহয়

উত্তৰঃ (d)  এটাও নহয়  

14.   উচ্চ প্ৰাথমিক পৰ্যায়ত ব্যাকৰণৰ শিক্ষাদান কি পদ্ধতিৰে দিয়া উচিত?
(a)    আৰোহী পদ্ধতি
(b)   অৱৰোহী পদ্ধতি
(c)    ভাষা সংসৰ্গ পদ্ধতি
(d)   ওপৰৰ এটাও নহয়

উত্তৰঃ  (a) আৰোহী পদ্ধতি

15.   গদ্য শিক্ষণৰ মূল উদ্দেশ্য হৈছে
(a)    ছাত্ৰ-ছাত্ৰীৰ ভাষাজ্ঞান বৃদ্ধি কৰা
(b)   কথা কোৱাৰ সুৰ আয়ত্ত কৰা
(c)    বিভিন্ন লিখকৰ সৈতে পৰিচয় হোৱা
(d)   যতি-বিৰাম চিনৰ ব্যৱহাৰৰ দক্ষতা লাভ কৰা

উত্তৰঃ (a) ছাত্ৰ-ছাত্ৰীৰ ভাষাজ্ঞান বৃদ্ধি কৰা

16.    মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰাৰ প্ৰধান সুবিধা হ’ল
(a)    নিজৰ মৌলিক আৰু স্বাধীন চিন্তাৰ অভিব্যক্তিক প্ৰকাশ কৰিব পাৰে ৷
(b)   সহশিক্ষাৰ্থীৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিব পাৰে
(c)    পাঠ্যক্ৰম সহজে আয়ত্ত কৰিব পাৰে
(d)   অসমীয়া ভাষাৰ কিতাপ-পত্ৰ সহজে পঢ়িব পাৰে

উত্তৰঃ (c) পাঠ্যক্ৰম সহজে আয়ত্ত কৰিব পাৰে

17.   অসমীয়া ভাষাৰ মূল কি ?
(a)    ভাৰতীয় আৰ্যভাষা
(b)   অষ্ট্ৰিক ভাষা
(c)    দ্ৰাৱিড় ভাষা
(d)   টাই আহোম ভাষা

উত্তৰঃ (a)  ভাৰতীয় আৰ্যভাষা

18.   অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি ?
(a)    ৰামায়ণী গীত
(b)   চৰ্যাগীত
(c)    বৰগীত
(d)   বিহুগীত

উত্তৰঃ (b) চৰ্যাগীত

19.   এটা ভাষাত কেইটা উপভাষা থাকিব পাৰে?
(a)    এটা
(b)   দুটা
(c)    বহুতো
(d)   এটাও নাথাকে

উত্তৰঃ (c) বহুতো

20.   কোনটো আঞ্চলিক ৰুপৰ ভিত্তিত মান্য অসমীয়া ভাষাই গঢ় লৈ উঠিছে ?
(a)    শিৱসাগৰ
(b)   কামৰুপ
(c)    লখিমপুৰ
(d)   গোৱালাপাৰা

উত্তৰঃ (a) শিৱসাগৰ

21.   শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট কোনখন?
(a)    জন্ম-যাত্ৰা
(b)   পাৰিজাত হৰণ
(c)    অৰ্জুন-ভঞ্জন
(d)   চোৰধৰা

উত্তৰঃ  (b)  পাৰিজাত হৰণ

22.   ‘তেজৰে কমলাপতি’ বৰগীতটিৰ ৰচক হ’ল-
(a)    শংকৰদেৱ
(b)   মাধৱদেৱ
(c)    গোপালদেৱ
(d)   অনিৰুদ্ধদেৱ

উত্তৰঃ   (b) মাধৱদেৱ

23.   তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল?
(a)    কথাঘোষা
(b)   নামঘোষা
(c)    ভক্তি-মংগলঘোষা
(d)   কীৰ্তনপুথি

উত্তৰঃ (d) কীৰ্তনপুথি

24.   হেম বৰুৱা কোন যুগৰ কবি?
(a)    প্ৰাক-বৈষ্ণৱ যুগ
(b)   বৈষ্ণৱ যুগ
(c)    ৰমন্যাসিক যুগ
(d)   আধুনিক যুগ

উত্তৰঃ (d) আধুনিক যুগ

25.   ড° ভৱেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু উপন্যাসখনৰ নাম কি ?
(a)    শেষ পৃষ্ঠা
(b)   মৰমৰ দেউতা
(c)    প্ৰান্তিক
(d)   অন্তৰীপ

উত্তৰঃ (b)  মৰমৰ দেউতা

26.   ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা কবিতা সংকলনখনৰ নাম হৈছে
(a)    কবিতাৰ কথা
(b)   কবিতা দেশী-বিদেশী
(c)    দেৱী
(d)   বন ফৰিঙৰ ৰং

উত্তৰঃ (d)   বন ফৰিঙৰ ৰং

27.   অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা?
(a)    আঠটা
(b)   নটা
(c)    দহটা
(d)   এঘাৰটা

উত্তৰঃ (d)  এঘাৰটা

28.   অসম সাহিত্যসভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?
(a)    লক্ষ্মীনাথ বেজবৰুৱা
(b)   পদ্মনাথ বৰগোহাঞিবৰুৱা
(c)    চন্দ্ৰকুমাৰ আগৰৱালা
(d)   হেমচন্দ্ৰ গোস্বামী

উত্তৰঃ  (b) পদ্মনাথ বৰগোহাঞিবৰুৱা

29.   লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি?
(a)    মোৰ জীৱন সোঁৱৰণ
(b)   মোৰ সোঁৱৰণী
(c)    মোৰ জীৱন-দাপোন
(d)   মোৰ জীৱন ধুমুহাৰ এছাটি
উত্তৰঃ (a) মোৰ জীৱন সোঁৱৰণ
30.   চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা কবিতা পুথিখনৰ নাম কি ?
(a)    প্ৰতিমা
(b)   কদমকলি
(c)    বীণ আৰু ব’ৰাগী
(d)   ফুলৰ চাকি

উত্তৰঃ   (a) প্ৰতিমা

Post a Comment

4Comments

Please don't use spam link in the comment box.

Post a Comment