ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

এছিড,ক্ষাৰক আৰু লৱণ ( দশম শ্ৰেণী ) - NCERT SOLUTION

Admin
4
এছিড,ক্ষাৰক আৰু লৱণ
প্ৰশ্নাৱলী(পৃষ্ঠা নং 18)
     1.       তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে ৷ সিঁহতৰ এটাত পতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে ৷ যদি তোমাক কেৱল ৰঙা লিটামাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা ?
  উত্তৰ : 
প্ৰশ্নাৱলী(পৃষ্ঠা নং 22)
      2.       দৈ আৰু টেঙা খাদ্যবস্ত পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ?
উত্তৰ: দৈ আৰু টেঙা খাদ্যবস্ত পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়নো ইহঁত আম্লিক প্ৰকৃতিৰ৷ ইহঁতক ধাতু(তাম বা পিতল) ৰ পাত্ৰত থলে বিক্ৰিয়া সংঘটিত কৰি বিষাক্ত লৱণ আৰু হাইড্ৰ’জেন গেছ উতপন্ন কৰে ৷ এই বিষাক্ত লৱণবোৰ ভক্ষণ কৰিলে খাদ্যত বিষক্ৰিয়া হ’ব পাৰে ৷ তদুপৰি এছিডৰ সৈতে বিক্ৰিয়া সংঘটিত কৰিলে ধাতুৰ পাত্ৰ ক্ষয়প্ৰপ্ত হ’ব পাৰে ৷



                             
     3.       এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় ? এটা উদাহৰণেৰে সৈতে বুজাই লিখা ৷ এই গেছটোৰ উপস্হিতি কিদৰে পৰীক্ষা কৰিবা ?
উত্তৰ: এছিডে ধআতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰ’জেন গেছ(H2)নিৰ্গত হোৱাৰ লগতে লৱণ উৎপন্ন হয় ৷
উদাহৰণ : যেতিয়া যিংকে(ধাতু)লঘু ছালফিউৰিক এছিড(H2SO4)ৰ লগত বিক্ৰিয়া কৰে যিমক ছালফেট(ZnSO4,লৱণ)আৰু হাইড্ৰ’জেন গেছ(H2)উৎপন্ন হয় ৷
                                                                     



পৰীক্ষা : ওপৰৰ বিক্ৰিয়াটোত নিৰ্গত হোৱা হাইড্ৰ’জেন(H2)গেছ তলত দিয়া ধৰণে পৰীক্ষা কৰিব পাৰি :
চিত্ৰত দেখুৱাৰ দৰে সঁজুলিটো পাতি লোৱা হ’ল ৷ এটা পৰীক্ষানলত 5ml মান লঘু ছালফিউৰিক এছিড (H2SO4) লৈ তাত কেইটামান যিংক (Zn)ৰ টুকুৰা মহলি কৰা হ’ল ৷ ইয়াৰ ফলশ্ৰুতিত সৃষ্টি হোৱা গেছৰ বুদবুদক এটা পাত্ৰত লোৱাচাবনৰ দ্ৰৱৰ মাজেৰে যাবলৈ দিয়া হ’ল ৷ হাইড্ৰ’জেন পূৰ্ন চাবোনৰ বুদবুদসমূহে উৰ্ধ্বদিশত আৰোহণ কৰে ৷ এডাল জ্বলি থকা মম গেছ ভৰ্তি বুদবুদ এটাৰ ওচৰত ধৰিলে বুদবুদটো ফাটি যায় আৰু ইয়াত থকা গেছ ফটফট কৰি জ্বলে ৷ যিহেতু কেৱল হাইড্ৰ’জেন(H2)গেছেহে ফট ফট শব্দ কৰি জ্বলে, সেয়ে  ই সূচায় যে উৎপন্ন হোৱা গেছটো হাইড্ৰ’জেন গেছ(H2)৷          
     4.       এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে ৷ উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায় ৷ বিক্ৰিয়াটোত উ্ৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্ত্তলিত সমীকৰণটো লিখা ৷
উত্তৰ: ধাতৱ যৌগ Aয়ে লঘু হাইড্ৰ’ক্ল’ৰিক এছিড(HCl)ৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে আৰু উৎপন্ন হোৱা গেছটো কাৰ্বন ডাই-অক্সাইড(CO2)৷ যিহেতু বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড(CaCl2),গতিকে ধাতৱ যৌগ A নিশ্চিত ভাৱে কেলছিয়াম কাৰ্বনেট (CaCO3)
বিক্ৰিয়াটোৰ বাবে সন্ত্তলিত ৰাসায়নিক সমীকৰণটো হৈছে :                                                              




প্ৰশ্নাৱলী(পৃষ্ঠা নং 25)
      5.       জলীয় দ্ৰৱত HCI, NHO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্ত্ত এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় ?
উত্তৰ: জলীয় দ্ৰৱত HCl,HNO3 ইত্যাদিৰ দৰে এছিডসমূহে আম্লিক ধৰ্ম দেখুৱায় কাৰণ সিহঁতে জলীয় দ্ৰৱত হাইড্ৰ’নিয়াম আয়ন H3O+ বা H+(aq) উৎপন্ন কৰে , আনহাতে এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই জলীয় দ্ৰৱত আম্লিক ধৰ্ম দেখুৱায়, কিয়নো সিহঁতে হাইড্ৰ’নিয়াম আয়ন,H3O+ বা H+(aq) উৎপন্ন নকৰে ৷
      6.       এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুত পৰিবহণ কৰে ?
উত্তৰ: এছিড(HX)এটাৰ  জলীয় দ্ৰৱই কেটায়ন[H+(aq)বা হাইড্ৰ’নিয়াম ধনাত্মক আয়ন]আৰু এনায়(X ঋণাত্মক আয়ন)উৎপন্ন কৰে ৷ আয়নবোৰ আধানৰ বাহক হোৱাৰ বাবে এছিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে৷
HCl(aq)                   +             H2O(l)                                               Cl +             H3O+
হাইড্ৰ’ক্ল’ৰিক এছিড          পানী               ক্ল’ৰাইড আয়ন   হাইড্ৰ’নিয়াম
                                                       আয়ন               
       7.       শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ?
উত্তৰ: এছিডে কেৱল পানীৰ উপস্হিতিতহে হাইড্ৰ’জেন আয়ন,H+(ar) বা হাইড্ৰ’নিয়াম আয়ন,H3O+ উৎপন্ন কৰে ৷ এই H+(ar) আয়নবোৰ সিহঁতৰ আম্লিক ধৰ্মৰ বাবে দায়ী ৷ শুকান লিটমাছ কাগজত আদ্ৰতাৰ অনুপস্হিতিৰ বাবে শুকান Hcl গেছে H+(ar)উৎপন্ন কৰিব নোৱাৰে ৷ সেয়ে,শুকান Hcl গেছে শুকান লিটমাছ কাগজৰ পৰিৱৰ্তন নঘটায় ৷
       8.       এছিড এটা লঘু কৰোঁতে এছিড পানী যোগ কৰিবলৈ কোৱা হয় কিন্ত্ত পানী এছিড যোগ কৰিবলৈ কোৱা নহয় কিয় ?
উত্তৰ: এছিড এটা লঘু কৰা প্ৰক্ৰিয়াটো অতিশয় তাপবৰ্জী প্ৰকৃতিৰ ৷ গাঢ় এছিডত পানী যোগ কৰিলে উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ তাপৰ বাবে মিশ্ৰণটো বাহিৰ ফালে সিঁচৰিত হৈ পৰিব পাৰে আৰু জুই লাগিব পাৰে ৷ স্হানীয়ভাৱে অত্যধিক তাপ উৎপাদনৰ ফলত কাঁচৰ পাত্ৰটো ভগাৰ সম্ভাৱনা থাকে ৷সেয়ে এছিড পানীত লাহে লাহে টোপাল টোপালকৈ যোগ কৰিবলৈ আৰু এনে কৰোঁতে দ্ৰৱটো নিৰৱচ্ছিন্নভাৱে লৰাই তাকিবলৈ পৰামৰ্শ দিয়া হয় ৷
      9.       এছিডৰ দ্ৰৱ এটা লঘু কৰোতে হাইড্ৰ’নিয়াম আয়ন(H3O+)ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত  হয় ?
উত্তৰ: এছিডৰ দ্ৰৱ এটা লঘু কৰোতে প্ৰতি একক আয়নত হাইড্ৰ’নিয়াম আয়ন(H3O+)ৰ সমখ্যা হ্ৰাস পায় ৷ ইয়াৰ ফলত হাইড্ৰ’নিয়াম আয়ন,(H3O+)ৰ গাঢ়তা হ্ৰাস পায় আৰু লগতে এছিডৰ তীব্ৰতা হ্ৰাস পায় ৷
      10.   ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটা অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH-)ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ব ?
উত্তৰ: ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিবলৈ প্ৰতি একক আয়নত হাইড্ৰ’ক্সাইড আয়ন,(OH-)ৰ সংখ্যা বৃদ্ধি পায় ৷ ইায়ৰ ফলত হাইড্ৰ’ক্সাইড আয়ন(OH-)ৰ গাঢ়তা বৃদ্ধি পোৱাৰ লগতে ক্ষাৰকৰ তীব্ৰতা বৃদ্ধি পায় ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 28)
       11.   তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে ৷ দ্ৰৱ A  PH ৰ মান 6 আৰু দ্ৰৱ B PhHHHHHHHHSDJNDSJFDSJKKhdjxm,,ml;m;l;ml;ককককjkokkkkkokopkmnjjmkll;;;;;ll;kkH ৰ মান 8 ৷ কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ?
উত্তৰ: এটা দ্ৰৱত হাইড্ৰ’জেন আয়ন H+(aq)H3O+ ৰ গাঢ়তা অধিক হ’লে PH ৰ মান কম হয় আৰু H+(aq)H3O+ ৰ গাঢ়তা কম হ’লে PH ৰ মান অধিক হয় ৷ যিহেতু দ্ৰৱ APH ৰ মান 6 আৰু দ্ৰৱ  BPH ৰ মান 8, গতিকে দ্ৰৱ Bৰ তুলনাত দ্ৰৱ Aৰ হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি ৷
যিহেতু দ্ৰৱ APH ৰ মান 6 অৰ্থাৎ প্ৰশম জলীয় দ্ৰৱৰ PH ৰ মান 7 তকৈ কম, গতিকে দ্ৰৱটো আম্লিক ৷ আনহাতে যিহেতু দ্ৰৱ BPH ৰ মান 8 অৰ্থাৎ 7তকৈ বেছি, দ্ৰৱটো ক্ষাৰকীয় ৷
      12.   দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়ন থাকেনে ? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?
উত্তৰ: যিহেতু এছিডৰ তীব্ৰতা H+(aq) আয়নৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে, H+(aq) আয়নৰ গাঢ়তা বৃদ্ধি হ’লে দ্ৰৱটো অধিক আম্লিক হয় আৰু H+(aq) আয়নৰ গাঢ়তা কম হ’লে দ্ৰৱটো কম পৰিমাণে আম্লিক আৰু অধিক মাত্ৰাত ক্ষাৰকীয় হয় ৷
       13.   ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে ? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?
উত্তৰ: হয়, ক্ষাৰকীয় দ্ৰৱতো H+(aq) আয়ন থাকে যিবোৰ পানীৰ আয়নীকৰণৰ দ্বাৰা উৎপন্ন হয় ৷ অৱশ্যে, ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়নৰ গাঢ়তা হাইড্ৰ’ক্সাইড আয়ন, H+(aq) ৰ গাঢ়তাতকৈ কম(অৰ্থাৎ H+<OH-)সেয়ে, এনে দ্ৰৱ ক্ষাৰকীয় ৷
     14.   মাটিত কি অৱস্হাত কৃসক এজনে পোৰা চূণ(কেলছিয়াম অক্সাইড)বা শিথিলিত চূণ(কেলছিয়াম হাইড্ৰ’ক্সাইড)বা চক(কেলছিয়াম কাৰ্বনেট)প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা ?
উত্তৰ: গছ-গছনিৰ সুস্হ-সবল বৃদ্ধিৰ বাবে মাটিৰ PH ৰ মানৰ আদৰ্শ পৰিসৰ 6.5 ৰ পৰা 7, ইয়াৰ অৰ্থ এয়ে যে এই মাটি টুকুৰা অতিশয় আম্লিক নতুবা অতিশয় ক্ষাৰকীয় নহয় ৷ অত্যধিক আম্লিক(PHৰ মান <6.5)হোৱাৰ ক্ষেত্ৰত মাটিৰ আম্লিকতা প্ৰশমনৰ বাবে কৃষকে কৃষিক্ষেত্ৰত পোৰা চূণ(কেলছিয়াম অক্সাইড CaCO­3)ৰ দৰে ক্ষাৰক প্ৰয়োগ কৰে ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 33)
     15.    যৌগ CaOCI2 ৰ সাধাৰণ নামটো কি ?
উত্তৰ: যৌগ CaOCI2 ৰ সাধাৰণ নামটো হ’ল ব্লিচিং পাউদাৰ
     16.   ক্ল’ৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা ৷
উত্তৰ : ক্ল’ৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম শিথিলত চূণ[Ca(OH)2]৷
     17.   কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা ৷
উত্তৰ: কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা যৌগটোৰ নাম হ’লকাপোৰ ধোৱা ছ’ডা (Na2CO3.10H2O)
    18.   ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ দ্ৰৱ এটা  উত্তপ্ত কৰিলে কি হয় ? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া ৷
উত্তৰ : ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ই বিয়ুজিত হৈ ছ’ডিয়াম কাৰ্বনেট(Na2CO3), পানী(H2O) আৰু কাৰ্বন ডাই-অক্সাইড(CO2) গেছ উৎপন্ন হয় ৷
বিক্ৰিয়াৰ সমীকৰণটো হ’ল  :





    19.   প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা ৷
উত্তৰ : প্লাষ্টাৰ অব পেৰিছ(এবিধ বগা পাউদাৰ)[CaSO4. H2O(s)]পানী(H2O) ৰ লগত মিহলি কৰিলে জিপছামলৈ(এবিধ টান গোটা পদাৰ্থ) পৰিৱৰ্তিত হ’ব৷
বিক্ৰিয়াটো হ’ল:                                           



অনুশীলণী(পৃষ্ঠা নং 34-35)
     20.   এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে ৷ ইয়াত PH  হ’ব পাৰে –
(a) 1        (b) 4          (c) 5           (d) 10
উত্তৰ: (d) 10
     21.   এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে ৷ গেছটোৱে চূণপানী ঘোলা কৰে ৷ দ্ৰৱটোত থাকে –
(a)    NaCI                  (b) HCI                    (c) LiCI                       (d)KCI
উত্তৰ: (b) HCI
     22.   NaOH দ্ৰৱ এটাৰ 10mL এ HCI দ্ৰৱ এটাৰ 8mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰে ৷ যদি আমি একোটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ)পৰিমাণ হ’ব—
(a)4mL               (b)8mL                (c)12mL               (d)16mL
উত্তৰ: (d) 16mL
      23.   অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?
(a) এণ্টিবায়টিক
(b) বেদনানাশক(analgesic)
(c) অম্লনাশক
(d) বীজাণুবাৰক(antiseptic)
উত্তৰ: (c) অম্লনাশক
      24.   সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্ত্তলিত সমীকৰণ লিখা যেতিয়া –
(a)    লঘু ছালফিইৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে ৷
(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছীয়ামৰ ফিটাৰে সৈতে বিক্ৰিয়া কৰে ৷
(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে ৷
(d) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে লোৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে ৷
উত্তৰ : (a)শব্দ সমীকৰণ :                  


                                                      



                            
        

     25.   এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে ৷ কিন্ত্ত সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই ৷ ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা ৷
উত্তৰ: কাৰ্যকলাপ: প্ৰমাণ কৰিব লাগে যে এলকহ’ল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে ৷ কিন্ত্ত সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই ৷
   আৱশ্যকীয় সামগ্ৰী: বিকাৰ, এলকহ’ল, গ্লুক’জৰ দ্ৰৱ, কৰ্ক, দুটা লোৰ গজাল, এটা 6ভল্টৰ বেটাৰী৷
   পদ্ধতি:
§  পদক্ষেপ(i): এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি লোৱা হ’ল আৰু কৰ্কটো চিত্ৰত দেখুওৱাৰ দৰে বিকাৰ এটাত ৰখা হ’ল ৷
§  পদক্ষেপ(ii): লোৰ গজাল দুটা বাল্ব এটা আৰু ছুইচ এটাৰ মাজেৰে 6 ভল্ট বেটাৰী এটাৰ মূৰ এটাৰ লগত সংযোগ কৰা হ’ল ৷
§  পদক্ষেপ(iii): এতিয়া বিকাৰটোত অলপমান এলক’হল ভৰাই লৈ ছুইচটো টিপি বিদ্যুৎ প্ৰবাহ চালিত হ’বলৈ দিয়া হ’ল ৷
একেটা পৰীক্ষা এলক’হলৰ পৰিৱৰ্তে গ্লুক’জৰ দ্ৰৱ লৈ পুনৰ কৰা হ’ল আৰু তাৰ পাছত Hcl ৰ জলীয় দ্ৰৱ লৈ পৰীক্ষাটো কৰা হ’ল ৷
পৰ্যবেক্ষণ :
§  এলক’হল বা গ্লুক’জৰ দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে, কিন্ত্ত HCl(aq) ৰ ক্ষেত্ৰত বাল্বটো জ্বলে৷
সিদ্ধান্ত:
§  এছিডে বিদ্যুত প্ৰবাহ কৰাৰ কাৰণ এয়ে যে ইহঁত আয়নলৈ বিয়োজিত হয় ৷ HCl ৰ ক্ষেত্ৰত H+(aq) (হাইড্ৰ’জেন আয়ন) আৰু Cl- (ক্ল’ৰাইড আয়ন) উৎপন্ন হয় ৷
§  এলক’হল আৰু গ্লুক’জ H+:(aq) আয়নলৈ বিয়োজিত নহয় আৰু সেয়ে ইহঁতে বিদ্যুৎ প্ৰবাহিত নকৰে ৷ অৱশ্যে ইহঁতৰো এছিডৰ দৰে হাইড্ৰ’জেন থাকে ৷
§  হাইড্ৰ’জেনযুক্ত আটাইবোৰ যৌগ এছিড নহয় আৰু ইহঁতে এছিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে ৷
        26.   পাতিত পানীয়ে বিদ্যুত সৰবৰাহ নকৰে কিন্ত্ত বৰষুণৰ পানীয়ে কৰে কিয় ?
উত্তৰ: পাতিত পানীয় বিদ্যুৎ সৰবৰাহ নকৰাৰ কাৰণে এয়ে যে এছিড, ক্ষাৰক, লৱণ আদি আয়নীয়
   যৌগবোৰ ইয়াত দ্ৰৱীভূত নহয় ৷ গতিকে, ইহঁতে আয়ন উৎপন্ন নকৰে কিয়নো আয়নৰ জৰিয়তেহে
বিদ্যুৎ প্ৰবাহিত হয় ৷ আনহাতে বৰষুণৰ পানীত কাৰ্বন ডাই-অক্সাইড(CO2) ,ছালফাৰ ডাই-অক্সাইড(SO2) আদি গেছ দ্ৰৱীভূত হৈ থাকে ৷ এই গেছসমূহে কাৰ্বনিক এছিড(H2CO3), ছালফিউৰিক এছিড(H2SO3) আদি এছিড উৎপন্ন কৰে ৷ এই এছিড পানীত দ্ৰৱীভূত হৈ আয়নলৈ বিয়োজিত হয় ৷
উদাহৰণস্বৰুপে:
বৰষুণৰ পানীত থকা কাৰ্বন ডাই-অক্সাইডে কাৰ্বনিক এছিড উৎপন্ন কৰে আৰু বিয়োজিত হৈ হাইড্ৰ’জেন আয়ন H+(aq) বা হাইড্ৰ’নিয়াম আয়ন (H3O+) আৰু কাৰ্বনেট আয়ন, CO32-(aq) উৎপন্ন কৰে ৷





এই আয়নকেইটাৰ উপস্হিতিৰ বাবে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে ৷
      27.   পানীৰ অনুপস্হিতিত এছিডে এছিড প্ৰদৰ্শন নকৰে কিয় ?
উত্তৰ: H+(aq) আয়ন বা হাইড্ৰ’নিয়াম আয়নৰ উপস্হিতিৰ বাবে এছিডে এছিড ধৰ্ম প্ৰদৰ্শন কৰে ৷ এছিডে কেৱল জলীয় দ্ৰৱত,অৰ্থাৎ পানীৰ উপস্হিতিতহে আয়ন উৎপন্ন কৰে,উদাহৰণস্বৰুপে,হাইড্ৰ’ক্ল’ৰিক এছিডে পানীৰ উপস্হিতিতহে হাইড্ৰ’নিয়াম আয়ন উৎপন্ন কৰে ৷ পানীৰ অনুপস্হিতিত HCl অণুৰ পৰা H+আয়ন পৃথক হ’ব নোৱাৰে ৷
সেয়ে, পানীৰ অনুপস্হিতিত এছিডে  এছিড ধৰ্ম প্ৰদৰ্শন নকৰে ৷


          
     28.   পাঁচটা দ্ৰৱ A, B,C, D আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4, 1,11, 7 আৰু 9 দেখুৱাইছিল ৷ কোনটো দ্ৰৱ
(a) প্ৰশম
(b) তীব্ৰ ক্ষাৰকীয়
(c) তীব্ৰ আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত PH  মানবোৰ সজোৱা ৷
উত্তৰ : প্ৰদত্ত দ্ৰৱ pH ৰ মান আৰু প্ৰকৃতি দেখুওৱা তালিকা :
   
দ্ৰৱ
pHৰ মান
দ্ৰৱৰ প্ৰকৃতি
A
4(<7)
মৃদু আম্লিক
B
1(<7)
তীব্ৰ আম্লিক
C
11(>7)
তীব্ৰ ক্ষাৰকীয়
D
7(=7)
প্ৰশম
E
9(>7)
মৃদু ক্ষাৰকীয়
    তালিকাৰ পৰা আমি পাওঁ যে :
              a.    দ্ৰৱ D প্ৰশম
b.       দ্ৰৱ B তীব্ৰ আম্লিক
c.       দ্ৰৱ E মৃদু ক্ষাৰকীয়
d.      দ্ৰৱ C তীব্ৰ ক্ষাৰকীয়
e.      দ্ৰৱ A মৃদু আম্লিক
এটা দ্ৰৱৰ হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি হ’লে ইয়াৰ pH ৰ মান কম হয় আৰু হাইড্ৰ’জেন আয়নৰ গাঢ়তা কম হ’লে ইয়াৰ pH ৰ মান বেছি হয় ৷
গতিকে, এই দ্ৰৱবোৰৰ হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH ৰ মানবোৰ হৈছে :
pH  11   <       pH  9   <     pH  7    <    pH  4    <   pH   1
(C)                 (E)               (D)               (A)            (B)
      29.   পৰীক্ষানল A আৰু B সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল ৷ পৰীক্ষানল A ত হাইড্ৰ’ক্ল’ৰিক এছিড (HCL) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল ৷ এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে ৷ কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় ?
উত্তৰ : হাইড্ৰ’ক্ল’ৰিক এছিড(HCl) থকা পৰীক্ষানল Aত এচেটিক এছিড(CH3COOH) থকা পৰীক্ষানল Bত কৈ বেছি বেগেৰে বুৰবুৰণি ওলাব কাৰণ :
(i)                  হাইড্ৰ’ক্ল’ৰিক এছিড(HCl) এচেটিক এছিড(CH3COOH) তকৈ অধিক তীব্ৰ ৷
(ii)                মেগনেছিয়াম ফিটাডালে(Mg) হাইড্ৰ’ক্ল’ৰিক এছিড HCl ৰ সৈতে এচেটিক এছিড(CH3COOH) ৰ তুলনাত অধিক ক্ষিপ্ৰতাৰে বিক্ৰিয়া কৰে ৷
     30.   কেঁচা গাখীৰৰ PH ৰ মান 6 ৷ ই দৈত পৰিণত হ’লে pH  সলনি হ’বনে ? ব্যাখ্যা কৰা ৷
উত্তৰ : কেঁচা গাখীৰ দৈত পৰিণত হ’লে লেকটিক এছিড উৎপন্ন হয় ৷ এটা দ্ৰৱ অধিক আম্লিক হ’লে ইয়াৰ pH ৰ মান হ্ৰাস পায় ৷ গতিকে, কেঁচা গাখীৰৰ pH ৰ মান 6 তকৈ কম হয় ৷
     31.   এজন গোৱালে কেঁচা গাখীৰ ত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে ৷
(a) কিয় তেওঁ কেঁচা গাখীৰৰ PH ৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে ৷
(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয় ?
উত্তৰ : (a) কেঁচা গাখীৰত সামন্য পৰিমাণে বেকিং ছ’ডা (NaHCO3) যোগ কৰিলে গাখীৰখিনি সামান্য   পৰিমাণে  ক্ষাৰকীয় হয় আৰু সহজে টেঙা নহয় ৷ গতিকে, দীৰ্ঘসময়ৰ বাবে সংৰক্ষণ কৰিবলৈ গোৱালনে কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামন্যভাৱে সলনি কৰি ক্ষাৰকীয় কৰি লয় ৷
(b ) ক্ষাৰকীয় গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কাৰণ প্ৰক্ৰিয়াটোত উৎপন্ন হোৱা লেকটিক এছিডে প্ৰথমে গাখীৰত থকা ক্ষাৰ প্ৰশমিত কৰিব লাগিব ৷ অধিক পৰিমাণে লেকটিক এছিড উৎপন্ন হ’লেহে গাখীৰখিনি দৈত পৰিণত হয় ৷
     32.   প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে ৷ কিয় ? ব্যাখ্যা কৰা ৷
উত্তৰ : প্লাষ্টাৰ অৱ পেৰিছে সহজে পানী শোষণ কৰে ৷ প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্পৰ সংস্পৰ্শত ৰাখিলে ই জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয় ৷ এনে অৱস্হাত ইয়াক পুতলা, মূৰ্তি আদি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ৷
                                     

      
       সেইবাবে, প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে ৷                
    33.   প্ৰশমন বিক্ৰিয়া কি ? দুটা উদাহৰণ দিয়া ৷ কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা ৷   
উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াত এটা এছিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় ৷ অন্য অৰ্থত ই হৈছে আম্লিক দ্ৰৱৰ ধনাত্মক হাইড্ৰ’নিয়াম আয়ন H+(aq) বা H3O+ আৰু ক্ষাৰকীয় দ্ৰৱৰ ঋনাত্মক হাইদ্ৰ’ক্সাইড আয়ন,OH- ৰ মাজত সংঘটিত এটা বিক্ৰিয়া ৷
    


Post a Comment

4Comments

Please don't use spam link in the comment box.

Post a Comment