ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আমাৰ পৰিৱেশ -দশম শ্ৰেণী - NCERT SOLUTION

Admin
3
আমাৰ পৰিৱেশ
প্ৰশ্না্ৱলী (পৃষ্ঠা নং 257)
      1.       কিছুমান পদাৰ্থ জী্ৱ নিম্নীকৰণ আৰু আন কিছুমান জী্ৱ অনিম্নীকৰণ কিয় হয় ?
উত্তৰঃ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হ’ব পৰা পদাৰ্থবোৰক জীৱ নিম্নীকৰণ পদাৰ্থ বোলা হয় ৷ এইবোৰ সাধাৰণতে উৎপত্তিগতভাৱে জৈৱিক পদাৰ্থ ৷ আনহাতে অন্য কিছুমান পদাৰ্থ আছে যিবোৰ নিষ্ক্ৰিয় ৷ এইবোৰক এনে প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব নোৱাৰি ৷ ইহঁতক জীৱ অনিম্নীকৰণ পদাৰ্থ বোলা হয় ৷ জীৱ নিম্নীকৰণ পদাৰত্থক বিয়োজকে খাদ্য হিচাপে ব্যৱহাৰ কৰে আৰু সেয়ে এইবোৰ সৰল পৰ্যায়লৈ পৰিৱৰ্তিত হয় ৷ আনহাতে জীৱ অনিম্নীকৰণ পদাৰ্থক বিয়োজকে খাদ্য হিচাপে গ্ৰহণ কৰিব নোৱাৰে ৷
      2.       জী্ৱ নিম্নীকৰণ পদাৰ্থই পৰি্ৱেশত প্ৰভা্ৱ পেলাব পৰা যিকোনো দুটা সম্ভা্ৱনাৰ বিষয়ে লিখা ৷
উত্তৰঃ জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা হ’লঃ
(i)                  এইবোৰ পদাৰ্থই মাটিৰ অন্তৰ্বস্ত জৈৱ মৃত্তিকা(humus)উন্নত কৰে ৷
(ii)                এইবোৰ বিয়োজিত হোৱাৰ ফলত প্ৰদূষণৰ পৰা পৰিৱেশ  সুৰক্ষিত হয় ৷
      3.       জী্ৱ অনিম্নীকৰণ পদাৰ্থই প্ৰ্ভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ৷
উত্তৰঃ জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা হ’লঃ
(i)                  পৰিৱেশত দীৰ্ঘকাল ধৰি এইবোৰৰ অস্তিত্ব থাকে,সেয়ে এইবোৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতিৰ কাৰণ হয় ৷
(ii)                মাটি আৰু জলাশয় দূষিত কৰে ৷ ইয়াৰ ফলস্বৰুপে মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু পানী দূষিত কৰে ৷
প্ৰশ্না্ৱলী (পৃষ্ঠা নং 261)
      1.       পৌষ্টিক স্তৰ কি ? উদাহৰণ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা ৷
উত্তৰঃ খাদ্য শৃংখলৰ বিভিন্ন স্তৰসমূহ য’ত তলৰ স্তৰৰ পৰা ওপৰৰ স্তৰলৈ খাদ্য বা শক্তিৰ স্হানান্তৰণ হয় তাকে পৌষ্টিক স্তৰ বুলি জনা যায় ৷
খাদ্য শৃংখল এটাই বিভিন্ন স্তৰত ভিন ভিন জীৱক সামৰি লয় যেনেঃ
(i)                  পৌষ্টিক স্তৰৰ প্ৰথম স্তৰত স্ব-পোষী জীৱ বা উৎপাদকসমূহক ৷
(ii)                দ্বিতীয় স্তৰত তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তাসমূহক ৷
(iii)               তৃতীয় স্তৰত ক্ষুদ্ৰ আকাৰত মাংসভোজী প্ৰাণী বা দ্বিতীয়ক উপভোক্তাসমূহক ৷
(iv)              চতুৰ্থ স্তৰত বৃহৎ আকাৰৰ মাংসভোজী প্ৰাণী বা তৃতীয়ক উপভোক্তাসমূহক ৷
      2.       পৰিস্হিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি ?
    
    উত্তৰ  :  (ক) মৃত  উদ্ভিদ  আৰু প্ৰাণী  তথা বৰ্জিত  পদাৰ্থসমূহৰ  পচন  আৰু  বিয়োজনত  সহায়  কৰি  পৰিৱেশক  নিকা  কৰি  ৰাখে ৷ 
                   (খ) মাটিৰ  প্ৰাকৃতিক  উৰ্বৰতা  পুনৰায় ঘূৰাই আনে  ৷ মৃত  বৰ্জিত  পাদৰ্তবোৰৰ  বিয়োজনৰ  দ্বাৰা  উৎপন্ন  হোৱা  পোষক  দ্ৰব্যবোৰ  মাটিয়ে  ধৰি  ৰাখে  যিটোৱে  মাটিৰ  উৰ্বৰতা  বৃদ্ধি  কৰে ৷
                            (গ)  পৰিৱেশক  এক  উপযুক্ত  ভাৰসাম্যতা  সৃষ্টি কৰে ৷  

প্ৰশ্না্ৱলী (পৃষ্ঠা নং 264)
      1.       অ’জন কি আৰু কোন পৰিস্তিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় ?

        উত্তৰ  ঃ  অ'জন  হ'ল  তিনিটা  অক্সিজেন  পৰমাণুৰে  গঠিত  অণু  ৷ সূৰ্য্যৰ পৰা  ওলোৱা  অতি  বেঙুনীয়া  ৰশ্মি আৰু  অক্সিজেনৰ  মাজত  সংঘটিত  বিক্ৰিয়াৰদ্বাৰা  বায়ুমণ্ডলৰ  উচ্চ  স্তৰত  এই  বিষাক্ত  গেছ  বিধ  উৎপন্ন হয়  ৷ 
          ইয়াৰ  প্ৰভাৱ ঃ 
            (ক)  ই সূৰ্য্যৰ  পৰা  নিৰ্গত  ক্ষতিকাৰক  অতি  বেঙুনীয়া  ৰমিৰ  পৰা  পৃথিৱীপৃষ্ঠক ৰক্ষা  কৰে  ৷  অতি  বেঙুনীয়া  ৰশ্মিৰ  প্ৰভাৱত  মানুহৰ  দেহত  ছলাৰ  কৰ্কটৰোগ  কেটেৰেক্ট  হোৱাৰ  লগতে  প্ৰতিৰোধ  ক্ষমতা  ধ্বংস  হয় ৷ 
             (খ) অ'জন  স্তৰৰ  অৱক্ষয়ে  গোলকীয়  উত্তাপনক  প্ৰভাৱিত কৰে ৷ 
    2. 
      পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা ? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা ৷ 

      উত্তৰ  ঃ  
অনুশীলণী
      1.       তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে ?
(a) ঘাঁহ, ফুল আৰু চামৰা                 (b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস     (d) পিঠা, কাঠ আৰু ঘাঁহ
        উত্তৰ: (c) আৰু (d)
        2.   তলত দিয়া কিনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?
     (a) ঘাঁহ, ঘেহুঁ আৰু আম            (b) ঘাঁহ, ছাগলী আৰু মানুহ
       (c) ছাগলী, গৰু আৰু হাতী           (d) ঘাঁহ, মাছ আৰু ছাগলী
         উত্তৰ: (b) ঘাঁহ, ছাগলী আৰু মানুহ
     2.       তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশ অনুকুল অ্ভ্যাসৰ অন্তৰ্ভূক্ত ?
(a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস৷
(b) অপ্ৰয়োজনীয়তাভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ (switch) বন্ধ কৰি ৰখাৰ অভ্যাস ৷
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱাৰ অভ্যাস ৷
(d) ওপৰৰ আটাইকেইটা অভ্যাস ৷
   উত্তৰ: (d) ওপৰৰ আটাইকেইটা অভ্যাস ৷

       3.       কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?
উত্তৰ: যদি এটা পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱকে ধ্বংস কৰি পেলোৱা হয়, তেতিয়া—
       (i)পূৰ্বৱৰ্তী নিম্ন পৌষ্টিক স্তৰৰ জীৱবোৰৰ সংখ্যা অধিকভাবে বৃদ্ধি হ’ব যিহেতু সেইবোৰ ভক্ষণ কৰা 
         নহব৷
       (ii) পৰৱৰ্তী উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱবিলাক অনাহাৰে থকাৰ ফলত ইহঁতৰ সংখ্যা হ্ৰাস পাব ৷
  (iii) খাদ্য শৃংখলৰ শক্তিৰ প্ৰবাহত ব্যাঘাত জন্মিব আৰু পৰিস্হিতি তন্ত্ৰৰ ভাৰসম্যহীনতাৰ কাৰণ হৈ পৰিব পাৰে ৷                                   



  
  ধৰা হ’ল সকলোবোৰ ভেকুলী মাৰি পেলোৱা হ’ল তেতিয়া পৰৱৰ্তী উচ্চতৰ ক্ৰমিক পৌষ্টিক স্তৰৰ জীৱসমূহ, অৰ্থাৎ সাপ আৰু শগুণবোৰৰ অনাহাৰে থকাৰ ফলত মৃত্যু হ’ব ৷ তদুপৰি পূৰ্বৱৰ্তী নিম্ন স্তৰৰ জীৱসমূহ, অৰ্থাৎ কীট-পতংগবোৰৰ সংখ্যা অধিকভাৱে বৃদ্ধি হ’ব যিহেতু সেইবোৰ ভক্ষণ কৰিবলৈ কোনো নাথাকিব ৷
       5.     বেলেগ বেলেগ পৌষ্টিক স্তৰত সকলোবোৰ জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে ? পৰিস্তিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱক আঁতৰাব পাৰিবানে ?
       6.    জৈৱিক বিবৰ্ধক (Biological magnification) বলিলে কি বুজা ? পৰিস্তিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হ’বনে ?
       7.     আমি সৃষ্টি কৰা জিীৱ অনিম্নীকৰণ পদাৰ্থবিলাকলৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে ?
      8.     আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয়, তেনেহ’লে পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে ?


Post a Comment

3Comments

Please don't use spam link in the comment box.

  1. Prosna buror uttor kisuman r diai nai

    ReplyDelete

  2. 5,6,7,8 নম্বৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াই নাই

    ReplyDelete
Post a Comment