Money and Banking(মুদ্ৰা আৰু বেংক ব্যৱস্থা)
_________________________________________________________________________
Textbook Page No : 38 Very short answer type questions :
1. What is barter ? (বিনিময় প্ৰথা কি ? )
Ans : The term ‘barter’ refers to a system of trade in which commodities are directly exchanged against commodities. (সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ'ল বিনিময় প্ৰথা )
2. What is Money ?(মুদ্ৰা কি ? )
Ans : In the words of Geoffrey Crowther, “Anything that is generally acceptable as a medium of exchange is money .” ( ইংৰাজ অৰ্থনীতিবিদ জিয়ফ্ৰী ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহনযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীই হ'ল মুদ্ৰা ৷ )
3. Mention one important function of money ?(মুদ্ৰা এটা মুখ্য কাৰ্য উল্লেখ কৰা )
Ans : An important function of money is that it serves as a medium of exchange to facilities transactions. ( ই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে )
4. Give one example of non-legal tender money ?(অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া )
Ans : One example of non - legal tender money is cheque money. ( চেক বা ধনাদেশ )
5. What is representative paper money ?(প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি ? )
Ans : Representative paper money refers to symbolic money which is capable of conversion into gold or silver of equivalent value . ( কাগজী মুদ্ৰাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰি আছে ৷ এই মুদ্ৰা সম মূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত হয় ৷ এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে )
6. What is bank ?(বেংক কি ? )
Ans : A bank is financial institution that accept deposits and grants loans.
( বেংক হ'ল এটা বিত্তীয় প্ৰতিষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে আৰু সঞ্চকাৰীৰপৰা সঞ্চয় সংগ্ৰহ কৰে ৷ )
( বেংক হ'ল এটা বিত্তীয় প্ৰতিষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে আৰু সঞ্চকাৰীৰপৰা সঞ্চয় সংগ্ৰহ কৰে ৷ )
7. In which year was the Reserve Bank Of India set up ?(ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল ? )
Ans : Reserve Bank of India is set up in 1935. ( ১৯৩৫ চনত ৷ )
8. What is current deposit ? (চলিত আমানত কি ? )
Ans : A current deposit refers to a savings account wherein the saver or depositor can withdraw money at any time.( চলিত আমানত হ'ল সেই আমানত য'ত সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ জৰিয়তে উলিয়াই আনিব পাৰে )
Short answer type questions
1. How does the lack of double coincidence of wants create problem in the barter system ?(সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ? )
Ans : The barter system is dependent on double coincidence of wants . it is impossible to trade if there is lack of double coincidence of wants . For example , if A and B want to barter , then A must have what B wants . At the same time B must have A wants . if A and B do not meet this criterion, then it implies lack of double coincidence of wants in such a case , trading is not possible. ( ধৰাহ'ল A ধানৰ প্ৰয়োজন হোৱা নাই আৰু B য়ে মুদ্ৰাহে বিচাৰিছে , তেনে অৱস্থাত A আৰু B ৰ মাজত বিনিময় হ'ব নোৱাৰে ৷ A এ যি বিচাৰিছে সেয়া B ৰ ওচৰত থাকিব লাগিব আৰু লগতে B এ যি বিচাৰিছে সেয়া A ৰ ওচৰত থাকিব লাগিব তেতিয়াহে বিনিময় হ'ব ৷ সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত এনে সমস্যাৰ সৃষ্টি কৰে ৷ )
2. What is meant by store of value ? ( মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা ? )
Ans : store of value refers to that function of money which enables it to be stored and retrieved at a later period of time. Money can be stored because it is durable in nature. ( মুদ্ৰাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। কাৰণ সা- সামগ্রী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি । বিনিময় প্ৰথাত সঞ্চয়ৰ ভাণ্ডাৰ নাছিল । মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি । সামগ্ৰীৰ দৰে মুদ্ৰা নষ্ট হৈ নাযায়।ইয়াক বেংকত জমা ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে যিকোনো সময়ত উলিয়াই সা-সমগ্রী ক্ৰয় কৰিব পাৰি ।সেয়ে মুদ্ৰা হ' ল সা- সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ )
3. Which characteristics of money is the most important one and why ?( মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপৃৰ্ণ আৰু কিয় ? )
Ans : The most important characteristic of money is its general acceptability. Money serves as a medium of exchange because it is readily accepted by the general public without any hesitation .(মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্য থাকিব লাগিব ন'হলে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্টসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ।বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্য মুদ্ৰা এবিধ সামগ্ৰী যাৰ সহায়ত সকলো বস্তু আৰু সেৱাকাৰ্যৰ মূল্য প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কাৰ্য সম্পাদন কৰা হয়।)
4. What is liquidity of money ?(মুদ্ৰা তাৰল্য গুণ কি ? )
Ans : Liquidity of money refers to the measure of the ability by which money can be immediately converted into goods and services required by the holder of money. Money is considered to be the most liquid asset because it can be easily converted into other assets . Besides money , other liquid assets are land , silver , gold, etc . (যিকোনো মুদ্ৰা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যজ্ঞভাৱে ৰূপান্তৰিত হোৱাকে মুদ্ৰাৰ তাৰল্য গুণ থকা বুলি কোৱা হয় ।মুদ্ৰা সামগ্ৰীলৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয় । বিনিময় প্ৰথাত সামগ্ৰীৰ তাৰল্য গুণ নাথাকে কাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সমগ্ৰীলৈ ৰূপান্তৰ হ'লেও সমগ্ৰীবোৰ বেছিদিন সঞ্চয় কৰি ৰাখিব নোৱাৰি ।)
5. ‘ Money is the common unit of measurement of the value of goods and services ’- Explain . ( ' মুদ্ৰা সা -সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ' - ব্যাখ্যা কৰা ৷ )
Ans : We know that all economic goods have prices. As a measure of value , money helps in expressing the value of goods and services in terms of price. Since money is the common unit of measurement, it becomes very easy to determine the value of goods and services and make a comparison thereof. Thus, it has been rightly said that “Money is the common unit of measurement of the value of goods and services”(মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি । মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে।সকলো আৰ্থিক সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱাকাৰ্যৰ মূল্য নিৰূপন কৰা হয় ।কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয়। সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰী মূল্য মুদ্ৰাৰ মাধ্যমৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্ৰাই মূল্যৰ মাপকাঠি । )
6. What is the difference between limited and unlimited legal tender ? ( সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য লিখা )
Ans : The difference between limited and unlimited legal tender are :
(সসীম বিহিত মুদ্ৰা অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য হ'ল-
ক) যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্ৰাকে সসীম মুদ্ৰা বোলে।
আনহাতে, যি মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেন-দেন সম্পাদন কৰিব পাৰি, সেই মুদ্ৰাকে অসীম বিহিত মুদ্ৰা বোলে ।
খ) সসীম মুদ্ৰা নাথাকিলে কিছুমান লেন-দেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব পাৰে। কিন্তু অসীম মুদ্ৰাৰ তেনেকুৱা কোনো অসুবিধা দেখা নাযায় ।
গ) কম মূল্যৰ কাগজী বা ধাতু মুদ্ৰা সসীম মুদ্ৰাৰ ক্ষেত্ৰত প্ৰযোজ্য । কিন্তু, অধিক মূল্যৰ মুদ্ৰা যেনে চেক মুদ্ৰা অসীম মুদ্ৰা হ'ব পাৰে ।)
7. What are the functions of the Regional Rural Banks ? ( আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য্য সমপাদন কৰে ? )
Ans : The functions of the Regional Rural Banks are :
(i) Granting loans and advances to the villagers at nominal rate of interest and thus relieving them from the high rate of interest charged by the private money lenders.
(ii) Encouraging rural savings and mobilising these savings for investment in various productive activities.( ক) বেপাৰী, মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া ।
খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্য সেই সঞ্চয় ব্যয় কৰা ।)
খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্য সেই সঞ্চয় ব্যয় কৰা ।)
8. How are the Non Banking Financial Institutions different from the banks ? ( অনা -বেংক প্ৰতিষ্ঠানসমূহে বেংকতকৈ কি অৰ্থত বেলেগ ? )
Ans : The Non banking financial institutions differ from banks in the following respects :
[ ক) বেংকৰ ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সংশয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে, নিজৰ জমা ধন উলিয়াই আনিব পাৰে, অনা-বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে এনেবোৰ প্ৰতিষ্ঠানৰ পৰা সংশয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে।
খ) বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু আনা- বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে। ]
খ) বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু আনা- বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে। ]
Long answer type questions :
1. Explain four demerits of the barter system . ( বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা )
Ans : The demerits of the barter system are :
(i) Difficulty of meeting double coincidence of wants : The barter system is dependent on double coincidence of wants , by which the goods possessed by two different individuals must be needed by each other. If this criterion is not fulfilled, trading is not possible under barter system.
(ii) Lack of common unit of account : All commodities are valued in terms of the value of another commodities, so the rate of exchange is different for every commodity against the other items. this is impossible to maintain and remember.
(iii) Indivisibility of exchangeable commodities : The barter system does not work when the exchangeable commodities are indivisible in nature. It is quite troublesome when a big indivisible commodity
(iv) Difficulty of storage and savings : Under barter system, wealth is stored in terms of goods and services. However, storage of value in terms of goods is subject to certain problems
[ বিনিময় প্ৰথাৰ চাৰিটা বৈশিষ্ট্য হ'ল :
(ক) অভাৱৰ পাৰস্পৰিক সংগতিহীনতাঃ বিনিময় প্ৰথা কাৰ্যকৰী হ'বলৈ দুজন ব্যক্তিৰ অভাৱ পৰস্পৰৰ পৰিপূৰক হ'ব লাগিব ৷ যদি এজন ব্যক্তিয়ে কাপোৰৰ বিনিময়ত চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ বিনিময়ত কাপোৰ বিচাৰে ৷ এই ক্ষেত্ৰত ব্যক্তি দুজন পৰস্পৰ নিৰ্ভৰশীল আৰু তেওঁলোকৰ অভাৱ পৰস্পৰৰ পৰিপূৰক ৷ কিন্তু কাপোৰৰ গৰাকীজনে কাপোৰৰ পৰিৱৰ্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰিলে এই ব্যক্তি দুজনৰ অভাৱ সামঞ্জস্যহীন হ'ব আৰু এনে অৱস্থাত বিনিময় প্ৰথা কাৰ্যকৰী নহ'ব ৷
(খ) মূল্য নিৰ্ধাণৰ অসুবিধাঃ পণ্য বিনিময় প্ৰথাত দ্ৰব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় ৷ বিনিময়ৰ ক্ষেত্ৰত বিভিন্ন সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ উমৈহতীয়া একক নাথাকে ৷ এনে অৱস্থাত সকলো সামগ্ৰীক এটা সাধাৰণ মূল্যমানেৰে প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰে ৷ দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ সাধাৰণতে অভাৱৰ তীব্ৰতাৰ ওপৰতেই নিৰ্ভৰ কৰে ৷
(গ) বিভাজ্যতাৰ অসুবিধাঃ সামগ্ৰীসমূহৰ অবিভাজ্যতাই বিনিময় প্ৰথাৰ সমস্যাৰ সৃষ্টি কৰে ৷ কিছুমান সামগ্ৰী অবিভাজনীয় ৷ এইবোৰৰ লগত আন বস্তুৰ বিনিময় ্লাভজনক নহ'ব পাৰে ৷ উদাহৰণস্বৰূপে হাতীৰ সলনি কিছু পৰিমাণ চাউলৰ বিনিময় লাভজনক নহয় কাৰণ চাউলৰ পৰিমাণ অনুযায়ী হাতীক ভাগ কৰিব নোৱাৰি ৷ বিভাজনীয়তা গুণ নথকাৰ বাবে বিনিময় প্ৰথাত বিনিময় কাৰ্য কঠিন হৈ পৰিছিল ৷
(ঘ) সঞ্চয়ৰ অসুবিধাঃ সঞ্চয় আয়ৰ এটা অংশ ৷ ভবিষ্যতাৰ নিৰাপত্তা , লে-দেন বা উপাৰ্জনৰ বাবে মানুহে সঞ্চয় কৰিব বিচাৰে ৷ পণ্য বিনিময় প্ৰথাত সঞ্চয় বুলিলে উৎপাদিত বস্তুৰ সঞ্চয়ক বুজায় ৷ কিনতু উৎপাদিত সামগ্ৰীবোৰ দীৰ্ঘদিন সঞ্চয় কৰি ৰখা সম্ভৱ নহয় ৷ কিছুমান বস্তু আছে যিবিলাক অতি সহজে বিনষ্ট হ'ব পাৰে ৷ ]

2. Explain any four characteristics of money. ( মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা ৷ )
Ans : The characteristics of money are :
(i) General acceptability : In order to serve as a medium of exchange , money must be readily accepted by the general public without any hesitation.
(ii) Cognizability :By the term cognizability of money , we mean that money should be capable of being easily recognised.
(iii) Durability : Durability of money means that money should not get deteriorated over an extended period of time. If money would get deteriorated, then it wouldn’t be possible to store and save money
(iv) Homogeneity : Money must be homogenous in nature . In simple words money of same denomination should be identical in all aspects .
(v) Liquidity : Money must be characterised by liquidity. Here, liquidity means the ability of money to get easily and directly converted into goods and services as and when the holder wants .
(vi) Transferability : Money must be transferable in nature. By transferability of money, we mean that the holder must be able to transfer money from one person to another and also from one place to another so as to settle transactions for this purpose, credit cards , debit cards and core banking facilities have become prominent nowadays.
(vii) Divisibility : Money is divisible in nature. High denomination money can be easily converted into smaller denominations.
(viii) Stability: Stability of value is an important characteristic of money. If there is unstability in the value of money , then it would become difficult for people to save money as a store of value.
[ (ক) মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব নহ'লে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে ৷
(খ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব ৷ আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব ৷ মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ'লে সামগ্ৰী বেচা - কিনাৰ সময়ত জটিলতাই দেখা দিব ৷
(গ) মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে ৷ মাছ , কণী , গাখীৰ ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হ'ব নোৱাৰে ৷ কাৰণ এইবোৰ সামগ্ৰী বেছিদিনলৈ নিটিকে ৷ মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব ৷
(ঘ)মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব ৷ মুদ্ৰাৰ মূল্য দ্ৰূতিত হ্ৰাস পালে মুদ্ৰাৰ গ্ৰহণযোগ্যতা লোপ পাব ৷ সেইদৰে মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব নোৱাৰিব ৷ ]

3. Explain four major functions of money . ( মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা ৷ )
Ans : The functions of money can be categorised into three broad heads :
(A) PRIMARY FUNCTIONS :
(I) Medium of exchange : The main function of money is to serve as a medium of exchange . We use money as a means of transaction of all goods and services. Due to the general acceptability of money , the exchange of any service or commodity is possible with the help of money.
(II) Measure of value : Money serves as a standard of measured . prices are value in exchange expressed in terms of money. Money is the common unit of account by which the value of all economic goods and services is determined.
(B) SECONDARY FUNCTIONS :
(I) Store of value : Money is a liquidity store of value and can be kept for future use. It is highly durable and can be easily converted into any goods and services.
(II) Standard of deferred payments : When money is generally accepted as a medium of exchange and a unit of value, it naturally becomes the unit in terms of which deferred or future payments are stated . Thus, money not only helps current transactions but also facilitates.
(C) CONTIGENT FUNCTIONS :
(i) Optimum mobilisation of money from the richer class to the poorer class of the society and thus help in reducing economic inequality .
(ii) Serves as a basis for credit creation.
[ (ক) বিনিময়ৰ মাধ্যমঃ সকলো সামগ্ৰী আৰু সেৱাকাৰ্য্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক ব্যৱহাৰ কৰা হয় ৷ সেই কাৰণে মুদ্ৰাক বিনিময়ৰ মাধ্যম বুলিও কোৱা হয় ৷
(খ) মূল্যৰ মাপকাঠীঃ মুদ্ৰাই মুল্যৰ মাপকাঠী হিচাপে কাৰ্য কৰে ৷ মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱাকাৰ্য্যৰ মূল্যৰ নিৰূপন কৰা হয় ৷ কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বোলে ৷
(গ)মূল্যৰ ভাণ্ডাৰঃ মানুহে উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখিব বিচাৰে ৷ মুদ্ৰাৰ যোগেদি এই সঞ্চয় কাৰ্য সম্পাদন কৰা হয় ৷ ইয়াৰ কাৰণ মুদ্ৰাৰ স্থায়িত্ব ণ্ডণ অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰখা সহজ ৷ সঞ্চয়ৰ যোগেদি মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি ৷
(ঘ) স্থগিত দেনা -পাওনাৰ মানদণ্ডঃ মুদ্ৰা কেৱল বিনিময়ৰ মাধ্যম , মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰেই নহয় , মুদ্ৰা স্থগিত দেনা -পাওনাৰো মানদণ্ড ৷ মুদ্ৰাই ঋণ গ্ৰহণ , ঋণ প্ৰদান আদি সকলো লেন-দেনৰ মাধ্যম হিচাপে কাৰ্য কৰে ৷ ]

4. Is cheque money ? Give reasons for your answers . ( চেক এখন মুদ্ৰা নে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা ৷ )
Ans : No , cheque cannot be considered as money due to the following reasons :
(i) Cheque is not characterised by general acceptability as the medium of exchange.
(ii) Cheque is mere promise to pay. It is not a payment .
(iii) Cheque cannot be instantly converted into money ,i.e lacks liquidity.
(iv) Cheque cannot be divisible into smaller units.
(v) Cheque does not possess cognizability .transactions can be problematic if a cheque bounces.
( চেক মুদ্ৰা নহয় ৷ তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে চেক মুদ্ৰা নহয় :
(ক) ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই
(খ) ইয়াক সৰু সৰু এককত ভাগ কৰিব নোৱাৰি
(গ) ই মুদ্ৰা পৰিশোধৰ আদেশহে মাথোন ৷
(ঘ) ইযাক তৎক্ষণাৎ মুদ্ৰালৈ পৰিৱৰ্তন কৰিব নোৱাৰি ৷ )

5. Mention four problem associated with money . ( মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্যাখ্যা কৰা ৷ )
Ans : The progress and economic development of any country depends on the availability of money in that country . All economic activities of a country such as production, distribution and consumption of goods and services are closely linke4d with money . However, certain problems are associated with money .These problems are :
(i) Loss of value : One of the main drawbacks of money is that it may bring about instability in the country as a result of inflation and deflation caused by the erosion of the value of money .
(ii) Concentration of wealth : Money often leads to concentration of wealth and economic power in the hands of few individuals or groups of people.
(iii) Leads to social evils : many of the social evils which affect society today, are the consequences of the misuse of money . bribery, corruption , misuse of money power in politics , financial fraud, bank scam, etc . result from weakness for money.
(iv) Black money : Economic offence leads to the creation of black money .it brings about an increase in the volume of unaccounted money in the market leading to inflation in the country.
[ (i) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয় ৷ মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্ৰাস হ'লে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয় ৷
(ii) মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে ৷ মুদ্ৰা সৰ্বস্ব অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে ৷ ই সামাজিক বৈষম্য সৃষ্টি কৰে ৷
(iii) মুদ্ৰাৰ প্ৰতি দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে ৷ দুৰ্নীতি , অনিয়ম , অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক'লে অত্যুক্তি কৰা নহ'ব
(iv) মুদ্ৰাৰপৰা ক'লা মুদ্ৰাৰ সৃষ্টি হয় ৷ ক'লা মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ সৈতে জড়িত ৷ এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয় ৷ ]

6. Explain any four functions of the Central Bank . ( কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা )
Ans : The Central Bank is the apex government bank of a country which is entrusted with the task of control , supervision and regulation of the entire financial system of a country which is entrusted with the task of control, supervision and regulation of the entire financial system of a country .In India .The main functions of the central bank are :
(i) Issue of currency : The central Bank has the monopoly to issue currency.
(ii) Banker to the government : The Central Bank functions as the banker to the government . as a banker the central bank acts as :
(a) Supplier of funds to the government : By printing new currency notes to meet the budgetary deficit of the Central Government .
(b) Advisor to the government : By extending economic advice to the government on making the income policy, trade policy, tax policy etc . more effective .
(c) Agent to the government : By maintaining the accounts of income and expenditure of the government.
(iii) Banker to the banks : the Central bank acts as the banker’s bank .in this capacity the central bank.
(a) Examines the accounts of the commercial banks.
(b) Acts as the tender for the commercial banks when they are in deep financial crisis.
(iv) Regulation of credit : The Central Bank controls the lending capacity of the commercial banks.
(v) Clearing agent : As a clearing agent, the Central bank helps in settling accounts of the member banks . As all banks have their account in the Central bank , the inter - Bank lending and borrowing are cleared at the Cleared the central banking level.
(vi) Custodian of foreign exchange reserves : The central bank serves as the custodian of foreign exchange reserves. it fixes the official rate of exchange .
(vii) Promotional role : The central bank helps in promoting socio - economic development of the nation by providing funds to the priority sectors agriculture etc currently 40% of the total deposit of the banks is used for priority sector lending in India.
[ (i) কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে ৷ কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ ৷ বাকী কোনো বেংকৰ এই অধিকাৰটো নাই ৷
((ii) কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ৷ এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ ৷ বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে ৷
(iii) কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে ৷ গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে ৷ আৰ্থিক সংকটৰ সময়ত এই বেংকে বাকী বেংকসমূহক সহায় কৰে ৷
(iv) কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰে ৷ বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হ'লে বাজেট ঘাটিয়ে দেখা দিয়ে ৷ বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ বিত্তীয় সাহায্য ল'ব পাৰে ৷ ]

7. Explain any two major functions of the commercial banks .( বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা কাৰ্য্য ব্যাখ্যা কৰা )
Ans : Commercial banks are the financial institutions which accept deposit from individuals or organisations and give4 loans to other individuals , organisation or business institutions .Today, commercial banks are among the main pillars of the modern economic system .The main functions of the commercial banks are :
(i) Acceptance of deposits : The commercial banks accept deposits from individuals and organisations who have the ability to save at an adequate rate of interest in return. They accept three types of deposits . These are :
(a) Current deposits or demand deposits : In these deposits , withdrawals are allowed at any time .
(b) Saving deposits : A part of the deposit can be withdrawn whenever needed but to withdraw the other part , prior bank permission is needed .
(c) Fixed or time deposits : In these deposits amounts are deposited for a fixed period say one , two or five years and withdrawal at will is allowed only if the depositor gives prior intimation to the bank.
(ii) Advancing of loans : The commercial banks provide loans for the benefit of farmers, artisans, industrialists, rickshaw pullers etc commercial banks generally offer short and medium - term loans.
(iii) Credit creation : Creation of credit is one of the significant functions of commercial banks There are two types of bank deposits : (a) Primary or passive deposit s (b) Active or derivative deposits . primary or passive deposits constitute the memory deposited by the depositors. The commercial banks create credit on the basis of primary deposits. When the commercial banks advance loans to a person , the bank credits the amount to the account of the debtor and allows the debtor to draw cheques up to the amount of loan Thus , loan creates deposits and these deposits are known as active deposits or derivative deposits.
(iv) Miscellaneous function :
(a) Provision of locker facilities for safe custody of valuable ornaments, important documents etc.
(b) Acting as the trustee of the customer’s property.
[ (i) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে ৷ এই সঞ্চয় তিনি প্ৰকাৰৰ ঃ (ক) চলিত আমানত (খ ) স্থিৰ আমানত (গ) সঞ্চয় আমানত ৷ চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে , সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে ৷ স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত এনে কৰিব নোৱাৰি ৷ এই আমানত উলিয়াই আনিবলৈ হ'লে আমানতকাৰীয়ে বেংকক আগতীয়াকৈ জনাব লাগিব ৷ সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰীয়ে প্ৰয়োজন অনুসৰি উলিয়াই আনিব পাৰিব কিন্তু আনটো অংশ উলিয়াবলৈ হ'লে বেংকৰ আগতীয়া অনুমতিৰ প্ৰয়োজন হ'ব ৷
(ii) বাণিজ্যক বেংকসমূহে ঋণৰ যোগান ধৰে ৷ কৃষক , উদ্যোগপতি , কাৰিকৰ , ঠেলাচালক , ৰিক্সাচালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ বাণিজ্যিক বেংকৰপৰা ঋণ লাভ কৰে ৷ ঋণৰ উচিত ব্যৱহাৰৰ ফলত ঋণ লওতাৰ আৰ্থিক স্থিতি কিছু সবল হয় ৷ ]

8. Briefly explain any two functions of the following (তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা ) :
(i) IDBI ( আই ডি বি আই )
(ii) RRB's ( আঞ্চলিক গ্ৰাম্য বেংক )
(iii) NABARD ( কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বেংক )
(iv) SIDBI ( ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক )
(i) IDBI ( আই ডি বি আই )
(ii) RRB's ( আঞ্চলিক গ্ৰাম্য বেংক )
(iii) NABARD ( কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বেংক )
(iv) SIDBI ( ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক )
Ans :
(i) IDBI : The functions of IDBI can be categorised under two broad categories .They are :
(A) Primary functions :
(ii) To offer financial assistance to the industries by providing direct and indirect and indirect loans for industrial development .
(iii) To develop the institutions that are related to industrial development of the country.
(B) Secondary functions :
(i) To grant loans and advance at concessional rate of interest to industries established in the backward regions.
(ii) To encourage the new generation towards entrepreneurship by conducting various training programmes.
(iv) RRB’s : The function of RRB;
(I) Granting loans and advances to the villagers at nominal rate of interest and thus relieving them from the high rate of interest charged by the private money lenders.
(II) Encouraging rural savings and mobilising these savings for investment in various productive activities.
(v) NABARD : The functions of NABARD are :
(a) To serve as the apex development bank for promoting investment and production in rural areas.
(b) To simplify the process of granting loans and advances.
(c) To assess and evaluate the various rural schemes.
(d) To organise training programmes for the beneficiaries.
(e) To coordinate the rural credit financing activities of the central government the state government,
(vi) SIDBI : The functions of SIDBI are :
(a) To take adequate steps for technological upgradation and modernisation of small industries.
(b) To expand marketing channels for the products of the small industries.
(c) To promote employment oriented small industries in semi-urban areas and thereby serve as a check on migration of people to urban areas.
(i) অাই ডি বি আই ঃ
(ক) ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা ৷
(খ) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা ৷
(গ) অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায় ৷
(ঘ) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয় ৷
(ii) আঞ্চলিক গ্ৰাম্য বেংক ঃ
(ক) বেপাৰী , মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া ৷
(খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা ৷
(iii) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক ঃ
(ক) গাঁও অঞ্চলত যিমানবোৰ অনুষ্টান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড ৷
(খ) ঋণ প্ৰদান প্ৰক্ৰিয়া , আঁচনিৰ পুনৰিক্ষণ আৰু পৰ্যালোচনা , প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে ৷
(গ) সকলোবোৰে বিত্তীয় প্ৰতিষ্ঠান , ভাৰত চৰকাৰ , ৰাজ্য চৰকাৰ , ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে ৷
(iv) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক ঃ
(ক) ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা ৷
(খ) ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া ৷
(গ) অৰ্ধ-নগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাওঁ আৰু অৰ্ধ-নগৰ এলেকাৰ চহৰলৈ জনসংখ্যাৰ বহিৰ্গমণ ৰোধ কৰা ৷
(ঘ) ৰাজ্যিক বিত্ত নিগম , ঔদ্যোগিক নিগম , ব্যৱসায়িক বেংক , সমবায় বেংক আৰু অাঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ সাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়োৱা ৷

Thank you so much
ReplyDeleteyou are most welcome.
DeleteYOU HAVE DONE A GREAT JOB.
ReplyDeletehttps://rajeshkonwar.blogspot.com/