ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

শক্তিৰ উৎসসমূহ ( দশম শ্ৰেণী ) -NCERT

Admin
2
শক্তিৰ উৎসসমূহ
প্ৰশ্নাৱলী (পৃষ্ঠা নং 243)
    1.       শক্তিৰ ভাল উৎস কি ?
উত্তৰ : শক্তিৰ ভাল বা আদৰ্শ উৎস হ’ল যিবোৰত তলত দিয়া গুণসমূহ থাকে :
(i)যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে ৷
(ii)যিটো সহজে উপলব্ধ৷
(iii)যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য৷
(iv)যিটো মিতব্যয়ী৷
(v)যিটো পৰিৱেশ হিতৈষী৷
    2.       ভাল ইন্ধন কি ?
উত্তৰ: ভাল ইন্ধন হবলৈ হলে তলত দিয়া বৈশিষ্ট্যবোৰ থাকিব লাগিব:
   (i)প্ৰতি একক ভৰ বা আয়তন নিৰ্গত তাপ শক্তি অধিক হ’ব লাগে৷
        (ii)প্ৰজ্বলাংক মধ্যমীয়া আৰু বায়ুমণ্ডলৰ উষ্ণতাতকৈ অধিক হ’ব লাগে৷
    (iii)ব্যয়সাধ্য আৰু সহজে উপলব্ধ হ’ব লাগে৷
  (iv)ধোঁৱা সৃষ্টিকাৰী হ’ব নালাগে৷
       (v) দহনৰ পিছত ছাই আদিৰ দৰে অৱশিষ্ট ৰৈ যাব নালাগে৷
    3.       যদি তুমি খাদ্য গৰমোৱাৰ বাবে যিকোনো ইন্ধনৰ উৎস ব্যৱহাৰ কৰিলৈ সক্ষম, তেন্তে তুমি কি উৎস ব্যৱহাৰ কৰিবা ?
উত্তৰ: তলত দিয়া কাৰণত মই তৰলীকৃত পেট্ৰ’লিয়াম গেছ ব্যৱহাৰ কৰিম:
(i)                  ইয়াৰ কেলৰি মান অধিক, সেয়ে প্ৰতি এককত নিৰ্গত তাপৰ মান বেছি ৷
(ii)                ধোঁৱাবিহীন শিখাৰে জ্বলে আৰু কোনো হানিকাৰক গেছ উৎপন্ন নকৰে বাবে পৰিৱেশ প্ৰদূষণো নহয় আৰু স্বাস্হতো কো্নো বিৰুপ প্ৰভাৱ নেপেলায়৷
(iii)               জ্বলনাংক সাধাৰণ ৷
(iv)              মজুতকৰণ আৰু পৰিবহণৰ বাবে সুবিধাজনক ৷
(v)                মিতব্যয়ী ৷
প্ৰশ্নাৱলী (পৃষ্ঠা নং 248)
    4.       জীৱাষ্ম ইন্ধনৰ অসুবিধাসমূহ লিখা ৷
উত্তৰ: জীৱাষ্ম ইন্ধন অসুবিধাবোৰ হ’ল:
(i)                  নবীকৰণ-অযোগ্য শক্তিৰ উৎস (Non-renewable source of energy): জীৱাষ্ম ইন্ধন নৱীকৰণযোগ্য নহয় ৷ এইবোৰ দীঘলীয়া সময়ৰ প্ৰক্ৰিয়াত প্ৰকৃতিৰ বুকুত জমা হৈছিল ৷ এবাৰ এই উৎস শেষ হৈ গ’লে তাক পুনৰায় পোৱাটো সম্ভৱ নহয় ৷
(ii)                বায়ু প্ৰদূষণ (Air pollution): জীৱাষ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা নাইট্ৰ’জেন, ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইডে বায়ু প্ৰদূষণ ঘটায় ৷
(iii)               এছিড বৰষুণ (Acid rain): জী্ৱাষ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা আম্লিক অক্সাইডে এছিড বৰষুণৰ সৃষ্টি কৰে যিয়ে ভূমি আৰু জলসম্পদত বিৰুপ প্ৰভাৱ পেলায় ৷
(iv)              সেউজগৃহ প্ৰভাৱ (Green-house effect): জীৱাষ্ম ইন্ধন দহনৰ ফলত কাৰ্বন ডাই-অক্সাইড উৎপন্ন হয়, বায়ুমণ্ডলত যাৰ মাত্ৰাধিক উপস্হিতিয়ে সেউজগৃহ প্ৰভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে ৷
     5.       আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰো ?
উত্তৰ: প্ৰযুক্তিৰ বিকাশৰ লগে লগে শক্তিৰ  চাহিদা দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ বিকল্প আৰু অপৰম্পৰাগত
     শক্তিৰ উৎস আহৰণ কৰাৰ মূল কাৰনসমূহ হ’ল:
(i)                  পৰম্পৰাগত শক্তিৰ উতস যেনে- কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আদি নৱীকৰণযোগ্য নহয়, এই উৎস সীমিত হেতুকে ভঁৰাল শেষ হৈ যাব ৷
(ii)                জীৱাষ্ম ইন্ধন আদি দহনৰ ফপলত পৰিৱেশৰ ক্ষতি হয় ৷
(iii)               সেয়ে আমি নৱীকৰণযোগ্য আৰু পৰিৱেশ হিতৈষী বিিকল্প শক্তিৰ উৎসৰ সন্ধান কৰাৰ প্ৰয়োজন৷
প্ৰশ্নাৱলী (পৃষ্ঠা নং 253)
     6.       আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি কি পৰিৱৰ্তন দেখা গৈছে ?
উত্তৰ: তলত দিয়া ধৰণে আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰক উন্নত কৰা হৈ
     হৈছে:
(i)                  বায়ু শক্তি (Wind energy): পৰম্পৰাগতভাৱে বায়ুৰ গতিশক্তিক কুঁৱাৰ  পৰা পানী তোলাৰ দৰে কামৰ বাবে ব্যৱহাৰকৰা হৈছিল ৷ বৰ্তমান এই শক্তিক বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ বায়ুকললৰ ঘূৰ্ণন গতি ব্যৱহাৰেৰে বৈদ্যুতিক জেনেৰেটৰৰ টাৰ্বাইন ঘূৰাই বাণিজ্যিক মাত্ৰাত বিদ্যুৎ আহৰণ কৰা হয় ৷ বায়ু শক্তি পামত ভালেমান বায়ুকল স্হাপন কৰি প্ৰত্যেক বায়ুকলৰ উৎপাদিত শক্তি একত্ৰিত কৰা হয় ৷
(ii)                জল শক্তি (Water energy): পূৰ্বতে জলপ্ৰপাতসমূহক স্হিতি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ  কৰা হৈছিল ৷ জলবিদ্যুৎ প্ৰকল্পসমূহত অধোগামী পানীত বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷ আজিকালি নদীবান্ধ তৈয়ৰ কৰি বোঁৱতী পানীৰ সোঁতক বেষ্টিত কৰি গতি শক্তিক স্হিতি শক্তিলৈ ৰুপান্তৰ কৰা হয় ৷ জলশক্তি প্ৰকল্পৰ জৰিয়তে আজিকালি বৃহৎ মাত্ৰাত বিদ্যুৎ উৎপাদন কৰা হয় ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 253)
    7.       কোনো ধৰণৰ দাপোণ—অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট কিয় ?
উত্তৰ: সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে অৱতল দাপোণ বা (অৱতল প্ৰতিফলক) উৎকৃষ্ট ৷ অৱতল দাপোণে
     আপতিত সৌৰ ৰশ্মিক এটা বিন্দুলৈ অভিসাৰিত কৰে ৷ ফলস্বৰুপে ফ’কাছ অঞ্চলত অত্যধিক তাপ
     উৎপন্ন হয় ৷
    8.       মহাসমূদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাব্ধতা কি কি ?
উত্তৰ: মহাসাগৰৰ পৰা আহৰণ কৰিব পৰা শক্তিসমূহ হ’ল: জোৱাৰ শক্তি, তৰংগ শক্তি আৰু তাপ শক্তি ৷ মহাসাগৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতাসমূহ হ’ল:
(i)                  জোৱাৰ শক্তি পাবৰ বাবে সাগৰলৈ যোৱা এক সংকীৰ্ণ পথত বান্ধদিব লগা হয় আৰু এনে ঠাই খুবেই সীমিত ৷
(ii)                সামুদ্ৰিক ঢৌ অতি শক্তিশালী হ’লেহে তাৰ পৰা শক্তি আহৰণ কৰিব পাৰি ৷
(iii)               পৃষ্ঠভাগৰ পানী আৰু 2 কি:মি: পৰ্যন্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য C বা ততোধিক হ’ব লাগে ৷ ব্যৱসায়িক ভিত্তিত ইয়াৰ উৎপাদন কষ্টসাধ্য ৷
(iv)              এই সকলোবোৰ শক্তি কেৱল উপকূলৱৰ্তী অঞ্চলতহে সদ্ব্যৱহাৰ কৰিব পাৰি ৷ শক্তি উৎপাদনত এনেধৰণৰ উৎসৰ ব্যৱহাৰ এতিয়াও গৱেষণাৰ পৰ্যায়তে আছে ৷
    9.       ভূ-তাপীয় শক্তি কি ?
উত্তৰ: ভূ-তাপীয় শক্তি হ’ল ভূ-গৰ্ভত নিহিত হৈ থকা তাপ শক্তি ৷ বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় ৷ ভূ-গৰ্ভৰ অন্তভাগৰ শিলাস্তৰৰ পৰা শিলবোৰ ঠেলা খাই ওপৰলৈ উঠি আহি উষ্ণ অষ্ণল গঠন কৰে আৰু ভূ-গৰ্ভৰ পানী এই উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে বাষ্পলৈ ৰুপান্তৰিত হয় ৷ এই বাষ্প পাইপৰ জৰিয়তে টাৰ্বাইনলৈ আনি বিদ্যুৎ শক্তি উৎপাদনৰ ব্যৱস্হা কৰা হয় ৷
    10.   নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি ?
উত্তৰ: নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল:
(i)                  ইউৰেনয়াম,প্লুট’নিয়াম বা থৰিয়ামৰ দৰে নিউক্লীয় ইন্ধনৰ কম পৰিমাণৰ পৰাই প্ৰচুৰ পৰিমাণে শক্তি পাব পাৰি ৷
(ii)                নিউক্লীয় শক্তি প্ৰকল্পৰ ৰিয়েক্টৰত এবাৰ নিউক্লীয় ইন্ধন ভৰালে ই বহুদিনলৈ  শক্তি উৎপাদন কৰিব পাৰে ৷সেয়ে ই অধিক সুবিধাজনক ৷
(iii)               প্ৰদূষণৰ মাত্ৰা কম আৰু ব্যয়সাধ্য ৷
প্ৰশ্নাৱলী (পৃষ্ঠা নং 253)
   11.   শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ?
উত্তৰ: কোনো শক্তিৰ উৎসয়ে প্ৰদূষণমুক্ত হ’ব নোৱাৰে ৷ যিকোনো শক্তিৰ উৎসৰ ব্যৱহাৰে কিবা নহয় কিবা
     প্ৰকাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায় ৷ মাত্ৰ উৎসভেদে প্ৰদূষণৰ প্ৰকৃতি আৰু মাত্ৰাহে ভিন ভিন ৷
     উদাহৰণস্বৰুপে : সৌৰ শক্তিৰ ব্যৱহাৰে প্ৰদূষণমুক্ত কিনত্ত সৌৰকোষৰ দৰে সঁজুলিৰ প্ৰস্ততকৰণ
     প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱেশ প্ৰদূষিত হয় ৷
   12.   ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰ কৰা হয় ৷ তোমালোকে ইয়াক চি.এন.জি.(C.N.G)ত কৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা ?
উত্তৰ: হাইড্ৰ’জেনক চি. এন.জি. তকৈ অধিক প্ৰদূষণমুক্ত ইন্ধন বুলি বিবেচনা কৰিব পাৰি, কাৰণ:
(i)                  হাইড্ৰ’জেনৰ কেলৰি মান অধিক, সেয়ে চি.এন.জিৰ তুলনাত প্ৰতি একক ভৰত অধিক শক্তি যোগান ধৰে ৷
(ii)                হাইড্ৰ’জেনে চি.এন.জিৰ দৰে সেউজগৃহ গেছ উৎপন্ন নকৰে ৷
(iii)               হাইড্ৰ’জেনে দহনৰ সময়ত মাত্ৰ পানীৰ বাষ্প নিৰ্গত কৰে যিয়ে প্ৰদূষণৰট সৃষ্টি নকৰে, আনহাতে চি.এন.জিয়ে প্ৰদূষণকাৰী গেছ যেনে- কাৰ্বন ডাই-অক্সাইড, কাৰ্বন মন’ক্সাইড আদি উৎপন্ন কৰে৷
প্ৰশ্নাৱলী (পৃষ্ঠা নং 254)
    13.   তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা তোমাৰ পচন্দৰ কাৰণ দৰ্শোৱা ৷
উত্তৰ: নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎস হ’ল:
(i)                  জল শক্তি          (ii)            বায়ু শক্তি
জল আৰু বায়ু শক্তি প্ৰত্যক্ষ বা পৰোক্ষভাৱে সূৰ্যৰ পৰা আহৰণ কৰা হয়, যি পৃথিৱিৰ সকলো শক্তিৰ মূল ৷ নিৰ্ধাৰণ কৰা হৈছে যে সূৰ্যই আৰু প্ৰায় 500 নিযুত বছৰ পৰ্যন্ত শক্তি বিকিৰণ কৰি থাকিব ৷ সেয়ে, পৃথিৱীত জীৱ বৰ্তি থকালৈ জলশক্তি আৰু বায়ু শক্তি ব্যৱহাৰ কৰি থাকিব পৰা যাব ৷ 
   14.   তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা ৷ তোমাৰ পচন্দৰ কাৰন দৰ্শোৱা ৷
উত্তৰ: ক্ষয়িষ্ণু বুলি বিবেচনা কৰা দুটা শক্তি হ’ল:
(i)                  কয়লা আৰু       (ii)             পেট্ৰ’লিয়াম
পেট্ৰ’লিয়াম, কয়লা আদিৰ দৰে জীৱাষ্ম ইন্ধন হবলৈ নিযুত নিযুত বছৰৰ প্ৰয়োজন হয় আৰু সেয়া সীমিত পৰিমাণতহে মজুত হৈ আছে ৷ যদি এই আধাৰ শেষ হৈ যায়, তেন্তে তাক কম সময়ৰ ভিতৰত পুনৰাই ঘূৰাই পোৱা অসম্ভৱ ৷ সেয়ে কয়লা আৰু পেট্ৰ’লিয়ামক ক্ষয়িষ্ণু শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয় ৷
অনুশীলণী
   1.   পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিন এটা হৈছে _______ ৷
(a) ৰৌদ্ৰজ্বল দিন               (b) ডাৱৰীয়া দিন
(c) গৰম দিন                 (d) বতাহে কোবোৱা দিন
উত্তৰ: (b) ডাৱৰীয়া দিন
   2.   তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় ?
(a) খৰি               (b) গোৱৰ-গেছ
(c)  নিউক্লীয় শক্তি         (d) কয়লা
উত্তৰ: (c)  নিউক্লীয় শক্তি           
   3.   আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰ শক্তি ৷ তলৰ কোনটো সৌৰ শক্তিৰ আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি            (b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি              (d) জৈৱ উপাদান
উত্তৰ: (c)  নিউক্লীয় শক্তি        
   4.   শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাষ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিঁহতৰ পাৰ্থক্য দেখুওৱা ৷
উত্তৰ: শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাষ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা আৰু পাৰ্থক্য:
ক্ৰমিক নং
জীৱাষ্ম ইন্ধন
সৌৰ শক্তি
(i)
জীৱাষ্ম ইন্ধনবোৰ নবীকৰণ অযোগ্য শক্তিৰ উৎস৷
সৌৰ শক্তিবোৰ নবীকৰণযোগ্য শক্তিৰ উৎস ৷
(ii)
জীৱাষ্ম ইন্ধন দহনৰ ফলত প্ৰদূষণ হয় ৷
সৌৰ শক্তিবোৰ প্ৰদূষণ নহয় ৷
(iii)
জীৱাষ্ম ইন্ধনবোৰ দিনৰ যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি ৷
সৌৰ শক্তিবোৰ কেৱল এটা গৰম আৰু ৰৌদ্ৰজ্বল দিনতহে ব্যৱহাৰ কৰিব পাৰি ৷
(iv)
জীৱাষ্ম ইন্ধনৰ বাবে বাৰে বাৰে ব্যয় কৰিব লগা হয় ৷
সৌৰ শক্তিৰ বাবে মাত্ৰ এবাৰেই ব্যয় কৰিব লাগে ৷
(v)
জীৱাষ্ম ইন্ধন পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি ৷
সৌৰশক্তিবোৰ পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি ৷
(vi)
জীৱাষ্ম ইন্ধন সীমিতভাৱে উপলব্ধ ৷
সৌৰশক্তিবোৰৰ উপলব্ধতাৰ সীমা নাই ৷

    5.   শক্তিৰ উৎস হিচাপে জীৱ ভৰ আৰু জলবিদ্যুতৰ মাজত পাৰ্থক্য দেখুওৱা ৷
উত্তৰ: শক্তিৰ উৎস হিচাপে জীৱ ভৰ আৰু জলবিদ্যুতৰ মাজৰ পাৰ্থক্যসমূহ হ’ল :
ক্ৰমিক নং
জীৱ ভৰ
জলিদ্যুৎ
(i)
নবীকৰণযোগ্য ৷
নবীকৰণযোগ্য ৷
(ii)
বায়ু প্ৰদূষণ নহয় ৷
কোনো প্ৰদূষণ নহয় ৷
(iii)
কৃষি-আৱৰ্জনাৰ পৰা উৎপন্ন হয় ৷
গতিশীল পানীৰ পৰা উৎপন্ন হয় ৷
(iv)
জৈৱ গেছ পাম স্হাপন কৰিব লগা হয় ৷
বান্ধ নিৰ্মাণ কৰিব লগা হয় ৷
(v)
অতি মিতব্যয়ী ৷
আপেক্ষিকভাৱে ব্যয়বহুল ৷

   6.   তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি?
21.   (a) বতাহ           (b) তৰংগ                      (c) জোৱাৰ-ভাটা
উত্তৰ: (a) বতাহৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হ’ল:
(i) বছৰৰ বেছিভাগ সময়তে বায়ুপ্ৰবাহ থকা অঞ্চলতহে উৎপাদন কৰিব পাৰি ৷
(ii)বায়ু প্ৰবাহৰ নিম্নতম বেগ প্ৰতি ঘন্টাত 15 কিলোমিটাৰ হ’ব লাগিব ৷
(iii)বায়ু প্ৰবাহ নথকা সময়ত শক্তিৰ যোগান অব্যাহত ৰাখিবলৈ সঞ্চায়ক কোষৰ ব্যৱস্হা থাকিব লাগিব৷
(iv)বৃহৎ ভূমিখণ্ডৰ প্ৰয়োজন হয় ৷
(v)বায়ুকল স্হাপনৰ প্ৰাৰম্ভিক ব্যয় অতি বেছি ৷
(vi)উচ্চস্তৰৰ তত্ত্বাৱধানৰ প্ৰয়োজন ৷
(b) তৰংগ বা ঢৌৰপৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হ’ল:
(i)সমুদ্ৰক ঢৌ অতি বেছি থকা অঞ্চলতহে এনে প্ৰকল্প প্ৰযোজ্য ৷ ঢৌ কমিলেই উৎপাদন বন্ধ হৈ পৰে ৷
(ii)বৰ্তমান উপলব্ধ প্ৰযুক্তিৰ সহায়ত ঢৌৰ পৰা শক্তি আহৰণ কৰাটো অত্যধিক ব্যয়বহুল ৷
(iii)উপকূলীয় অঞ্চলতহে এয়া সম্ভৱ ৷
(c)জোৱাৰৰ পৰা শক্তি উৎপাদনৰ সীমাবদ্ধতাসমূহ হ’ল:
(i)জোৱাৰ ভাটাৰ বাবে বান্ধ নিৰ্মাণ কৰিব পৰা ঠাই সীমিত ৷
(ii)উৎপাদিত শক্তিৰ পৰিমাণ অতি কম ৷
(iii)ব্যয়বহুল ৷   
    7.   কি আধাৰত শক্তিৰ উৎসসমূহ :
(a) নৱীকৰণ-অযোগ্য
(b) ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু
বুলি শ্ৰেণীভূক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেইনে ?
উ্ত্তৰঃ (a) নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে অথবা এইবোৰৰ পুনঃনৱীকৰণ কৰিব পাৰি ৷
যেনেঃ জীৱাশ্ম ইন্ধন ৷
(b) সীমিত শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তি উৎস বোলে ৷ যেনে ঃকয়লা ,পেট্ৰ'লিয়াম,প্ৰাকৃতিক গেছ ইত্যাদি৷ 
আনহাতে যি শক্তিৰ যোগান অসীম আৰু ই সহজে বা কেতিয়াও শেষ হৈ নাযায় তেনে শক্তিৰ উৎসক অক্ষয়িষ্ণু শক্তিৰ শাৰীত ধৰা হয় ৷যেনে ঃ সৌৰ শক্ত, বায়ু শক্তি, জল শক্তি ইত্যাদি ৷
(a)আৰু(b)ত দিয়া বিকল্পসমূহ প্ৰায় একেই বুলি কব পাৰি ৷ নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ নিঃশেষ হৈ নাযায় অৰ্থাৎ অক্ষয়িষ্ণু ৷ আনহাতে, নৱীকৰণ-অযোগ্য শক্তিৰ উৎস শেষ হৈ যোৱাবিধৰ অৰ্থাৎ ক্ষয়িষ্ণু ৷
    8.   এটা আদৰ্শ শক্তিৰ উৎসসমূহ কি কি ?
উত্তৰ: এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ হ’ল:
(i)প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰিব পাৰে ৷
(ii)মিতব্যয়ী আৰু সহজে উপলব্ধ ৷
(iii)সহজে মজুত আৰু পৰিবহণ কৰিব পাৰি ৷
(iv)পৰিৱেশ হিতৈষী ৷
    9.   সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ৷ এনে স্হান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত ?
উত্তৰ: সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হ’ল:
(i)ই প্ৰদূষণৰ সৃষ্টি নকৰে ৷
(ii)খাদ্য ধীৰ গতিত ৰন্ধা যায় বাবে খাদ্যবস্তৰ পুষ্টি দ্ৰব্য অক্ষুন্ন থাকে ৷
(iii)ব্যয়সাধ্য আৰু সহজে ব্যৱহাৰ কৰিব পৰা বিধৰ ৷
অসুবিধাসমূহ হ’ল:
(i)ৰাতি বা মেঘাচ্ছন্ন বতৰত ব্যৱহাৰ কৰিব নো্ৱাৰি ৷
(ii)ভাজনৰ দৰে অতি বেছি তাপ প্ৰয়োজন হোৱা খাদ্য প্ৰস্ততকৰণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰি ৷
(iii)প্ৰতিফলক কাঁচখন সূৰ্যৰ পিনে মুখ কৰি থৈ দিব লগা হয় ৷
(iv)খাদ্য প্ৰস্তয়তকৰণত অধিক সময়ৰ প্ৰয়োজন হয় ৷
ৰাতি দীঘলীয়া হোৱা ঠাই বা ডাৱৰীয়া হৈ থকা ঠাইত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত হয় ৷
     10.   পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি ? শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা ?
উত্তৰঃ শক্তিৰ বৰ্ধিত চাহিদাৰ ফলস্বৰপে পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱসমূহ হ’লঃ
(i)                  শক্তিৰ চাহিদা পূৰাবৰ বাবে জীৱাশ্ম ইন্ধনৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ হৈছে ৷ জীৱাশ্ম ইন্ধন দহন কৰিলে নাইট্ৰ’জেন, ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইড উৎপন্ন হয় যিয়ে এছিড বৰষুণৰ সৃষ্টিন কৰি ভূমি আৰু জলজসম্পদত বিৰুপ প্ৰভাৱ পেলায় ৷
বায়ু মণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ মাত্ৰাধিক উপস্হিতিয়ে সেউজগৃহ প্ৰভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে ৷ সেউজগৃহ গৰছৰ বৰ্ধিত নিৰ্গমন গোলকীয় উত্তাপ বৃদ্ধি পোৱাৰ মূল কাৰণ ৷
(ii)                জলবিদ্যুৎ উৎপন্ন কৰিবৰ কাৰণে নিৰ্ঙাণ কৰা নদীবান্ধসমূহ পৰিস্হিতিতান্ত্ৰিক ভাৰসম্যতা বিনষ্ট কৰে ৷
(iii)               নিউক্লীয় শক্তিৰ প্ৰকল্প হ’ল তেজষ্ক্ৰিয় প্ৰদূষণৰ মূল কাৰণ ৷ এনে প্ৰকল্পৰ পৰা নিৰ্গত বিকিৰণ পৰিৱেশৰ বাবে খুবেই হানিকাৰক ৷
শক্তিৰ ব্যয় কমোৱাৰ বাবে তলত কেইটামান পৰামৰ্শ আগবঢ়োৱা হৈছেঃ
(i)                   শক্তিৰ নবীকৰণ অযোগ্য উৎসৰ ব্যৱহাৰ যথোচিত হ’ব লাগে ৷
(ii)                শক্তিৰ নবীকৰণ উৎস যেনে-সৌৰ শক্তি, বায়ু শক্তি, বোঁৱতী পানীৰ শক্তি, জৈৱ ভৰৰ শক্তি, জোৱাৰ শক্তি, ভূ-তাপীয় শক্তি আদিৰ ব্যৱহাৰ কৰিব লাগে ৷
(iii)               শক্তি সংৰক্ষন কৰিব লাগে ৷ পাংখা, বৈদ্যুতিক চাকি, প্ৰশীতকযন্ত্ৰ আদি ব্যৱহাৰ নকৰাৰ সময়ত বন্ধ কৰি বা সংযোগ বিছিন্ন কৰি থব লাগে ৷
(iv)              ৰাজহুৱা যাত্ৰীবাহী বাহন যেনে- বাছ, ৰেলগাড়ী আদিৰ ব্যৱহাৰে ইন্ধন খৰচ কমাব ৷
(v)                পানীৰ টেপ ব্যৱহাৰৰ পাছত বন্ধ কৰি থব  লাগে ৷
(vi)              খাদ্য ৰন্ধাৰ বাবে প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগে ৷
(vii)             সকলো যান্ত্ৰিক সা-সৰঞ্জাম নিয়মিতভাৱে চোৱা-চিতা আৰু প্ৰয়োজন অনুসাৰে মেৰামতি কৰি থাকিলে যথেষ্ট ইন্ধন ৰাহি হয় ৷
(viii)           তৰলীকৃত পেট্ৰ’লিয়ালম গেছ বৱ্যহাৰ নকৰাৰ সময়ত নিয়ন্ত্ৰক(ৰেগুলেটৰ)বন্ধ কৰি থব লাগে ৷

Post a Comment

2Comments

Please don't use spam link in the comment box.

Post a Comment